‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত
গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বেদনা আৰু সংবেদনশীলতা, দয়া আৰু কৰুণা, নিষ্পাপতা আৰু অসহায়তাৰ দৰে ভাৱনাক ৰূপালী পৰ্দাত প্ৰাণৱন্ত কৰি তোলা দৃশ্যবোৰ ৷ মনত পৰে তেওঁৰ কালজয়ী চলচ্চিত্ৰ ‘চাহেব বিবি ঔৰ গুলাম’, ‘প্যাচা’ আৰু ‘কাগজ কে ফুল’লৈ ৷ সম্ভৱতঃ অতি কমসংখ্যক লোকেহে জানে যে গুৰুদত্তই কেৱল বেদনা আৰু সংবেদনশীলতাৰে ভৰা চিনেমাকে নিৰ্মাণ কৰা নাছিল, বৰঞ্চ তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়ৰ চলচ্চিত্ৰসমূহ আছিল অপৰাধ কাহিনীৰ ওপৰত আধাৰিত ৷ তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলোৱা সময়ত অপৰাধমূলক কাহিনীৰে চিনেমা নিৰ্মাণ কৰা জ্ঞান মুখাজীৰ্ৰ সৈতে কাম কৰিছিল ৷ চলচ্চিত্ৰ পৰিচালনাৰ সুক্ষ্ম কাৰিকৰী দিশসমূহ তেওঁৰ পৰাই আয়ত্ত কৰিছিল ৷ ইয়াৰ পাছতে দেৱানন্দৰ চলচ্চিত্ৰ প্ৰতিষ্ঠান ‘নৱকেতন’ৰ হৈ গুৰুদত্তই এখন ছবি পৰিচালনা কৰাৰ সুযোগ লাভ কৰে ৷ ছবিখন আছিল ‘বাজী’, ১৯৫১ চনৰ জুলাই মাহত ছবিখনে মুক্তি লাভ কৰিছিল ৷ মাত্ৰ ৩৯ বছৰ বয়সতে গুৰুদত্তই এই পৃথিৱীৰ পৰা বিদায় লৈছিল ৷ অতি কম বয়সতে তেওঁ এনে কিছুমান ‘কালজয়ী’ চিনেমা নিৰ্মাণ কৰি থৈ গৈছে, যিবোৰৰ বিশ্লেষণ-চৰ্চা আজিও চলি থাকে ৷
এই ছবিসমূহৰ উপৰিও গুৰুদত্তই চাৰিখনকৈ অপৰাধমূলক কাহিনীভিত্তিক ছবি নিৰ্মাণ কৰিছিল— ‘বাজী’ [১৯৫১] , ‘জাল’[১৯৫২], ‘বাজ’[১৯৫৩] আৰু ‘চৈলাব’[১৯৫৬]৷ সেই সময়চোৱাত সমগ্ৰ দেশতে অপৰাধ কাহিনীক লৈ এক বিশেষধৰণৰ কৌতূহল আৰু উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছিল ৷ অপৰাধ কাহিনীভিত্তিক উপন্যাসসমূহৰ বহুল বিক্ৰী হৈছিল ৷ আনহাতে, হলিউডত সেই সময়তে ‘ফিল্ম নোৱা’ মুভমেণ্টৰ সূচনা হৈছিল ৷ এই ধৰণৰ চলচ্ছিত্ৰৰ নায়কজন প্ৰায়ে হৈছিল কুটিল চৰিত্ৰৰ, তেওঁৰ ভূমিকা আছিল সন্দেহজনক আছিল, কিন্তু প্ৰকৃততে তেওঁক যি ৰূপত দেখা গৈছিল, ভিতৰি তেওঁ তাৰ পৰা সম্পূৰ্ণ বেলেগ আছিল ৷ এই চিনেমাবোৰত ছাঁ-পোহৰৰ কৌশলী প্ৰয়োগৰ প্ৰচুৰ ব্যৱহাৰ কৰা হৈছিল ৷ ফ্লেছবেক আৰু ভইচ-অভাৰৰ সৈতে বৰ্ণনা শৈলীৰ এই ধৰণৰ ছবিবোৰে এক ব্যতিক্ৰমী প্ৰভাৱৰ সৃষ্টি কৰিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী গোলকীয় প্ৰেক্ষাপটত এনে চিনেমা নিৰ্মাণৰ যাত্ৰা আৰম্ভ হৈছিল ৷ হিন্দী চলচ্চিত্ৰ জগততো ইয়াৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হৈছিল ৷
