Friday, May 8, 2026

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন | তেখেতলৈ জন্মদিনৰ ওলগ জনালোঁ | 

নন্দকিশোৰ মহেশ্বৰী ডাঙৰীয়াক প্ৰথম দেখিছিলোঁ আলোচনী প্ৰকাশিত এখন চিনেমাৰ স্থিৰ চিত্ৰ এখনত | দলং এখনৰ ওপৰত থিয় হৈ চাইকেলত ভেজা দি অভিনেত্ৰী এগৰাকীৰ লগত কথা পাতি আছিল, চিনেমাখনৰ নাম আছিল পলাশৰ ৰং | তেখেতে পিন্ধা বেলবটম ষ্টাইলৰ পেণ্ট, কঁকালৰ মোটা বেল্ট আৰু অলপ বেলেগ ধৰণৰ মোচকোচা- এতিয়াও চকুৰ আগত ভাহি আছে |

বহুত বছৰ পিছত আকাশবাণী ডিব্ৰুগড়ৰ পৰা লখিমপুৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান বাণীবন্ধন কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ | মনত আছে তেখেতৰ ছোৱালীয়ে এটা পৰীক্ষাত ভাল নম্বৰ পাইছিল |  তেখেতৰ ঘৰত চাহ খাইছিলোঁ, বিশেষ ধৰণৰ মিঠাই কেইটা এতিয়াও মনত আছে |

এবাৰ অসমীয়া চিনেমাৰ বিষয়ে লেখা কিতাপৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিলোঁ | তাত নন্দকিশোৰ মহেশ্বৰীডাঙৰীয়াৰ এখন কিতাপৰ কথা উল্লেখ আছিল | মই জনা নাছিলোঁ যে তেখেতৰ কিতাপ দুখন | লেখাটো বিস্ময়ত প্ৰকাশ পাইছিল |তেখেতে বিস্ময়ৰ ঠিকনাত দুয়োখন কিতাপৰ একোটাকৈ কপি মোলৈ পঠিয়াই দিছিল | 



অসমীয়া চলচ্চিত্ৰ সাহিত্যৰ বিষয়ে লেখা মেলা কৰোঁতে বহুতে এই কিতাপ দুখনৰ কথা পাহৰি যায় | অসমীয়া ভাষাত  চিনেমাৰ বিষয়ে কিতাপ প্ৰকাশ কৰাটো যেতিয়া এটা আচৰিত ধৰণৰ কথা আছিল,  তেতিয়াই মহেশ্বৰী ডাঙৰীয়াই প্ৰথমখন কিতাপ প্ৰকাশ কৰিছিল | ক্ৰাউন আকাৰত ছপোৱা এই কিতাপখন বহুত সুন্দৰ আলোকচিত্ৰৰে ভৰি আছিল | আলোকচিত্ৰবিলাক আছিল মূলতঃ শ্বট বিলাকৰ ব্যাখ্যা কৰিবৰ কাৰণে | সেই আলোকচিত্ৰত থকা নায়ক আৰু নায়িকাগৰাকী আছিল আজিৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী  আৰু প্ৰদীপ পূজাৰী | 

পৰ্ট্ৰেইটখন লখিমপুৰৰ সাংবাদিক শৈলেন বৰুৱাই 'ফেচবুক'ত আপলোড কৰা ফটো এখনৰ পৰা আঁকি লোৱা হৈছে | বাকী ফটোখনো তেখেতৰ পৰাই পোৱা |  





সময় প্ৰৱাহত জীৱনৰ গতি


অসমৰ বিদ্যায়তনিক জগতৰ এগৰাকী ল' প্ৰফাইল পণ্ডিত ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী | গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হোৱাৰ লগে লগেই তেখেতৰ নামটো সংবাদ মাধ্যমত জিলিকি উঠিছিল,  কাৰণ আছিল চাকৰিত যোগ দিবলৈ যোৱাৰ দিনাই তেখেত এটা অপ্ৰীতিকৰ ঘটনাৰ মুখামুখি হৈছিল | তেখেতে কৈছিল 'মোৰ কাৰ্যকালৰ প্রথম দিনটোত লোৱা এই পদক্ষেপ মোৰ বাবে এক গার্ড অৱ ডিছঅনাৰ |' 
অতি শান্তশিষ্ট আৰু স্বল্পবাক ব্যক্তিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ বহু বিশৃংখল অৱস্থাক শৃংখলিত কৰি তুলিছিল | তেখেতৰ আত্মজীৱনী 'সময় প্ৰৱাহত জীৱনৰ গতি |'  এই কিতাপখন পঢ়িলে আমি এইগৰাকী পণ্ডিত প্ৰশাসকৰ জীৱনৰ সৰু ডাঙৰ বহুতো ঘটনাৰ কথা জানিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ |

