Saturday, May 16, 2026

A memorable classical concert

 


As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-sarod duo, Kedia Bandhu. The artistes performed Raga Chandranandan, a rare and deeply meditative raga created by Ali Akbar Khan. As disciples of both Ustad Ali Akbar Khan and Annapurna Devi, the Kedia Bandhu brought remarkable depth, sensitivity, and aesthetic refinement to their presentation.

As a former member of this station, I felt deeply proud to witness such a meaningful and artistically enriching concert. On the occasion of Annapurna Devi's birth centenary, it would be wonderful if Akashvani Ranchi could also present a conversation with Kedia Bandhu reflecting on their association with the legendary guru. Such an initiative, shared through social media platforms, would certainly reach and inspire music lovers across the world.

I warmly congratulate the entire team of Akashvani Ranchi for organising a concert of such dignity and cultural significance, one that truly enhances the station's artistic stature.

Wednesday, May 13, 2026

আনন্দদায়ক আৰু পৰীক্ষামূলক অধ্যয়ন

অনাতাঁৰ অনুষ্ঠান  শুনা  আৰু কিতাপ পঢ়াৰ মাজত এটা মিল আছে | কিতাপত থাকে শব্দ, সেই শব্দই পাঠকৰ মনত বিভিন্ন ধৰণৰ আৱেগ অনুভূতিৰ সৃষ্টি কৰে |  ঠিক তেনেদৰেই তাৰ অনুষ্ঠানেও শব্দৰ যোগে পাঠকৰ মনত একোখন ছবি অংকন কৰে | সাহিত্যত ভাৱ অনুভূতি বক্তব্য প্ৰকাশৰ কাৰণে শব্দই যিদৰে দায়িত্ব পালন কৰে ঠিক তেনে এটা কাম অনাতাঁৰ অনুষ্ঠানতো পালিত হয় |  শব্দবিলাক উৎসৰ পৰা মগজু আৰু হৃদয়লৈ লৈ যোৱা বাহন- এঠাইত চকু এঠাইত কাণ | ইয়াৰ বাহিৰে এই দুটা মাধ্যমৰ বিশেষ পাৰ্থক্য দেখা নাযায় |   

এই কথাখিনি মনলৈ আহিছে ডক্তৰ  দীনেশ চন্দ্ৰ গোস্বামীৰ অনাতাঁৰ নাটকৰ সংকলন এটি হাতত লোৱাৰ পিছত | নাটক এখন শুনি  শ্ৰোতাই যিমান আনন্দ অনুভৱ কৰে তাৰ তুলনাত সেই নাটকখন পঢ়িবলৈ সিমান আগ্ৰহ প্ৰকাশ নকৰে | ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু ? গল্প বা উপন্যাস বা কবিতা বা প্ৰবন্ধ এইবোৰৰ লেখা এটা ধৰণ থাকে -লেখা মানে কাগজত লেখি উলিওৱা | সেই ধৰণৰ পাঠৰ লগত আমাৰ পাঠকসকল অভ্যস্ত | কিন্তু নাটক এখনৰ লেখা ধৰণটো পৃথক | তাত সংলাপখিনি অধিক স্পষ্ট হোৱাকৈ বেলেগ বেলেগকৈ লিখা হয় আৰু যিখিনি পৰিচালকৰ কাৰণে নিৰ্দেশনা বা অনাতাঁৰ নাটকত শব্দৰ কাৰণে বাখ্যা থাকে সেইখিনি বেলেগ ধৰণে লেখা হয় | গতিকে গল্প বা উপন্যাস বা প্ৰবন্ধ পঢ়াৰ ক্ষেত্ৰত যি এটা সাৱলীল গতি অনুভৱ কৰা যায়, নাটক এখন ছপা আখৰত পঢ়াৰ ক্ষেত্ৰত  সেই সাৱলীলতা অনুভৱ কৰিব নোৱাৰি | গল্প-উপন্যাস লেখাৰ ক্ষেত্ৰত যেনেদৰে পঢ়াৰ কথাটো মনোযোগ দিয়া হয় নাটকৰ ক্ষেত্ৰতো মঞ্চস্থ কৰা বা অনাতাঁৰ প্ৰযোজনা কৰা দিশটোৰ প্ৰতি অধিক মনোযোগ দিয়া হয় | নাটক মূলতঃ অভিনয়ৰ কাৰণে- মঞ্চই হওক বা অনাতাৰেই হওক | গতিকে লেখা সময়ত নাট্যকাৰে সেই কথাটোৰ প্ৰতি বেছি গুৰুত্ব দিয়া স্বাভাৱিক | 

