Sunday, April 28, 2024

‘মঞ্জুলা আৰু মোৰ সপোন- আমি দহটা ভাষাত নাটকখন কৰিম’

পৃথিবীৰ কেইবাখনো ৰাষ্ট্ৰৰ নাট্য প্ৰতিভাৰ সমন্বয়েৰে এখন নাটক প্ৰযোজনা কৰাটো বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ ৷ ইমান প্ৰতিভাক একেলগে একে ঠাইতে এটা উদ্দেশ্য আগত ৰাখি গোট খুওৱাটো যোগাযোগ, সময়, অৰ্থ আৰু তাৰ বাবে প্ৰয়োজনীয় অমানুষিক পৰিশ্ৰম- এই সকলোবোৰ দিশৰ পৰাই অতি কষ্টসাধ্য ৷ কথা হ’ল এনে ধৰণৰ নাটকে সময়খিনিৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিবেশটোক জোকাৰি দিয়ে, সৃষ্টিশীল ব্যক্তিৰ মনৰ জগতখনত হেন্দোলনি তুলি দিয়ে ৷ সেই হেন্দোলনিৰ প্ৰথম চকুত লগা প্ৰভাব হ’ব পাৰে কম, কিন্তু সি বহু গভীৰলৈ খুন্দিয়াই যায়, সৃষ্টিৰ জগতখন নতুন নতুন সম্ভাবনাৰে উজ্বল কৰি তোলে ৷  বিভিন্ন দেশৰ কেইগৰাকীমান সৃষ্টিশীল লোক এটা কামৰ বাবে একেলগ হ’ব, আলোচনা-তৰ্কবিতৰ্কৰ শেষত এটা বিন্দুত উপনীত হ’ব- এই সৃষ্টি প্ৰক্ৰিয়াটি হয় প্ৰত্যাহ্বানমূলক৷ এই প্ৰত্যাহ্বানেই নতুন নতুন সম্ভাৱণা আৰু অভিজ্ঞতাৰ জন্ম দিয়ে ৷ অকল সৃষ্টিৰ লগত জড়িতসকলেই নহয়, দৰ্শকেও সেই অভিজ্ঞতাৰ সন্মুখীন হয় ৷ বিশ্বৰ বিভিন্ন ঠাইত শিল্পক কেন্দ্ৰ কৰি এনে ভালেমান পৰীক্ষা নিৰীক্ষা চলি আছে ৷ গুৱাহাটীতো তেনে এটি আয়োজন চলিছে- সাংস্কৃতিক মহলটিক এই সংবাদে উত্তেজিত কৰি ৰাখিছে ৷ 

এই আয়োজনৰ সকলো কষ্টৰ সম্পূৰ্ণ দায়িত্ব মূৰত লৈ গুৱাহাটীৰ এটি আকাৰত সৰু কিন্তু মননৰ দিশৰ পৰা শক্তিশালী আৰু গহীন নাট্যদল ‘আঁক’-এ গুৱাহাটীত এখনি আন্তৰ্জাতিক নাট প্ৰযোজনাৰ কাম হাতত লৈছে ৷ এই দলটিয়ে যোৱা বছৰ এখন আন্তৰ্জাতিক নাট মহোৎসৱৰ আয়োজন কৰিছিল ৷ শ্ৰীলংকাৰ পৰা অহা এটি নাট্যদলে তাত দুখন নাট মঞ্চস্থ কৰি দৰ্শকক সন্মোহিত কৰি থৈ গৈছিল ৷ সেই সন্মোহনৰ আবেশ সজীৱ হৈ থাকেতেই সেই নাটকৰ এখন ‘লাভ এণ্ড লকডাউন’ৰ পৰিচালক  ছফীৰেই এই নতুন নাটকখনো পৰিচালনা কৰিব ৷ সেই নাটকখনৰ দৰ্শকসকল স্বাাভবিক ভাবেই নাটকখনৰ বাবে উত্তেজিত হৈ থকাৰেই কথা ৷ 

