Monday, June 29, 2026

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept through the region, he had already envisioned its potential and begun carving out his niche. Through a stellar combination of print, electronic media presence, and high-profile fashion shows, he successfully established himself as a powerhouse of regional style. His signature identity lies in his ability to take the rich, traditional textiles of Assam and seamlessly infuse them into modern silhouettes, giving regional heritage a global vocabulary.

In a grand culmination of his creative journey, the designer has recently released a stunning Look Book titled Breezing Brahmaputra. Published by Nilesh Power, this significant publication serves as a visual testament to Kashyap's immense creative genius. What makes this book particularly groundbreaking is its exclusive focus on men's fashion rooted in indigenous Assamese textiles. It breaks away from conventional regional fashion portfolios by showcasing a diverse array of attire curated solely for the modern man, offering fresh inspiration for an often-underrepresented segment of the industry.

Spanning forty meticulously captured photographs, the book features an all-male ensemble of models bringing Kashyap’s visions to life. The collection plays beautifully with a spectrum of emotions and aesthetics; while some garments make a bold statement with fierce, vibrant hues, others offer a subtle elegance through soft, muted tones. Every intricate cut, texture, and design element is brought to life by the brilliant eye of photographer Sumant Roy. His masterful photography perfectly captures the flow and character of the clothing, ensuring that Breezing Brahmaputra stands out not just as a fashion catalogue, but as an essential piece of contemporary cultural documentation.

Monday, June 1, 2026

বিৰল ৰাগ ‘চন্দ্ৰনন্দন’ৰ শান্ত পৰিবেশন

আকাশত উজলি থকা অলেখ তৰা আৰু পূৰ্ণচন্দ্ৰৰ স্নিগ্ধতাই সৃষ্টি কৰা এক ৰহস্যময় সৌন্দৰ্যৰ সৈতে ‘চন্দ্ৰনন্দন’ ৰাগক তুলনা কৰিব পাৰি ৷ এই ৰাগটো কোনো পৌৰাণিক ৰাগ নহয়,  ওষ্টাদ আলি আকবৰ খানে সৃষ্টি কৰা এটা আধুনিক ৰাগ ৷ এই ৰাগটোত ‘মালকোষ’, ‘চন্দ্ৰকোষ’, ‘নন্দকোষ’ আৰু ‘কৌশীকানাড়া’ ৰাগৰ মৃদু প্ৰভাৱ অনুভৱ কৰিব পাৰি ৷ কোমল গান্ধাৰ আৰু কোমল ধৈৱতৰ প্ৰয়োগে ৰাগটোক এক গভীৰ মননশীলতা আৰু বিষাদঘন গাম্ভীৰ্য প্ৰদান কৰে ৷ ৰাগটোৰ অন্যতম বৈশিষ্ট্য হৈছে দীঘলীয়া মীড়ৰ প্ৰয়োগ ৷ এই কৌশলে সুৰৰ ধাৰাটিক অত্যন্ত প্ৰৱাহমান আৰু ধ্যানমগ্ন কৰি তোলে ৷ ‘চন্দ্ৰনন্দন’ বিশেষকৈ বিলম্বিত লয়ত এই বাদনকৌশল অধিক প্ৰভাৱশালী হৈ পৰে ৷ এই ৰাগৰ পৰিবেশনত দ্ৰুত তান বা কাৰিকৰী কৌশলতকৈ ৰাগৰ আবেগিক গভীৰতা আৰু নান্দনিক মেজাজকহে অধিক গুৰুত্ব দিয়া হয় ৷ একে সময়তে ই শান্তি, নিসংগতা আৰু অন্তৰ্মুখী বিষাদৰ এক অপূৰ্ব সংগীতময় অনুভূতিৰ সৃষ্টি কৰে৷ এই ৰাগটিৰ প্ৰচলন সীমিত৷ ওষ্টাদ আলি আকবৰ খানে পৰিবেশন কৰা ইয়াৰ কিছু বিৰল ভিডিঅ’ বৰ্তমান ইউটিউবত পোৱা যায় ৷