কিন্তু একেখন নাটক যেতিয়া পঢ়াৰ কাৰণে ছপাই উলিওৱা হয়, তেতিয়া পাঠকৰ পঠন সুবিধা আৰু গতিৰ সাৱলীলতা ৰক্ষা কৰাৰ কথা ভাবিব পাৰি | অতি ব্যক্তিগত হ'লেও এইখিনিতেই এটাই কথা ক'ব বিচাৰিছোঁ গিৰীশ কাৰ্ণাডৰ 'টোগলক' আৰু 'নাগমণ্ডল' নাট দুখন মই অনুবাদ কৰিছিলোঁ | অসম   প্ৰকাশন পৰিষদে নাটক দুখন প্ৰকাশ কৰিছিল | সেই নাটক দুখন মুদ্ৰণৰ সময়ত সংলাপৰ মাজত থকা বৰ্ণনাখিনি পাঠকৰ পঠন সুবিধাৰ কথা মনত ৰাখি সজাই লৈছিলোঁ | গিৰীশ কাৰ্ণাড ডাঙৰীয়ায়ো সেই সাল-সলনিখিনি ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল |

এতিয়া পুনৰ দীনেশ চন্দ্ৰ গোস্বামীৰ সংকলনখনৰ কথালৈ আহোঁ | অসম বুক হাইভে প্ৰকাশ কৰা  এই সংকলনটিত একৈশখন নাটক সন্নিৱিষ্ট কৰা হৈছে | আটাইকেইখন নাটকেই বিজ্ঞান ভিত্তিক নাটক | এই দিশৰ পৰা সংকলনটি বিশেষ গুৰুত্বপূৰ্ণ | বিজ্ঞানভিত্তিক অনাতাঁৰ নাটক ৰচনাৰ দিশৰ পৰা দীনেশ চন্দ্ৰ গোস্বামী এটা জনপ্ৰিয় নাম | তেখেতৰ অৱদানক শ্ৰোতাই গৌৰৱেৰে স্বীকাৰ কৰে | কিন্তু দুখৰ কথা তেখেতক কোনেও নাট্যাকাৰ বুলি স্বীকৃতি দিয়া শুনা নাই | কিতাপখনৰ পাতনিত তেখেতে লিখিছে - 'গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা বচা বচা অনাতাঁৰ নাটকৰ এক বৃহৎ সংকলন 'অনাতাঁৰ নাট্যাবলী' বিশিষ্ট নাট্যাকাৰ অৰুণ শৰ্মাৰ সম্পাদনাত দুটা খণ্ডত প্ৰকাশ পাইছে | বেজাৰৰ কথা যে তাত মাত্ৰ এখনহে কল্পবিজ্ঞান নাটৰ অন্তৰ্ভুক্ত হৈছে | মোৰ নাটক সেই বাছনিত নুঠাটো (যোগ্যতাৰ তুলাচনীত নুঠিল বুলিও ভাবিব পাৰি )স্থানাভাৱৰ বাবে বুলি মই নিজকে সান্ত্বনা দিছো | 

নাটক পঢ়ি ভালপোৱা পাঠকসকলৰ কাৰণেই এই সংকলনটো অতি আনন্দদায়ক হ'ব |  কেৱল কাহিনী পঢ়ি ভাল পোৱাসকলেও এই সংকলনটি এটা পৰীক্ষামূলক অধ্যয়ন বুলি পঢ়ি চাব পাৰে, মোৰ বিশ্বাস তেখেতসকল হতাশ নহ'ব |      

Tuesday, May 12, 2026

এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰী

 

অলপ সময়ৰ আগতে ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে; তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেত সপোন দেখিবলৈ সাহস থকা এজন অনন্য ব্যক্তিত্ব, যাৰ বহু সপোন ইতিমধ্যে বাস্তৱত ৰূপায়িত হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তাৰ সুফল ভোগ কৰিছোঁ। আশা কৰিছোঁ, অহা পাঁচটা বছৰত তেখেতৰ আধৰুৱা সপোনবোৰ পূৰ্ণ হোৱাৰ লগতে তেখেতে ৰাজ্যখনৰ বাবে নতুন নতুন সপোন দেখক।

​ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিব হৈ থকা সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ পুথিভঁড়াল আৰু সংঘসমূহলৈ কিতাপৰ টোপোলা পঠিয়াই তেখেতে এক শক্তিশালী বাৰ্তা দিছিল যে অধ্যয়নৰ অবিহনে এটা প্ৰজন্ম কেতিয়াও আগবাঢ়িব নোৱাৰে। পৰৱৰ্তী সময়ত ‘টেট’ পৰীক্ষাৰ যোগেৰে তেখেতে এচাম মেধাৱী যুৱক-যুৱতীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে অতি নিকা নিযুক্তি ব্যৱস্থাৰে সমগ্ৰ সমাজখনলৈ আশা, আস্থা আৰু বিশ্বাসৰ এক নতুন বতৰা কঢ়িয়াই আনিলে। তৰুণ লেখকসকললৈ আগবঢ়োৱা সন্মান আৰু ফেল’শ্বিপ আদি পদক্ষেপসমূহে আমাৰ বৌদ্ধিক চৰ্চাৰ জগতখনক বিশেষভাবে আলোড়িত কৰি তুলিছে। ইয়াৰ উপৰি বিভিন্ন ৰাস্তা-ঘাট, দলং আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহে তেখেতৰ উন্নয়নমূলক পৰিচয় দাঙি ধৰিছেই।

