Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Thursday, June 19, 2025
সময় আৰু সাহিত্যৰ বুৰঞ্জী
কিতাপখন কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন মনত ৰাখি ৰচনা কৰা যদিও ইয়াক পোনপতীয়াকৈ পাঠ্যপুথি বুলি ক’ব নোৱাৰি ৷ ক’ব পাৰি ছাত্ৰ-ছাত্ৰীৰ কামত অহা এখন বুৰঞ্জী ৷ কিতাপখন চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ ইংৰাজী সাহিত্য আৰু¸ সেইখন সমাজৰ বুৰঞ্জী৷ আমি কলেজত পঢ়া সময়ত ইংৰাজী সাহিত্যৰ বুৰঞ্জী পঢ়িছিলোঁ কেৱল বিদেশী লেখকে লেখা৷ ভাৰতীয় লেখকে লেখা কেৱল নোট বা সহায়িকাহে আমাৰ হাতত পবিþছিল ৷ ‘লিটাৰেৰি এণ্ড ছছিয়েল হিষ্টৰি [চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকা]’ নামৰ এই কিতাপখনৰ লেখক ডঃ অনিন্দিতা দে গোলাঘাটৰ দেবৰাজ ৰয় কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৷ অসমৰে, তাকো গোলাঘাটৰ দবেþ প্ৰান্তীয় ঠাইৰ কলেজ এগৰাকী অধ্যাপকে ইংৰাজী সাহিত্যৰ বুৰঞ্জী লেখিছে - এই কথাটোও পৰম আনন্দদায়ক ৷ সহজ সৰল আৰু আকৰ্ষণীয় ভাষাত লেখা এই কিতাপখন অকল সাহিত্যৰ ছাত্ৰৰে নহয়, সাহিত্য আৰু সামাজিক ইতিহাসৰ স্পষ্ট আৰু অনুচ্ছাৰিত সম্বন্ধ জানিব বিচৰা সকলো পাঠকৰ বাবে এক চিন্তাউদ্ৰেককাৰী পঠন অভিজ্ঞতা হ’ব ৷ আমি কলেজত পঢ়ি থকা সময়ত এনেকুৱা কিতাপ এখন পোৱা হ’লে ইংৰাজী সাহিত্যৰ সোৱাদ আৰু বহু ব্যাপকভাবে উপভোগ কৰিব পাৰিলোঁহেতেন ৷ অকল ছাত্ৰই নহয়, কলেজত এই বিষয়টো পঢ়োৱা শিক্ষকেও এই কিতাপখন পঢ়ি ভাল পাব ৷ কিতাপখনৰ এটি আকৰ্ষণীয় দিশ হ’ল পাঠৰ লগত সংগতি ৰাখি দিয়া বিভিন্ন ছবি ৷ ছবিয়ে লেখা একোটাক আকৰ্ষণীয় কৰি তোলে, পাঠকৰ জ্ঞানপিপাসা বৃদ্ধিত সহায় কৰে৷ সাধাৰণতে বহু অসমীয়া লেখক-প্ৰকাশকে সাহিত্য প্ৰসংগৰ কিতাপত ছবি দিয়াটো ভাল কথা বুলি নাভাবে ৷ কিতাপখনৰ গাম্ভীৰ্য কমি যায় বুলি ভাবে চাগে ৷ এবাৰ শ্ৰদ্ধেয় সত্যেন্দ্ৰ নাথ শৰ্মা চাৰক লগ পাই তেখেতৰ সাহিত্যৰ বুৰঞ্জীখনৰ নতুন মুদ্ৰনত ছবি সংযোজন কৰা কথা কৈছিলোঁ ৷ চাৰে কথাটো ভাল পোৱা বুলি কৈছিল ৷ ‘এবিলাক’ৰ পৰা প্ৰকাশ হোৱা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ এটা খণ্ড সম্পাদনা কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ তেখেতকো কৈছিলোঁ একেটা কথাকে, তেখেতে শলাগিছিল, কিন্তু কিতাপখনত সেই শলাগনিৰ কোনো প্ৰতিফলন নাছিল ৷ অনিন্দিতা দেৰ এই কিতাপখনৰ কথা মই আগতে নাজানো, প্ৰকাশ হোৱাৰ পাচতহে দেখা পাইছোঁ আৰু তাত মই বহু দিনৰ পৰা ভাবি অহা কথা এটিৰ প্ৰতিফলন দেখি খুব আনন্দিত হৈছোঁ ৷
Subscribe to:
Post Comments (Atom)
Featured Post
আজি ২৭ ফেব্ৰুৱাৰী
আজি ২৭ ফেব্ৰুৱাৰী | আজিৰ পৰা ঠিক এশ এক বছৰ আগতে জন্মগ্ৰহণ কৰিছিল ব্ৰজেন বৰুৱাই | তেওঁৰ শতবৰ্ষ পাৰ হৈ গ'ল শব্দহীনভাৱে | গীত, চলচ্চিত্ৰ, অ...
-
ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম ...
-
অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী ...
-
বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবাৰ অনুষ্ঠিত হৈছিল জ্ঞান মহোৎসৱ ৷ নোবেল জয়ী পণ্ডিতে তাত অংশ লৈছিল৷ তেতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনিলৈ যোৱাৰ ইচ্ছা ...


No comments:
Post a Comment