বিভিন্ন উপাদানৰ সমন্বয়েৰে নাট পৰিচালনাক এক পৃথক অভিজ্ঞতালৈ ৰূপান্তৰ কৰা ছফীৰক বিশ্বৰ বিভিন্ন দেশৰ পৰা আমন্ত্ৰণ কৰিছে তেওঁৰ কলা সাধনাৰ প্ৰাপ্তিৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ ৷ তেওঁ এগৰাকী প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশকো ৷ চিত্ৰ পৰিচালক হিচাপেও তেওঁ আত্ম প্ৰকাশ কৰিছে৷ ছবিখন ইতিমধ্যে কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ নাটক, চিনেমা, প্ৰদৰ্শনী আদিৰ প্ৰথম প্ৰদৰ্শনৰ দৰ্শক হোৱাটো এটি সন্তুষ্টিদায়ক আৰু বহুক্ষেত্ৰত বিৰল অভিজ্ঞতা ৷ ছফীৰৰ এই নতুন নাটকখনৰ প্ৰথম প্ৰদৰ্শনী আমি চাবলৈ পাম- এই গুৱাহাটীতেই, কথাটো শিহৰণকাৰী ৷ ছফীৰ এতিয়া গুৱাহাটীতেই, নাটকৰ প্ৰযোজনাত ব্যস্ত ৷ তাৰ মাজতে তেওঁক লগ পাইছিলোঁ, স্বাভাবিকভাবেই এই নতুন নাটকখনৰ কথা ওলাইছিল ৷ 

‘নাটকখনৰ লেখক মঞ্জুলা ৱেডিবৰ্ধনা, মূলতঃ শ্ৰীলংকাৰ, এতিয়া ফ্ৰান্সৰ বাসিন্দা, তেওঁ এগৰাকী বিখ্যাত নভেলিষ্ট আৰু কবি ৷ মোৰ এটা কনচেপ্ট আছিল- এনেকুৱা - পাঁচটা দৃশ্য থাকিব- পাঁচটা বিভিন্ন ৰঙৰ, এওলোক পাঁচজন পুৰুষ - আৰু থাকিব মহিলা এগৰাকী ৷ তেওঁ হ’ব পৃথিবীৰ শেষৰ গৰাকী নাৰী৷ নাৰী গৰাকীয়ে  সেই পুৰুষ পাঁচগৰাকীৰ সন্মুখত অভিনয় কৰিব- তেওঁৰ শেষ অভিনয় ৷ এই কনচেপ্টটোকে লৈ তেওঁ এখন নাটক লেখিলে, কাব্য নাটক ৷ সিংহলী ভাষাত লেখা নাটক ৷ নাটকখন ইংৰাজীলৈ অনুবাদ কৰিলে অষ্ট্ৰেলিয়াৰ ডিলিনি এৰিয়াৱালাই ৷ ১৯১৬ চনত মই লগ পালোঁ ইটালীৰ এগৰাকী অভিনেত্ৰীক, কলম্বো ইন্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেলত, নাম জুলিয়া ফিলিপো ৷ তেওঁ এচিয়াৰ এগৰাকী পৰিচালকৰ লগত অভিনয় কৰা সুবিধা বিচাৰি আছিল ৷  ইউৰোপৰ বহু পৰিচালকৰ লগত তেওঁ অভিনয় কৰিছে, নতুন অভিজ্ঞতা আৰু জ্ঞান অৰ্জনৰ বাবে তেওঁ এচিয়ান থিয়েটাৰ ডিৰেক্টৰৰ লগত কাম কৰাৰ সুযোগৰ সন্ধানত আছিল ৷ আমি নাটকখন কৰিবলৈ আৰম্ভ কৰিলোঁ ৷ নাটকখন প্ৰিমিয়াৰ হ’ল ডুবাইত - ফুৰেজা মন’ড্ৰামা ফেষ্টিভেলত ৷ এই ফেষ্টিভেলত পৃথিবীৰ বিভিন্ন দেশৰ কেইবাহাজাৰে থিয়েটাৰ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷ পৃথিবীৰ বিভিন্ন ঠাইৰ দৰ্শকে নাটকখন ভাল পালে৷ তেওঁলোকে কোৱা মূল কথাটি হ’ল মন’ড্ৰামা মূলতঃ অভিনেতাৰ বস্তু ৷ কিন্তু এই নাটকখন অভিনেতাৰ নহয়, - ছেট, লাইটিং, ডান্স, মিউজিক আৰু অভিনয়ৰ সমন্বয়৷ নাটকখনে বহু দেশলৈ  আমন্ত্ৰণ লাভ কৰিলে, আমি কোৰিয়া, আজাৰ বাইজানকে ধৰি বহু দেশত নাটকখন কৰিলোঁ ৷ ভাৰতৰ পুনেতো নাটকখন কৰিছিলোঁ ৷  শ্ৰীলংকাতো কৰিছিলোঁ৷ মোৰ লগৰীয়াসকলে ক’লে নাটকখনৰ সিংহলী ৰূপ এটা লাগে ৷ অনুবাদ কৰা হ’ল, সিংহলী অভিনেত্ৰী এগৰাকীক লৈ নাটকখন কৰা হ’ল ৷ তাৰ পাচত আহিল ক’ভিদ ৷ নাটকখন স্থবিৰ হৈ গ’ল ৷ যোৱা বছৰ মৃণালজ্যোতি গোস্বামীৰ লগত কথা হ’ল, আৰু শেষত আমি ইয়াত ৷ মৃণালে নাটকখন অসমীয়ালৈ অনুবাদ কৰিলে, অসমৰ অভিনেত্ৰীৰে আমি নাটকখন কৰিম ৷’

