Sunday, April 28, 2024

‘মঞ্জুলা আৰু মোৰ সপোন- আমি দহটা ভাষাত নাটকখন কৰিম’

পৃথিবীৰ কেইবাখনো ৰাষ্ট্ৰৰ নাট্য প্ৰতিভাৰ সমন্বয়েৰে এখন নাটক প্ৰযোজনা কৰাটো বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ ৷ ইমান প্ৰতিভাক একেলগে একে ঠাইতে এটা উদ্দেশ্য আগত ৰাখি গোট খুওৱাটো যোগাযোগ, সময়, অৰ্থ আৰু তাৰ বাবে প্ৰয়োজনীয় অমানুষিক পৰিশ্ৰম- এই সকলোবোৰ দিশৰ পৰাই অতি কষ্টসাধ্য ৷ কথা হ’ল এনে ধৰণৰ নাটকে সময়খিনিৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিবেশটোক জোকাৰি দিয়ে, সৃষ্টিশীল ব্যক্তিৰ মনৰ জগতখনত হেন্দোলনি তুলি দিয়ে ৷ সেই হেন্দোলনিৰ প্ৰথম চকুত লগা প্ৰভাব হ’ব পাৰে কম, কিন্তু সি বহু গভীৰলৈ খুন্দিয়াই যায়, সৃষ্টিৰ জগতখন নতুন নতুন সম্ভাবনাৰে উজ্বল কৰি তোলে ৷  বিভিন্ন দেশৰ কেইগৰাকীমান সৃষ্টিশীল লোক এটা কামৰ বাবে একেলগ হ’ব, আলোচনা-তৰ্কবিতৰ্কৰ শেষত এটা বিন্দুত উপনীত হ’ব- এই সৃষ্টি প্ৰক্ৰিয়াটি হয় প্ৰত্যাহ্বানমূলক৷ এই প্ৰত্যাহ্বানেই নতুন নতুন সম্ভাৱণা আৰু অভিজ্ঞতাৰ জন্ম দিয়ে ৷ অকল সৃষ্টিৰ লগত জড়িতসকলেই নহয়, দৰ্শকেও সেই অভিজ্ঞতাৰ সন্মুখীন হয় ৷ বিশ্বৰ বিভিন্ন ঠাইত শিল্পক কেন্দ্ৰ কৰি এনে ভালেমান পৰীক্ষা নিৰীক্ষা চলি আছে ৷ গুৱাহাটীতো তেনে এটি আয়োজন চলিছে- সাংস্কৃতিক মহলটিক এই সংবাদে উত্তেজিত কৰি ৰাখিছে ৷ 

এই আয়োজনৰ সকলো কষ্টৰ সম্পূৰ্ণ দায়িত্ব মূৰত লৈ গুৱাহাটীৰ এটি আকাৰত সৰু কিন্তু মননৰ দিশৰ পৰা শক্তিশালী আৰু গহীন নাট্যদল ‘আঁক’-এ গুৱাহাটীত এখনি আন্তৰ্জাতিক নাট প্ৰযোজনাৰ কাম হাতত লৈছে ৷ এই দলটিয়ে যোৱা বছৰ এখন আন্তৰ্জাতিক নাট মহোৎসৱৰ আয়োজন কৰিছিল ৷ শ্ৰীলংকাৰ পৰা অহা এটি নাট্যদলে তাত দুখন নাট মঞ্চস্থ কৰি দৰ্শকক সন্মোহিত কৰি থৈ গৈছিল ৷ সেই সন্মোহনৰ আবেশ সজীৱ হৈ থাকেতেই সেই নাটকৰ এখন ‘লাভ এণ্ড লকডাউন’ৰ পৰিচালক  ছফীৰেই এই নতুন নাটকখনো পৰিচালনা কৰিব ৷ সেই নাটকখনৰ দৰ্শকসকল স্বাাভবিক ভাবেই নাটকখনৰ বাবে উত্তেজিত হৈ থকাৰেই কথা ৷ 