Tuesday, May 5, 2026

বাদল চক্ৰৱৰ্তীৰ লেখা এক মননশীল পাঠ

বাদল চক্ৰৱৰ্তীৰ গল্প বা উপন্যাস কেৱল একো একোটা ঘটনা নহয় এইবোৰ হ'ল মানুহ আৰু সমাজৰ গভীৰ অনুসন্ধান | অনন্য  সাৱলীল কথন আৰু সামাজিক সচেতনতা তেওঁৰ লেখাৰ মূল বৈশিষ্ট্য | কবিতাৰ কোমলতা আৰু যুক্তিৰ তীক্ষ্ণতা একেলগে মিলি তেওঁৰ গল্প আৰু উপন্যাসক বৌদ্ধিকভাৱে দৃঢ় আৰু মানৱিকভাৱে সংবেদনশীল কৰি তোলে | তেওঁৰ কলমত ডিটেক্টিভ কাহিনী কবিতালৈ ৰূপান্তৰিত হয় আৰু সামাজিক বিষয়সমূহ মানৱ জীৱনৰ নীৰৱ দলিল হৈ উঠে  | আবেগৰ আতিশয্য বা ভাষণ ধৰ্মী প্ৰকাশৰ পৰা বহু দূৰৰ এই কাহিনীবোৰে জীৱনৰ নৈতিকতা আৰু মানৱিক মূল্যবোধৰ সূক্ষ্ম ছবি অংকন কৰে | 

সৌন্দৰ্য আৰু বিবেকৰ যুগপৎ অভিব্যক্তিক সাহিত্যৰ বিশেষ গুণ বুলি বিশ্বাস কৰা পাঠকৰ বাবে বাদল চক্ৰৱৰ্তীৰ লেখা এক মননশীল পাঠ | তেওঁৰ দুখন কিতাপ -  'অস্ত ৰবিৰ দুখ' আৰু 'পুৱতিত পখীৰ গীত' | এখনত সংকলিত হৈছে ৰহস্যধৰ্মী গল্প-উপন্যাস আৰু আনখনত সামাজিক বিষয়ৰ গল্প | সঞ্জীৱ বৰাৰ সুন্দৰ বেটুপাতেৰে কিতাপ দুখন প্ৰকাশ কৰি উলিয়াইছে অসম বুক হাইভে | 

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ওচৰৰ 'ফতেহপুৰচিক্ৰী'ত বাদল চক্ৰৱৰ্ত্তী কেইবাদিনো থাকিবলগীয়া হৈছিল | তাৰ পটভূমিতেই তেওঁ ৰচনা কৰিছিল ৰহস্য উপন্যাস 'শেষ পাণ্ডুলিপি' | কাশ্মীৰৰ পটভূমিত তেওঁ ৰচনা কৰিছিল  ' ৰাতিৰ পিয়াসী ৰজনীগন্ধা' |  তেওঁ ৰচনা কৰা 'অস্ত ৰবিৰ দুখ' অসমীয়া সাহিত্যত প্ৰথম ক্ৰীড়া ভিত্তিক উপন্যাস | 

এই কিতাপ দুখনেই  বাদল চক্ৰৱৰ্ত্তীক অসমীয়া সাহিত্যত এখন আসন স্থায়ী প্ৰদান কৰিব |

Monday, May 4, 2026

আজি পুণ্য দাসৰ স্মৃতি দিৱস

এই ছবিখন ডিজিটেলি পুনৰুদ্ধাৰ কৰা হৈছে | ছবিখন তাৰাচন্দ বৰজাত্য প্ৰযোজিত 'মুক্তি' ছবিৰ এটি দৃশ্য | অভিনেতা দুগৰাকী হ'ল ধৰ্মেন্দ্ৰ আৰু পুণ্য দাস | পুণ্য দাস অসমৰ শিল্পী | পুণেৰ ফিল্ম ইনষ্টিটিউট-ত তেওঁ অভিনয় শিকিছিল | মৃণাল সেনৰ  'ভুৱন সোম' ছবিত অভিনয় কৰিছিল | পৰবৰ্তী কালত নিজেই লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত মুক্তি নামৰ ছবি এখনৰ কাম আগবঢ়াইছিল | এটা সময়ত তেওঁ অভিনয় বা ৰূপালী পৰ্দাৰ কাম বাদ দি গ্ৰন্থ ব্যৱসায়ত নামিছিল | শিৱসাগৰত আৰম্ভ কৰিছিল বিশ্বকোষ নামৰ এখন গ্ৰন্থবিপণী | 

ত্ৰিশ বছৰৰ আগতে, সেই বিশ্বকোষত তেখেতক লগ পাইছিলোঁ, অলপ সময়ৰ কাৰণে | ছবিৰ বিষয়ে কথা পাতিবলৈ তেখেতে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল | সেয়া আছিল খুব কম সময়ৰ সাধাৰণ কথা বতৰা | কিন্তু সেইখিনি সময়তেই তেখেতৰ  মনৰ ভিতৰত থকা কষ্ট আৰু যন্ত্ৰণাৰ উমান পাইছিলোঁ | নীপ বৰুৱাৰ 'এন্থনী মোৰ নাম' ছবিত তেখেতে অভিনয় কৰিছিল আৰু সম্ভৱতঃ অসমীয়া ছবিত সেয়াই আহিছিল শেষ অভিনয় | 

