ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম অসমীয়া ৰূপান্তৰৰ সংকলন৷ নলবাৰী কলেজৰ অধ্যাপিকা, লেখিকা, অনুবাদক আৰু চিনেমাৰ সহৃদয় অনুৰাগী হিচাপে ডঃ গোস্বামীয়ে ইতিমধ্যে নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইংৰাজী আৰু অসমীয়া এই দুয়োটা ভাষাৰ ভাষাৰ ওপৰত থকা দখল, দক্ষতা, সাহিত্যিক বþুচিবোধ আৰু সাহিত্যৰ প্ৰতি থকা চিৰিয়াচ মনোভাৱ এই কিতাপখনৰ মাজেৰে স্পষ্টভাবে প্ৰকাশ পাইছে ৷
ইংৰাজী আৰু অসমীয়াৰ বাক্য গঠনৰ ধৰণ একে নহয়— এই পাৰ্থক্য অনুবাদৰ ক্ষেত্ৰত এক প্ৰকাণ্ড বাধা হিচাপে উপস্থিত হয় ৷ বহু অনুবাদকেই ইংৰাজী ঠাচঁৰ বাক্য গঠন অসমীয়াত ব্যৱহাৰ কৰি পাঠৰ স্বাভাৱিক সৌন্দৰ্য হৰণ কৰে, আনহাতে কিছুমানে অতিমাত্ৰা থলুৱা শব্দ ব্যৱহাৰ কৰি মূল কাহিনীৰ পৰিবেশ সংলগ্ন আবেদন আৰু সৌন্দৰ্য হ্ৰাস কৰে৷ ফলত পাঠকে মূল পাঠৰ আবেগ আৰু পৰিবেশৰ মাধুৰ্যৰ পৰা বঞ্চিত হয় ৷ এই ক্ষেত্ৰত ডঃ গোস্বামীৰ অনুবাদ এক উৎকৃষ্ট উদাহৰণ ৷ তেওঁ বৰ্হেছৰ মৌলিক গদ্যৰ ধাৰা, চিন্তনশীলতা আৰু সাহিত্যিক সৌন্দৰ্য অনুবাদৰ জৰিয়তে সজীৱ কৰি তুলিছে ৷ তেওঁৰ ভাষা নিৰ্বাচন সুক্ষ্ম আৰু সুসংবদ্ধ ৷ তেওঁ মূল গল্পৰ ভাব, ৰীতি আৰু দৰ্শন সংযতভাৱে ৰূপান্তৰ কৰিছে ৷ তেওঁৰ অনুবাদত ইংৰাজী-অসমীয়া সংঘাত নহয়, সমন্বয় দেখা যায় ৷
‘নীলা বাঘ আৰু অন্যান্য গল্প’ কেৱল অনুবাদ নহয়, ই অসমীয়া পাঠকৰ বাবে জৰ্জ লুইছ বৰ্হেছৰ বিশ্বত প্ৰবেশ কৰা এক মনোমোহা দুৱাৰ ৷ ডঃ গোস্বামীৰ এই গ্ৰন্থ সাহিত্যিক অনুবাদৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ৷