বিভিন্ন উপাদানৰ সমন্বয়েৰে নাট পৰিচালনাক এক পৃথক অভিজ্ঞতালৈ ৰূপান্তৰ কৰা ছফীৰক বিশ্বৰ বিভিন্ন দেশৰ পৰা আমন্ত্ৰণ কৰিছে তেওঁৰ কলা সাধনাৰ প্ৰাপ্তিৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ ৷ তেওঁ এগৰাকী প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশকো ৷ চিত্ৰ পৰিচালক হিচাপেও তেওঁ আত্ম প্ৰকাশ কৰিছে৷ ছবিখন ইতিমধ্যে কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ নাটক, চিনেমা, প্ৰদৰ্শনী আদিৰ প্ৰথম প্ৰদৰ্শনৰ দৰ্শক হোৱাটো এটি সন্তুষ্টিদায়ক আৰু বহুক্ষেত্ৰত বিৰল অভিজ্ঞতা ৷ ছফীৰৰ এই নতুন নাটকখনৰ প্ৰথম প্ৰদৰ্শনী আমি চাবলৈ পাম- এই গুৱাহাটীতেই, কথাটো শিহৰণকাৰী ৷ ছফীৰ এতিয়া গুৱাহাটীতেই, নাটকৰ প্ৰযোজনাত ব্যস্ত ৷ তাৰ মাজতে তেওঁক লগ পাইছিলোঁ, স্বাভাবিকভাবেই এই নতুন নাটকখনৰ কথা ওলাইছিল ৷ 

‘নাটকখনৰ লেখক মঞ্জুলা ৱেডিবৰ্ধনা, মূলতঃ শ্ৰীলংকাৰ, এতিয়া ফ্ৰান্সৰ বাসিন্দা, তেওঁ এগৰাকী বিখ্যাত নভেলিষ্ট আৰু কবি ৷ মোৰ এটা কনচেপ্ট আছিল- এনেকুৱা - পাঁচটা দৃশ্য থাকিব- পাঁচটা বিভিন্ন ৰঙৰ, এওলোক পাঁচজন পুৰুষ - আৰু থাকিব মহিলা এগৰাকী ৷ তেওঁ হ’ব পৃথিবীৰ শেষৰ গৰাকী নাৰী৷ নাৰী গৰাকীয়ে  সেই পুৰুষ পাঁচগৰাকীৰ সন্মুখত অভিনয় কৰিব- তেওঁৰ শেষ অভিনয় ৷ এই কনচেপ্টটোকে লৈ তেওঁ এখন নাটক লেখিলে, কাব্য নাটক ৷ সিংহলী ভাষাত লেখা নাটক ৷ নাটকখন ইংৰাজীলৈ অনুবাদ কৰিলে অষ্ট্ৰেলিয়াৰ ডিলিনি এৰিয়াৱালাই ৷ ১৯১৬ চনত মই লগ পালোঁ ইটালীৰ এগৰাকী অভিনেত্ৰীক, কলম্বো ইন্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেলত, নাম জুলিয়া ফিলিপো ৷ তেওঁ এচিয়াৰ এগৰাকী পৰিচালকৰ লগত অভিনয় কৰা সুবিধা বিচাৰি আছিল ৷  ইউৰোপৰ বহু পৰিচালকৰ লগত তেওঁ অভিনয় কৰিছে, নতুন অভিজ্ঞতা আৰু জ্ঞান অৰ্জনৰ বাবে তেওঁ এচিয়ান থিয়েটাৰ ডিৰেক্টৰৰ লগত কাম কৰাৰ সুযোগৰ সন্ধানত আছিল ৷ আমি নাটকখন কৰিবলৈ আৰম্ভ কৰিলোঁ ৷ নাটকখন প্ৰিমিয়াৰ হ’ল ডুবাইত - ফুৰেজা মন’ড্ৰামা ফেষ্টিভেলত ৷ এই ফেষ্টিভেলত পৃথিবীৰ বিভিন্ন দেশৰ কেইবাহাজাৰে থিয়েটাৰ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷ পৃথিবীৰ বিভিন্ন ঠাইৰ দৰ্শকে নাটকখন ভাল পালে৷ তেওঁলোকে কোৱা মূল কথাটি হ’ল মন’ড্ৰামা মূলতঃ অভিনেতাৰ বস্তু ৷ কিন্তু এই নাটকখন অভিনেতাৰ নহয়, - ছেট, লাইটিং, ডান্স, মিউজিক আৰু অভিনয়ৰ সমন্বয়৷ নাটকখনে বহু দেশলৈ  আমন্ত্ৰণ লাভ কৰিলে, আমি কোৰিয়া, আজাৰ বাইজানকে ধৰি বহু দেশত নাটকখন কৰিলোঁ ৷ ভাৰতৰ পুনেতো নাটকখন কৰিছিলোঁ ৷  শ্ৰীলংকাতো কৰিছিলোঁ৷ মোৰ লগৰীয়াসকলে ক’লে নাটকখনৰ সিংহলী ৰূপ এটা লাগে ৷ অনুবাদ কৰা হ’ল, সিংহলী অভিনেত্ৰী এগৰাকীক লৈ নাটকখন কৰা হ’ল ৷ তাৰ পাচত আহিল ক’ভিদ ৷ নাটকখন স্থবিৰ হৈ গ’ল ৷ যোৱা বছৰ মৃণালজ্যোতি গোস্বামীৰ লগত কথা হ’ল, আৰু শেষত আমি ইয়াত ৷ মৃণালে নাটকখন অসমীয়ালৈ অনুবাদ কৰিলে, অসমৰ অভিনেত্ৰীৰে আমি নাটকখন কৰিম ৷’