আজি তেখেতৰ স্মৃতি দিৱস | তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ | 

Saturday, May 2, 2026

ভূপালত 'বহুবৃত্ত'

আজিৰে পৰা ভূপালত আৰম্ভ হৈছে চলচ্চিত্ৰ আৰু সাহিত্যৰ এটা বিশেষত্বপূৰ্ণ উৎসৱ চিনেকাৰী | ভূপালৰ তৰুণ প্ৰজন্মৰ কবি আৰু চলচ্চিত্ৰ পৰিচালক সুদীপ চোহনীয়ে আৰম্ভ কৰা এই উৎসৱৰ এয়া অষ্টম বৰ্ষ | ২ আৰু ৩ মে- এই দুদিন এই উৎসৱেৰে ভূপাল চহৰ আলোকিত হৈ থাকিব | ইয়াত থাকিব ছয়গৰাকী কবিৰ কবিতাপাঠ, আলোচনা ইত্যাদি আৰু আঠখন বিভিন্ন দৈৰ্ঘৰ চুটিছবি | লগতে থাকিব সেই ছবিৰ পৰিচালকসকলৰ লগত হোৱা কথোপকথন |

এই চলচ্চিত্ৰ প্ৰদৰ্শনৰ কাৰণে বিশেষভাৱে আমন্ত্ৰিত হৈছে "বহুবৃত্ত" | ২০১৮ চনতে স্বপ্না দত্ত ডেকাৰ কবিতাৰ পৰা নিৰ্মাণ কৰা এই ছবিখন প্ৰথমে গুৱাহাটীত অনুষ্ঠিত হোৱা চুটি ছবিৰ আন্তৰ্জাতিক মহোৎসৱত আৰু তাৰ পাচত ইণ্ডিয়ান পেন'ৰামাত প্ৰদৰ্শিত হৈছিল | তাৰপিছত ভাৰতৰ আৰু বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল |

ভাৰতৰ প্ৰখ্যাত শব্দযন্ত্ৰী অমৃত প্ৰীতমে এই ছবিৰেই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল | ভাৰতৰ এগৰাকী প্ৰখ্যাত চিত্ৰ সম্পাদক অসীম চিনহাই ছবিখন সম্পাদনা কৰিছিল | তেখেতে সম্পাদনা কৰা এইখনেই প্ৰথম অসমীয়া ছবি | এই ছবিখন তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল | আঠ বছৰ আগতে নিৰ্মাণ কৰা এই ছবিখনে আজিও বিভিন্ন ৰসিকক বিভিন্ন ধৰণে আমোদ দি আছে উৎসাহিত কৰি আছে -ছবি এখনৰ বাবে এয়াই ডাঙৰ প্ৰাপ্তি |

Friday, May 1, 2026

কুবেৰ নাথ ৰায় - সাাহিত্য, সমাজ আৰু দায়বদ্ধতা

মূল- অনন্ত বিজয় | অনুবাদ- উৎপল দত্ত

[অনুবাদকৰ টোকা- নলবাৰী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল তেখেত ৷ শুভ্ৰ ধুতি-পাঞ্জাবী, কলা ৰঙৰ জোতা, গহীন চাল-চলন আৰু সৌম্য উপস্থিতি ৷ নলবাৰী কলেজৰ হোষ্টেলৰ এটি কোঠাত তেখেতে বাস কৰিছিল, অধ্যাপনা কৰিছিল আৰু বাকী সময়খিনি সাহিত্যৰ সাধনা কৰিছিল ৷ নব্বৈ দশকৰ মাজভাগত তেখেতে নলবাৰী কলেজ এৰি গুচি যায় আৰু উত্তৰ প্ৰদেশৰ স্বামী সহজানন্দ সৰস্বতী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰে ৷ নলবাৰী কলেজত থকা সময়ত আমি তেখেতক এগৰাকী দায়িত্বশীল অধ্যাপক হিচাপেই পাইছিলোঁ, তেখেতৰ সাহিত্য প্ৰতিভাৰ কোনো আভাষ পোৱা নাছিলোঁ ৷ হিন্দী সাহিত্য জগতৰ কিছু ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পাচতহে তেখেতৰ বিস্তৃত প্ৰতিভা আৰু প্ৰভাবৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছিলোঁ ৷ ভাৰতৰ হিন্দী বলয়ৰ বিভিন্ন মহাবিদ্যালয় আৰু অন্য বিদ্যায়তনিক প্ৰতিষ্ঠানত তেখেতৰ সাহিত্য কৃতিৰ আলোচনা এটা নিয়মিত ঘটনা ৷ ভাৰত চৰকাৰৰ ডাক-বিভাগে তেখেতৰ ছবি সম্বলিত এটি ডাকটিকট প্ৰকাশ কৰিছিল ৷ তেখেতৰ গুৰুত্ব বুজাবলৈ এই ডাক-টিকটটিয়েই যথেষ্ঠ ৷ অলপতে তেখেতৰ বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ পাইছে প্ৰখ্যাত হিন্দী বাতৰি কাকত দৈনিক জাগৰণত ৷ সেই প্ৰবন্ধটিৰ অনুবাদেৰেই শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ | ] 

