Tuesday, June 17, 2025

আদিবাসী.org

 

জামছেদপুৰত এটা এন জি ও আছে, নাম আদিবাসী ৷ তেওঁলোকে স্থানীয় লোক শিল্পীৰ কলা সামগ্ৰী বিক্ৰি কৰে আৰু তাৰ কিছু অংশ বিভিন্ন উন্নয়ণমূলক কামত ব্যবহাৰ কৰে ৷ তেনেকুৱা এটা কাম হ’ল জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিয়া ব্যবস্থা ৷ মই এন জি ও-টিৰ পৰা অলপ কলাসামগ্ৰী কিনিছিলোঁ৷ তাৰ পৰা তেওঁলোকে জনজাতীয় মহিলাক চেনিটেৰি নেপকিন দিছে ৷ মোক দিছে এখন সুন্দৰ প্ৰশংসা পত্ৰ ৷ এই প্ৰশংসা পত্ৰখন মোৰ বাবে এটা মূল্যবান সম্পদ ৷ আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ ৱেব চাইটটি চাব পাৰে ৷ সুন্দৰ সামগ্ৰী কিছুমান পাব, যিবোৰ কিনিবলৈ আপোনাৰ মন যাবই ৷ আৰু আপোনাৰ পৰা পোৱা পইচাৰে তেওঁলোকে দুখীয়া মানুহক সহায় কৰিব- এই কথাটোও আপোনাৰ ভাল লাগিব৷  এগৰাকী কম বয়সীয়া ছোৱালীৰ সতে মোৰ যোগাযোগ হৈছিল ৷ তেওঁৰ কাম-কাজ-কথা-বতৰাই মোক বুজাই দিছিল নিজৰ কামত তেওঁলোক কিমান নিষ্ঠাবান ৷  ৱেব চাইটটি হ’ল aadivasi.org

No comments:

Post a Comment

Featured Post

ৰেষ্ট ইন কেমেৰা, ৰঘু ৰাই

বিমানবন্দৰৰ ভিতৰখন সেইদিনা অদ্ভুতভাৱে নিস্তব্ধ আছিল ৷ দিল্লীলৈ যোৱা ৰাতিপুৱাৰ ফ্লাইট ৷ চিকিউৰিটি চেক হৈ গৈছে ৷ এতিয়া কেৱল অপেক্ষা ৷ দীঘলকৈ প...