Showing posts with label #assamese film. Show all posts
Showing posts with label #assamese film. Show all posts

Tuesday, October 11, 2022

মাইখুলিৰ ভূত

‘ঘোষ্ট  অব মাইখুলি’ ছবিখনে অলপতে মুক্তি লাভ কৰিব ৷ ছবিখনৰ এটা বিশেষ প্ৰদৰ্শনীলৈ অামন্ত্ৰণ লাভ কৰিছিলোঁ ৷ ছবিখন চালোঁ ৷ মই ইয়াত স্পইলাৰ নিদিও,  ভাল পোৱা কথা দুটামান কওঁ  - ছবিখনত সামৰিক কলাই বহু  ঠাই অধিকাৰ কৰিছে, কাহিনীটো তেনেদৰেই সজোৱা হৈছে ৷ ফাইটিঙৰ দৃশ্য চিত্ৰায়ণ কৰা, সম্পাদনা কৰা বৰ জটিল কাম ৷ বলিউদৰ বিগ বাজেটৰ ছবিবোৰত দেখা এনে দৃশ্যবোৰ চিত্ৰায়ণ কৰোতে বহু ধৰণৰ সৰঞ্জাম থাকে, ঘুচিয়াঘুচিত মাটিত পৰি যাওতে যাতে দুখ নাপায়, তাৰ বাবে বহু ধৰণৰ ব্যবস্থা গ্ৰহন কৰা হয়,সেইবোৰ বৰ খৰচী ৷ অসমীয়া ছবি এখনে ইমান খৰচ কৰিব পাৰিব বুলি ভাব নহয় ৷ খৰচ কৰিব পাৰিলেও অাৰু এটা বস্তুৰ খুবেই প্ৰয়োজন- মাৰপিটৰ দৃশ্যবোৰ উপযুক্ত গতি অাৰু উত্তেজনা ৰাখি দৃশ্যগ্ৰহন কৰিব পৰা কল্পনা অাৰু সেই উত্তেজনাৰ ছন্দ ৰক্ষা কৰি সম্পূৰ্ণ কৰিব পৰা সম্পাদনা ৷ ‘ঘোষ্ট অব মাইখুলি’ৰ ফাইটৰ দৃশ্যবোৰে এই অাটাইবোৰ প্ৰয়োজন ৰক্ষা কৰিব পাৰিছে ৷ কেমেৰামেন, মাৰপিট কৰা মানুহকেইজন, সম্পাদনা, শব্দ সংযোজন – এই অাটাইবোৰ ভাল লাগিছে ৷ এটা দৃশ্যত দেখা গৈছিল, বাথৰুমৰ ভিতৰত মাৰপিট ৷ ইমান ঠেক ঠাইত এনেকুৱা জটিল দৃশ্য এটা পৰিকল্পনা কৰা অাৰু তাক সম্পূৰ্ণ কৰা কামটো চাই অাটাইকেইজনৰ দক্ষতাক মুক্তকণ্ঠে প্ৰশংসা কৰিছোঁ ৷

মাৰপিটৰ এটা দৃশ্যত এগৰাকী গাভৰুকো দেখা গৈছিল ৷ অসমীয়া ছবিত এইটো নতুন সংযোজন ৷ গাভৰু গৰাকীয়ে মনত পেলাই দিছিল কুইন্টিন টৰান্টিন’ৰ ‘কিলবিল’ ছবিৰ কথা ৷ কিন্তু, মাৰপিটৰ দৃশ্যটিৰ সময়খিনি ৰাতি বাবে ছোৱালীজনীক ভালদৰে দেখাই নাপালোঁ ৷

ছবিখনত বাহাৰুল ইছলাম, জ্বলি লস্কৰ,  কমললোচন অাদিৰ দৰে অভিনেতা অাছে, সন্ধ্যা হাজৰিকা অাৰু ডৰথী ভৰদ্বাজৰ দৰে ভাল অভিনেত্ৰী অাছে ৷ তেওঁলোকৰ সুযোগ সীমিত, কিন্তু সেইখিনিৰ ভাল ব্যবহাৰ কৰিছে ৷ কেইদিনমানৰ অাগতে এতিয়াও মুক্তি লাভ নকৰা ছবি এখনত সন্ধ্যাক সম্পূৰ্ণ বিপৰীত ধৰণৰ চৰিত্ৰ এটাত দেখা পাইছিলোঁ অাৰু ভাল পাইছিলোঁ ৷ এওঁলোকে অাৰু ভাল ভাল চৰিত্ৰত অভিনয় কৰাৰ সুবিধা পাব বুলি অাশা থাকিল ৷