মূল প্ৰবন্ধটিৰ শিৰোণামা  মুছলিম অনুপ্ৰৱেশ আৰু হিন্দী সাহিত্য

কেইদিনমানৰ আগতে অসম বিধানসভাৰ নিৰ্বাচন সম্পুৰ্ণ হৈছে ৷ বংগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে ৷ ইয়াৰ আগতে বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই তিনিখন বিধানসভা নিৰ্বাচনৰ সময়ত ‘অনুপ্ৰৱেশকাৰী’ শব্দটোক লৈ ব্যাপক ৰাজনীতি হৈ গৈছে ৷ বংগত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ ঘোষণাৰ পাছৰেপৰাই ৰাজনৈতিক দলসমূহৰ মাজত বাংলাদেশী মুছলিম অনুপ্ৰৱেশকাৰীক লৈ বিবৃতিৰ ধুমুহা বৈছিল ৷ বাংলাদেশী মুছলিম অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইছ্যু কৰি তুলিছে ৷ মমতা বেনাৰ্জীয়েও নিজৰ ভাষণত অনুপ্ৰৱেশকাৰীৰ বিষয়টোৰে কেন্দ্ৰ চৰকাৰক প্ৰত্যাহ্বান জনাই আহিছে ৷ অসমত বিশেষ পুনৰীক্ষণৰ আগতো আৰু পাছতো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়টো নিৰ্বাচনী মঞ্চত উষ্ণ আলোচনাৰ বিষয় হৈ আহিছে৷ বংগ আৰু অসমৰ পৰা এনেধৰণৰ বাতৰি আহিয়েই থাকে ৷ এই বাতৰিবোৰ পঢ়াৰ পাছত মনত প্ৰশ্ন উদয় হ’ল — অনুপ্ৰৱেশকাৰীৰ এই সমস্যাটো হিন্দী সাহিত্যই কেনেদৰে নিজৰ ৰচনাবোৰৰ মাজেৰে ধৰি ৰাখিছে ?

মনলৈ প্ৰথমেই অহা নামটো হ’ল  কুবেৰনাথ ৰায় ৷ কুবেৰনাথ ৰায়ে অসমত শিক্ষকতা কৰি থকা সময়ত দেশ-বিদেশৰ বিভিন্ন বিষয়ত আলোকপাত কৰি লিখিছিল ৷ ১৯৬০-৭০১ দশকত নক্সালপন্থীসকল আৰু তেওঁলোকৰ সমৰ্থকসকলৰ ওপৰত তেখেতে কলম চলাইছিল ৷ তেখেতে ভাৰতীয় পৌৰাণিক প্ৰতীকসমূহ নিজৰ ৰচনাত ব্যৱহাৰ কৰিছিল আৰু সেই ৰচনাবোৰে পাঠক সমাজৰ পৰা আদৰ লাভ কৰিছিল ৷  তেখেতৰ প্ৰবন্ধ সংকলনসমূহ পুনৰ মেলি ললোঁ৷ ভাৰতীয় জ্ঞানপীঠৰ দ্বাৰা প্ৰকাশিত কুবেৰনাথ ৰায়ৰ এখন প্ৰবন্ধ সংকলন হ’ল ‘গন্ধমাদন’৷ এই সংকলনত ‘কজৰীবনত জীৱহংস’ নামৰ এটি প্ৰবন্ধ আছে৷ প্ৰথম শাৰীটোৰ পৰা অনুমান কৰিব পাৰি যে এই প্ৰবন্ধটো লিখা হৈছিল ১৯৬৯ চনত৷ তেখেতে লিখিছে — ‘উনৈশ শ সত্তৰৰ যুৱ বসন্ত এতিয়াও অলপ দূৰত, কিন্তু তাৰ নক্সালপন্থী লৌহ মৃদংগৰ টংকাৰ শুনি উনসত্তৰৰ এই জৰাজীৰ্ণ, পাণ্ডুৰ বৃদ্ধ হেমন্ত আৰু বেচি শীতল হৈ পৰিল৷’ 