আচলতে এই সকলোবোৰ সম্ভৱ হৈ উঠিছে তেখেতৰ সুদূৰপ্ৰসাৰী চিন্তা, তীক্ষ্ণ বুদ্ধিমত্তা আৰু দেশৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছাৰ বাবেই। এনে এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন যে আৰু অধিক সমৃদ্ধিশালী হৈ উঠিব, সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। 

মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই এদিন অতি ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হৈছিল, এই ফটোকেইখন সেই বিশেষ মুহূৰ্তৰে স্মৃতি।




Friday, May 8, 2026

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন

আজি নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন | তেখেতলৈ জন্মদিনৰ ওলগ জনালোঁ | 

নন্দকিশোৰ মহেশ্বৰী ডাঙৰীয়াক প্ৰথম দেখিছিলোঁ আলোচনী প্ৰকাশিত এখন চিনেমাৰ স্থিৰ চিত্ৰ এখনত | দলং এখনৰ ওপৰত থিয় হৈ চাইকেলত ভেজা দি অভিনেত্ৰী এগৰাকীৰ লগত কথা পাতি আছিল, চিনেমাখনৰ নাম আছিল পলাশৰ ৰং | তেখেতে পিন্ধা বেলবটম ষ্টাইলৰ পেণ্ট, কঁকালৰ মোটা বেল্ট আৰু অলপ বেলেগ ধৰণৰ মোচকোচা- এতিয়াও চকুৰ আগত ভাহি আছে |

বহুত বছৰ পিছত আকাশবাণী ডিব্ৰুগড়ৰ পৰা লখিমপুৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান বাণীবন্ধন কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ | মনত আছে তেখেতৰ ছোৱালীয়ে এটা পৰীক্ষাত ভাল নম্বৰ পাইছিল |  তেখেতৰ ঘৰত চাহ খাইছিলোঁ, বিশেষ ধৰণৰ মিঠাই কেইটা এতিয়াও মনত আছে |

এবাৰ অসমীয়া চিনেমাৰ বিষয়ে লেখা কিতাপৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিলোঁ | তাত নন্দকিশোৰ মহেশ্বৰীডাঙৰীয়াৰ এখন কিতাপ 'বোলছবিৰ কথা'ৰ বিষয়ে উল্লেখ আছিল | মই জনা নাছিলোঁ যে তেখেতে নাটক প্ৰসংগৰ  কিতাপ এখনো লেখিছিল | লেখাটো বিস্ময়ত প্ৰকাশ পাইছিল | তেখেতে বিস্ময়ৰ ঠিকনাত দুয়োখন কিতাপৰ একোটাকৈ কপি মোলৈ পঠিয়াই দিছিল | 

 অসমীয়া চলচ্চিত্ৰ সাহিত্যৰ বিষয়ে লেখা মেলা কৰোঁতে বহুতে এই কিতাপখনৰ কথা পাহৰি যায় | অসমীয়া ভাষাত  চিনেমাৰ বিষয়ে কিতাপ প্ৰকাশ কৰাটো যেতিয়া এটা আচৰিত ধৰণৰ কথা আছিল,  তেতিয়াই মহেশ্বৰী ডাঙৰীয়াই 'বোলছবিৰ কথা'  প্ৰকাশ কৰিছিল | ক্ৰাউন আকাৰত ছপোৱা এই কিতাপখন বহুত সুন্দৰ আলোকচিত্ৰৰে ভৰি আছিল | আলোকচিত্ৰবিলাক আছিল মূলতঃ শ্বট বিলাকৰ ব্যাখ্যা কৰিবৰ কাৰণে | সেই আলোকচিত্ৰত থকা নায়ক আৰু নায়িকাগৰাকী আছিল আজিৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী  আৰু প্ৰদীপ পূজাৰী | 

পৰ্ট্ৰেইটখন লখিমপুৰৰ সাংবাদিক শৈলেন বৰুৱাই 'ফেচবুক'ত আপলোড কৰা ফটো এখনৰ পৰা আঁকি লোৱা হৈছে | বাকী ফটোখনো তেখেতৰ পৰাই পোৱা |  





সময় প্ৰৱাহত জীৱনৰ গতি


অসমৰ বিদ্যায়তনিক জগতৰ এগৰাকী ল' প্ৰফাইল পণ্ডিত ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী | গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হোৱাৰ লগে লগেই তেখেতৰ নামটো সংবাদ মাধ্যমত জিলিকি উঠিছিল,  কাৰণ আছিল চাকৰিত যোগ দিবলৈ যোৱাৰ দিনাই তেখেত এটা অপ্ৰীতিকৰ ঘটনাৰ মুখামুখি হৈছিল | তেখেতে কৈছিল 'মোৰ কাৰ্যকালৰ প্রথম দিনটোত লোৱা এই পদক্ষেপ মোৰ বাবে এক গার্ড অৱ ডিছঅনাৰ |' 
অতি শান্তশিষ্ট আৰু স্বল্পবাক ব্যক্তিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ বহু বিশৃংখল অৱস্থাক শৃংখলিত কৰি তুলিছিল | তেখেতৰ আত্মজীৱনী 'সময় প্ৰৱাহত জীৱনৰ গতি |'  এই কিতাপখন পঢ়িলে আমি এইগৰাকী পণ্ডিত প্ৰশাসকৰ জীৱনৰ সৰু ডাঙৰ বহুতো ঘটনাৰ কথা জানিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ |

