অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী চাৰভিচত থকা হেৰিটেজ খৰিকালৈ লৈ যাও ৷ মুম্বাইৰ প্ৰসিদ্ধ সংগীত সমালোচক চিৰাগ সুতৰক তালৈ নিছিলোঁ- তেওঁ কৈছিল - কি মেল’ডিয়াচ/ খাদ্য আৰু পৰিবেশ / কলকাতাৰ অভিনেত্ৰী ইন্দ্ৰানীয়ে কৈছিল- ইম্মান সোৱাদলগা মাছ আগতে খাই পোৱা নাই ৷ চিত্ৰ সমালোচক ডেলটনে কৈছিল- খাদ্য কেনেকৈ ইমান টেষ্টি হ’ব পাৰে / নেক্সট টাইম, মই কেৱল ইয়াতেই খাম ৷ ষ্টাৰডাষ্ট আলোচনীৰ প্ৰাক্তন সম্পাদক ডঃ পীযুশ ৰায়ে কৈছিল- চিম্পল এণ্ড ক্লাচিক ৷ আৰু কিমানকযে নিছিলোঁ // সকলোৰে মন্তব্য একেটাই ৷
আমাৰ ভাল লাগে- গৌৰবেৰে অসমীয়া খাদ্যক বাহিৰৰ মানুহৰ সম্মুখত পৰিবেশন কৰিব পাৰো- সহজতে ৷
তাৰ পাচত আহিল সোণাপুৰৰ ওচৰত ‘হুৰুম’ ৷ সেইফালেৰে অহাযোৱা কৰিলেই তাত সোমাও ৷ বাহিৰৰ পৰা বন্ধু-বান্ধব আহিলেই চিধাই তালৈ উৰি যাওঁ ৷ এদিন মোৰ মা আৰু ভণ্টীক লৈ গৈছিলোঁ, মাই অতুলৰ আপ্যায়ন খুব ভাল পাইছিল ৷ এবাৰ কংকনা চক্ৰবৰ্তীক লৈ গৈছিলোঁ- তেওঁ এতিয়াও কয়- এইবাৰ গুৱাহাটীলৈ গ’লে হুৰুমলৈ যাম ৷ অকল খাদ্যৰ বাবেই নহয়- আতিথ্য আৰু আত্মীয়তাৰ বাবেও ৷
আজি অতুল লহকৰৰ হেৰিটেজ খৰিকাৰ আৰু এটি শাখাৰ উম্মোচন হ’ল ৷ সোণাপুৰৰ কিডনি হস্পিটালৰ ওচৰতে ৷ আতিথ্য আৰু আত্মীয়তা আৰু অধিক গাঢ় ৷ মই ভাবি আছিলোঁ এইখন ৰেষ্টোৰাঁত মোৰ চুটি ছবি এখনৰ দুটি দৃশ্য গ্ৰহন কৰাৰ কথা ৷ মই নিশ্চিত অতুলে আপত্তি নকৰিব ৷ আশা কৰিছোঁ সোনকালেই মোৰ সেই ছবিৰ দৃশ্যগ্ৰহন আৰম্ভ হ’ব ৷
ওপৰৰ ছবিত অতুলৰ সতে আমি ৷ আহিবৰ সময়ত দিয়া উপহাৰ ৷ নম্ৰতা আৰু কেমেৰামেন ৰাতুল বৰ্মণ ৷ আমাৰ ফটোখন তুলিছে অড্ৰি হাতীবৰুৱাই ৷