‘ইয়াৰ পাচত এই নাটকখন আৰু কেনেদৰে আগবাঢ়িব, কি পৰিকল্পনা?’

‘মঞ্জুলা আৰু মোৰ সপোন- আমি দহটা ভাষাত নাটকখন কৰিম ৷ ইংৰাজী, সিংহলী ভাষাত কৰা হৈ গ’ল, অসমীয়া ভাষাত হৈ আছে ৷ অহা বছৰ ফৰাচী ভাষাত হ’ব৷ হিন্দী আৰু কোৰিয়ান ভাষাতো নাটকখন কৰাৰ প্ৰথমিক পৰিকল্পনা সম্পূৰ্ণ হৈছে ৷’

‘নাটক এখন, অকল নাটকেই নহয়, যিকোনো শিল্পবস্তুৰ শিপা সেই ঠাইৰ মাটিত থাকে ৷ এখন নাটকৰ ইমান ৰূপান্তৰত সেই শিপাৰ প্ৰসংগ কেনেকৈ ৰক্ষা কৰা হ’ব ?’

‘কথাটো তেনেই সহজ৷ এই অসমীয়া নাটকখনত, আমি কিছু ভিডিঅ’ সংযোগ কৰিছোঁ যিবোৰে অসমৰ গোন্ধ নাটকখনত বিয়পাই দিব ৷ এগৰাকী পৰিচালক হিচাপে মই নাটকৰ পাঠৰ ওপৰত এশ শতাংশই নিৰ্ভৰ নকৰোঁ ৷ সংলাপখিনি লও, বাকীখিনি মোৰ নিজৰ ৷ মঞ্জুলাই বহু কথা লেখিছিল, মই তাৰে কিছু অংশহে লৈছোঁ ৷ নাটকখনৰ বহু কেইটা সংস্কৰণ আমি কৰিছোঁ - ইয়াৰ অৰ্থ হ’ল আমি নাটকখনক কেইবাটিও ধৰণে বাখ্যা কৰিছোঁ৷ একো একোটা প্ৰডাকচন একোটা বাখ্যা, ইন্টাৰপ্ৰিটেচন ৷’  

‘আপুনি ফিজিকেল থিয়েটাৰৰ বক্তা আৰু অনুশীলনকাৰী ৷ ফিজিকেল থিয়েটাৰক আপুনি কেনে ধৰণে চায় ?’

‘বহুতে অকল দেহভংগীমাৰ প্ৰচুৰ ব্যবহাৰকে ফিজিকেল থিয়েটাৰৰ মূল হিচাপে গ্ৰহন কৰে ৷ মই ভাবো আৰু সেই ধৰণে অনুশীলন কৰোঁ- ফিজিকেল থিয়েটাৰ অকল দেহভংগীমাই নহয়, নাচ, গান-সংগীত, লাইট, ছেট- সকলো ফিজিকেল থিয়েটাৰৰ অংগ ৷’