Tuesday, May 5, 2026

বাদল চক্ৰৱৰ্তীৰ লেখা এক মননশীল পাঠ

বাদল চক্ৰৱৰ্তীৰ গল্প বা উপন্যাস কেৱল একো একোটা ঘটনা নহয় এইবোৰ হ'ল মানুহ আৰু সমাজৰ গভীৰ অনুসন্ধান | অনন্য  সাৱলীল কথন আৰু সামাজিক সচেতনতা তেওঁৰ লেখাৰ মূল বৈশিষ্ট্য | কবিতাৰ কোমলতা আৰু যুক্তিৰ তীক্ষ্ণতা একেলগে মিলি তেওঁৰ গল্প আৰু উপন্যাসক বৌদ্ধিকভাৱে দৃঢ় আৰু মানৱিকভাৱে সংবেদনশীল কৰি তোলে | তেওঁৰ কলমত ডিটেক্টিভ কাহিনী কবিতালৈ ৰূপান্তৰিত হয় আৰু সামাজিক বিষয়সমূহ মানৱ জীৱনৰ নীৰৱ দলিল হৈ উঠে  | আবেগৰ আতিশয্য বা ভাষণ ধৰ্মী প্ৰকাশৰ পৰা বহু দূৰৰ এই কাহিনীবোৰে জীৱনৰ নৈতিকতা আৰু মানৱিক মূল্যবোধৰ সূক্ষ্ম ছবি অংকন কৰে | 

সৌন্দৰ্য আৰু বিবেকৰ যুগপৎ অভিব্যক্তিক সাহিত্যৰ বিশেষ গুণ বুলি বিশ্বাস কৰা পাঠকৰ বাবে বাদল চক্ৰৱৰ্তীৰ লেখা এক মননশীল পাঠ | তেওঁৰ দুখন কিতাপ -  'অস্ত ৰবিৰ দুখ' আৰু 'পুৱতিত পখীৰ গীত' | এখনত সংকলিত হৈছে ৰহস্যধৰ্মী গল্প-উপন্যাস আৰু আনখনত সামাজিক বিষয়ৰ গল্প | সঞ্জীৱ বৰাৰ সুন্দৰ বেটুপাতেৰে কিতাপ দুখন প্ৰকাশ কৰি উলিয়াইছে অসম বুক হাইভে | 

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ওচৰৰ 'ফতেহপুৰচিক্ৰী'ত বাদল চক্ৰৱৰ্ত্তী কেইবাদিনো থাকিবলগীয়া হৈছিল | তাৰ পটভূমিতেই তেওঁ ৰচনা কৰিছিল ৰহস্য উপন্যাস 'শেষ পাণ্ডুলিপি' | কাশ্মীৰৰ পটভূমিত তেওঁ ৰচনা কৰিছিল  ' ৰাতিৰ পিয়াসী ৰজনীগন্ধা' |  তেওঁ ৰচনা কৰা 'অস্ত ৰবিৰ দুখ' অসমীয়া সাহিত্যত প্ৰথম ক্ৰীড়া ভিত্তিক উপন্যাস | 

এই কিতাপ দুখনেই  বাদল চক্ৰৱৰ্ত্তীক অসমীয়া সাহিত্যত এখন আসন স্থায়ী প্ৰদান কৰিব |

Monday, May 4, 2026

আজি পুণ্য দাসৰ স্মৃতি দিৱস

এই ছবিখন ডিজিটেলি পুনৰুদ্ধাৰ কৰা হৈছে | ছবিখন তাৰাচন্দ বৰজাত্য প্ৰযোজিত 'মুক্তি' ছবিৰ এটি দৃশ্য | অভিনেতা দুগৰাকী হ'ল ধৰ্মেন্দ্ৰ আৰু পুণ্য দাস | পুণ্য দাস অসমৰ শিল্পী | পুণেৰ ফিল্ম ইনষ্টিটিউট-ত তেওঁ অভিনয় শিকিছিল | মৃণাল সেনৰ  'ভুৱন সোম' ছবিত অভিনয় কৰিছিল | পৰবৰ্তী কালত নিজেই লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত মুক্তি নামৰ ছবি এখনৰ কাম আগবঢ়াইছিল | এটা সময়ত তেওঁ অভিনয় বা ৰূপালী পৰ্দাৰ কাম বাদ দি গ্ৰন্থ ব্যৱসায়ত নামিছিল | শিৱসাগৰত আৰম্ভ কৰিছিল বিশ্বকোষ নামৰ এখন গ্ৰন্থবিপণী | 