নব্বৈ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আকাশবাণীয়ে বিভিন্ন সংগীতানুষ্ঠানৰ আয়োজন কৰিছে ৷ আকাশবাণী ৰাঁচী কেন্দ্ৰই আয়োজন কৰা তেনে এক অনুষ্ঠানৰ বাবে নিৰ্বাচন কৰা হৈছিল এই ‘চন্দ্ৰনন্দন’ ৰাগটি ৷ ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ‘কেডিয়া বন্ধু’ নামেৰে দেশ-বিদেশত খ্যাত মনোজ কেডিয়া আৰু মৌৰমুকুট কেডিয়া ভাতৃদ্বয়ক ৷ দুয়ো মাইহাৰ ঘৰাণাৰ প্ৰতিষ্ঠিত শিল্পী তথা ওষ্টাদ আলি আকবৰ খান আৰু দেৱী অন্নপূৰ্ণাৰ সুযোগ্য শিষ্য ৷ এটা সময়ত ওষ্টাদ আলি আকবৰ খান আৰু পণ্ডিত ৰবি শংকৰে চৰোদ আৰু চেতাৰৰ যুগলবন্দীৰে শ্ৰোতাক সংগীত শ্ৰৱণৰ এক অনন্য মাত্ৰা উপহাৰ দিছিল ৷ কেডিয়া বন্ধুয়ো সেই একেই পথ অনুসৰণ কৰি দ্বৈত বাদনৰ স্বৰ্ণজয়ন্তী অতিক্ৰম কৰিছে ৷

আকাশবাণী ৰাঁচীয়ে আয়োজন কৰা এই অনুষ্ঠানত শিল্পীদ্বয়ে মিশ্ৰ পিলু আৰু মিশ্ৰ খাম্বাজ ৰাগৰ চুটি সংগীত ৰচনাও পৰিবেশন কৰিছিল, যদিও অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল ‘চন্দ্ৰনন্দন’ ৰাগ ৷ এই পৰিবেশনে গভীৰ সংগীতবোধ, নান্দনিক সংযম আৰু শিল্পসুলভ পৰিপক্বতাৰ এক মনোমুগ্ধকৰ উদাহৰণ দাঙি ধৰে ৷ শিল্পী দুগৰাকীয়ে ৰাগটোক ধীৰে ধীৰে উন্মোচন কৰাৰ যি পদ্ধতি গ্ৰহণ কৰিছিল, সেয়াই সমগ্ৰ পৰিবেশনটোক এক গভীৰ মননশীলতা প্ৰদান কৰিছিল ৷ আলাপ অংশত প্ৰতিটো স্বৰৰ সৌন্দৰ্য অতি স্বাভাৱিক আৰু মৃদুভাৱে প্ৰকাশ পাইছিল ৷ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত কোৱা হয় যে দুটা স্বৰৰ মাজৰ অস্ফূট অংশটিয়েই আটাইতকৈ নিবিড় সংগীতময় পৰিবেশৰ সৃষ্টি কৰে— এই বাদনত সেই কথাষাৰ আখৰে আখৰে সত্য প্ৰমাণিত হৈছে ৷

এই পৰিবেশনৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য আছিল কাৰিকৰী দক্ষতা আৰু আবেগিক অনুৰণনৰ মাজৰ সুষম সমন্বয় ৷ ৰাগ বিস্তাৰক সূক্ষ্ম গমক, নিয়ন্ত্ৰিত স্বৰবিন্যাস আৰু সংযত অলংকাৰে মহিমামণ্ডিত কৰি তুলিছিল৷ আলাপৰ পৰা মধ্য আৰু দ্ৰুত লয়লৈ কৰা উত্তৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ সুসংহত সংগীতচিন্তা আৰু নান্দনিকতা প্ৰতিফলিত হৈছিল ৷

