Thursday, February 26, 2026

অসমীয়া চিনেমাৰ অসমীয়া অভিনয় শিল্পী

অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প'ষ্ট দিছিল |তেওঁ লিখিছিল- ‘অসমীয়া চিনেমাৰ লগত জড়িত লোকসকলে অসমীয়া চিনেমা চায় নে? উত্তৰটো নিৰাশাজনক। সৰহভাগেই টিকট কাটি অসমীয়া চিনেমা নাচায়। বিশেষ প্ৰদৰ্শনী থাকিলে, মাতিলে গৈ চাই আহে। চাই বেয়া চিনেমা একোখনকো ভাল বুলি মন্তব্য কৰে। সেয়ে সাধাৰণ দৰ্শকৰ ওচৰত তেওঁলোকৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়। দীৰ্ঘদিন ধৰি দেখিছোঁ - অসমীয়া চিনেমাৰ লগত জড়িতসকলৰ বৃহৎ সংখ্যকে চিনেমা গৃহত গৈ টিকট কাটি অসমীয়া চিনেমা নাচায়।

তেওঁ আৰু লেখিছিল- শেহতীয়া দুবছৰত মুক্তি পোৱা চিনেমাৰ তালিকা এখন লৈ যদি কোনোবাই এটা জৰীপ চলাই তেতিয়া দেখিব - সৰহভাগেই সেই চিনেমা সমূহ চোৱা নাই। (আজিকালি প্ৰচাৰৰ কথাটো এটা বাহানাহে। হাততে থকা ম'বাইলত বুক মাই শ্ব' এপত শুকুৰবাৰে এটা ক্লিক কৰিলেই সকলো গম পায়। সপ্তাহত এটা দিন তেওঁলোকে এপটো খুলি চাব নোৱাৰাৰ কোনো কাৰণ নাই। অৱশ্যে এই কথাটো মই সাধাৰণ জনৰ ক্ষেত্ৰত কোৱা নাই। চিনেমাৰ লগত জড়িত সকলৰ কথা কৈছোঁ। সহযোগী নিৰ্মাতা সকলে কিনো কৰিছে তাৰ খবৰ ৰখাটো, চোৱাটো এটা দায়িত্ব) । আন এটা চাম আছে তেওঁলোকে তেওঁলোকৰ বৃত্তৰ বাহিৰৰ লোকৰ চিনেমা নোচোৱাটো এটা কৰ্তব্য বুলিয়ে ধৰে। কিন্তু তেওঁলোকে নিৰ্মাণ কৰা চিনেমা সকলোৱে চাব লাগিব বুলি এটা ফটোৱা জাৰি কৰে। তেওঁলোকৰ চিনেমা নাচালে অসমীয়া চিনেমা ৰসাতলে যাব বুলি ভাবে। ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰ মুক্তিৰ সময়ত এই কথাটো মুকলিকৈ আলোচনা হৈছিল। তেওঁলোকৰ এটা চামে পুৰস্কাৰৰ বাবে বনোৱা চিনেমা নাচাওঁ বুলি ঠিক কৰি লৈছিল। আইৰণিটো হ'ল তেওঁলোকেই আকৌ পুৰস্কাৰৰ আশাত চিনেমা মহোৎসৱলৈ নিজৰ নিজৰ চিনেমা পঠায়।

এইখিনিলৈকে পঢ়ি থাকোঁতে মোৰ এটা বেলেগ কথা মনত পৰিল
| সত্যজিত ৰায়ৰ 'সীমাবদ্ধ' ছবিখনৰ কথা | ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিল বৰুণ চন্দই | ছবিৰ প্ৰিমিয়াৰৰ সময়ত সত্যজিৎ ৰায়ে তেওঁক দুটা টিকট দিছিল | 'এটা তোমাৰ কাৰণে, বাকীটোৰে তুমি কাৰোবাক লৈ আহিবা |' বৰুণ চন্দ্ৰই এটা টিকট নিজৰ বাবে ৰাখিলে, আনটো তেওঁ মাকৰ কাৰণে ৰাখিলে |  আৰু তেওঁ নিজে ষোল্লটা টিকট কিনি ল'লে, সেই কেইটাৰে তেওঁ বন্ধু-বান্ধৱক দেখুৱালে | এই কথাটো মনত পৰিল  এইকাৰণেই যে আমি বহু চিনেমাৰ অভিনেতা-অভিনেত্ৰীৰ কথা জানো, তেওঁলোকে প্ৰিমিয়াৰৰ সময়ত প্ৰযোজক বা পৰিচালকক সোধেগৈ- মই কিমানজন আলহী আনিব পাৰিম ! চিনেমা এখনত এজন অভিনেতাই অভিনয় কৰিছে, চিনেমাখনৰ সফলতাৰ এটা অংশ তেওঁৰো | চিনেমাখন যদি সফল হয়, মানুহে যদি তেওঁৰ অভিনয় ভাল পায়, তেওঁৰ লাভ হ'|  চিনেমাখনৰ লাভ হলে তেওঁৰো লাভ | চিনেমা এখনে এটা অভিনেতাক এজন অভিনেতাক বহুত বস্তু দিয়ে, তেওঁক থিয় হ'বলৈ মাটি এডোখৰ দিয়ে, পৰিচালকে তেওঁৰ সপোনৰ চৰিত্ৰ এটা তেওঁৰ যোগেৰে জীৱন্ত কৰাব বিচাৰে, একোখন ছবিৰ একোটা চৰিত্ৰই একোজন অভিনেতাৰ অভিনয় জীৱন স্মৰণীয় কৰি তুলিব পাৰে | এখন ছবিৰ তেনেকুৱা এটা শক্তিশালী অংগ হোৱাৰ পিছতো অভিনেতাজনে ছবিখনৰ লগত কিয় আত্মীয়তা অনুভৱ নকৰে ? কিয় এজন অভিনেতাই তেওঁৰ বন্ধু-বান্ধৱক মাতি নি টিকট কাটি ছবিখন চাবলৈ অনুপ্ৰাণিত কৰিব নোৱাৰে ? এই প্ৰশ্নটোৱে মোৰ মনত বাৰে বাৰে খুন্দিয়াই থাকে |                                                                             
( বৰুণ চন্দৰ কথাখিনি Satyajit Ray- The man who knew too much গ্ৰন্থত উল্লেখ আছে )
x

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...