ত্ৰিশ বছৰৰ আগতে, সেই বিশ্বকোষত তেখেতক লগ পাইছিলোঁ, অলপ সময়ৰ কাৰণে | ছবিৰ বিষয়ে কথা পাতিবলৈ তেখেতে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল | সেয়া আছিল খুব কম সময়ৰ সাধাৰণ কথা বতৰা | কিন্তু সেইখিনি সময়তেই তেখেতৰ  মনৰ ভিতৰত থকা কষ্ট আৰু যন্ত্ৰণাৰ উমান পাইছিলোঁ | নীপ বৰুৱাৰ 'এন্থনী মোৰ নাম' ছবিত তেখেতে অভিনয় কৰিছিল আৰু সম্ভৱতঃ অসমীয়া ছবিত সেয়াই আহিছিল শেষ অভিনয় | 

আজি তেখেতৰ স্মৃতি দিৱস | তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ | 

Saturday, May 2, 2026

ভূপালত 'বহুবৃত্ত'

আজিৰে পৰা ভূপালত আৰম্ভ হৈছে চলচ্চিত্ৰ আৰু সাহিত্যৰ এটা বিশেষত্বপূৰ্ণ উৎসৱ চিনেকাৰী | ভূপালৰ তৰুণ প্ৰজন্মৰ কবি আৰু চলচ্চিত্ৰ পৰিচালক সুদীপ চোহনীয়ে আৰম্ভ কৰা এই উৎসৱৰ এয়া অষ্টম বৰ্ষ | ২ আৰু ৩ মে- এই দুদিন এই উৎসৱেৰে ভূপাল চহৰ আলোকিত হৈ থাকিব | ইয়াত থাকিব ছয়গৰাকী কবিৰ কবিতাপাঠ, আলোচনা ইত্যাদি আৰু আঠখন বিভিন্ন দৈৰ্ঘৰ চুটিছবি | লগতে থাকিব সেই ছবিৰ পৰিচালকসকলৰ লগত হোৱা কথোপকথন |

এই চলচ্চিত্ৰ প্ৰদৰ্শনৰ কাৰণে বিশেষভাৱে আমন্ত্ৰিত হৈছে "বহুবৃত্ত" | ২০১৮ চনতে স্বপ্না দত্ত ডেকাৰ কবিতাৰ পৰা নিৰ্মাণ কৰা এই ছবিখন প্ৰথমে গুৱাহাটীত অনুষ্ঠিত হোৱা চুটি ছবিৰ আন্তৰ্জাতিক মহোৎসৱত আৰু তাৰ পাচত ইণ্ডিয়ান পেন'ৰামাত প্ৰদৰ্শিত হৈছিল | তাৰপিছত ভাৰতৰ আৰু বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল |

ভাৰতৰ প্ৰখ্যাত শব্দযন্ত্ৰী অমৃত প্ৰীতমে এই ছবিৰেই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল | ভাৰতৰ এগৰাকী প্ৰখ্যাত চিত্ৰ সম্পাদক অসীম চিনহাই ছবিখন সম্পাদনা কৰিছিল | তেখেতে সম্পাদনা কৰা এইখনেই প্ৰথম অসমীয়া ছবি | এই ছবিখন তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল | আঠ বছৰ আগতে নিৰ্মাণ কৰা এই ছবিখনে আজিও বিভিন্ন ৰসিকক বিভিন্ন ধৰণে আমোদ দি আছে উৎসাহিত কৰি আছে -ছবি এখনৰ বাবে এয়াই ডাঙৰ প্ৰাপ্তি |

Friday, May 1, 2026

কুবেৰ নাথ ৰায় - সাাহিত্য, সমাজ আৰু দায়বদ্ধতা

মূল- অনন্ত বিজয় | অনুবাদ- উৎপল দত্ত

[অনুবাদকৰ টোকা- নলবাৰী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল তেখেত ৷ শুভ্ৰ ধুতি-পাঞ্জাবী, কলা ৰঙৰ জোতা, গহীন চাল-চলন আৰু সৌম্য উপস্থিতি ৷ নলবাৰী কলেজৰ হোষ্টেলৰ এটি কোঠাত তেখেতে বাস কৰিছিল, অধ্যাপনা কৰিছিল আৰু বাকী সময়খিনি সাহিত্যৰ সাধনা কৰিছিল ৷ নব্বৈ দশকৰ মাজভাগত তেখেতে নলবাৰী কলেজ এৰি গুচি যায় আৰু উত্তৰ প্ৰদেশৰ স্বামী সহজানন্দ সৰস্বতী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰে ৷ নলবাৰী কলেজত থকা সময়ত আমি তেখেতক এগৰাকী দায়িত্বশীল অধ্যাপক হিচাপেই পাইছিলোঁ, তেখেতৰ সাহিত্য প্ৰতিভাৰ কোনো আভাষ পোৱা নাছিলোঁ ৷ হিন্দী সাহিত্য জগতৰ কিছু ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পাচতহে তেখেতৰ বিস্তৃত প্ৰতিভা আৰু প্ৰভাবৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছিলোঁ ৷ ভাৰতৰ হিন্দী বলয়ৰ বিভিন্ন মহাবিদ্যালয় আৰু অন্য বিদ্যায়তনিক প্ৰতিষ্ঠানত তেখেতৰ সাহিত্য কৃতিৰ আলোচনা এটা নিয়মিত ঘটনা ৷ ভাৰত চৰকাৰৰ ডাক-বিভাগে তেখেতৰ ছবি সম্বলিত এটি ডাকটিকট প্ৰকাশ কৰিছিল ৷ তেখেতৰ গুৰুত্ব বুজাবলৈ এই ডাক-টিকটটিয়েই যথেষ্ঠ ৷ অলপতে তেখেতৰ বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ পাইছে প্ৰখ্যাত হিন্দী বাতৰি কাকত দৈনিক জাগৰণত ৷ সেই প্ৰবন্ধটিৰ অনুবাদেৰেই শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ | ] 

