চিন্ময় শৰ্মাৰ 'ভাকুট কুট' তেনে এখন অসমীয়া ছবি | ধীৰ গতিত চিনেমাখন আৰম্ভ হৈছে | অলপ সময় যোৱাৰ পিছতেই কাহিনীৰ এটা অপ্ৰত্যাশিত দৃশ্যৰ আৱিৰ্ভাৱ হয় যিটোৱে মুহূৰ্ততে গোটেই চিনেমাখনৰ গতি বৃদ্ধি কৰি দিয়ে | দৰ্শকৰ মনলৈ এটা উৎকণ্ঠাৰ ভাৱ আহে আৰু সেই উৎকণ্ঠাৰ ভাৱটো বিভিন্ন ধৰণে আগবাঢ়ি গৈ গৈ ছবিখন শেষ হয় |
আৰম্ভণিৰ পৰা শেষলৈকে ছবিখন সুন্দৰকৈ উপভোগ কৰিলোঁ | এইটো সমালোচনা নহয় - দৰ্শক হিচাপে মোৰ প্ৰথম মন্তব্য | যদি সমালোচনা লিখো বিভিন্ন দিশ আলোচনা কৰি চালে দুই এটা কথা নিশ্চয় ওলাব | কিন্তু সমালোচনা লিখিম ছবিখনৰ প্ৰদৰ্শন শেষ হোৱাৰ পিছত | এখন ছবি আৰম্ভণিৰ পৰা শেষলৈকে কোনো বেয়া ভাৱ সৃষ্টি হ'ব নিদিয়াকৈ কাহিনীৰ পাকচক্ৰ আৰু অভিনেতাৰ ভাল অভিনয়ৰে ধৰি ৰাখিব পাৰিলেই আমি দৰ্শক হিচাপে সন্তুষ্ট | ছবিখনৰ সংলাপ তীক্ষ্ণ হাস্যৰসম্পন্ন |
কিন্তু এটা কথা ক'বই লাগিব- ছবিখন শেষ হোৱাৰ পিছত যিটো দৃশ্য মনৰ মাজত লৈ আমি ঘৰলৈ উভতি আহিছিলোঁ অৰ্থাৎ যিটো আটাইতকৈ সংবেদনশীল দৃশ্য আছিল সেইটো কিন্তু হাস্যৰসৰ নাছিল | মানসিকভাৱেই অলপ স্থূল বুদ্ধিৰ ল'ৰা এজনে মানসিক হস্পিটেলৰ চৌহদত গছ এজোপাৰ তলত বহি মানসিক ৰোগত আক্ৰান্ত ছোৱালী এজনীৰ লগত আন্তৰিকতাৰে কথা পাতিছে - হাঁহিৰ ছবিখনত সেই দৃশ্যটোৱেই চকু পানী উলিয়াই দিব পাৰে | সফল ছবিখনৰ কাৰণে পৰিচালকক অভিনন্দন, কিন্তু এই দৃশ্যটোৰ কাৰণে বহুত বহুত বহুত অভিনন্দন |

No comments:
Post a Comment