ডঃ মৃণালজ্যোতি গোস্বামীয়ে অনুবাদ কৰা এই নাটকখনৰ অসমীয়া নাম ‘প্ৰেমৰ দোলনা’৷ নাটকখন মঞ্চস্থ হ’ব অহা ২৮ আৰু ২৯ এপ্ৰিলত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৷ আগ্ৰহী দৰ্শকে আগতেই ডেলিগেট হিচাপে নাম ৰেজিষ্টাৰ কৰিলে ভাল হ’ব ৷  নাটকৰ লগতে বিদেশৰ পৰা অহা নাট্য বিশেষজ্ঞৰ অংশগ্ৰহনেৰে নাটক বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব, ডেলিগেটসকলে তাতো অংশগ্ৰহন কৰিব পাৰিব ৷ এটা আন্তৰ্জাতিক নাট্য প্ৰযোজনা অসমৰ নাট্যকৰ্মীসকলৰ বাবে এটা শিক্ষামূলক অভিজ্ঞতা হ’ব- সেই কথাত কোনো সন্দেহ নাই ৷ আয়োজকসকলেও এই আয়োজনৰ খবৰটি ভালদৰে প্ৰচাৰ কৰিলে নাট্যকৰ্মীসকল উৎসাহিত হ’ব ৷ 

প্ৰথম প্ৰকাশ দৈনিক অসম, ২৬ এপ্ৰিল ২৪

     ৷ 

Friday, April 19, 2024

ঢোলৰ শব্দই যেতিয়া গাত জুই জ্বলায়

তিনি বজাৰ পাছত সাধাৰণতে একো মিটিং নাথাকে বাবে গুৱাহাটী প্ৰেছ ক্লাবটো তেতিয়া শান্ত হৈ পৰে ৷ সিদিনাও শান্ত হৈ পৰাৰ উপক্ৰম হৈছিল ৷ সভাখন শেষ হৈছিল, অভ্যাগতসকল প্ৰায় গৈছিল, ৰৈ যোৱা আমি দুজনমান আৰুআয়োজকসকলে বহি চাহ খাইছিলোঁ আৰু আড্ডা মাৰিছিলোঁ ৷ সভাখন কাৰ আছিল পাহৰিলোঁ, হয়তো গ্ৰন্থ উন্মোচনজাতীয় সভা আছিল ৷ আমাৰ তেতিয়াৰ সহকৰ্মী ঋতুপৰ্ণ দাসৰ আমন্ত্ৰণত তাত উপস্থিত আছিলোঁ আৰু তেওঁৰেই জোৰত সভাভংগৰ পাছৰ সভাখনত বহিছিলোঁ ৷ উপস্থিত সকলৰ কথাৰ শব্দ ঠেলি ঢোলৰ বোল আহি আমাৰ কাণত পৰিল ৷ শব্দৰ উৎসসন্ধান কৰোতে দেখা পালোঁ সৰু মঞ্চখনৰ মজিয়াতে বহি এজন ডেকাই ঢোল বজাইছে ৷ সভাখনত ঢোলৰ কিবা আছিল বুলি মনত নপৰে ৷ ক’ৰ পৰা ঢুলীয়াজন আহি ওলাল বুলি ভাবোতেই দেখো ঢোলৰ মৃদু শব্দৰ মূৰ্চ্ছনাই উপস্থিতসকলৰ মুখৰ মাত লাহে লাহে কমাই আনিছে ৷ ঢোল বাজি থাকিল ৷ লাহে লাহে তেওঁ থিয় হ’ল ৷ লগে লগে ঢোলৰ শব্দৰ তীব্ৰ আকৰ্ষণী শব্দৰ বৈচিত্ৰ্যই পৃথক ৰূপ ধাৰণ কৰিলে ৷ 

ইমান সময়ে শান্তভাবে বহি থকা এগৰাকী গাভৰু থিয় হ’ল ৷ হাতত লৈ থকা কিতাপ-বহীকেইখন চকীখনত থলে, চাদৰৰ আঁচলটি ককাঁলত খুচি ল’লে আৰু ঢোলৰ চেওঁৰ লগে লগে নাচিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে লাহে লাহে, যেন বতাহত গছৰ পাত লৰিছে এটা দুটাকৈ, তাৰ পাচত যেন বতাহৰ গতিবেগ বাঢ়িল - ককাঁল ঘুৰিল, গাভৰু ৰূপান্তৰিত হৈ গ’ল নাচনীলৈ, বিভিন্ন ভংগীমাত ঢোলৰ চেও:বোৰক অবয়ব দি গ’ল ৷ ইমান সময়ে আত্মমগ্ন হৈ থকা ঢুলীয়াৰ হাতলৈও বিদ্যুৎ নামি আহিল ৷ 