মূল প্ৰবন্ধটিৰ শিৰোণামা  মুছলিম অনুপ্ৰৱেশ আৰু হিন্দী সাহিত্য

কেইদিনমানৰ আগতে অসম বিধানসভাৰ নিৰ্বাচন সম্পুৰ্ণ হৈছে ৷ বংগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে ৷ ইয়াৰ আগতে বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই তিনিখন বিধানসভা নিৰ্বাচনৰ সময়ত ‘অনুপ্ৰৱেশকাৰী’ শব্দটোক লৈ ব্যাপক ৰাজনীতি হৈ গৈছে ৷ বংগত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ ঘোষণাৰ পাছৰেপৰাই ৰাজনৈতিক দলসমূহৰ মাজত বাংলাদেশী মুছলিম অনুপ্ৰৱেশকাৰীক লৈ বিবৃতিৰ ধুমুহা বৈছিল ৷ বাংলাদেশী মুছলিম অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইছ্যু কৰি তুলিছে ৷ মমতা বেনাৰ্জীয়েও নিজৰ ভাষণত অনুপ্ৰৱেশকাৰীৰ বিষয়টোৰে কেন্দ্ৰ চৰকাৰক প্ৰত্যাহ্বান জনাই আহিছে ৷ অসমত বিশেষ পুনৰীক্ষণৰ আগতো আৰু পাছতো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়টো নিৰ্বাচনী মঞ্চত উষ্ণ আলোচনাৰ বিষয় হৈ আহিছে৷ বংগ আৰু অসমৰ পৰা এনেধৰণৰ বাতৰি আহিয়েই থাকে ৷ এই বাতৰিবোৰ পঢ়াৰ পাছত মনত প্ৰশ্ন উদয় হ’ল — অনুপ্ৰৱেশকাৰীৰ এই সমস্যাটো হিন্দী সাহিত্যই কেনেদৰে নিজৰ ৰচনাবোৰৰ মাজেৰে ধৰি ৰাখিছে ?

মনলৈ প্ৰথমেই অহা নামটো হ’ল  কুবেৰনাথ ৰায় ৷ কুবেৰনাথ ৰায়ে অসমত শিক্ষকতা কৰি থকা সময়ত দেশ-বিদেশৰ বিভিন্ন বিষয়ত আলোকপাত কৰি লিখিছিল ৷ ১৯৬০-৭০১ দশকত নক্সালপন্থীসকল আৰু তেওঁলোকৰ সমৰ্থকসকলৰ ওপৰত তেখেতে কলম চলাইছিল ৷ তেখেতে ভাৰতীয় পৌৰাণিক প্ৰতীকসমূহ নিজৰ ৰচনাত ব্যৱহাৰ কৰিছিল আৰু সেই ৰচনাবোৰে পাঠক সমাজৰ পৰা আদৰ লাভ কৰিছিল ৷  তেখেতৰ প্ৰবন্ধ সংকলনসমূহ পুনৰ মেলি ললোঁ৷ ভাৰতীয় জ্ঞানপীঠৰ দ্বাৰা প্ৰকাশিত কুবেৰনাথ ৰায়ৰ এখন প্ৰবন্ধ সংকলন হ’ল ‘গন্ধমাদন’৷ এই সংকলনত ‘কজৰীবনত জীৱহংস’ নামৰ এটি প্ৰবন্ধ আছে৷ প্ৰথম শাৰীটোৰ পৰা অনুমান কৰিব পাৰি যে এই প্ৰবন্ধটো লিখা হৈছিল ১৯৬৯ চনত৷ তেখেতে লিখিছে — ‘উনৈশ শ সত্তৰৰ যুৱ বসন্ত এতিয়াও অলপ দূৰত, কিন্তু তাৰ নক্সালপন্থী লৌহ মৃদংগৰ টংকাৰ শুনি উনসত্তৰৰ এই জৰাজীৰ্ণ, পাণ্ডুৰ বৃদ্ধ হেমন্ত আৰু বেচি শীতল হৈ পৰিল৷’ 