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়তো তেখেতে কলম তুলি লৈছিল৷  তেখেতে  এটা প্ৰবন্ধত সেই বিষয়ত অতি যুক্তিপূৰ্ণ বৰ্ণনা দাঙি ধৰিছে৷ কেনেদৰে বাংলাদেশী মুছলমানসকল অসমত সোমাই পৰে আৰু তাৰ পাছত কৃষিকামৰ নামত স্থায়ী ঘাটি পাতি লয় — সেই বিষয়টোও তেখেতে স্পষ্ট কৰি দিছে৷ ‘কজৰীবনত জীৱহংস’ প্ৰবন্ধত ৰায়ে লিখিছে — ‘অসমলৈ কেইবা লাখো অনুপ্ৰৱেশকাৰী আহি পৰিছে, তাৰ ভিতৰত সংখ্যাগৰিষ্ঠই এই যাযাবৰ মুছলমান কৃষক৷ এওঁলোকে ভুৱা নামত বা কোনো স্থানীয় মুছলমানৰ নামত চৰকাৰী দ৫১১ পৰা মাটিৰ বন্দোবস্ত কৰি লয় আৰু কেতিয়াবা এনেয়ে দখল কৰি মৰাপাট, ধান, আলু আৰু সৰিয়হ আদিৰ খেতি কৰিবলৈ লয়৷ নতুন মাটিৰ গুণত শস্য উৎপাদনো বৰ চকুত লগা হয়þ৷ অসমৰ মন্ত্ৰীসভা আৰু সুৰক্ষা বিভাগ কঠোৰ হোৱাৰ পাছত এওঁলোকে লাহে লাহে ইয়াৰেই বাসিন্দা হৈ পৰে আৰু কেতিয়াবা এটা ৰাজনৈতিক দলৰ, কেতিয়াবা আন এটা দলৰ সহায়ত ভোটাৰ তালিকাত নামো উঠাই লয়৷’

এতিয়া যদি আমি কুবেৰনাথ ৰায়ে ১৯৬৯ চনত লিখা এই কথাখিনি মনোযোগেৰে চাওঁ, তেন্তে স্পষ্ট হৈ পৰে যে ৰাজনৈতিক দলসমূহৰ সহায়ত বাংলাদেশী মুছলমানসকলে ভাৰতৰ ভোটাৰ তালিকাত নিজৰ নাম সুমুৱাই লোৱাত সফল হৈ আহিছে৷ কুবেৰনাথ ৰায়ে ভোটাৰ তালিকাত  নাম তোলা প্ৰসংগতে নাথাকি, এই বিষয়টোক ৰাজনৈতিক সিদ্ধান্তৰ কষটি শিলতো ঘঁহি চাইছে৷ তেখেতে আৰু লিখিছে — ‘ভাৰতীয় কমিউনিষ্টসকলৰ ধাৰণা যে কমিউনিজমৰ প্ৰধান শত্ৰু হৈছে হিন্দুত্ব, সেয়েহে ভৱিষ্যতৰ যুদ্ধত মুছলমানসকল বৰ কামৰ সামগ্ৰী হ’ব৷ আনহাতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ মত হ’ল যে কমিউনিজমৰ বিৰুদ্ধে মোৰ্চা তেতিয়াহে জয় কৰিব পৰা যাব যেতিয়া মুছলমান হাতত থাকিব — হিন্দুসকল তো বাওঁপন্থী হৈ গৈছে৷ কিন্তু সাধাৰণ মুছলমানে কোনো প্ৰতিবদ্ধকতাৰ সৃষ্টি নকৰে৷ তেওঁলোকে নিজৰ লাভ-লোকচানহে চায় আৰু সম্প্ৰদায়ৰ কথাও অলপ চিন্ততা কৰে,  ইয়াৰ বাহিৰে আৰু একো নহয়৷ যি কি নহওক, এই যাযাবৰ মুছলমানসকল অতি পৰিশ্ৰমী৷ বিশেষকৈ এওঁলোকৰ মহিলাসকলে বৰ কষ্ট কৰে৷ এজন মুছলমানে তিনি-চাৰিবাৰ বিয়া কৰায়, আৰামেৰে তামোল-পান খায়, কেশচৰ্চা কৰে আৰু  নতুন পত্নীৰ লগত থাকে,   বাকীসকলে প্ৰাচীন কালৰ দাসীৰ নিচিনা কাম কৰা আৰু খোৱা-বোৱাৰ কামতে ব্যস্ত হৈ থাকিব লাগে৷... ফাতিমাৰ বায়েকৰ স্বামীও এনে এটা যাযাবৰ পৰিয়ালৰ পৰা আহিছে যিটো পৰিয়াল এতিয়া এই নদীৰ পাৰত দহ-বাৰ বছৰৰ পৰা খোপনি পুতি  আছে, ঘৰ-দুৱাৰ বান্ধি স্থায়ী বাসিন্দা হৈ গৈছে৷’