‘ইয়াৰ পাচত এই নাটকখন আৰু কেনেদৰে আগবাঢ়িব, কি পৰিকল্পনা?’

‘মঞ্জুলা আৰু মোৰ সপোন- আমি দহটা ভাষাত নাটকখন কৰিম ৷ ইংৰাজী, সিংহলী ভাষাত কৰা হৈ গ’ল, অসমীয়া ভাষাত হৈ আছে ৷ অহা বছৰ ফৰাচী ভাষাত হ’ব৷ হিন্দী আৰু কোৰিয়ান ভাষাতো নাটকখন কৰাৰ প্ৰথমিক পৰিকল্পনা সম্পূৰ্ণ হৈছে ৷’

‘নাটক এখন, অকল নাটকেই নহয়, যিকোনো শিল্পবস্তুৰ শিপা সেই ঠাইৰ মাটিত থাকে ৷ এখন নাটকৰ ইমান ৰূপান্তৰত সেই শিপাৰ প্ৰসংগ কেনেকৈ ৰক্ষা কৰা হ’ব ?’

‘কথাটো তেনেই সহজ৷ এই অসমীয়া নাটকখনত, আমি কিছু ভিডিঅ’ সংযোগ কৰিছোঁ যিবোৰে অসমৰ গোন্ধ নাটকখনত বিয়পাই দিব ৷ এগৰাকী পৰিচালক হিচাপে মই নাটকৰ পাঠৰ ওপৰত এশ শতাংশই নিৰ্ভৰ নকৰোঁ ৷ সংলাপখিনি লও, বাকীখিনি মোৰ নিজৰ ৷ মঞ্জুলাই বহু কথা লেখিছিল, মই তাৰে কিছু অংশহে লৈছোঁ ৷ নাটকখনৰ বহু কেইটা সংস্কৰণ আমি কৰিছোঁ - ইয়াৰ অৰ্থ হ’ল আমি নাটকখনক কেইবাটিও ধৰণে বাখ্যা কৰিছোঁ৷ একো একোটা প্ৰডাকচন একোটা বাখ্যা, ইন্টাৰপ্ৰিটেচন ৷’  

‘আপুনি ফিজিকেল থিয়েটাৰৰ বক্তা আৰু অনুশীলনকাৰী ৷ ফিজিকেল থিয়েটাৰক আপুনি কেনে ধৰণে চায় ?’

‘বহুতে অকল দেহভংগীমাৰ প্ৰচুৰ ব্যবহাৰকে ফিজিকেল থিয়েটাৰৰ মূল হিচাপে গ্ৰহন কৰে ৷ মই ভাবো আৰু সেই ধৰণে অনুশীলন কৰোঁ- ফিজিকেল থিয়েটাৰ অকল দেহভংগীমাই নহয়, নাচ, গান-সংগীত, লাইট, ছেট- সকলো ফিজিকেল থিয়েটাৰৰ অংগ ৷’