এই লেখাটো সমালোচনা নহয়, ছবিখনৰ লগত জড়িত দলটোৰ প্ৰতি শুভেচ্ছাহে ৷ 



ফটোখন সন্ধ্যা হাজৰিকাৰ

Sunday, September 11, 2022

এজনী ছোৱালী আৰু অন্যান্য কাহিনী


‘এজনী ছোৱালী’ ৷ ছবিখনৰ নামটোৱে কোনো ধৰণে আকৰ্ষণ কৰা নাছিল ৷ গতিকে চাবলৈ মনো যোৱা নাছিল ৷ ছবিখনৰ বিষয়ে একো প্ৰচাৰো নাছিল— আছিল যদিও সেইখিনিয়ে মোক ছবিখনৰ বাবে কোনো ধৰণে আগ্ৰহী কৰি তুলিব পৰা নাছিল ৷ অ’টিটি প্লেটফৰ্ম ‘ৰিলড্ৰামা’ত ছবিখন আছে, বিভিন্ন কাৰণত ‘ৰিলড্ৰামা‘ৰ প্ৰতিও বিশেষ আগ্ৰহ ওপজা নাছিল ৷ কিন্তু যেতিয়া ছবিখনৰ লেখক আৰু পৰিচালক চিন্ময় শৰ্মাই ছবিখন চাবলৈ অনুৰোধ কৰিলে, তেওঁৰ আগ্ৰহৰ বাবেই ছবিখন চাবলৈ ল‘লোঁ ৷ কথা এটা স্পষ্ট কৰি দিয়াটো উচিত বুলি ভাবোঁ যে ছবিখন চাবলৈ মই নিজে প্লেটফৰ্মটিৰ ছাবস্ক্ৰিপচন লৈছোঁ, চাইছোঁ ৷ নেটফ্লিক্সকে ধৰি কেইবাখনো অ’টিটি প্লেটফৰ্মে মোক ছবি চোৱাৰ বিনামূলীয়া সুবিধা দিয়ে ৷ নেটফ্লিক্সে 'দা ডিচাইপল' ছবিৰ পৰিচালক চৈতন্য তামহানেৰ স’তে এটা কথোপকথনৰ ব্যবস্থাও কৰি দিছিল— মোৰ সমালোচনা প্ৰকাশ হোৱাৰ পাচত ৷ চৈতন্য তামহানেক মিডিয়াত খুব কমেইহে দেখা যায়, তেওঁৰ সাক্ষৎকাৰো পঢ়িবলৈ, চাবলৈ পোৱা যায় খুব কম ৷ সেই সাক্ষাৎপ্ৰসংগ মোৰ বাবে এটি খুব ভাল অভিজ্ঞতা আছিল ৷ চৈতন্যই কৈছিল, ‘এই ছবিখনৰ বাবে কেইটামান ইণ্টাৰভিউ দিছিলোঁ, কিন্তু আপোনাৰ লগত পতা এই কথাবতৰা আটাইতকৈ ভাল লাগিল ৷’ এই সাক্ষাৎপ্ৰসংগ কিন্তু নেটফ্লিক্সে ছবিখনৰ প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা নাছিল ৷

এতিয়া এই ছবিখনৰ কথা ৷ ‘এজনী ছোৱালী’ ছবিখন চাই মোৰ মনলৈ অহা দুটামান কথা প্ৰকাশ কৰিব বিচাৰিছোঁ ৷ বক্তব্য, প্ৰকাশভংগী, উপস্থাপন আৰু ছবি একোখনৰ লগত পৰিচালকৰ থাকিবলগীয়া আবেগিক বান্ধোনৰ দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে অসমীয়া ছবিয়ে পৰিবৰ্তনৰ স্বাক্ষৰ ৰাখি এটা নতুন যুগত প্ৰৱেশ কৰিছে ৷ ‘এজনী ছোৱালী’ এই নতুন যুগৰ ছবি ৷ নতুন যুগৰ নতুন প্লেটফৰ্ম মানে অ’টিটি প্লেটফৰ্মৰ ছবি ৷

অ’টিটিৰ ছবি বা ৱেব চিৰিজ মানেই যেন কামোত্তজক দৃশ্যৰ সংযোজন— এনেকুৱা ধাৰণা এটাই লাহে লাহে গা কৰি উঠিছে বা এনেকুৱা ধাৰণা এটাৰ সৃষ্টি কৰা হৈছে ৷ ‘এজনী ছোৱালী’য়ে প্ৰলোভন আৰু সুবিধা থকা সত্বেও এই ফান্দ বা মতলবত ভৰি দিয়া নাই— এইটো আশাব্যঞ্জক কথা ৷ (অৱশ্যে ছবি বা চিৰিজত কামোত্তেজক দৃশ্য দিয়াৰ বহুত লজিক থাকিব পাৰে, নৰহত্যাকাৰীৰ সপক্ষেও উকীলে লজিক দিয়ে— দিব পাৰে ৷ পৰিচালকৰ মতলব, ৰুচিবোধ এইবোৰেও এনেবোৰ দৃশ্য সৃষ্টিৰ ক্ষেত্ৰত কাম কৰে, অথবা পৰিচালকৰ মানসিক চাহিদাও থাকিব পাৰে, বহুতে সেইবোৰ চাই ভাল পায়— গতিকে সেইবোৰক মহান শিল্প বুলিও কয় ৷)