আজিকালি শাস্ত্ৰীয় সংগীতৰ বহু শিল্পীয়েই দৰ্শকক ক্ষন্তেকীয়া আমোদ দিবলৈ পৰিবেশন শৈলীক কিছু চঞ্চল বা ইন্দ্ৰিয়গ্ৰাহ্য কৰাৰ চেষ্টা চলায় ৷ এনে প্ৰচেষ্টাই শ্ৰোতা দৰ্শকৰ সঁহাৰিও লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে ওষ্টাদ আলি আকবৰ খানৰ সংগীত পৰিবেশন আছিল প্ৰাৰ্থনাতুল্য, গহীন আৰু সমৰ্পিত; দেৱী অন্নপূৰ্ণাৰ পৰিবেশনশৈলীও আছিল অনুৰূপ ৷ কেডিয়া বন্ধুই নিজৰ বাদনত গুৰুৰ সেই মহান শৈলীৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে ৷ আবেগিক দিশৰ পৰা এই পৰিবেশনত এক নীৰৱ অথচ গভীৰ তীব্ৰতা অনুভৱ কৰা গৈছিল ৷ কোনো নাটকীয় প্ৰকাশভংগীৰ আশ্ৰয় নলৈ শিল্পী দুগৰাকীয়ে এক মননশীল আৰু অন্তৰ্মুখী আবহ ধাৰাবাহিকভাৱে বজাই ৰাখিছিল ৷ পৰিবেশনটোৰ নান্দনিক সৌন্দৰ্য মূলতঃ নিহিত আছিল ইয়াৰ আন্তৰিকতা আৰু অখণ্ড সংগীতচেতনাত ৷ শিল্পীসকলৰ নিবেদনত ৰাগটো কেৱল এটা সংগীতৰ গাঁথনি হৈ থকা নাছিল, বৰঞ্চ ই অনুভূতি আৰু আত্মিক সংযোগৰ এক জীৱন্ত মাধ্যমলৈ ৰূপান্তৰিত হৈছিল ৷

শ্ৰীজিৎ চেটাৰ্জীৰ অত্যন্ত সংবেদনশীল তবলাসংগতে এই পৰিবেশনক অধিক সমৃদ্ধ কৰি তুলিছে ৷ মূল শিল্পীৰ স্বতঃস্ফূৰ্ত সুৰবিস্তাৰৰ সৈতে তালবাদ্যৰ এই সহযোগ কেতিয়াও অতিৰঞ্জিত হৈ পৰা নাছিল, বৰঞ্চ ইয়াৰ সংযত সহযোগিতাই সমগ্ৰ অনুষ্ঠানটোৰ ধ্যানমগ্ন গুণটিক আৰু অধিক গভীৰ কৰি তুলিছিল ৷ সামগ্ৰিকভাৱে এই পৰিবেশনটোৱে এক বিৰল শাস্ত্ৰীয় সংগীতৰ অভিজ্ঞতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ ই আছিল বাহ্যিক চাকচিক্যতকৈ সংগীতৰ অন্তৰ্নিহিত গাম্ভীৰ্য আৰু সৌন্দৰ্যক অধিক গুৰুত্ব দিয়া এক স্মৰণীয় উপস্থাপন৷ অনুষ্ঠানটোৰ সামগ্ৰিক সজ্জাও আছিল যথেষ্ট সুশৃংখল, যিয়ে শাস্ত্ৰীয় সংগীতৰ উপযোগী এক সৌম্য পৰিবেশ গঢ়ি তুলিছিল ৷ এনে অনুষ্ঠানত ঘোষণাপৰ্বটোও এক গুৰুত্বপূৰ্ণ অংগ ৷ স্পষ্টতা, সংযম আৰু সাংস্কৃতিক সংবেদনশীলতাৰে উপস্থাপিত ঘোষণাই মূল পৰিবেশনৰ শিল্পসুলভ ধাৰাক ব্যাহত নকৰাকৈ দৰ্শক-শ্ৰোতাক অনুষ্ঠানটোৰ সৈতে অধিক নিবিড়ভাৱে বান্ধি ৰখাত সহায় কৰিলে৷ এই অনুষ্ঠানে আকাশবাণীৰ কেন্দ্ৰটিৰ সাংস্কৃতিক ঐতিহ্য আৰু উচ্ছ মানদণ্ডকে পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে ৷