কুবেৰনাথ ৰায় শব্দ নিৰ্বাচনত অতি সচেতন লেখক হিচাপে পৰিচিত৷ তেখেতৰ উপৰোক্ত মন্তব্যৰ পৰা স্পষ্ট হয় যে কেনেদৰে বাংলাদেশী মুছলমানসকল অসমলৈ আহে আৰু ৰাজনৈতিক দলসমূহৰ সহায়ত ভোটাৰ তালিকাত স্থান দখল কৰি লয়৷ ৰাজনৈতিক দলসমূহে বাংলাদেশী মুছলমানসকলক নিজৰ মতাদৰ্শ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ তেখেতে ইয়াকো স্পষ্ট কৰে যে মুছলমানসকলে কোনো মতাদৰ্শগত প্ৰতিবন্ধকতাক গুৰুত্ব নিদিয়ে, বৰঞ্চ ব্যক্তিগত স্বাৰ্থকহে প্ৰাধান্য দিয়ে৷ কুবেৰনাথ ৰায়ৰ এই প্ৰবন্ধটো সাহিত্যিক সুৰৰ হ’লেও, ইয়াত তেখেতে বাংলাদেশী মুছলমানৰ অসমত অনুপ্ৰৱেশ, তেওঁলোকৰ জীৱনশৈলী আৰু স্থায়ী বাসিন্দা হোৱাৰ পদ্ধতিসমূহ যি ধৰণে উন্মোচন কৰিছে সেয়া অতি যথাযথ ভাব হয়৷ বাওঁপন্থীসকলৰ ৰাজনীতিক কুবেৰনাথ ৰায় ১৯৬৯ চনতেই প্ৰহাৰ কৰিছিল, যি সময়ত নক্সালপন্থীসকলক লৈ শিক্ষা-বুদ্ধিজীৱী মহলত এটা ৰোমািKI×ক মোহ পৰিলক্ষিত হৈছিল৷ এইটো আকস্মিক নহয় যে বাওঁপন্থী ইকোচিস্টেমে বৰ চতুৰতাৰে কুবেৰনাথ ৰায়ৰ দৰে ভাৰতীয় পৰম্পৰা আৰু পৌৰাণিক গ্ৰন্থৰ প্ৰতীক লৈ সমসাময়িক পৰিস্থিতিত লিখা লেখকক চুকলৈ ঠেলি দিয়াৰ এটা কুটিল খেল খেলিছিল৷ যি কি নহওক, সেই প্ৰসংগ এই ৰচনাৰ বিষয় নহয়৷

উল্লিখিত প্ৰবন্ধত কুবেৰনাথ ৰায়ৰ আৰু এটি বাক্যই মনোযোগ আকৰ্ষণ কৰে৷ তেখেতে লিখিছে — ‘ময়মনসিং বাংলাদেশৰ এখন জিলা৷ এই ময়মনসিঙীয়া মুছলমানসকলে য’তে ভাল মাটি পায়, তাতেই খেতি কৰিবলৈ লাগি যায়৷ আইনীভাৱে বা বেআইনীভাৱে দখল কৰি  মালিকহীন মাটিত এটা জনবসতি গঢ়ি তোলে৷’ এই প্ৰবন্ধত তেখেতে বুজাইছে যে কেনেদৰে অসমৰ নদীসমূহে পথ সলনি কৰে আৰু বানপানীৰ পৰা ওলাই অহা মাটিত ময়মনসিঙীয়া মুছলমানসকলে কেনেদৰে দখল স্থাপন কৰে৷ সাহিত্যত অনুপ্ৰৱেশৰ এই সমাজতাত্ত্বিক বিশ্লেষণ এক বিৰল দলিল৷

আজি ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ চলি আছে৷ অনুপ্ৰৱেশকাৰীসকলক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহক অটল যেন দেখা যায়৷ অসমতো বিধানসভা নিৰ্বাচনত এই বিষয়টো মুখ্য ইছ্যু হৈছিল, তাৰ আঁৰত কেৱল ৰাজনীতি নহয়, দেশৰ ভোটাৰ তালিকাক শুদ্ধ কৰাৰ প্ৰয়াসকেই দেখা যায়৷ কোৱা হয় যে সাহিত্যই নিজৰ সময়কো লিপিবদ্ধ কৰি যায় — কেতিয়াবা বাস্তৱৰ চিত্ৰণ হিচাপে, কেতিয়াবা কল্পনাৰ ৰং সানি৷ কুবেৰনাথ ৰায়ে তেখেতৰ ‘কজৰীবনত জীৱহংস’ প্ৰবন্ধত যাত্ৰা, প্ৰকৃতি আৰু সমাজৰ নামেৰে মুছলমানৰ ভাৰতত অনুপ্ৰৱেশৰ কৌশল আৰু ৰাজনৈতিক দলসমূহে ভোটাৰ তালিকা দূষিত কৰাৰ ষড়যন্ত্ৰ উন্মোচন কৰিছে৷ দেশখনে মুছলিম অনুপ্ৰৱেশৰ সমস্যা দীৰ্ঘ সময় ধৰি বহন কৰি আহিছে আৰু এতিয়া তাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তত গ্ৰহন কৰাৰ সময় আহি পৰিছে৷ 

