‘এজনী ছোৱালী’ ৷ ছবিখনৰ নামটোৱে কোনো ধৰণে আকৰ্ষণ কৰা নাছিল ৷ গতিকে চাবলৈ মনো যোৱা নাছিল ৷ ছবিখনৰ বিষয়ে একো প্ৰচাৰো নাছিল— আছিল যদিও সেইখিনিয়ে মোক ছবিখনৰ বাবে কোনো ধৰণে আগ্ৰহী কৰি তুলিব পৰা নাছিল ৷ অ’টিটি প্লেটফৰ্ম ‘ৰিলড্ৰামা’ত ছবিখন আছে, বিভিন্ন কাৰণত ‘ৰিলড্ৰামা‘ৰ প্ৰতিও বিশেষ আগ্ৰহ ওপজা নাছিল ৷ কিন্তু যেতিয়া ছবিখনৰ লেখক আৰু পৰিচালক চিন্ময় শৰ্মাই ছবিখন চাবলৈ অনুৰোধ কৰিলে, তেওঁৰ আগ্ৰহৰ বাবেই ছবিখন চাবলৈ ল‘লোঁ ৷ কথা এটা স্পষ্ট কৰি দিয়াটো উচিত বুলি ভাবোঁ যে ছবিখন চাবলৈ মই নিজে প্লেটফৰ্মটিৰ ছাবস্ক্ৰিপচন লৈছোঁ, চাইছোঁ ৷ নেটফ্লিক্সকে ধৰি কেইবাখনো অ’টিটি প্লেটফৰ্মে মোক ছবি চোৱাৰ বিনামূলীয়া সুবিধা দিয়ে ৷ নেটফ্লিক্সে 'দা ডিচাইপল' ছবিৰ পৰিচালক চৈতন্য তামহানেৰ স’তে এটা কথোপকথনৰ ব্যবস্থাও কৰি দিছিল— মোৰ সমালোচনা প্ৰকাশ হোৱাৰ পাচত ৷ চৈতন্য তামহানেক মিডিয়াত খুব কমেইহে দেখা যায়, তেওঁৰ সাক্ষৎকাৰো পঢ়িবলৈ, চাবলৈ পোৱা যায় খুব কম ৷ সেই সাক্ষাৎপ্ৰসংগ মোৰ বাবে এটি খুব ভাল অভিজ্ঞতা আছিল ৷ চৈতন্যই কৈছিল, ‘এই ছবিখনৰ বাবে কেইটামান ইণ্টাৰভিউ দিছিলোঁ, কিন্তু আপোনাৰ লগত পতা এই কথাবতৰা আটাইতকৈ ভাল লাগিল ৷’ এই সাক্ষাৎপ্ৰসংগ কিন্তু নেটফ্লিক্সে ছবিখনৰ প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা নাছিল ৷
এতিয়া এই ছবিখনৰ কথা ৷ ‘এজনী ছোৱালী’ ছবিখন চাই মোৰ মনলৈ অহা দুটামান কথা প্ৰকাশ কৰিব বিচাৰিছোঁ ৷ বক্তব্য, প্ৰকাশভংগী, উপস্থাপন আৰু ছবি একোখনৰ লগত পৰিচালকৰ থাকিবলগীয়া আবেগিক বান্ধোনৰ দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে অসমীয়া ছবিয়ে পৰিবৰ্তনৰ স্বাক্ষৰ ৰাখি এটা নতুন যুগত প্ৰৱেশ কৰিছে ৷ ‘এজনী ছোৱালী’ এই নতুন যুগৰ ছবি ৷ নতুন যুগৰ নতুন প্লেটফৰ্ম মানে অ’টিটি প্লেটফৰ্মৰ ছবি ৷
এখন মাল্টিপাৰপাচ ফাৰ্মত থকা দুই চিকিউৰিটিৰ তৰংগহীন কৰ্মজীৱনত হঠাতে এগৰাকী ছোৱালীৰ প্ৰৱেশ ঘটে ৷ এয়াই ছবিৰ আৰম্ভণি আৰু দৰ্শকক বান্ধি ৰাখিবলৈ এনে আৰম্ভণি অতি কৌতুহলউদ্দীপক ৷ কিছু হাস্যৰস, কিছু ছাচপেন্স আদিৰ মিশ্ৰণেৰে কিছু বাস্তৱ, কিছু কাল্পনিক কাহিনী এটা আগবাঢ়িছে ৷ এটাই লোকেচন, কেইটিমান মাত্ৰ চৰিত্ৰ— এইখিনি সম্বলেৰে এখন ছবিক আমনি নলগাকৈ এঘণ্টা বাইছ মিনিট লৈ যাব পৰাটো তেনেই সহজ কাম নহয় ৷ এই ধৰণৰ কাহিনীৰ ছবি কৰাটো এক ধৰণৰ সৃষ্টিশীল পৰীক্ষা আৰু এনে পৰীক্ষাবোৰেহে সৃষ্টিৰ জগতখন সজীৱ আৰু উত্তেজিত কৰি ৰাখে ৷ এই ৰুচিপূৰ্ণ পৰীক্ষাত প্ৰযোজক হিচাপে সহযোগ কৰা ৰিলড্ৰামাৰ কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তা ধন্যবাদৰ পাত্ৰ ৷
মোৰ অনুভব— চাই ভাল লগা এই ছবিখনৰ ৰহস্যৰ ভেদ ভঙা কথাখিনিৰ প্ৰকাশ আৰু সহজ হোৱা উচিত আছিল ৷ তেনেদৰে এই ভেদভঙা কামটো অকল সংলাপৰ সহায়েৰে নকৰি দৃশ্যৰ সমৰ্থনেৰে কৰা হ’লে ছবিখন আৰু অধিক উপভোগ্য হ’লহেতেন ৷ কাহিনী আগবঢ়াৰ লগে লগে যি ধৰণৰ উৎকণ্ঠাৰ সৃষ্টি হ’ব আৰু বৃদ্ধি পাব লাগিছিল, সেয়া অধিক তীব্ৰ হোৱাৰ প্ৰয়োজন আছিল ৷ ছবিখনৰ সংলাপ অধিক সূক্ষ্ম আৰু কম, ছবিৰ পৰিমাণ অধিক আৰু সেই ছবিখিনিয়ে বেচিকৈ কথা কোৱা হ’লে ছবিখনৰ সৌন্দৰ্য অধিক ফুটি উঠিলহেতেন ৷ কাৰণ ছবিখনৰ মৌলিক গাঁঠনিয়ে অধিক ছবি আৰু কম কথাকেই দাবী কৰিছিল ৷
এইখিনি কথা কোৱা হ’ল পৰিচালকৰ ওপৰত থকা আস্থাৰ বাবে ৷ ‘এজনী ছোৱালী’য়ে সেই আস্থাৰ জন্ম দিছে ৷ এখন ৰুচিপূৰ্ণ উপভোগ্য ছবি উপহাৰ দিয়া কাৰণে ছবিখনৰ লগত জড়িত সকলোকে অভিনন্দন জনালোঁ আৰু পৰিচালকৰ পৰৱৰ্তী ছবিলৈ অপেক্ষা কৰিলোঁ ৷
লেখাটিৰ প্ৰথম প্ৰকাশ বাৰ্তা এন ই ১১ ছেপ্টেম্বৰ ২২ https://bartane.com/2022/09/11/a-girl-and-other-stories/
উৎপল দত্তৰ এখন কিতাপৰ ইংৰাজী অনুবাদৰ ভিডিঅ' এটিৰ লিংক https://www.youtube.com/watch?v=HB1CbcCjHmI&ab_channel=UtpalDatta