এখন মাল্টিপাৰপাচ ফাৰ্মত থকা দুই চিকিউৰিটিৰ তৰংগহীন কৰ্মজীৱনত হঠাতে এগৰাকী ছোৱালীৰ প্ৰৱেশ ঘটে ৷ এয়াই ছবিৰ আৰম্ভণি আৰু দৰ্শকক বান্ধি ৰাখিবলৈ এনে আৰম্ভণি অতি কৌতুহলউদ্দীপক ৷ কিছু হাস্যৰস, কিছু ছাচপেন্স আদিৰ মিশ্ৰণেৰে কিছু বাস্তৱ, কিছু কাল্পনিক কাহিনী এটা আগবাঢ়িছে ৷ এটাই লোকেচন, কেইটিমান মাত্ৰ চৰিত্ৰ— এইখিনি সম্বলেৰে এখন ছবিক আমনি নলগাকৈ এঘণ্টা বাইছ মিনিট লৈ যাব পৰাটো তেনেই সহজ কাম নহয় ৷ এই ধৰণৰ কাহিনীৰ ছবি কৰাটো এক ধৰণৰ সৃষ্টিশীল পৰীক্ষা আৰু এনে পৰীক্ষাবোৰেহে সৃষ্টিৰ জগতখন সজীৱ আৰু উত্তেজিত কৰি ৰাখে ৷ এই ৰুচিপূৰ্ণ পৰীক্ষাত প্ৰযোজক হিচাপে সহযোগ কৰা ৰিলড্ৰামাৰ কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তা ধন্যবাদৰ পাত্ৰ ৷

মোৰ অনুভব—  চাই ভাল লগা এই ছবিখনৰ ৰহস্যৰ ভেদ ভঙা কথাখিনিৰ প্ৰকাশ আৰু সহজ হোৱা উচিত আছিল ৷ তেনেদৰে এই ভেদভঙা কামটো অকল সংলাপৰ সহায়েৰে নকৰি দৃশ্যৰ সমৰ্থনেৰে কৰা হ’লে ছবিখন আৰু অধিক উপভোগ্য হ’লহেতেন ৷ কাহিনী আগবঢ়াৰ লগে লগে যি ধৰণৰ উৎকণ্ঠাৰ সৃষ্টি হ’ব আৰু বৃদ্ধি পাব লাগিছিল, সেয়া অধিক তীব্ৰ হোৱাৰ প্ৰয়োজন আছিল ৷ ছবিখনৰ সংলাপ অধিক সূক্ষ্ম আৰু কম, ছবিৰ পৰিমাণ অধিক আৰু সেই ছবিখিনিয়ে বেচিকৈ কথা কোৱা হ’লে ছবিখনৰ সৌন্দৰ্য অধিক ফুটি উঠিলহেতেন ৷ কাৰণ ছবিখনৰ মৌলিক গাঁঠনিয়ে অধিক ছবি আৰু কম কথাকেই দাবী কৰিছিল ৷  

এইখিনি কথা কোৱা হ’ল পৰিচালকৰ ওপৰত থকা আস্থাৰ বাবে ৷ ‘এজনী ছোৱালী’য়ে সেই আস্থাৰ জন্ম দিছে ৷ এখন ৰুচিপূৰ্ণ উপভোগ্য ছবি উপহাৰ দিয়া কাৰণে ছবিখনৰ লগত জড়িত সকলোকে অভিনন্দন জনালোঁ আৰু পৰিচালকৰ পৰৱৰ্তী ছবিলৈ অপেক্ষা কৰিলোঁ ৷

লেখাটিৰ প্ৰথম প্ৰকাশ বাৰ্তা এন ই ১১ ছেপ্টেম্বৰ ২২ https://bartane.com/2022/09/11/a-girl-and-other-stories/

উৎপল দত্তৰ এখন কিতাপৰ ইংৰাজী অনুবাদৰ ভিডিঅ' এটিৰ লিংক https://www.youtube.com/watch?v=HB1CbcCjHmI&ab_channel=UtpalDatta

Featured Post

প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল

‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...