আজিৰে পৰা ভূপালত আৰম্ভ হৈছে চলচ্চিত্ৰ আৰু সাহিত্যৰ এটা বিশেষত্বপূৰ্ণ উৎসৱ চিনেকাৰী | ভূপালৰ তৰুণ প্ৰজন্মৰ কবি আৰু চলচ্চিত্ৰ পৰিচালক সুদীপ চোহনীয়ে আৰম্ভ কৰা এই উৎসৱৰ এয়া অষ্টম বৰ্ষ | ২ আৰু ৩ মে- এই দুদিন এই উৎসৱেৰে ভূপাল চহৰ আলোকিত হৈ থাকিব | ইয়াত থাকিব ছয়গৰাকী কবিৰ কবিতাপাঠ, আলোচনা ইত্যাদি আৰু আঠখন বিভিন্ন দৈৰ্ঘৰ চুটিছবি | লগতে থাকিব সেই ছবিৰ পৰিচালকসকলৰ লগত হোৱা কথোপকথন |
এই চলচ্চিত্ৰ প্ৰদৰ্শনৰ কাৰণে বিশেষভাৱে আমন্ত্ৰিত হৈছে "বহুবৃত্ত" | ২০১৮ চনতে স্বপ্না দত্ত ডেকাৰ কবিতাৰ পৰা নিৰ্মাণ কৰা এই ছবিখন প্ৰথমে গুৱাহাটীত অনুষ্ঠিত হোৱা চুটি ছবিৰ আন্তৰ্জাতিক মহোৎসৱত আৰু তাৰ পাচত ইণ্ডিয়ান পেন'ৰামাত প্ৰদৰ্শিত হৈছিল | তাৰপিছত ভাৰতৰ আৰু বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল |ভাৰতৰ প্ৰখ্যাত শব্দযন্ত্ৰী অমৃত প্ৰীতমে এই ছবিৰেই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল | ভাৰতৰ এগৰাকী প্ৰখ্যাত চিত্ৰ সম্পাদক অসীম চিনহাই ছবিখন সম্পাদনা কৰিছিল | তেখেতে সম্পাদনা কৰা এইখনেই প্ৰথম অসমীয়া ছবি | এই ছবিখন তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল | আঠ বছৰ আগতে নিৰ্মাণ কৰা এই ছবিখনে আজিও বিভিন্ন ৰসিকক বিভিন্ন ধৰণে আমোদ দি আছে উৎসাহিত কৰি আছে -ছবি এখনৰ বাবে এয়াই ডাঙৰ প্ৰাপ্তি |



No comments:
Post a Comment