১৯৯২-৯৩ চন সঠিক মনত নাই | মই আকাশবাণীৰ চাকৰিত যোগদান কৰিছোঁ আৰু সেই সময়তেই কোনোবা এখন মেগাজিনত অতনু ভূঞাৰ এখন নাটক পঢ়িছিলো | নাটকখনৰ বিষয় আছিল মহাত্মা গান্ধী | মই আকাশবাণী ডিব্ৰুগড়ত সেই নাটকখন কৰিম বুলি ঠিক কৰিলোঁ | অনুমতিৰ কথা আহিল | অতনুলৈ ফোন কৰিলোঁ | তেতিয়া চিনাকি আছিল যদিও বিশেষ ঘনিষ্ঠতা হোৱা নাছিল | ফোন কৰিলোঁ, উদ্দেশ্য কলোঁ | তেওঁ একেষাৰে ক'লে- 'এই নাটকখন আপোনাৰ, আপোনাকে দি দিছোঁ | যি খুচি তাকে কৰিব পাৰে |' কিন্তু মোক লিখিত এটা অনুমতি লাগে | 'নালাগে মই দিছোঁ সেইখন আপোনাৰ হৈ গ'ল" | কিবা কাৰণত নাটকখন কৰা নহ'ল সেইটো বেলেগ কথা | কিন্তু একে আষাৰে মোক নাটকখন কৰাৰ কাৰণে অনুমতি দিছিল সেইটোৱে মোৰ মনটো ভাল লগাই থাকলে | 'খাকী' চাম সেইটো কাৰণতে | সেইটো প্ৰথম কাৰণ | দ্বিতীয় কাৰণ- অতনুৱে অলপ বেলেগ ধৰণে চিন্তা কৰিব পাৰে, চিন্তা কৰে আৰু সেইমতে কামো কৰে | সেইটোৰ বহুত উদাহৰণ আছে | কিন্তু মোক বেছিকে ইমপ্ৰেছ কৰা তেনেকুৱা এটা উদাহৰণ আছিল - এটা গান - 'বাবু ভিক্ষা দিয়ক না' | অনুজাই খুব সুন্দৰ গাইছিল | সেই অনুজাই এই খাকী ছবিটো গান গাইছে | এই গানটোৰ কাৰণেও মই আগ্ৰহেৰে অপেক্ষা কৰিছো | 'বাবু ভিক্ষা দিয়ক না' - বহুত বছৰ আগৰ গান, এতিয়াও মোৰ কাণত সেই গানটোৰ কেইটামান পংক্তি বাজি থাকে |
তৃতীয় কাৰণটো হ'ল "খাকী' ছবিখন - ছবিখন কি হৈছে মই ক'ব নোৱাৰোঁ কিন্তু ছবিখনৰ যিখিনি বস্তু দেখি আছো সেইখিনিয়ে আকৰ্ষণ কৰে | 'খাকী' নামটো যেনেকৈ লেখা হৈছে - সেই ডিজাইনটোৱে চিনেমাৰ ফিলিংছ এটা দিয়ে, চিনেমা চিনেমা এটা অনুভৱ দিয়ে | সেই অনুভৱটো আছিল - আমি যেতিয়া চিনেমাৰ কাৰণে পাগল আছিলোঁ- আমি যেতিয়া চিনেমাৰ আকৰ্ষণত ভালদৰে নিমজ্জিত হৈছিলোঁ - কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণৰ সেই সময়খিনিত | সেই সময়ত চিনেমাস্কোপ আহো আহো হৈছিল, চিনেমাৰ নাম ইত্যাদি চিনেমাস্কোপৰ দৰে বহল ধৰণে লেখা হৈছিল | অতনু ভূঞাৰ 'খাকী' নামটো আৰু বিভিন্ন ঠাইত তাৰ ৰিফ্লেকশ্যন দেখা পাইছোঁ, তাৰ প্ৰতিধ্বনি শুনিবলৈ পাইছোঁ, তাৰ প্ৰতিফলন দেখা পাইছোঁ আৰু একেধৰণে কিবা চিনেমা ভাল পোৱাৰ কিবা একেডাল ষ্ট্ৰিং যেন আমাৰ দুয়োৰে মনত বাজিছে - এই ভাৱ মনলৈ আহিছে | মোৰ 'চিনে কুইজ' নামৰ কিতাপ এখন আছিল তাৰ বেটুপাতত নামটো তেনেকুৱা ডিজাইন এটাত লিখা আছিল |
এখন চিনেমা চাবলৈ এই মুহূৰ্তত এইকেইটা কাৰণেই যথেষ্ট |