আজি ২৭ ফেব্ৰুৱাৰী | আজিৰ পৰা ঠিক এশ এক বছৰ আগতে জন্মগ্ৰহণ কৰিছিল ব্ৰজেন বৰুৱাই | তেওঁৰ শতবৰ্ষ পাৰ হৈ গ'ল শব্দহীনভাৱে | গীত, চলচ্চিত্ৰ, অভিনয়, পৰিচালনা- এই আটাই কেইটি দিশেৰে অসমৰ সংস্কৃতি জগতত সশব্দে বিচৰণ কৰি থকা কৰ্মযোগীজনৰ শতবৰ্ষ নিশব্দেই পাৰ হৈ গৈছিল | আজি আৰু এটা বছৰ পাৰ হৈ গ'ল |
অসমীয়া ছবি জগতৰ কাৰণে ব্ৰজেন বৰুৱাৰ আটাইতকৈ ডাঙৰ অৱদান আছিল কলিকতা নিৰ্ভৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনাৰ জগতখনক তেওঁ এককভাৱে কলিকতাৰ পৰা অসমলৈ লৈ আহিছিল | ষ্টুডিঅ'ৰ সীমাবদ্ধতা অতিক্ৰম কৰি তেওঁ আচল লোকেশ্যনত দৃশ্য গ্ৰহণ কৰি অসমত ছবি নিৰ্মাণ সহজ কৰি তুলিছিল | সংগীত হওক বা চিনেমাই হওক সকলো ক্ষেত্ৰতেই তেওঁ অকলেই নহয় লগত আৰু বহুজনক আগবঢ়াই লৈ গৈছিল | অসমীয়া ছবি জগতত থলুৱা কাৰিকৰী শিল্পীৰ সংযোজন তেওঁৰ অন্যতম অৱদান | চিনেমা জগতত এটা কথা আছে- পোহৰৰ পৰা আঁতৰ হ'লেই মানুহৰ মনৰ পৰাও আঁতৰ হয় | ব্ৰজেন বৰুৱাৰ ভাগ্যত হয়তো তাকেই লেখা আছিল |
অসমৰ সংস্কৃতিবান সাংস্কৃতিক মন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ ব্ৰজেন বৰুৱাৰ এটি আবক্ষ মূৰ্তি জ্যোতি চিত্ৰবন চৌহদত অথবা আইদেউ প্ৰেক্ষাগৃহৰ সন্মুখত স্থাপন কৰিব লাগে | এইটো খুব সৰু অনুৰোধ আৰু চৰকাৰ এখনৰ বাবে এই অনুৰোধটো ৰক্ষা কৰা অকণো কঠিন কাম নহ'ব |

No comments:
Post a Comment