Thursday, June 19, 2025

বিষ্ণুৰাভাৰ প্ৰতিকৃতিখন

বৰ্তমান সময়ত বিষ্ণুৰাভাৰ এখন বিশেষ ছবি বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰকাশ হৈ থাকে৷ অলপ বেঁকাকৈ ওপৰৰ পিনে চাই থকা অৱস্থাৰ বিষ্ণুৰাভাৰ মুখাবয়বৰ ছবি ৷ আজিকালি ফটোশ্বপৰ সহায়ত কোনো চিত্ৰশিল্পী বা মুদ্ৰন কাৰিকৰে ছবিখন নিজৰ প্ৰয়োজন মতে ঘুৰাই  দিয়ে ৷ এগৰাকী শিল্পীৰ সৃষ্টিক এনেদৰে ব্যবহাৰ কৰাটো অমাৰ্জিত, অশোভনীয় আৰু¸ নীতিবিৰুদ্ধ৷ কিন্তু বহুতেই কৰি আছে ৷ এই কাম শীঘ্ৰেই বন্ধ হ’ব লাগে ৷ 

অমূল্য মান্নাই তোলা ফটো এখনৰ পৰা এই ছবিখন আঁকিছিল শিল্পী যোগেন দাসে ৷  ডট ব্যবহাৰ তেওঁ এই ছবিখন আঁকিছিল৷ আমাৰ প্ৰতিনিধিৰ এটা সংখ্যাত এই ছবিখন প্ৰকাশ পাইছিল৷ সম্পূৰ্ণ এটা পৃষ্ঠা জোৰাকৈ ছবিখন প্ৰকাশ কৰা হৈছিল, সেই পৃষ্ঠাটো বিশেষভাবে ছপা কৰিছিল আৰ্ট পেপাৰত৷ ‘ডট’ প্ৰয়োগেৰে অঁকা সেই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ লাহে লাহে সেই ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰিলে আবþু বিষ্ণু ৰাভাৰ ছবি বুলিলেই মানুহে সেইখনকেই চিনি পোৱা হ’ল৷ পাচত, ফটোশ্বপ অহাৰ পাচত ছবিখন কোনোবাই ৰঙীন কৰিলে, কোনোবাই মুখখন সোঁফালৰ পৰা বাওঁফাল কৰি দিলে৷ অমূল্য মান্নাৰ মূল ফটোখনৰ কথা মানুহে পাহৰি গ’ল৷ বহু জনপ্ৰিয় ফটোৰ মূল মানুহজনক বহুতে নাজানে, জানিবলৈকেও ইচ্ছা নকৰে- আমাৰ ইয়াত এইটো এটা স্বাভাবিক কথা ৷

আজিৰ এই পবিত্ৰ দিনটোত এই ফটো আৰু¸ ছবিৰ মূল মানুহ দুগৰাকীৰ স্মৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধা জনালোঁ ৷ 

পুনঃ বিষ্ণু ৰাভাৰ বাবে 'কলাগুৰু' অভিধাটি প্ৰথম ব্যবহাৰ কৰিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই ৷  ইয়াক সমৰ্থন কৰিছিল দৈনিক অসমে ৷ এতিয়া এই কথাটো নানানজনে নানান ভাবে কৈ থাকে ৷  ফণী শৰ্মাক ‘নটসূৰ্য’ উপাধি দিয়াটোও বিবুধ কলিতাৰে অৱদান ৷