দেউতা আছিল বিদেশী সাহিত্যৰ গভীৰ অনুৰাগী ৷ বিশেষকৈ বিদেশৰ বিভিন্ন ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ হোৱা কিতাপ পঢ়াত দেউতাৰ খুব অনুৰাগ আছিল ৷ নোবেল বঁটা ঘোষণা হোৱালৈকে আগ্ৰহেৰে অপেক্ষা কৰিছিল আৰু সেই লেখক জনৰ কিতাপ যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি পঢ়িছিল ৷ বহু সময়ত তেওঁ আগতে পঢ়া কিতাপৰ লেখকেও নোবেল বঁটা পোৱা দেখিছিলোঁ ৷ গেব্ৰিয়েল মাৰ্কুইজৰ কিতাপ নোবেল ঘোষণা হোৱাৰ বহু আগতেই দেউতাই পঢ়া দেখা পাইছিলোঁ৷ শেষ বয়সত জিদ্দু কৃষ্ণমূৰ্তিৰ দৰ্শনৰ প্ৰতি আগ্ৰহী হোৱাৰ পাচত দেউতাই ফিকচন, ড্ৰামা আদি পঢ়া কমাই দিছিল ৷ দেউতাৰ টেবিলতে দেখা পাইছিলোঁ ‘চাটানটাংগো’ নামৰ কিতাপ এখন৷ নামটো অলপ ভাৰতীয় যেনো লাগিছিল, লাষ্ট টাংগোৰ লগত অলপ সাদৃশ্য থকা যেনো পাইছিলোঁ ৷ লেখকৰ নামটো পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, - ক্ৰাছজনাহৰকাই লাজলো- মোৰ নিজকে সৌৰভ কুমাৰ চলিহাৰ গল্পৰ সেই চাব-এডিটৰজন যেন লাগি গৈছিল ৷
লেখকগৰাকীয়ে নোবেল প্ৰাইজ পোৱাৰ পাচত কিতাপখন পঢ়ি চাবলৈ মন গ’ল ৷ দেউতাৰ আলমাৰী চালোঁ- কিতাপখন নাই- কোনে বা নিলে . . .
.jpg)