Sunday, May 31, 2026

পাৰ্থনা হাজৰিকালৈ শুভেচ্ছা

আজিৰে পৰা ৰেঙনি চেনেলত ৰাজেশ ভূঞাৰ পৰিকল্পনা আৰু চৈয়দ ৰাজীৱ ৰহমানৰ পৰিচালনাৰে এখন ধাৰাবাহিক প্ৰচাৰ হ'ব নাম - 'জোনাকী' | এই ধাৰাবাহিকখনৰ এটি মূল চৰিত্ৰত অভিনয় কৰিছে পাৰ্থনা হাজৰিকাই | পাৰ্থনাৰ সফলতা কামনা কৰিলোঁ আৰু আপোনাৰ পৰা তেওঁৰ বাবে আশীৰ্বাদ বিচাৰিলো | মাজুলীৰ ছোৱালী পাৰ্থনা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ  পৰিৱেশ্য কলা বিভাগৰ অভিনয়ৰ ছাত্ৰী আছিল | ছাত্ৰী হিচাপে তেওঁ সকলোৰে মৰম পাবলৈ সমৰ্থ হৈছিল | 

মৃণ্ময় শইকীয়া পৰিচালিত 'অগ্নিবান' ছবিৰ  এটা চৰিত্ৰত তেওঁ অভিনয় কৰিছিল | কংকনা চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ পটভূমিত নিৰ্মাণ কৰা ইংৰাজী ছবি 'ৰি-ৰাউটিং'-ৰ   দ্বিতীয় নাৰী চৰিত্ৰটিত তেওঁ সফলতাৰে অভিনয় কৰিছিল | এই ধাৰাবাহিকখনত তেওঁ অভিনয় প্ৰদৰ্শন কৰাৰ ভালেখিনি সুবিধা লাভ কৰিছে আৰু মই আশা কৰিছোঁ তেওঁ সেই সুবিধাৰ সদ্বৱহাৰ কৰিবলৈ সমৰ্থ হৈছে |  ছবিখনৰ পৰিচালক চৈয়দ ৰাজীৱ ৰহমানকো আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধাৰাবাহিকখনৰ সকলো ধৰণৰ সফলতা কামনা কৰিছোঁ |

No comments:

Post a Comment

Featured Post

পাৰ্থনা হাজৰিকালৈ শুভেচ্ছা

আজিৰে পৰা ৰেঙনি চেনেলত ৰাজেশ ভূঞাৰ পৰিকল্পনা আৰু চৈয়দ ৰাজীৱ ৰহমানৰ পৰিচালনাৰে এখন ধাৰাবাহিক প্ৰচাৰ হ'ব নাম - 'জোনাকী' | এই ধাৰা...