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়তো তেখেতে কলম তুলি লৈছিল৷  তেখেতে  এটা প্ৰবন্ধত সেই বিষয়ত অতি যুক্তিপূৰ্ণ বৰ্ণনা দাঙি ধৰিছে৷ কেনেদৰে বাংলাদেশী মুছলমানসকল অসমত সোমাই পৰে আৰু তাৰ পাছত কৃষিকামৰ নামত স্থায়ী ঘাটি পাতি লয় — সেই বিষয়টোও তেখেতে স্পষ্ট কৰি দিছে৷ ‘কজৰীবনত জীৱহংস’ প্ৰবন্ধত ৰায়ে লিখিছে — ‘অসমলৈ কেইবা লাখো অনুপ্ৰৱেশকাৰী আহি পৰিছে, তাৰ ভিতৰত সংখ্যাগৰিষ্ঠই এই যাযাবৰ মুছলমান কৃষক৷ এওঁলোকে ভুৱা নামত বা কোনো স্থানীয় মুছলমানৰ নামত চৰকাৰী দ৫১১ পৰা মাটিৰ বন্দোবস্ত কৰি লয় আৰু কেতিয়াবা এনেয়ে দখল কৰি মৰাপাট, ধান, আলু আৰু সৰিয়হ আদিৰ খেতি কৰিবলৈ লয়৷ নতুন মাটিৰ গুণত শস্য উৎপাদনো বৰ চকুত লগা হয়þ৷ অসমৰ মন্ত্ৰীসভা আৰু সুৰক্ষা বিভাগ কঠোৰ হোৱাৰ পাছত এওঁলোকে লাহে লাহে ইয়াৰেই বাসিন্দা হৈ পৰে আৰু কেতিয়াবা এটা ৰাজনৈতিক দলৰ, কেতিয়াবা আন এটা দলৰ সহায়ত ভোটাৰ তালিকাত নামো উঠাই লয়৷’

এতিয়া যদি আমি কুবেৰনাথ ৰায়ে ১৯৬৯ চনত লিখা এই কথাখিনি মনোযোগেৰে চাওঁ, তেন্তে স্পষ্ট হৈ পৰে যে ৰাজনৈতিক দলসমূহৰ সহায়ত বাংলাদেশী মুছলমানসকলে ভাৰতৰ ভোটাৰ তালিকাত নিজৰ নাম সুমুৱাই লোৱাত সফল হৈ আহিছে৷ কুবেৰনাথ ৰায়ে ভোটাৰ তালিকাত  নাম তোলা প্ৰসংগতে নাথাকি, এই বিষয়টোক ৰাজনৈতিক সিদ্ধান্তৰ কষটি শিলতো ঘঁহি চাইছে৷ তেখেতে আৰু লিখিছে — ‘ভাৰতীয় কমিউনিষ্টসকলৰ ধাৰণা যে কমিউনিজমৰ প্ৰধান শত্ৰু হৈছে হিন্দুত্ব, সেয়েহে ভৱিষ্যতৰ যুদ্ধত মুছলমানসকল বৰ কামৰ সামগ্ৰী হ’ব৷ আনহাতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ মত হ’ল যে কমিউনিজমৰ বিৰুদ্ধে মোৰ্চা তেতিয়াহে জয় কৰিব পৰা যাব যেতিয়া মুছলমান হাতত থাকিব — হিন্দুসকল তো বাওঁপন্থী হৈ গৈছে৷ কিন্তু সাধাৰণ মুছলমানে কোনো প্ৰতিবদ্ধকতাৰ সৃষ্টি নকৰে৷ তেওঁলোকে নিজৰ লাভ-লোকচানহে চায় আৰু সম্প্ৰদায়ৰ কথাও অলপ চিন্ততা কৰে,  ইয়াৰ বাহিৰে আৰু একো নহয়৷ যি কি নহওক, এই যাযাবৰ মুছলমানসকল অতি পৰিশ্ৰমী৷ বিশেষকৈ এওঁলোকৰ মহিলাসকলে বৰ কষ্ট কৰে৷ এজন মুছলমানে তিনি-চাৰিবাৰ বিয়া কৰায়, আৰামেৰে তামোল-পান খায়, কেশচৰ্চা কৰে আৰু  নতুন পত্নীৰ লগত থাকে,   বাকীসকলে প্ৰাচীন কালৰ দাসীৰ নিচিনা কাম কৰা আৰু খোৱা-বোৱাৰ কামতে ব্যস্ত হৈ থাকিব লাগে৷... ফাতিমাৰ বায়েকৰ স্বামীও এনে এটা যাযাবৰ পৰিয়ালৰ পৰা আহিছে যিটো পৰিয়াল এতিয়া এই নদীৰ পাৰত দহ-বাৰ বছৰৰ পৰা খোপনি পুতি  আছে, ঘৰ-দুৱাৰ বান্ধি স্থায়ী বাসিন্দা হৈ গৈছে৷’

