Thursday, October 30, 2025

বাটে বাটে সুৰ সিঁচি থৈ . . .

'মোৰ ফোন নম্বৰটো ডিলিট কৰিলে নেকি ?'- চাদুল্লাই ফোনত খঙেৰে সোধে ৷
'হাৰে কিয় কৰিম ? মৰি যোৱা মানুহৰে নম্বৰ মই ডিলিট নকৰোঁ ৷'
'অ’, ঠিক আছে৷ বহুদিন ফোন কৰা নাই যে, সেই কাৰণে সুধিলোঁ ৷' 

চাদুল্লাৰ লগত মোৰ কথা বতৰা তেনেদৰেই আৰম্ভ হয়, মাজত বহু সময় বিভিন্ন বিষয়, শেষ পৰিয়ালৰ কুশল বাৰ্তাৰে ৷ আজিৰ পৰা এনেদৰে ফোন নাবাজিব, ফোন নম্বৰ ডিলিট কৰা বুলি খঙৰ সুৰেৰে মৰমৰ অভিযোগ নকৰিব ৷ ফোন নম্বৰটি কনটেক্ট লিষ্টত ৰৈ যাব, কেতিয়াবা কাৰোবাৰ ফোন নম্বৰ বিচাৰিলে চাদুল্লাৰ নম্বৰটি ওলাব, কিছু সময় ৰৈ যাম, অলেখ শব্দ আৰু ছবিয়ে চাৰিওফালে ভিৰ কৰিব ৷

সেই ব্ৰক্ষ্মপুত্ৰৰ পাৰত তোলা ফটোখন ৷ সেইখন উৰি আহিব ৷ চাদুল্লাক কায়িকভাবে লগ পাইছিলোঁ আকাশবাণী ডিব্ৰুগড়ত ৷ তাৰ আগতে তেওঁৰ সুৰৰ বিখ্যাত গীতটি শুনিছিলোঁ - অহাৰ দৰে উভতি আঁতৰি গ’লা..৷ ওচৰৰ পৰা লগ পোৱাৰ পাচত অনুভব কৰিছিলোঁ, এই সুৰ তেওঁৰ বাবেই হে সম্ভব ৷ কিয় এই ভাব হৈছিল তাৰ কোনো যুক্তি মোৰ হাতত নাই, কিন্তু ভাবটো হৈছিল ৷

আকাশবাণী ডিব্ৰুগড়ৰ অফিচত খালী হৈ থকা এখন টেবিলত মোৰ ভাগ পৰিছিল ৷  খালী টেবিল, ড্ৰয়াৰত একো নাই ৷ আগতে তাত জ্যোতিষ¸ ভট্টাচাৰ্য বহিছিল, তেখেতৰ বিয়োগৰ পাচত সেইখন খালী হৈ আছিল ৷ টেবিলখনৰ ড্ৰয়াৰবোৰ পৰিষ্কাৰ কৰি থাকোতে এটা টেইপ হাতত পৰিল ৷ আকাশবাণীত বাণীবন্ধনৰ বাবে সেই টেপ ব্যবহাৰ কৰা হৈছিল ৷ টেপটোত কি আছে সেই কথা লেখা কাগত তাত নাছিল ৷ মই ষ্টুডিঅ’লৈ গৈ টেপটো শুনি চালোঁ ৷ ‘যোৱাৰ পৰত সৰা শেৱালী বুটলি কি হ’ব কোৱা’- আকাশবাণীৰ বাবে জ্যোতিষ¸ ভট্টৰ অন্তিমটি গান ৷ গানটি শেষ হ’ল৷ টেপটি ঘুৰি থাকিল ৷ পুনৰ বাজি উঠিল একেটাই গান ৷ একেটি গান, তিনিবাৰ ৰেকৰ্ডিং কৰা ৷ শেষ হোৱাৰ ঠিক আগে আগে চাদুল্লা সোমাল ৷ তেওঁক সুধিলোঁ - তিনিটা টেক কিয় ? নে এটা টেক তিনিবাৰ কপি কৰা হৈছে ৷ 
'তিনিটা বেলেগ বেলেগ ৷ আপোনাৰ কোনটো টেক ভাল লাগিছে ?'
'মইতো একে পাইছোঁ তিনিওটি গীত ৷' 
'নহয়, পাৰ্থক্য আছে ৷ এবাৰ জ্যোতিষ¸দাই ভাল পোৱা নাছিল, এবাৰ মই ৷ তৃতীয় কাটটি ফাইনেল ৷'
এইবাৰ মই আচৰিত হোৱাৰ পাল ৷ 'কওকচোন তিনিওটাৰ কি পাৰ্থক্য ?'
চাদুল্লাই টেপটো ৰিউইণ্ড কৰিলে, অলপ বিচাৰি এটা শব্দ উলিয়ালে, ‘এইটো জ্যোতিষদাই গাওঁতে ভাল হোৱা নাই বুলি ভাবিছিল ৷’ 
'আৰু আপুনি ভাল নোপোৱাটো ?'
টেপটো ফাষ্ট ফ’ৰৱাৰ্ড হ’ল ৷ অলপ ইফাল সিফাল কৰি মেণ্ডোলিনৰ সৰু পিচ এটা উলিয়ালে- এইটো ৷ মোৰ কাণে একো পাৰ্থক্য ধৰিব নোৱাৰিলে ৷ কেৱল এটা কথাই মোৰ ভাল লাগি থাকিল- এটা গানৰ এটি সৰু অংশ সৃষ্টিৰ বাবেও ইমান কষ্ট, ইমান মনযোগ . . . 