নৃত্য বিষয়ক এক ভাষণত এগৰাকী প্ৰখ্যাত নৃত্যশিল্পীয়ে কৈছিল যে লোকবাদ্যশিল্পীসকলে প্ৰকৃতিৰ শব্দ আৰু সেই শব্দই সৃষ্টি কৰা আবেগক নিজৰ বাদ্যৰ মাজেৰে জীয়াই তুলিব বিচাৰে ৷ ম’হৰ পিঠিত উঠি অকলশৰে পেপাঁ বজাই থকা গৰখীয়াজনে কি সুৰ বজায় ? ক’ৰ পৰা আহে সেই সুৰ ? মনৰ ভিতৰত থুপ খাই থকা কিবা আবেগ বা সেই সময়খিনিয়ে মনৰ মাজলৈ অনা হেন্দোলনিকেই তেওঁ পেঁপাৰ সুৰৰে প্ৰকাশ কৰে ৷ ঢুলীয়াৰ ক্ষেত্ৰতো একেই কথা ৷ ঢোলৰ চেওঁ মনত পেলাই পেলাই তেওঁ ঢোল নবজায় ৷ প্ৰকৃতিৰ বুকুৰ নানান শব্দ, বিজুলী ঢেৰেকনিৰ শব্দ, বৰষুণৰ শব্দ, বতাহৰ শব্দ- অকল শব্দই নহয়, তাৰ গতি, সেই শব্দই সৃষ্টি কৰিব পৰা দৃশ্যৰূপ এই সকলোবোৰ ঢুলীয়াৰ ঢোলটোত পুনৰ জীৱন পাই উঠে ৷ 

সিদিনা প্ৰেছক্লাবৰ সেই ঢুলীয়াজনৰ বাদনতো অনুভব কৰিছিলোঁ লোকশিল্পৰ এই ৰহস্য ৷ একেই অভিজ্ঞতা দিছিল নাচনী গৰাকীয়েও ৷ আজিও বিহু নাচ বুলি ক’লেই সকলো ৰংচঙীয়া দৃশ্যক ম্লান কৰি সেই ছবিখন চকুৰ সন্মুখত স্পষ্ট হৈ উঠে ৷