আজিৰ এই ডিজিটেল যুগৰ লগত খাপ খুৱাই আকাশবাণীৰ কেন্দ্ৰটিয়ে সামাজিক মাধ্যমযোগে অনুষ্ঠানটি ‘লাইভ’ প্ৰচাৰ কৰিছিল আৰু সেই সুবিধাৰ বাবেই আমি এই বিৰল অনুষ্ঠানটি উপভোগ কৰাৰ সুবিধা পালোঁ ৷ এই অনুষ্ঠানটি কেন্দ্ৰটিৰ ইউটিউব চেনেলত উপলব্ধ ৷ 

 প্ৰান্তিক ১ জুন ২০২৬ সংখ্যাত প্ৰকাশিত 

 

 

 

আজি নীলদাৰ জন্মদিন


নীলপৱন বৰুৱা দাদাক এবাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই মাতিছিল এটা কথিকাৰ কাৰণে ৷ কথিকাটিৰ বিষয় আছিল প্ৰখ্যাত ভাস্কৰ ৰাম কিংকৰ বেইজ ৷ শান্তিনিকেতনত তেখেত নীলপৱনদাৰ গুৰু আছিল ৷ গুৰুৰ বিষয়ে লিখিবলৈ গৈছে গতিকে নীলপৱন দাই যথেষ্ট শ্ৰদ্ধা সহকাৰে কথিকাটি লিখিলে, আকাশবাণী গুৱাহাটীলৈ গ’ল ৷ কথিকাটিৰ  বাণীবন্ধন কৰা হৈ গ’ল আৰু তেখেতৰ মাননিটো দিলে ৷ এই কথাখিনি নীলপৱন দাই আমাক কৈছিল তেখেতৰ গুৰুৰ বিষয়ে কোনো বিষয়ে কোৱা বিভিন্ন কথাৰ মাজত ৷ এই কাহিনীটি তেখেতে শেষ কৰিছিল এনেদৰে- ‘মই চেকখন ভঙাই আনিলোঁ, আনি দেখিলো মোৰ চেণ্ডেলযোৰ ছিঙিছে, সলনি কৰিবৰ হৈছে ৷ জোতাৰ দোকান এখনত সোমালোঁ, জোতা এযোৰ পচন্দ হ’ল ৷ যিখিনি পইচা পাইছিলোঁ তাৰে জোতাযোৰ ধুনীয়াকৈ হৈ যায় ৷ গতিকে জোতাযোৰ কিনি আনিলোঁ ৷’ তাৰপিছত হাঁহি এটা মাৰি ক’লে - ‘গুৰুৰ নামত জোতা পিন্ধি ঘূৰি ফুৰিছোঁ, কেনে লাগে কথাটো!’

এই ৰসিক নীলপৱন বৰুৱাদাক  ওচৰৰ পৰা পাইছিলোঁ, ঘনিষ্ঠভাবে পাইছিলোঁ আৰু তেখেতৰ সান্নিধ্যৰ প্ৰশান্তি অনুভৱ কৰিছিলোঁ ৷

তেখেতৰ মূল ঘৰ টিয়কত ৷ সেই ঘৰত আমি এবাৰ সোমাইছিলোঁ আকাশবাণী ডিব্ৰুগড়ৰ পৰা৷ মোৰ লগত আছিল কমল ৰাণা শৰ্মা ৷ তেখেতৰ দেউতাক বিনন্দ চন্দ্ৰ বৰুৱা, তেখেতৰ এটা ইণ্টাৰভিউ কৰা হ’ল ৷  বিদায়ৰ সময়ত আমাক আগবঢ়াই থবলৈ আহোতে বাৰাণ্ডাৰ খুটাত বগাই থকা লতা ফুলৰ গছ এডাল দেখুৱালে ৷ ব্লিভিং হাৰ্ট ৷ তেখেতে কোৱা মতে ফুলপুলিটো হেনো নীলপৱনদাই নিজে ৰুইছিল আৰু কৈছিল - ‘এই ফুলডাল যেতিয়া ভালে থাকে গম পাবা মই ভালে আছোঁ, যেতিয়া ফুলডাল ভালে নাই ময়ো ভালে নাথাকো ৷ 

