অলপ সময়ৰ আগতে ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে; তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেত সপোন দেখিবলৈ সাহস থকা এজন অনন্য ব্যক্তিত্ব, যাৰ বহু সপোন ইতিমধ্যে বাস্তৱত ৰূপায়িত হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তাৰ সুফল ভোগ কৰিছোঁ। আশা কৰিছোঁ, অহা পাঁচটা বছৰত তেখেতৰ আধৰুৱা সপোনবোৰ পূৰ্ণ হোৱাৰ লগতে তেখেতে ৰাজ্যখনৰ বাবে নতুন নতুন সপোন দেখক।
ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিব হৈ থকা সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ পুথিভঁড়াল আৰু সংঘসমূহলৈ কিতাপৰ টোপোলা পঠিয়াই তেখেতে এক শক্তিশালী বাৰ্তা দিছিল যে অধ্যয়নৰ অবিহনে এটা প্ৰজন্ম কেতিয়াও আগবাঢ়িব নোৱাৰে। পৰৱৰ্তী সময়ত ‘টেট’ পৰীক্ষাৰ যোগেৰে তেখেতে এচাম মেধাৱী যুৱক-যুৱতীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে অতি নিকা নিযুক্তি ব্যৱস্থাৰে সমগ্ৰ সমাজখনলৈ আশা, আস্থা আৰু বিশ্বাসৰ এক নতুন বতৰা কঢ়িয়াই আনিলে। তৰুণ লেখকসকললৈ আগবঢ়োৱা সন্মান আৰু ফেল’শ্বিপ আদি পদক্ষেপসমূহে আমাৰ বৌদ্ধিক চৰ্চাৰ জগতখনক বিশেষভাবে আলোড়িত কৰি তুলিছে। ইয়াৰ উপৰি বিভিন্ন ৰাস্তা-ঘাট, দলং আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহে তেখেতৰ উন্নয়নমূলক পৰিচয় দাঙি ধৰিছেই।
আচলতে এই সকলোবোৰ সম্ভৱ হৈ উঠিছে তেখেতৰ সুদূৰপ্ৰসাৰী চিন্তা, তীক্ষ্ণ বুদ্ধিমত্তা আৰু দেশৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছাৰ বাবেই। এনে এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন যে আৰু অধিক সমৃদ্ধিশালী হৈ উঠিব, সেই বিষয়ে মোৰ কোনো সন্দেহ নাই।
মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই এদিন অতি ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হৈছিল, এই ফটোকেইখন সেই বিশেষ মুহূৰ্তৰে স্মৃতি।



No comments:
Post a Comment