ডঃ মৃণালজ্যোতি গোস্বামীয়ে অনুবাদ কৰা এই নাটকখনৰ অসমীয়া নাম ‘প্ৰেমৰ দোলনা’৷ নাটকখন মঞ্চস্থ হ’ব অহা ২৮ আৰু ২৯ এপ্ৰিলত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৷ আগ্ৰহী দৰ্শকে আগতেই ডেলিগেট হিচাপে নাম ৰেজিষ্টাৰ কৰিলে ভাল হ’ব ৷  নাটকৰ লগতে বিদেশৰ পৰা অহা নাট্য বিশেষজ্ঞৰ অংশগ্ৰহনেৰে নাটক বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব, ডেলিগেটসকলে তাতো অংশগ্ৰহন কৰিব পাৰিব ৷ এটা আন্তৰ্জাতিক নাট্য প্ৰযোজনা অসমৰ নাট্যকৰ্মীসকলৰ বাবে এটা শিক্ষামূলক অভিজ্ঞতা হ’ব- সেই কথাত কোনো সন্দেহ নাই ৷ আয়োজকসকলেও এই আয়োজনৰ খবৰটি ভালদৰে প্ৰচাৰ কৰিলে নাট্যকৰ্মীসকল উৎসাহিত হ’ব ৷ 

প্ৰথম প্ৰকাশ দৈনিক অসম, ২৬ এপ্ৰিল ২৪

     ৷ 

Friday, April 19, 2024

ঢোলৰ শব্দই যেতিয়া গাত জুই জ্বলায়

তিনি বজাৰ পাছত সাধাৰণতে একো মিটিং নাথাকে বাবে গুৱাহাটী প্ৰেছ ক্লাবটো তেতিয়া শান্ত হৈ পৰে ৷ সিদিনাও শান্ত হৈ পৰাৰ উপক্ৰম হৈছিল ৷ সভাখন শেষ হৈছিল, অভ্যাগতসকল প্ৰায় গৈছিল, ৰৈ যোৱা আমি দুজনমান আৰুআয়োজকসকলে বহি চাহ খাইছিলোঁ আৰু আড্ডা মাৰিছিলোঁ ৷ সভাখন কাৰ আছিল পাহৰিলোঁ, হয়তো গ্ৰন্থ উন্মোচনজাতীয় সভা আছিল ৷ আমাৰ তেতিয়াৰ সহকৰ্মী ঋতুপৰ্ণ দাসৰ আমন্ত্ৰণত তাত উপস্থিত আছিলোঁ আৰু তেওঁৰেই জোৰত সভাভংগৰ পাছৰ সভাখনত বহিছিলোঁ ৷ উপস্থিত সকলৰ কথাৰ শব্দ ঠেলি ঢোলৰ বোল আহি আমাৰ কাণত পৰিল ৷ শব্দৰ উৎসসন্ধান কৰোতে দেখা পালোঁ সৰু মঞ্চখনৰ মজিয়াতে বহি এজন ডেকাই ঢোল বজাইছে ৷ সভাখনত ঢোলৰ কিবা আছিল বুলি মনত নপৰে ৷ ক’ৰ পৰা ঢুলীয়াজন আহি ওলাল বুলি ভাবোতেই দেখো ঢোলৰ মৃদু শব্দৰ মূৰ্চ্ছনাই উপস্থিতসকলৰ মুখৰ মাত লাহে লাহে কমাই আনিছে ৷ ঢোল বাজি থাকিল ৷ লাহে লাহে তেওঁ থিয় হ’ল ৷ লগে লগে ঢোলৰ শব্দৰ তীব্ৰ আকৰ্ষণী শব্দৰ বৈচিত্ৰ্যই পৃথক ৰূপ ধাৰণ কৰিলে ৷ 

ইমান সময়ে শান্তভাবে বহি থকা এগৰাকী গাভৰু থিয় হ’ল ৷ হাতত লৈ থকা কিতাপ-বহীকেইখন চকীখনত থলে, চাদৰৰ আঁচলটি ককাঁলত খুচি ল’লে আৰু ঢোলৰ চেওঁৰ লগে লগে নাচিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে লাহে লাহে, যেন বতাহত গছৰ পাত লৰিছে এটা দুটাকৈ, তাৰ পাচত যেন বতাহৰ গতিবেগ বাঢ়িল - ককাঁল ঘুৰিল, গাভৰু ৰূপান্তৰিত হৈ গ’ল নাচনীলৈ, বিভিন্ন ভংগীমাত ঢোলৰ চেও:বোৰক অবয়ব দি গ’ল ৷ ইমান সময়ে আত্মমগ্ন হৈ থকা ঢুলীয়াৰ হাতলৈও বিদ্যুৎ নামি আহিল ৷ 