বিহু নৃত্য আৰু গীতৰ পৰিবেশনে অৰ্থ উপাৰ্জনৰ সম্ভাৱণা বৃদ্ধি কৰাৰ সমান্তৰালভাবে বৃদ্ধি পালে বিহুক ৰঙীন আৰু চকুতলগা কৰি তোলাৰ কৌশল ৷ মুগাৰ মেখেলা চাদৰ, ৰঙা ব্লাউজ, ডিঙি আৰু হাতত পিন্ধা অলংকাৰৰ পয়োভৰ বৃদ্ধি পালে আৰু লগে লগে হেৰাই গৈ থাকিল লোকনৃত্যৰ সৰলতা ৷ এই পোচাকবোৰ দেখি ভালেই লাগে, কিন্তু এই আয়োজিত ৰঙৰ সভাই নৃত্যটিক প্ৰকৃতিৰ স্পৰ্শৰ পৰা নিলগাই নিয়ে ৷ অকল নাচনীৰ পোচাকেই নহয়, পুৰুষৰ পোচাকতো ব্যাপক পৰিবৰ্তন দেখা গ’ল ৷ গামোচা কাটি চিলাই লোৱা চোলা বা মুগাৰ কাপোৰেৰে চিলাই লোৱা চোলা, য’ত ত’ত গামোচাৰ ফুলৰ সংযোজন- এইবোৰে পুৰুষ গায়ক-বাদক কেইজনকো কৃত্ৰিম ৰূপ প্ৰদান কৰে ৷ লোককলা এবিধ জীয়াই থাকিবলৈ হ’লে তাক স্বাাভবিকভাবেই পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰি যাব ৷ কিন্তু কথা হ’ল সেই পৰিবৰ্তন স্বতঃস্ফূৰ্ত নে বাণিজ্যিক সম্ভাৱণাৰ কথাৰে পৰিবৰ্তনৰ চকাটিক আগবঢ়াই নিয়া হৈছে ৷ পৰিবৰ্তনক সমৰ্থন কৰাৰ অৰ্থ হ’ল লোককলাৰ মূল গুণ আৰু আবেদনক আঘাত নকৰাকৈ কৰা সংযোজন, যদিহে সেই সংযোজন প্ৰযোজ্য হয় ৷ বিহু নাচৰ ব্যবসায়িক দল এটি পৰিচালনা কৰা সংগঠক এজনে কোৱা কথা এটা মনত পৰে৷ তেওঁ কৈছিল- আজিকালি বহু ঠাইত বিহু নাচ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰে ৷ বিভিন্ন কোম্পানীৰ মিটিং, কিছু লোকৰ বিয়াবাৰুতো বিহু নাচ-গীতৰ প্ৰদৰ্শন হয় পেছাদাৰী ভাবে ৷ তাত কপাহী মেখেলা চাদৰ ব্যবহাৰ কৰিলে শ্বোটি ভাল নহয়, কমদামী যেন লাগে ৷ মুগাৰ ড্ৰেছ আদি থাকিলে দামী দামী যেন লাগে আৰু পইচাও বেচি পোৱা যায় ৷ এই কথাৰ প্ৰায়োগিক যুক্তি আছে ৷ এই ব্যবসায়িক সম্ভাৱণাকো বাদ দিব নোৱাৰি ৷ গতিকে এই দুইৰ মাজৰ সমন্বয় ৰক্ষা কৰি লোকনৃত্যৰ মূল আবেদন হ্ৰাস নকৰাকৈ বিহু নৃত্য-গীতক আধুনিক ৰূপত চকুত লগা কৰাটো তেনেই সহজ কাম নহয় ৷ যোগ্যজন আগবাঢ়ি নাহিলে অযোগ্যসকলেই এই কামটি কৰিব আৰু তাৰ ফল ভাল হোৱাৰ আশা নাথাকে ৷ 

বিহু নাচৰ প্ৰতিযোগিতা, তাত দিয়া ভাল অংকৰ পইচাই বিহু নৃত্যৰ ব্যবসায়টিক অন্য এটি ৰূপ দিছে ৷ প্ৰতিযোগিতাত এই লোকনৃত্যটিৰ বিচাৰ কৰিবলৈ কিছু সংখ্যক নিয়ম-কানুনৰ উদ্ভাৱণ কৰা হ’ল ৷ বিভিন্ন গুৰুই একো একোটা নিয়ম মানি চলা হ’ল আৰু ফলত লোকনৃত্যবিধ শাস্ত্ৰ নিৰ্ধাৰিত নৃত্যৰ ৰূপলৈ গতি কৰি আছে ৷ বহু দিনৰ আগতে এখন কাকতত বিহুনাচৰ নিয়ম ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল ৷ বিহুনাচৰ এটা প্ৰতিযোগিতাত এগৰাকী নাচনীয়ে হাতত এখন বাতৰি কাকত লৈ নাচি আছিল ৷ বিচাৰক কেইগৰাকী চিন্তাত পৰিল- হাতত বাতিৰ কাকত লৈ নচা এইটো কি নতুন নিয়ম ওলাল, কোনে বা উলিয়ালে ? নাচৰ পাচত বিচাৰকে প্ৰতিযোগীক যে প্ৰশ্ন সোধে- তাকে সুধিলে - তুমি যে হাতত কাগজখন লৈছা- সেইখন কি আৰু কিয়? নাচনীয়ে উত্তৰ দিলে - এইখন অমুক কাকত, ইয়াতে অমুক চাৰৰ বিহুৰ নিয়ম কানুন আছে ৷ বিচাৰক কেইজনে কি ভাবিছিল কোৱা টান ৷ এই কথাটো সাধাৰণ কৌতুক হ’ব পাৰে, কিন্তু ই প্ৰকাশ কৰা কথাখিনিয়ে প্ৰকাশ কৰিছে বিহু নৃত্যই পাৰ হৈ থকা জটিল সময়ৰ কথা ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৯.০৪.২৪