নব্বৈ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আকাশবাণীয়ে বিভিন্ন সংগীতানুষ্ঠানৰ আয়োজন কৰিছে ৷ আকাশবাণী ৰাঁচী কেন্দ্ৰই আয়োজন কৰা তেনে এক অনুষ্ঠানৰ বাবে নিৰ্বাচন কৰা হৈছিল এই ‘চন্দ্ৰনন্দন’ ৰাগটি ৷ ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ‘কেডিয়া বন্ধু’ নামেৰে দেশ-বিদেশত খ্যাত মনোজ কেডিয়া আৰু মৌৰমুকুট কেডিয়া ভাতৃদ্বয়ক ৷ দুয়ো মাইহাৰ ঘৰাণাৰ প্ৰতিষ্ঠিত শিল্পী তথা ওষ্টাদ আলি আকবৰ খান আৰু দেৱী অন্নপূৰ্ণাৰ সুযোগ্য শিষ্য ৷ এটা সময়ত ওষ্টাদ আলি আকবৰ খান আৰু পণ্ডিত ৰবি শংকৰে চৰোদ আৰু চেতাৰৰ যুগলবন্দীৰে শ্ৰোতাক সংগীত শ্ৰৱণৰ এক অনন্য মাত্ৰা উপহাৰ দিছিল ৷ কেডিয়া বন্ধুয়ো সেই একেই পথ অনুসৰণ কৰি দ্বৈত বাদনৰ স্বৰ্ণজয়ন্তী অতিক্ৰম কৰিছে ৷
আকাশবাণী ৰাঁচীয়ে আয়োজন কৰা এই অনুষ্ঠানত শিল্পীদ্বয়ে মিশ্ৰ পিলু আৰু মিশ্ৰ খাম্বাজ ৰাগৰ চুটি সংগীত ৰচনাও পৰিবেশন কৰিছিল, যদিও অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল ‘চন্দ্ৰনন্দন’ ৰাগ ৷ এই পৰিবেশনে গভীৰ সংগীতবোধ, নান্দনিক সংযম আৰু শিল্পসুলভ পৰিপক্বতাৰ এক মনোমুগ্ধকৰ উদাহৰণ দাঙি ধৰে ৷ শিল্পী দুগৰাকীয়ে ৰাগটোক ধীৰে ধীৰে উন্মোচন কৰাৰ যি পদ্ধতি গ্ৰহণ কৰিছিল, সেয়াই সমগ্ৰ পৰিবেশনটোক এক গভীৰ মননশীলতা প্ৰদান কৰিছিল ৷ আলাপ অংশত প্ৰতিটো স্বৰৰ সৌন্দৰ্য অতি স্বাভাৱিক আৰু মৃদুভাৱে প্ৰকাশ পাইছিল ৷ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত কোৱা হয় যে দুটা স্বৰৰ মাজৰ অস্ফূট অংশটিয়েই আটাইতকৈ নিবিড় সংগীতময় পৰিবেশৰ সৃষ্টি কৰে— এই বাদনত সেই কথাষাৰ আখৰে আখৰে সত্য প্ৰমাণিত হৈছে ৷
এই পৰিবেশনৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য আছিল কাৰিকৰী দক্ষতা আৰু আবেগিক অনুৰণনৰ মাজৰ সুষম সমন্বয় ৷ ৰাগ বিস্তাৰক সূক্ষ্ম গমক, নিয়ন্ত্ৰিত স্বৰবিন্যাস আৰু সংযত অলংকাৰে মহিমামণ্ডিত কৰি তুলিছিল৷ আলাপৰ পৰা মধ্য আৰু দ্ৰুত লয়লৈ কৰা উত্তৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ সুসংহত সংগীতচিন্তা আৰু নান্দনিকতা প্ৰতিফলিত হৈছিল ৷