নৃত্য বিষয়ক এক ভাষণত এগৰাকী প্ৰখ্যাত নৃত্যশিল্পীয়ে কৈছিল যে লোকবাদ্যশিল্পীসকলে প্ৰকৃতিৰ শব্দ আৰু সেই শব্দই সৃষ্টি কৰা আবেগক নিজৰ বাদ্যৰ মাজেৰে জীয়াই তুলিব বিচাৰে ৷ ম’হৰ পিঠিত উঠি অকলশৰে পেপাঁ বজাই থকা গৰখীয়াজনে কি সুৰ বজায় ? ক’ৰ পৰা আহে সেই সুৰ ? মনৰ ভিতৰত থুপ খাই থকা কিবা আবেগ বা সেই সময়খিনিয়ে মনৰ মাজলৈ অনা হেন্দোলনিকেই তেওঁ পেঁপাৰ সুৰৰে প্ৰকাশ কৰে ৷ ঢুলীয়াৰ ক্ষেত্ৰতো একেই কথা ৷ ঢোলৰ চেওঁ মনত পেলাই পেলাই তেওঁ ঢোল নবজায় ৷ প্ৰকৃতিৰ বুকুৰ নানান শব্দ, বিজুলী ঢেৰেকনিৰ শব্দ, বৰষুণৰ শব্দ, বতাহৰ শব্দ- অকল শব্দই নহয়, তাৰ গতি, সেই শব্দই সৃষ্টি কৰিব পৰা দৃশ্যৰূপ এই সকলোবোৰ ঢুলীয়াৰ ঢোলটোত পুনৰ জীৱন পাই উঠে ৷ 

সিদিনা প্ৰেছক্লাবৰ সেই ঢুলীয়াজনৰ বাদনতো অনুভব কৰিছিলোঁ লোকশিল্পৰ এই ৰহস্য ৷ একেই অভিজ্ঞতা দিছিল নাচনী গৰাকীয়েও ৷ আজিও বিহু নাচ বুলি ক’লেই সকলো ৰংচঙীয়া দৃশ্যক ম্লান কৰি সেই ছবিখন চকুৰ সন্মুখত স্পষ্ট হৈ উঠে ৷

