নন্দকিশোৰ মহেশ্বৰী ডাঙৰীয়াক প্ৰথম দেখিছিলোঁ আলোচনী প্ৰকাশিত এখন চিনেমাৰ স্থিৰ চিত্ৰ এখনত | দলং এখনৰ ওপৰত থিয় হৈ চাইকেলত ভেজা দি অভিনেত্ৰী এগৰাকীৰ লগত কথা পাতি আছিল, চিনেমাখনৰ নাম আছিল পলাশৰ ৰং | তেখেতে পিন্ধা বেলবটম ষ্টাইলৰ পেণ্ট, কঁকালৰ মোটা বেল্ট আৰু অলপ বেলেগ ধৰণৰ মোচকোচা- এতিয়াও চকুৰ আগত ভাহি আছে |
বহুত বছৰ পিছত আকাশবাণী ডিব্ৰুগড়ৰ পৰা লখিমপুৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান বাণীবন্ধন কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ | মনত আছে তেখেতৰ ছোৱালীয়ে এটা পৰীক্ষাত ভাল নম্বৰ পাইছিল | তেখেতৰ ঘৰত চাহ খাইছিলোঁ, বিশেষ ধৰণৰ মিঠাই কেইটা এতিয়াও মনত আছে |
এবাৰ অসমীয়া চিনেমাৰ বিষয়ে লেখা কিতাপৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিলোঁ | তাত নন্দকিশোৰ মহেশ্বৰীডাঙৰীয়াৰ এখন কিতাপৰ কথা উল্লেখ আছিল | মই জনা নাছিলোঁ যে তেখেতৰ কিতাপ দুখন | লেখাটো বিস্ময়ত প্ৰকাশ পাইছিল |তেখেতে বিস্ময়ৰ ঠিকনাত দুয়োখন কিতাপৰ একোটাকৈ কপি মোলৈ পঠিয়াই দিছিল |
অসমীয়া চলচ্চিত্ৰ সাহিত্যৰ বিষয়ে লেখা মেলা কৰোঁতে বহুতে এই কিতাপ দুখনৰ কথা পাহৰি যায় | অসমীয়া ভাষাত চিনেমাৰ বিষয়ে কিতাপ প্ৰকাশ কৰাটো যেতিয়া এটা আচৰিত ধৰণৰ কথা আছিল, তেতিয়াই মহেশ্বৰী ডাঙৰীয়াই প্ৰথমখন কিতাপ প্ৰকাশ কৰিছিল | ক্ৰাউন আকাৰত ছপোৱা এই কিতাপখন বহুত সুন্দৰ আলোকচিত্ৰৰে ভৰি আছিল | আলোকচিত্ৰবিলাক আছিল মূলতঃ শ্বট বিলাকৰ ব্যাখ্যা কৰিবৰ কাৰণে | সেই আলোকচিত্ৰত থকা নায়ক আৰু নায়িকাগৰাকী আছিল আজিৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰদীপ পূজাৰী |
পৰ্ট্ৰেইটখন লখিমপুৰৰ সাংবাদিক শৈলেন বৰুৱাই 'ফেচবুক'ত আপলোড কৰা ফটো এখনৰ পৰা আঁকি লোৱা হৈছে | বাকী ফটোখনো তেখেতৰ পৰাই পোৱা |


No comments:
Post a Comment