সেই ফুলজোপা এতিয়াও মোৰ চকুৰ আগত ভাহি উঠে ৷ 

লগৰ ছবিখন মই তোলা ফটো এখনক কৃত্ৰিম বুদ্ধিমত্তাৰে দিয়া ৰূপ ৷  

Sunday, May 31, 2026

পাৰ্থনা হাজৰিকালৈ শুভেচ্ছা

আজিৰে পৰা ৰেঙনি চেনেলত ৰাজেশ ভূঞাৰ পৰিকল্পনা আৰু চৈয়দ ৰাজীৱ ৰহমানৰ পৰিচালনাৰে এখন ধাৰাবাহিক প্ৰচাৰ হ'ব নাম - 'জোনাকী' | এই ধাৰাবাহিকখনৰ এটি মূল চৰিত্ৰত অভিনয় কৰিছে পাৰ্থনা হাজৰিকাই | পাৰ্থনাৰ সফলতা কামনা কৰিলোঁ আৰু আপোনাৰ পৰা তেওঁৰ বাবে আশীৰ্বাদ বিচাৰিলো | মাজুলীৰ ছোৱালী পাৰ্থনা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ  পৰিৱেশ্য কলা বিভাগৰ অভিনয়ৰ ছাত্ৰী আছিল | ছাত্ৰী হিচাপে তেওঁ সকলোৰে মৰম পাবলৈ সমৰ্থ হৈছিল | 

মৃণ্ময় শইকীয়া পৰিচালিত 'অগ্নিবান' ছবিৰ  এটা চৰিত্ৰত তেওঁ অভিনয় কৰিছিল | কংকনা চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ পটভূমিত নিৰ্মাণ কৰা ইংৰাজী ছবি 'ৰি-ৰাউটিং'-ৰ   দ্বিতীয় নাৰী চৰিত্ৰটিত তেওঁ সফলতাৰে অভিনয় কৰিছিল | এই ধাৰাবাহিকখনত তেওঁ অভিনয় প্ৰদৰ্শন কৰাৰ ভালেখিনি সুবিধা লাভ কৰিছে আৰু মই আশা কৰিছোঁ তেওঁ সেই সুবিধাৰ সদ্বৱহাৰ কৰিবলৈ সমৰ্থ হৈছে |  ছবিখনৰ পৰিচালক চৈয়দ ৰাজীৱ ৰহমানকো আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধাৰাবাহিকখনৰ সকলো ধৰণৰ সফলতা কামনা কৰিছোঁ |

Friday, May 22, 2026

চিনেমা চোৱাৰ আনন্দ

চিনেমা চোৱাৰ আনন্দ অধিক বুদ্ধিদীপ্ত আৰু আৱিষ্কাৰধৰ্মী কৰিবলৈ ইচ্ছা কৰিলে চিনেমাৰ ইতিহাস, চিনেমাৰ বিভিন্ন তৰংগ আৰু বিভিন্ন তত্বৰ কথাৰ প্ৰাথমিক কিছু কথা জানিলে অধিক গভীৰলৈ প্ৰৱেশ কৰিব পাৰি | প্ৰশ্নৰ উদয় হয় এইবোৰ কথা নাজানিলে আমি চিনেমাৰ ৰস আহৰণ কৰিব নোৱাৰিম নেকি ? নিশ্চয় পাৰিম | কিন্তু সেই ৰস আহৰণ সীমিত হৈ থাকিব আমি পোনপতীয়াকৈ চকুৰে যিখিনি দেখোঁ, কাণেৰে যিখিনি শুনো - সেইখিনিৰ মাজত | যদি আমি চিনেমাৰ ইতিহাসৰ কিছু কথা জানো, বিভিন্ন তৰংগৰ কথা জানো, বিভিন্ন তত্বৰ কথা জানো, - আমি বুজি পাম চিনেমাৰ ইতিহাসত ছবিখন কোন ঠাইত ৰৈ গৈছে, ছবিখনে নতুন কিবা কথা আমাক দিব পাৰিছে নে পুৰণি কথাকে চৰ্বিত-চৰ্বণ কৰিছে |