আজিকালি শাস্ত্ৰীয় সংগীতৰ বহু শিল্পীয়েই দৰ্শকক ক্ষন্তেকীয়া আমোদ দিবলৈ পৰিবেশন শৈলীক কিছু চঞ্চল বা ইন্দ্ৰিয়গ্ৰাহ্য কৰাৰ চেষ্টা চলায় ৷ এনে প্ৰচেষ্টাই শ্ৰোতা দৰ্শকৰ সঁহাৰিও লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে ওষ্টাদ আলি আকবৰ খানৰ সংগীত পৰিবেশন আছিল প্ৰাৰ্থনাতুল্য, গহীন আৰু সমৰ্পিত; দেৱী অন্নপূৰ্ণাৰ পৰিবেশনশৈলীও আছিল অনুৰূপ ৷ কেডিয়া বন্ধুই নিজৰ বাদনত গুৰুৰ সেই মহান শৈলীৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে ৷ আবেগিক দিশৰ পৰা এই পৰিবেশনত এক নীৰৱ অথচ গভীৰ তীব্ৰতা অনুভৱ কৰা গৈছিল ৷ কোনো নাটকীয় প্ৰকাশভংগীৰ আশ্ৰয় নলৈ শিল্পী দুগৰাকীয়ে এক মননশীল আৰু অন্তৰ্মুখী আবহ ধাৰাবাহিকভাৱে বজাই ৰাখিছিল ৷ পৰিবেশনটোৰ নান্দনিক সৌন্দৰ্য মূলতঃ নিহিত আছিল ইয়াৰ আন্তৰিকতা আৰু অখণ্ড সংগীতচেতনাত ৷ শিল্পীসকলৰ নিবেদনত ৰাগটো কেৱল এটা সংগীতৰ গাঁথনি হৈ থকা নাছিল, বৰঞ্চ ই অনুভূতি আৰু আত্মিক সংযোগৰ এক জীৱন্ত মাধ্যমলৈ ৰূপান্তৰিত হৈছিল ৷
শ্ৰীজিৎ চেটাৰ্জীৰ অত্যন্ত সংবেদনশীল তবলাসংগতে এই পৰিবেশনক অধিক সমৃদ্ধ কৰি তুলিছে ৷ মূল শিল্পীৰ স্বতঃস্ফূৰ্ত সুৰবিস্তাৰৰ সৈতে তালবাদ্যৰ এই সহযোগ কেতিয়াও অতিৰঞ্জিত হৈ পৰা নাছিল, বৰঞ্চ ইয়াৰ সংযত সহযোগিতাই সমগ্ৰ অনুষ্ঠানটোৰ ধ্যানমগ্ন গুণটিক আৰু অধিক গভীৰ কৰি তুলিছিল ৷ সামগ্ৰিকভাৱে এই পৰিবেশনটোৱে এক বিৰল শাস্ত্ৰীয় সংগীতৰ অভিজ্ঞতা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ ই আছিল বাহ্যিক চাকচিক্যতকৈ সংগীতৰ অন্তৰ্নিহিত গাম্ভীৰ্য আৰু সৌন্দৰ্যক অধিক গুৰুত্ব দিয়া এক স্মৰণীয় উপস্থাপন৷ অনুষ্ঠানটোৰ সামগ্ৰিক সজ্জাও আছিল যথেষ্ট সুশৃংখল, যিয়ে শাস্ত্ৰীয় সংগীতৰ উপযোগী এক সৌম্য পৰিবেশ গঢ়ি তুলিছিল ৷ এনে অনুষ্ঠানত ঘোষণাপৰ্বটোও এক গুৰুত্বপূৰ্ণ অংগ ৷ স্পষ্টতা, সংযম আৰু সাংস্কৃতিক সংবেদনশীলতাৰে উপস্থাপিত ঘোষণাই মূল পৰিবেশনৰ শিল্পসুলভ ধাৰাক ব্যাহত নকৰাকৈ দৰ্শক-শ্ৰোতাক অনুষ্ঠানটোৰ সৈতে অধিক নিবিড়ভাৱে বান্ধি ৰখাত সহায় কৰিলে৷ এই অনুষ্ঠানে আকাশবাণীৰ কেন্দ্ৰটিৰ সাংস্কৃতিক ঐতিহ্য আৰু উচ্ছ মানদণ্ডকে পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে ৷
আজিৰ এই ডিজিটেল যুগৰ লগত খাপ খুৱাই আকাশবাণীৰ কেন্দ্ৰটিয়ে সামাজিক মাধ্যমযোগে অনুষ্ঠানটি ‘লাইভ’ প্ৰচাৰ কৰিছিল আৰু সেই সুবিধাৰ বাবেই আমি এই বিৰল অনুষ্ঠানটি উপভোগ কৰাৰ সুবিধা পালোঁ ৷ এই অনুষ্ঠানটি কেন্দ্ৰটিৰ ইউটিউব চেনেলত উপলব্ধ ৷
প্ৰান্তিক ১ জুন ২০২৬ সংখ্যাত প্ৰকাশিত

No comments:
Post a Comment