অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতিফলন ঘটে- সেই কথাটোৱেই আছিল এই কৌতুহলৰ প্ৰধান কাৰণ | ছবিখন চোৱাৰ পিছত ভাৱ হ'ল আমি যিমানখিনি আশা কৰিছিলোঁ ছবিখনে তাতকৈ বেছি পৰিমাণেহে আমাক দিলে | ছবিখনৰ কাহিনী সাধাৰণতে আমি চিনেমাত দেখা পোৱা কাহিনীতকৈ বহুত বেলেগ | খাকী পোচাক পৰিহিত পুলিচৰ ব্যক্তিত্ব, কৰ্মজীৱন আৰু সামাজিক জীৱন এই তিনিওটাকে তেওঁ সাঙুৰি লৈছে | সাধাৰণতে চিনেমাত পুলিচক হয় নায়ক বা খলনায়ক- তেনেকুৱা স্পষ্ট দুটা ভাগত বিভক্ত কৰা হয় | খাকী ছবিখনত পুলিচ বিষয়া গৰাকী মূল চৰিত্ৰ, কিন্তু তেওঁক দেৱতুল্য কৰাৰ চেষ্টা পৰিচালকে কৰা নাই | পুলিচ সংক্ৰান্তত আমি যিবোৰ কথা শুনি থাকোঁ তেনেকুৱা কথাকো চৰিত্ৰটিৰ মাজেৰে প্ৰকাশ কৰা হৈছে | ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ শক্তিয়ে পুলিচক কেনেদৰে ব্যৱহাৰ কৰে সেই কথাও ছবিখনত বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা হৈছে | ছবিখনত নতুন পুৰণি আটাইবোৰ অভিনেতা-অভিনেত্ৰীয়ে ভাল অভিনয় কৰিছে | পৰিচালক এজনে নিজৰ প্ৰথমখন ছবিত একেবাৰে নতুন অভিনেতা এজনৰ কান্ধত ছবিখনৰ বোজা দিয়াটো যথেষ্ট সাহসিকতাৰ কাম | এই সাহস অতনু ভুঞাৰ আছে কাৰণেই তেওঁ চৰিত্ৰটি সফল ৰূপত উপস্থাপন কৰিব পাৰিছে | এই চৰিত্ৰটোত পৱন গায়নৰ বাহিৰেই অইনক কল্পনা কৰাটো কঠিন | ৰাজনৈতিক নেতাৰ ৰূপত অৰুণ নাথ অতি বিশ্বাসযোগ্য | ডাক্তৰ জাহানাৰা বেগমক এটা বেলেগ ৰূপত আমি দেখিবলৈ পালোঁ, ইয়াৰ কাৰণেও পৰিচালক ধন্যবাদৰ পাত্ৰ | মূল চৰিত্ৰটিৰ সহযোগী পুলিচ বিষয়াগৰাকীৰ অভিনয়ো ভাল লাগিছে আন দুটিমান চৰিত্ৰত হেমন্ত দেৱনাথ গীতাৰ্থ শৰ্মা আৰু নন্দিনী বৰুৱাকো ভাল লাগিছে |
ছবিখনত ধুবুৰী অঞ্চলৰ কিছু দৃশ্য দেখুওৱা হৈছিল যিবোৰ ঠাই আমি অসমীয়া চিনেমাত পূৰ্বতে দেখা নাছিলোঁ | ছবিখনৰ প্ৰতিটো ফ্ৰেমতেই পৰিচালকৰ চিন্তা আৰু নিষ্ঠাৰ প্ৰতিফলন ঘটিছে | এটা সৰু উদাহৰণ দিছোঁ আৰক্ষী বিষয়া গৰাকীৰ সহযোগীজনে তেওঁৰ ঘৰলৈ বিষয়াজনক মাতি নিয়ে, ছোৱালীজনীৰ গান এটা শুনায় | এই সৰু দৃশ্যটিত ঘৰটোৰ বেৰত দেখা পাইছোঁ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আদিৰ ফটো তাত থোৱা আছে, আৰু এখন ফটো আছে পুলিচ বিষয়াগৰাকী তেওঁৰ ঘৈণীয়েক আৰু ছোৱালীজনীৰ- ছোৱালীজনীয়ে কিবা পদক এটা পাইছে, সেই মুহূৰ্তটি উদযাপন কৰা ফটো | সেই ফটোখন পৰ্দাত খুব কম সময়ৰ কাৰণে ওলাইছে, সেই ছবিখনেই সমগ্ৰ পৰিয়ালটিৰ সাংস্কৃতিক পৃষ্ঠভূমি সুন্দৰকৈ প্ৰকাশ কৰি তুলিছে |
ছবিখনৰ বেকগ্ৰাউণ্ড স্ক'ৰ খুব সুন্দৰ, দৃশ্যবোৰৰ মুড সৃষ্টি কৰা আৰু তাত গতি সংযোগ কৰাত বেকগ্ৰাউণ্ড মিউজিকেই যথেষ্ট সহযোগ কৰিছে | দৃশ্য গ্ৰহণ খুব ভালদৰে কৰা হৈছে, বিশেষকৈ বহুত মানুহ থকা দৃশ্যবোৰ কৰাটো কষ্টকৰ, সেইবিলাকো খুব সুন্দৰকৈ আৰু বিশ্বাসযোগ্যভাৱে কৰা হৈছে | ছবিখনৰ কাহিনী বৰ্ণনাৰ যিটো কৌশল তাত মোৰ ভাৱ হয় ফ্লেছবেকৰ আধিক্যই মনোযোগক অলপ বাধা দিছে | ছবিখনৰ আৰু এটা ভাল আৰু চকুত লগা দিশ হ'ল চৰিত্ৰবোৰৰ মুখৰ সংলাপ | সংলাপবোৰ বাস্তৱৰ পৰা তুলি অনা, মানুহে তেনেকৈয়ে কথা কয় | আমাৰ বেছিভাগ ছবিৰ সংলাপত লিখি দিয়া বাক্য কিছুমান পঢ়ে, কথা নকয় | এই ছবিত চৰিত্ৰই কথা পাতিছে, কথা কৈছে | এই কৃতিত্বৰ কাৰণে অতনু ভূঞাক আকৌ এবাৰ বেলেগে অভিনন্দন জনাইছো | ছবিখনৰ দৈর্ঘৰ বিষয়ত এটা কথাই ক'ব পাৰোঁ, বিশেষকৈ দ্বিতীয় ভাগৰ দৈৰ্ঘ অকণমান কমাব পৰা হ'লে ভাল আছিল |
No comments:
Post a Comment