বিহু নৃত্য আৰু গীতৰ পৰিবেশনে অৰ্থ উপাৰ্জনৰ সম্ভাৱণা বৃদ্ধি কৰাৰ সমান্তৰালভাবে বৃদ্ধি পালে বিহুক ৰঙীন আৰু চকুতলগা কৰি তোলাৰ কৌশল ৷ মুগাৰ মেখেলা চাদৰ, ৰঙা ব্লাউজ, ডিঙি আৰু হাতত পিন্ধা অলংকাৰৰ পয়োভৰ বৃদ্ধি পালে আৰু লগে লগে হেৰাই গৈ থাকিল লোকনৃত্যৰ সৰলতা ৷ এই পোচাকবোৰ দেখি ভালেই লাগে, কিন্তু এই আয়োজিত ৰঙৰ সভাই নৃত্যটিক প্ৰকৃতিৰ স্পৰ্শৰ পৰা নিলগাই নিয়ে ৷ অকল নাচনীৰ পোচাকেই নহয়, পুৰুষৰ পোচাকতো ব্যাপক পৰিবৰ্তন দেখা গ’ল ৷ গামোচা কাটি চিলাই লোৱা চোলা বা মুগাৰ কাপোৰেৰে চিলাই লোৱা চোলা, য’ত ত’ত গামোচাৰ ফুলৰ সংযোজন- এইবোৰে পুৰুষ গায়ক-বাদক কেইজনকো কৃত্ৰিম ৰূপ প্ৰদান কৰে ৷ লোককলা এবিধ জীয়াই থাকিবলৈ হ’লে তাক স্বাাভবিকভাবেই পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰি যাব ৷ কিন্তু কথা হ’ল সেই পৰিবৰ্তন স্বতঃস্ফূৰ্ত নে বাণিজ্যিক সম্ভাৱণাৰ কথাৰে পৰিবৰ্তনৰ চকাটিক আগবঢ়াই নিয়া হৈছে ৷ পৰিবৰ্তনক সমৰ্থন কৰাৰ অৰ্থ হ’ল লোককলাৰ মূল গুণ আৰু আবেদনক আঘাত নকৰাকৈ কৰা সংযোজন, যদিহে সেই সংযোজন প্ৰযোজ্য হয় ৷ বিহু নাচৰ ব্যবসায়িক দল এটি পৰিচালনা কৰা সংগঠক এজনে কোৱা কথা এটা মনত পৰে৷ তেওঁ কৈছিল- আজিকালি বহু ঠাইত বিহু নাচ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰে ৷ বিভিন্ন কোম্পানীৰ মিটিং, কিছু লোকৰ বিয়াবাৰুতো বিহু নাচ-গীতৰ প্ৰদৰ্শন হয় পেছাদাৰী ভাবে ৷ তাত কপাহী মেখেলা চাদৰ ব্যবহাৰ কৰিলে শ্বোটি ভাল নহয়, কমদামী যেন লাগে ৷ মুগাৰ ড্ৰেছ আদি থাকিলে দামী দামী যেন লাগে আৰু পইচাও বেচি পোৱা যায় ৷ এই কথাৰ প্ৰায়োগিক যুক্তি আছে ৷ এই ব্যবসায়িক সম্ভাৱণাকো বাদ দিব নোৱাৰি ৷ গতিকে এই দুইৰ মাজৰ সমন্বয় ৰক্ষা কৰি লোকনৃত্যৰ মূল আবেদন হ্ৰাস নকৰাকৈ বিহু নৃত্য-গীতক আধুনিক ৰূপত চকুত লগা কৰাটো তেনেই সহজ কাম নহয় ৷ যোগ্যজন আগবাঢ়ি নাহিলে অযোগ্যসকলেই এই কামটি কৰিব আৰু তাৰ ফল ভাল হোৱাৰ আশা নাথাকে ৷ 

বিহু নাচৰ প্ৰতিযোগিতা, তাত দিয়া ভাল অংকৰ পইচাই বিহু নৃত্যৰ ব্যবসায়টিক অন্য এটি ৰূপ দিছে ৷ প্ৰতিযোগিতাত এই লোকনৃত্যটিৰ বিচাৰ কৰিবলৈ কিছু সংখ্যক নিয়ম-কানুনৰ উদ্ভাৱণ কৰা হ’ল ৷ বিভিন্ন গুৰুই একো একোটা নিয়ম মানি চলা হ’ল আৰু ফলত লোকনৃত্যবিধ শাস্ত্ৰ নিৰ্ধাৰিত নৃত্যৰ ৰূপলৈ গতি কৰি আছে ৷ বহু দিনৰ আগতে এখন কাকতত বিহুনাচৰ নিয়ম ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল ৷ বিহুনাচৰ এটা প্ৰতিযোগিতাত এগৰাকী নাচনীয়ে হাতত এখন বাতৰি কাকত লৈ নাচি আছিল ৷ বিচাৰক কেইগৰাকী চিন্তাত পৰিল- হাতত বাতিৰ কাকত লৈ নচা এইটো কি নতুন নিয়ম ওলাল, কোনে বা উলিয়ালে ? নাচৰ পাচত বিচাৰকে প্ৰতিযোগীক যে প্ৰশ্ন সোধে- তাকে সুধিলে - তুমি যে হাতত কাগজখন লৈছা- সেইখন কি আৰু কিয়? নাচনীয়ে উত্তৰ দিলে - এইখন অমুক কাকত, ইয়াতে অমুক চাৰৰ বিহুৰ নিয়ম কানুন আছে ৷ বিচাৰক কেইজনে কি ভাবিছিল কোৱা টান ৷ এই কথাটো সাধাৰণ কৌতুক হ’ব পাৰে, কিন্তু ই প্ৰকাশ কৰা কথাখিনিয়ে প্ৰকাশ কৰিছে বিহু নৃত্যই পাৰ হৈ থকা জটিল সময়ৰ কথা ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৯.০৪.২৪

Featured Post

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো ...