Saturday, July 26, 2025

নীলা বাঘ আৰু অন্যান্য গল্প

ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ   অনুপম অসমীয়া ৰূপান্তৰৰ সংকলন৷ নলবাৰী কলেজৰ অধ্যাপিকা, লেখিকা, অনুবাদক আৰু চিনেমাৰ সহৃদয় অনুৰাগী হিচাপে ডঃ গোস্বামীয়ে ইতিমধ্যে নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইংৰাজী আৰু অসমীয়া এই দুয়োটা ভাষাৰ ভাষাৰ ওপৰত থকা দখল, দক্ষতা, সাহিত্যিক বþুচিবোধ আৰু সাহিত্যৰ প্ৰতি থকা চিৰিয়াচ মনোভাৱ এই কিতাপখনৰ মাজেৰে স্পষ্টভাবে প্ৰকাশ পাইছে ৷

ইংৰাজী আৰু অসমীয়াৰ বাক্য গঠনৰ ধৰণ একে নহয়— এই পাৰ্থক্য অনুবাদৰ ক্ষেত্ৰত এক প্ৰকাণ্ড বাধা হিচাপে উপস্থিত হয় ৷ বহু অনুবাদকেই ইংৰাজী ঠাচঁৰ বাক্য গঠন অসমীয়াত ব্যৱহাৰ কৰি পাঠৰ স্বাভাৱিক সৌন্দৰ্য হৰণ কৰে, আনহাতে কিছুমানে অতিমাত্ৰা থলুৱা শব্দ ব্যৱহাৰ কৰি মূল কাহিনীৰ পৰিবেশ সংলগ্ন আবেদন আৰু সৌন্দৰ্য হ্ৰাস কৰে৷ ফলত পাঠকে মূল পাঠৰ আবেগ আৰু পৰিবেশৰ মাধুৰ্যৰ পৰা বঞ্চিত হয় ৷  এই ক্ষেত্ৰত ডঃ গোস্বামীৰ অনুবাদ এক উৎকৃষ্ট উদাহৰণ ৷ তেওঁ বৰ্হেছৰ মৌলিক গদ্যৰ ধাৰা, চিন্তনশীলতা আৰু সাহিত্যিক সৌন্দৰ্য অনুবাদৰ জৰিয়তে সজীৱ কৰি তুলিছে ৷ তেওঁৰ ভাষা নিৰ্বাচন সুক্ষ্ম আৰু সুসংবদ্ধ ৷  তেওঁ মূল গল্পৰ ভাব, ৰীতি আৰু দৰ্শন সংযতভাৱে ৰূপান্তৰ কৰিছে ৷ তেওঁৰ অনুবাদত ইংৰাজী-অসমীয়া সংঘাত নহয়, সমন্বয় দেখা যায় ৷

‘নীলা বাঘ আৰু অন্যান্য গল্প’ কেৱল অনুবাদ নহয়, ই অসমীয়া পাঠকৰ বাবে জৰ্জ লুইছ বৰ্হেছৰ বিশ্বত প্ৰবেশ কৰা এক মনোমোহা দুৱাৰ ৷ ডঃ গোস্বামীৰ এই গ্ৰন্থ সাহিত্যিক অনুবাদৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ৷


No comments:

Post a Comment

Featured Post

A memorable classical concert

  As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-s...