অসমীয়া ভাষাত চিনেমাৰ বিষয়ে লেখা কিতাপৰ সংখ্যা কম | এই সীমিত সংখ্যক লেখক আৰু কিতাপৰ মাজত পাৰ্থজিৎ বৰুৱাৰ 'চিনেমাৰ তত্ব' ৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি | এইকাৰণেই পাৰি যে চিনেমা তত্ববিষয়ক এইখন প্ৰথম অসমীয়া কিতাপ | পাৰ্থজিত বৰুৱাই চলচ্চিত্ৰ ৰসাস্বাদন পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে, নিজে কেইবাখনো তথ্যচিত্ৰ, এখন পূৰ্ণ দৈৰ্ঘৰ চিত্ৰ নিৰ্মাণ কৰিছে, চিনেমা বিষয়ে পঢ়া শুনা কৰিছে, বিভিন্ন চেমিনাৰত অংশগ্ৰহণ কৰিছে | এইবিলাক অভিজ্ঞতাৰ পৰা তেখেতে উপলব্ধি কৰিছিল- চিনেমাৰ তত্ত্ববিষয়ক কিতাপ এখনৰ প্ৰয়োজন কিমান | তেখেতে চিনেমাৰ তত্ব আৱিষ্কাৰ কৰা নাই, পৃথিৱীত চিনেমাৰ যিবিলাক তত্বৰ প্ৰচলন হৈ আছে সেইবিলাকৰ কথা তেখেতে সহজ সৰল ভাষাত, মূলতঃ আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰাকৈ লিখি উলিয়াইছে আৰু 'আলিবাট'-এ প্ৰকাশ কৰি উলিয়াইছে |

চলচ্চিত্ৰক অকল তাৎক্ষণিক বিনোদনৰ উপাদান হিচাপে নাৰাখি কলা মাধ্যম হিচাপে দৰ্শন আৰু বিশ্লেষণ কৰাৰ কথা ভবা যায় তেনেহ'লে এনেধৰণৰ কিতাপ প্ৰাথমিক স্তৰত বহুত সহায়ক হ'ব | এই দায়িত্বশীল কামটো কৰা কাৰণে পাৰ্থজিৎ বৰুৱা আমাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ আৰু অভিনন্দনৰ পাত্ৰ | তেখেতে ইয়াৰ আগতেও 'চলচ্চিত্ৰ তৰংগ' বুলি এখন কিতাপ ৰচনা কৰিছিল | চিনেমাৰ বিভিন্ন ধাৰাৰ বিষয়ে সেইখন আছিল প্ৰথম অসমীয়া কিতাপ | চিনেমাৰ তৰংগ আৰু ধাৰা- এই দুয়োটি দিশৰ প্ৰাথমিক কথাৰ কিতাপ ৰচনা কৰি চলচ্চিত্ৰ সাহিত্যৰ ধাৰাটিক সবল আৰু দায়িত্বশীল কৰাত সহযোগ কৰাৰ কাৰণে পাৰ্থজিৎ বৰুৱাৰ নাম সদায় উল্লেখ হৈ থাকিব |

কিতাপখনৰ কাৰণে শ্ৰীবৰুৱাক প্ৰশংসা কৰাৰ পিছতো দুটা সৰু কথা ক'ব ইচ্ছা কৰিছোঁ | প্ৰথমটো হ'ল তেখেতৰ অসমীয়াখিনি আৰু অধিক সাৱলীল আৰু শুৱলা হ'ব পাৰিলেহেঁতেন | বহু ক্ষেত্ৰত দীঘল বাক্যৰ অৰ্থ উদ্ধাৰ কৰা অলপ কষ্টকৰ হৈ পৰিছে | দ্বিতীয়তে চিনেমাৰ কিতাপ- কিছু ছবি থাকিলে কিতাপখন অধিক আকৰ্ষণীয় হলহেঁতেন | তেখেতৰ এগৰাকী শুভাকাংক্ষী আৰু গুণমুগ্ধ হিচাপে কওঁ _ পৰৱৰ্তী কিতাপ ৰচনাৰ সময়ত তেখেতে অসমীয়া ভাষা আৰু তাৰ প্ৰকাশভংগীৰ দিশটো অলপ মনোযোগেৰে বিবেচনা কৰিব |

Saturday, May 16, 2026

A memorable classical concert

 


As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-sarod duo, Kedia Bandhu. The artistes performed Raga Chandranandan, a rare and deeply meditative raga created by Ali Akbar Khan. As disciples of both Ustad Ali Akbar Khan and Annapurna Devi, the Kedia Bandhu brought remarkable depth, sensitivity, and aesthetic refinement to their presentation.