এতিয়াও, গানটি শুনিলে মেণ্ডোলিনৰ সেই টুকুৰাটি কেনে উজ্জ্বল হৈ গানটোৰ পৰা ওলাই আহে |
সেই সময়ত ফটোগ্ৰাফাৰ হিচাপে মোৰ অলপ খ্যাতি আছিল ৷ চাদুল্লাৰ ফটো তোলাৰ কথা ওলাল ৷ মোৰ ইচ্ছা ব্ৰক্ষ্মপুত্ৰৰ পাৰত বহি তেওঁ গীটাৰ বজাব আৰু মই ফটো তুলিম ৷ কথা মতে এদিন আবেলি ব্ৰক্ষ্মপুত্ৰৰ পাৰ পালোগৈ ৷ এটা শিলৰ ওপৰত বহি হাতত গীটাৰখন ল’লে ৷ ‘তোলক ৷’ ‘নহয়, আপুনি বজাই থাকক, মই তুলিম ৷’
'কি বজাও ?'
'যোৱাৰ পৰত -'
আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ গীটাৰবাদক আৰু সুৰকাৰ চাদুল্লাই বজাই গ’ল তেওঁৰ প্ৰিয় সুৰটি- এবাৰ, দুবাৰ, বহুবাৰ ৷ মই মাথোঁ শুনি গলোঁ, ফটোখন তুলিবলৈ পাহৰি গলোঁ ৷

আকাশবাণী গুৱাহাটীত চাদুল্লাৰ এটি দীঘল সাক্ষাত গ্ৰহন কৰিছিলোঁ, ‘মোৰ সংগীত যাত্ৰা’ নামৰ অনুষ্ঠানটিৰ বাবে ৷ তাতেই সংকলিত হৈ আছে তেওঁৰ সংগীত জীৱনৰ প্ৰায় নব্বৈ শতাংশ কথা ৷ জ্যোতিষ ভট্টই আকাশবাণীৰ বাবে গোৱা শেষ গীতটিৰ লগত চাদুল্লা জড়িত ৷ ভূপেন হাজৰিকাই আকাশবাণীৰ বাবে গোৱা শেষ গানটিৰ লগতো চাদুল্লা জড়িত, লগত ময়ো ৷ সেয়া অন্য এক স্মৰণীয় অভিজ্ঞতা আমাৰ দুয়োৰে বাবে ৷ এইবোৰ গীত আৰু কাহিনীৰ মাজেৰেই চাদুল্লা জীয়াই থাকিব ৷  

Dainik Assam / 31-10-2025