[লেখক অনন্ত বিজয়  দৈনিক জাগৰণ কাকতৰ সহযোগী সম্পাদক] 

নিয়মীয়া বাৰ্তাৰ ত্ৰিশ এপ্ৰিল সংখ্যাত প্ৰকাশিত 


Wednesday, April 29, 2026

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই

বিমানবন্দৰৰ ভিতৰখন সেইদিনা অদ্ভুতভাৱে নিস্তব্ধ আছিল ৷ দিল্লীলৈ যোৱা ৰাতিপুৱাৰ ফ্লাইট ৷ চিকিউৰিটি চেক হৈ গৈছে ৷ এতিয়া কেৱল অপেক্ষা ৷ দীঘলকৈ পাতি থোৱা চকীবোৰৰ এখনত মই বহিছিলোঁ — আৰু  তেতিয়াই চকুত পৰিল- সম্মুখৰ আসনখনত এজন মানুহ বহি আছে ৷ ডাঙৰ বেগ এটা কাষৰ চকীখনত থৈছে ৷  চকীত আউজি মুখখন ওপৰলৈ তুলি থৈছে ৷  চকুযুৰি মুদা ৷ টোপনি যোৱা যেন লাগে ৷ সেই মুখখন মই চিনি পাইছিলোঁ ৷ ৰঘু ৰাই ৷

মনে মনে কলোঁ — মাত এষাৰ দিও, নমস্কাৰ এটা জনাই যাওঁ ৷

কৈশোৰৰ শেষৰ ফালে কেমেৰা হাতত লৈছিলোঁ ৷ আৰু তেতিয়াৰেই এই নামটো শুনিবলৈ আৰম্ভ কৰিছিলোঁ — ৰঘু ৰাই ৷ প্ৰথমবাৰ এই নাম আৰু কামৰ সতে চিনাকি হৈছিলোঁ-  উস্তাদ আমজাদ আলী খানৰ ‘দৰবাৰী’ ৰেকৰ্ডখনৰ ফটোখনৰ মাজেদি ৷ কলা-বগা ফটো ৷ পৃষ্ঠভাগত ৰাজস্থানৰ বিস্তৃত মৰুভূমি ৷ আৰু সন্মুখত এটি পুৰণি, দূৰ্গৰ মজিয়াত বহি ওষ্টাডজীয়ে চৰোদ বজাই আছে, সম্পূৰ্ণ আত্মবিভোৰ ভাব ৷  ৰাজস্থানী পোচাক পৰিহিত সাধাৰণ মানুহ কেইজনমানে অনন্ত কৌতুহলেৰে ওষ্টাডজীলৈ চাই আছে ৷ চাৰিওফালে কেৱল শূন্যতা ৷ কোনো নাটকীয়তা নাই, কোনো কৃত্ৰিমতা নাই ৷ তথাপিতো সেই ছবিখনে বুকুৰ কোনো এটা কোণ চুই যায় ৷ সেয়াই আছিল ৰঘু ৰাইৰ সৈতে মোৰ প্ৰথম চিনাকী ৷

পৰৱৰ্তী দিনবোৰত আলোকচিত্ৰৰ প্ৰতি আগ্ৰহ বাঢ়িল ৷ কেৱল তোলাই নহয়, চোৱাৰ প্ৰতিও আগ্ৰহ  বাঢ়িল ৷ আৰু ৰঘু ৰাইৰ ফটোবোৰ চাই চাই দুটা কথা বুজিবলৈ শিকিলোঁ ৷ প্ৰথমটো হ’ল — এটা সম্পূৰ্ণ ভাৰসাম্যপূৰ্ণ ফ্ৰেম ৷ আৰু দ্বিতীয়টো হ’ল — ফটোখনৰ ভিতৰত অনুভৱ কৰিব পৰা প্ৰাণস্পন্দন ৷

স্থিৰ এখন ফটোতো তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৷ সেই অসহায়ভাৱে চাই থকা মানুহগৰাকীৰ মুখৰ ফটোখন-  চকুত বিৰিঙি উঠা আকুতি, নিথৰ হৈ থকা দেহৰ ভিতৰৰ উত্তাল অনুভৱ — এইবোৰেই ছবিখনক জীৱন্ত কৰি তুলিছিল৷ সেই মানুহগৰাকী কেৱল এটা বিষয় নাছিল — তেওঁ জীৱন্ত আছিল ৷

আৰু ইন্দিৰা গান্ধীৰ সেই বিখ্যাত ফটোখন — চিতাৰ ওপৰত শুই থকা মুখখনৰ পিছফালে সূৰ্য অস্ত যাব ধৰিছে৷ প্ৰাণহীন দেহৰ ফটো ৷ কিন্তু সেই ফটোখন কেৱল মৃত্যুৰ দলিল নহয় — সেইখন এটা যুগৰ সমাপ্তিৰ সাক্ষ্য ৷ আমি যেন সেই মুহূৰ্তৰ ভূমিত উপস্থিত আছোঁ — ইন্দিৰা গান্ধীক ওচৰৰ পৰা চাই আছোঁ — এই অনুভৱ দিয়াৰ ক্ষমতা কেৱল ৰঘু ৰাইৰহে আছিল ৷