As a former member of this station, I felt deeply proud to witness such a meaningful and artistically enriching concert. On the occasion of Annapurna Devi's birth centenary, it would be wonderful if Akashvani Ranchi could also present a conversation with Kedia Bandhu reflecting on their association with the legendary guru. Such an initiative, shared through social media platforms, would certainly reach and inspire music lovers across the world.

I warmly congratulate the entire team of Akashvani Ranchi for organising a concert of such dignity and cultural significance, one that truly enhances the station's artistic stature.

Wednesday, May 13, 2026

আনন্দদায়ক আৰু পৰীক্ষামূলক অধ্যয়ন

অনাতাঁৰ অনুষ্ঠান  শুনা  আৰু কিতাপ পঢ়াৰ মাজত এটা মিল আছে | কিতাপত থাকে শব্দ, সেই শব্দই পাঠকৰ মনত বিভিন্ন ধৰণৰ আৱেগ অনুভূতিৰ সৃষ্টি কৰে |  ঠিক তেনেদৰেই তাৰ অনুষ্ঠানেও শব্দৰ যোগে পাঠকৰ মনত একোখন ছবি অংকন কৰে | সাহিত্যত ভাৱ অনুভূতি বক্তব্য প্ৰকাশৰ কাৰণে শব্দই যিদৰে দায়িত্ব পালন কৰে ঠিক তেনে এটা কাম অনাতাঁৰ অনুষ্ঠানতো পালিত হয় |  শব্দবিলাক উৎসৰ পৰা মগজু আৰু হৃদয়লৈ লৈ যোৱা বাহন- এঠাইত চকু এঠাইত কাণ | ইয়াৰ বাহিৰে এই দুটা মাধ্যমৰ বিশেষ পাৰ্থক্য দেখা নাযায় |   

এই কথাখিনি মনলৈ আহিছে ডক্তৰ  দীনেশ চন্দ্ৰ গোস্বামীৰ অনাতাঁৰ নাটকৰ সংকলন এটি হাতত লোৱাৰ পিছত | নাটক এখন শুনি  শ্ৰোতাই যিমান আনন্দ অনুভৱ কৰে তাৰ তুলনাত সেই নাটকখন পঢ়িবলৈ সিমান আগ্ৰহ প্ৰকাশ নকৰে | ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু ? গল্প বা উপন্যাস বা কবিতা বা প্ৰবন্ধ এইবোৰৰ লেখা এটা ধৰণ থাকে -লেখা মানে কাগজত লেখি উলিওৱা | সেই ধৰণৰ পাঠৰ লগত আমাৰ পাঠকসকল অভ্যস্ত | কিন্তু নাটক এখনৰ লেখা ধৰণটো পৃথক | তাত সংলাপখিনি অধিক স্পষ্ট হোৱাকৈ বেলেগ বেলেগকৈ লিখা হয় আৰু যিখিনি পৰিচালকৰ কাৰণে নিৰ্দেশনা বা অনাতাঁৰ নাটকত শব্দৰ কাৰণে বাখ্যা থাকে সেইখিনি বেলেগ ধৰণে লেখা হয় | গতিকে গল্প বা উপন্যাস বা প্ৰবন্ধ পঢ়াৰ ক্ষেত্ৰত যি এটা সাৱলীল গতি অনুভৱ কৰা যায়, নাটক এখন ছপা আখৰত পঢ়াৰ ক্ষেত্ৰত  সেই সাৱলীলতা অনুভৱ কৰিব নোৱাৰি | গল্প-উপন্যাস লেখাৰ ক্ষেত্ৰত যেনেদৰে পঢ়াৰ কথাটো মনোযোগ দিয়া হয় নাটকৰ ক্ষেত্ৰতো মঞ্চস্থ কৰা বা অনাতাঁৰ প্ৰযোজনা কৰা দিশটোৰ প্ৰতি অধিক মনোযোগ দিয়া হয় | নাটক মূলতঃ অভিনয়ৰ কাৰণে- মঞ্চই হওক বা অনাতাৰেই হওক | গতিকে লেখা সময়ত নাট্যকাৰে সেই কথাটোৰ প্ৰতি বেছি গুৰুত্ব দিয়া স্বাভাৱিক | 

