Sunday, June 22, 2025

চিনাকি-অচিনাকি বহুত মুখ


ধ্ৰুবজ্যোতি দাসৰ লগত চিনাকি তেওঁৰ কবিতাৰ যোগে ৷ বামপন্থী চিন্তাৰে তেওঁ লেখা ভালেমান কবিতাই পাঠকৰ প্ৰশংসা লাভ কৰিছিল ৷ পৰবৰ্তী কালত তেওঁক অসমীয়া বানানৰ চৰ্চাকাৰীৰ বþূপত দেখা পালোঁ ৷ বানান সম্পৰ্কীয় এখন অভিধানো তেওঁ যুগুতাই উলিয়াইছে ৷ একাধিক সংস্কৰণ প্ৰকাশে বুজাই দিয়ে যে কিতাপখন পাঠকৰ কামত আহিছে ৷ 

দাস যে এগৰাকী চিত্ৰকৰ সেই কথাটো মই জনা নাছিলোঁ ৷ এবাৰ ফেচবুকত দেখা পালোঁ তেওঁ প্ৰণবজ্যোতি ডেকাৰ প’ট্ৰেট এখন আঁকিছে ৷ মোলৈ লিংকটো পঠিয়াই দি কৈছে- আপোনাৰ ফটো চাই অঁকা ৷ ছবিখনো ভাল পালোঁ, মোৰ ফটোখনক দিয়া স্বীকৃতিও ভাল পালোঁ ৷ তাৰ পাচৰ মই মনযোগেৰে তেওঁৰ ছবি চাবলৈ আৰম্ভ কৰিলোঁ ৷ এবাৰ মোক আচৰিত কৰি তেওঁ মোৰ ঘৰ ওলাইছিল ৷ সিদিনা মোৰ জন্মদিন আছিল ৷  তেওঁ মোক উপহাৰ দিছিল মোৰ প’ট্ৰেট এখন, তেওঁ আঁকি, ধূনীয়াকৈ বন্ধাই দিছে ৷ তেওঁ অঁকা ছবিখনে মোৰ সেই জন্মদিনটি বিশেষ কৰি তুলিছিল ৷ 

দাসে অঁকা এশ চৈধ্যখন প’ট্ৰেটৰ সংকলন এটি সুন্দৰ পৰিকল্পনাৰে প্ৰকাশ পাইছে, নাম চিত্ৰপট ৷ কিতাপখনৰ কথাংশ দুটা ভাষাত- ইংৰাজী আৰু¸ অসমীয়াত দিয়া হৈছে ৷ ছবিবোৰ কেইবাটিও ভাগত  ভগোৱা হৈছে ৷ ভাগ কেইটি হ’ল- দূৰৰ সাগৰৰ মাত, এই দেশ এই স্বদেশ, জনমভূমিৰ ফুল, সুহৃদ-বান্ধৱৰ ছবিঃ অগ্ৰজ অনুজ আৰু বুকুৰ কাষৰজন ৷ এই নামবোৰে কৈ দিয়ে প’ট্ৰেটবোৰৰ বিষয়বস্তু ৷

ছবিবোৰত এক ধৰণৰ এমেচাৰ ভংগীমা এটি প্ৰকাশ পাইছে আৰু সেইবাবেই দাসক প্ৰশিক্ষিত চিত্ৰশিল্পী যেন নালাগে ৷ প্ৰশিক্ষিত হয় নে নহয় কথাটো খুব প্ৰয়োজনীয় বুলিও ভবা নাই ৷  প্ৰতিখন ছবিতেই এটা আবেগিক বান্ধোন অনুভব কৰিব পাৰি ৷ হয়তো এই আবেগেই তেওঁক ছবিৰ বাবে ব্যক্তিকেইজনক নিৰ্বাচন কৰিছে ৷ শেষত থকা কেইবাখনো ছবি আৰু তাৰ লগত থকা কথাই কিতাপখনৰ পাঠক-দৰ্শকক নিৰ্বাক কৰি দিব পাৰে ৷ তেওঁৰ পৰিয়ালৰ মাক, দেউতাক, বাইদেউ, পত্নী, সন্তানকে ধৰি কেইবাগৰাকীও সদস্যই সংসাৰৰ পৰা বিদায় মাগিছে, কেইজনমানে অকালতে ৷ এই কথা প্ৰকাশত কিন্তু তেওঁ আবেগ বিহ৩ল হোৱা নাই, সেই ছবিকেইখনৰ প্ৰকাশ ভংগীমাও খুব নিৰ্লিপ্ত ৷ হয়তো জীৱনত পোৱা যন্ত্ৰণাই তেওঁক নিৰ্লিপ্ত হ’বলৈ বাধ্য কৰাইছে ৷

সামগ্ৰিকভাবে অসমৰ কিতাপৰ জগতত ‘চিত্ৰপট’ এটা নতুন সংযোজন ৷ কিন্তু ছবিবোৰ ছপা কৰাত আৰু¸ অধিক মনযোগ দি ছবিবোৰ স্পষ্ট কৰি প্ৰকাশ কৰা উচিত আছিল ৷ এনে ভাব হয়, নিম্ন মানৰ ৰিজলুচনত ছবিবোৰ স্কেন কৰা বাবে এই দুৰ্ঘটনাটো হ’বলৈ পালে ৷ প্ৰকাশক এই দিশত সচেতন হোৱা উচিত আছিল ৷ প্ৰায় দেৰশ পৃষ্ঠাৰ কিতাপ এখনৰ দাম পাঁচশ টকা বেচি হোৱা বুলিয়েই ক’ব লাগিব ৷  কিতাপখনত মই তোলা ফটোৰ পৰা অঁকা দুখন ছবি সন্নিবিষ্ট হৈছে, এইটোও মোৰ ভাল লগা এটা কথা ৷