কুবেৰনাথ ৰায় শব্দ নিৰ্বাচনত অতি সচেতন লেখক হিচাপে পৰিচিত৷ তেখেতৰ উপৰোক্ত মন্তব্যৰ পৰা স্পষ্ট হয় যে কেনেদৰে বাংলাদেশী মুছলমানসকল অসমলৈ আহে আৰু ৰাজনৈতিক দলসমূহৰ সহায়ত ভোটাৰ তালিকাত স্থান দখল কৰি লয়৷ ৰাজনৈতিক দলসমূহে বাংলাদেশী মুছলমানসকলক নিজৰ মতাদৰ্শ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ তেখেতে ইয়াকো স্পষ্ট কৰে যে মুছলমানসকলে কোনো মতাদৰ্শগত প্ৰতিবন্ধকতাক গুৰুত্ব নিদিয়ে, বৰঞ্চ ব্যক্তিগত স্বাৰ্থকহে প্ৰাধান্য দিয়ে৷ কুবেৰনাথ ৰায়ৰ এই প্ৰবন্ধটো সাহিত্যিক সুৰৰ হ’লেও, ইয়াত তেখেতে বাংলাদেশী মুছলমানৰ অসমত অনুপ্ৰৱেশ, তেওঁলোকৰ জীৱনশৈলী আৰু স্থায়ী বাসিন্দা হোৱাৰ পদ্ধতিসমূহ যি ধৰণে উন্মোচন কৰিছে সেয়া অতি যথাযথ ভাব হয়৷ বাওঁপন্থীসকলৰ ৰাজনীতিক কুবেৰনাথ ৰায় ১৯৬৯ চনতেই প্ৰহাৰ কৰিছিল, যি সময়ত নক্সালপন্থীসকলক লৈ শিক্ষা-বুদ্ধিজীৱী মহলত এটা ৰোমািKI×ক মোহ পৰিলক্ষিত হৈছিল৷ এইটো আকস্মিক নহয় যে বাওঁপন্থী ইকোচিস্টেমে বৰ চতুৰতাৰে কুবেৰনাথ ৰায়ৰ দৰে ভাৰতীয় পৰম্পৰা আৰু পৌৰাণিক গ্ৰন্থৰ প্ৰতীক লৈ সমসাময়িক পৰিস্থিতিত লিখা লেখকক চুকলৈ ঠেলি দিয়াৰ এটা কুটিল খেল খেলিছিল৷ যি কি নহওক, সেই প্ৰসংগ এই ৰচনাৰ বিষয় নহয়৷

উল্লিখিত প্ৰবন্ধত কুবেৰনাথ ৰায়ৰ আৰু এটি বাক্যই মনোযোগ আকৰ্ষণ কৰে৷ তেখেতে লিখিছে — ‘ময়মনসিং বাংলাদেশৰ এখন জিলা৷ এই ময়মনসিঙীয়া মুছলমানসকলে য’তে ভাল মাটি পায়, তাতেই খেতি কৰিবলৈ লাগি যায়৷ আইনীভাৱে বা বেআইনীভাৱে দখল কৰি  মালিকহীন মাটিত এটা জনবসতি গঢ়ি তোলে৷’ এই প্ৰবন্ধত তেখেতে বুজাইছে যে কেনেদৰে অসমৰ নদীসমূহে পথ সলনি কৰে আৰু বানপানীৰ পৰা ওলাই অহা মাটিত ময়মনসিঙীয়া মুছলমানসকলে কেনেদৰে দখল স্থাপন কৰে৷ সাহিত্যত অনুপ্ৰৱেশৰ এই সমাজতাত্ত্বিক বিশ্লেষণ এক বিৰল দলিল৷

আজি ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ চলি আছে৷ অনুপ্ৰৱেশকাৰীসকলক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহক অটল যেন দেখা যায়৷ অসমতো বিধানসভা নিৰ্বাচনত এই বিষয়টো মুখ্য ইছ্যু হৈছিল, তাৰ আঁৰত কেৱল ৰাজনীতি নহয়, দেশৰ ভোটাৰ তালিকাক শুদ্ধ কৰাৰ প্ৰয়াসকেই দেখা যায়৷ কোৱা হয় যে সাহিত্যই নিজৰ সময়কো লিপিবদ্ধ কৰি যায় — কেতিয়াবা বাস্তৱৰ চিত্ৰণ হিচাপে, কেতিয়াবা কল্পনাৰ ৰং সানি৷ কুবেৰনাথ ৰায়ে তেখেতৰ ‘কজৰীবনত জীৱহংস’ প্ৰবন্ধত যাত্ৰা, প্ৰকৃতি আৰু সমাজৰ নামেৰে মুছলমানৰ ভাৰতত অনুপ্ৰৱেশৰ কৌশল আৰু ৰাজনৈতিক দলসমূহে ভোটাৰ তালিকা দূষিত কৰাৰ ষড়যন্ত্ৰ উন্মোচন কৰিছে৷ দেশখনে মুছলিম অনুপ্ৰৱেশৰ সমস্যা দীৰ্ঘ সময় ধৰি বহন কৰি আহিছে আৰু এতিয়া তাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তত গ্ৰহন কৰাৰ সময় আহি পৰিছে৷ 

[লেখক অনন্ত বিজয়  দৈনিক জাগৰণ কাকতৰ সহযোগী সম্পাদক] 

নিয়মীয়া বাৰ্তাৰ ত্ৰিশ এপ্ৰিল সংখ্যাত প্ৰকাশিত 


Featured Post

A memorable classical concert

  As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-s...