কিন্তু একেখন নাটক যেতিয়া পঢ়াৰ কাৰণে ছপাই উলিওৱা হয়, তেতিয়া পাঠকৰ পঠন সুবিধা আৰু গতিৰ সাৱলীলতা ৰক্ষা কৰাৰ কথা ভাবিব পাৰি | অতি ব্যক্তিগত হ'লেও এইখিনিতেই এটাই কথা ক'ব বিচাৰিছোঁ গিৰীশ কাৰ্ণাডৰ 'টোগলক' আৰু 'নাগমণ্ডল' নাট দুখন মই অনুবাদ কৰিছিলোঁ | অসম   প্ৰকাশন পৰিষদে নাটক দুখন প্ৰকাশ কৰিছিল | সেই নাটক দুখন মুদ্ৰণৰ সময়ত সংলাপৰ মাজত থকা বৰ্ণনাখিনি পাঠকৰ পঠন সুবিধাৰ কথা মনত ৰাখি সজাই লৈছিলোঁ | গিৰীশ কাৰ্ণাড ডাঙৰীয়ায়ো সেই সাল-সলনিখিনি ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল |

এতিয়া পুনৰ দীনেশ চন্দ্ৰ গোস্বামীৰ সংকলনখনৰ কথালৈ আহোঁ | অসম বুক হাইভে প্ৰকাশ কৰা  এই সংকলনটিত একৈশখন নাটক সন্নিৱিষ্ট কৰা হৈছে | আটাইকেইখন নাটকেই বিজ্ঞান ভিত্তিক নাটক | এই দিশৰ পৰা সংকলনটি বিশেষ গুৰুত্বপূৰ্ণ | বিজ্ঞানভিত্তিক অনাতাঁৰ নাটক ৰচনাৰ দিশৰ পৰা দীনেশ চন্দ্ৰ গোস্বামী এটা জনপ্ৰিয় নাম | তেখেতৰ অৱদানক শ্ৰোতাই গৌৰৱেৰে স্বীকাৰ কৰে | কিন্তু দুখৰ কথা তেখেতক কোনেও নাট্যাকাৰ বুলি স্বীকৃতি দিয়া শুনা নাই | কিতাপখনৰ পাতনিত তেখেতে লিখিছে - 'গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা বচা বচা অনাতাঁৰ নাটকৰ এক বৃহৎ সংকলন 'অনাতাঁৰ নাট্যাবলী' বিশিষ্ট নাট্যাকাৰ অৰুণ শৰ্মাৰ সম্পাদনাত দুটা খণ্ডত প্ৰকাশ পাইছে | বেজাৰৰ কথা যে তাত মাত্ৰ এখনহে কল্পবিজ্ঞান নাটৰ অন্তৰ্ভুক্ত হৈছে | মোৰ নাটক সেই বাছনিত নুঠাটো (যোগ্যতাৰ তুলাচনীত নুঠিল বুলিও ভাবিব পাৰি )স্থানাভাৱৰ বাবে বুলি মই নিজকে সান্ত্বনা দিছো | 

নাটক পঢ়ি ভালপোৱা পাঠকসকলৰ কাৰণেই এই সংকলনটো অতি আনন্দদায়ক হ'ব |  কেৱল কাহিনী পঢ়ি ভাল পোৱাসকলেও এই সংকলনটি এটা পৰীক্ষামূলক অধ্যয়ন বুলি পঢ়ি চাব পাৰে, মোৰ বিশ্বাস তেখেতসকল হতাশ নহ'ব |      

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...