তেওঁৰ প্ৰতিখন ফটোৱেই আছিল একো একোটা মাষ্টাৰক্লাছ ৷

তেওঁ তোলা তাজমহলৰ ফটোবোৰ এখন কিতাপত সংকলিত হৈছে ৷ মই তাজমহল চাই অহাৰ পিছত সেই কিতাপখন দেখা পাইছিলোঁ ৷ কিতাপখন চাই উঠি মনে মনে কৈছিলোঁ — তাজমহলৰ যি মাৰ্বলে চকু ভৰাই ৰাখে, ৰঘু ৰাইৰ কেমেৰাই সেই মাৰ্বলৰ আত্মাটো ধৰিছে৷ সৌন্দৰ্যৰ উপাসক প্ৰতিগৰাকীয়ে সেই কিতাপখন এবাৰ হ’লেও চাব লাগে ৷

এতিয়া সেই মানুহজন মোৰ সম্মুখতেই বহি আছে ৷ ইমান বছৰে মোৰ ভিতৰত সোমাই থকা ফটোগ্ৰাফাৰজনক অনুপ্ৰাণিত কৰি অহা মানুহজন ৷ নমস্কাৰ জনাবলৈ মন গ’ল ৷ কিন্তু চকু মুদি আছে বাবে মাতিম নে নামাতিম — এই ভাবি ওচৰতেই থিয় হৈ ৰলোঁ ৷

হঠাৎ তেওঁ চকু মেলি চালে ৷

মই নমস্কাৰ জনালোঁ ৷ তেওঁ হাঁহিলে ৷ কাষৰ বেগটো মজিয়ালৈ নমাই মোক বহিবলৈ আমন্ত্ৰণ জনালে ৷

শ্বিলঙৰ পৰা আহিছিল তেওঁ — ৰাতিপুৱাৰ আগতেই যাত্ৰা কৰিছিল, গতিকে চকুত টোপনিৰ ভাব আছিলেই ৷ এটা সৰু কৈফিয়ৎ দিয়াৰ ঢঙেৰে হাঁহি হাঁহি কথাটো কৈছিল ৷ সেই হাঁহিতেই বুজিলোঁ — মানুহজন যিমান ডাঙৰ শিল্পী, সিমানেই সহজ৷ মই বিনম্ৰভাৱে সুধিলোঁ — আপোনাক ফটোগ্ৰাফীৰ বিষয়ে এটা প্ৰশ্ন সুধিব পাৰোঁনে ?

তেওঁ হাঁহি হাঁহি ক’লে — এই বিষয়টোৰ বাহিৰে অন্য একো কথাই মই নাজানো ৷ এটা প্ৰশ্ন নহয়, কেইবাটাও প্ৰশ্ন কৰা ৷ কথা আৰম্ভ হ’ল ৷ তাৰপাছত বিমানৰ বিলম্বৰ ঘোষণা আহিল ৷ কথা চলিল ৷ মাজতে তেওঁ এবাৰ উঠি গ’ল ৷ অলপ পিছত ঘূৰি আহিল — হাতত দুকাপ কফি ৷

বিমানত উঠাৰ আগলৈকে আমি ভালেখিনি সময় কথা পাতিলোঁ ৷ আৰু ভালেখিনি সময় কেৱল নিস্তব্ধতাৰ মাজতেই থাকিলোঁ — সেই নিস্তব্ধতাইও কথা পাতিছিল ৷ তেখেতৰ দৰে এগৰাকী বিশাল ব্যক্তিত্বৰ মানুহে মোক যেনেদৰে আপ্যায়ন কৰিলে, সেই অভিজ্ঞতাৰে মই ঐশ্বৰ্যবান হৈ ৰলোঁ ৷

সেই কথা-বতৰাখিনিৰ পৰা মই যিখিনি শিকিলোঁ তাক কথাৰে প্ৰকাশ কৰাটো কঠিন ৷ কিছু কথা কেৱল অনুভৱতেই থাকে ৷  আজি তেওঁ নাই ৷ কিন্তু তেওঁৰ কেমেৰাৰ চকুৱে যিবোৰ মুহূৰ্ত ধৰি ৰাখিছে, সেইবোৰ চিৰকাল থাকিব ৷ মৃত্যুই এজন ফটোগ্ৰাফাৰক শেষ কৰিব পাৰে — কিন্তু তেওঁৰ ফটোবোৰক নহয় ৷

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই ৷

Featured Post

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন | তেখেতলৈ জন্মদিনৰ ওলগ জনালোঁ |  নন্দকিশোৰ মহেশ্বৰী ডাঙৰীয়াক প্ৰথম দেখিছিলোঁ আলোচনী প্ৰকাশিত এখন চিনেমাৰ স্...