গুৰুদত্তৰ ছবি ‘বাজী’কো ‘ফিল্ম নোৱা’ আন্দোলনৰ এক অংশ হিচাপে গণ্য কৰা হৈছিল ৷ ১৯৫১ চনত মুক্তি লাভ কৰা ‘বাজী’ ছবিখনৰ নায়ক আছিল দেৱানন্দ আৰু নায়িকা আছিল গীতা বালী আৰু কল্পনা কাৰ্তিক ৷ ছবিখনৰ অধিকাংশ গীততেই কণ্ঠদান কৰিছিল গীতা দত্তই ৷ এই চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল এছ. ডি. বৰ্মনে ৷ ছবিৰ গীতবোৰৰ মাজত এক অপূৰ্ব সন্মোহনী আকৰ্ষণ আছিল ৷ গীতা দত্তৰ কণ্ঠত প্ৰাণ পাই উঠা ‘তদবীৰ চে বিগড়ী হুই তকদীৰ বনা লে’ বা ‘য়ে কৌন আয়া কি মেৰে দিল কী দুনীয়া মে বাহাৰ আয়ে’ গীতৰ সুৰ আজিও শ্ৰোতাৰ স্মৃতিত সজীৱ হৈ আছে ৷
ছবিখনৰ কাহিনীভাগ বৰ ব্যতিক্ৰমী নাছিল৷ ছবিৰ নায়ক মদন [দেৱানন্দ] এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আছিল, কিন্তু পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিছিল ৷ তেওঁ নিজৰ কনিষ্ঠ ভগ্নী মঞ্জু ‘ৰূপা বৰ্মন’ৰ সৈতে বাস কৰিছিল ৷ জীৱিকাৰ সন্ধানত হাহাকাৰ কৰি অৱশেষত তেওঁ জুৱা খেলৰ আশ্ৰয় লয় ৷ এদিন এখন হোটেলত তেওঁৰ সাক্ষাৎ হয় নৃত্যশিল্পী লীনা ‘গীতা বালী’ৰ সৈতে৷ লীনাৰ মোহনীয় ভংগীমাই সকলো পাগল কৰিছিল৷ মদনক নিজৰ হোটেলত দেখি লীনাই তেওঁক নিজৰ নিয়োগকৰ্তাৰ হৈ কাম কৰাৰ এক প্ৰস্তাৱ আগবঢ়ায় ৷ কিন্তু মদনৰ অন্তৰত তেতিয়াও থকা বিবেক আৰু নৈতিকতাই তেওঁক তেনে কৰাৰ পৰা বিৰত ৰাখে ৷ তেওঁ লীনাৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ঘৰলৈ ঘূৰি আহে ৷ ভগ্নীৰ চিকিৎসাৰ বাবে তেওঁ চিকিৎসক ডাঃ ৰজনী [কল্পনা কাৰ্তিক]ক সাক্ষাৎ কৰে ৷ লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় ৷ ডাঃ ৰজনীৰ পিতৃয়ে এই সম্পৰ্কক সমূলি মানি লোৱা নাছিল ৷ ঘটনাৰ নাটকীয় পৰিৱৰ্তনৰ মাজত ৰজনীৰ বিবাহ এজন আৰক্ষী পৰিদৰ্শকৰ সৈতে সম্পন্ন হয় ৷ ভগ্নীৰ চিকিৎসাৰ বাবে অৰ্থৰ জৰুৰী প্ৰয়োজনীয়তাই মদনক পুনৰ লীনাৰ ওচৰলৈ লৈ যায় ৷ লীনাক সাক্ষাৎ কৰি তেওঁ তাইৰ বছৰ বাবে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে ৷ দুয়ো ইজনে সিজনৰ সৈতে নিজৰ সুখ-দুখৰ ভাগ বতৰা কৰে ৷ কাহিনীৰ গতি দ্ৰুত হয় আৰু এদিন হঠাতে লীনাৰ হত্যাকাণ্ড সংঘটিত হয় ৷ যিটো ৰিভলভাৰেৰে তাইক হত্যা কৰা হৈছিল, তাত মদনৰ আঙুলিৰ চাপ পোৱা যায় ৷ আদালতত মোকৰ্দমা চলে আৰু মদনক ফাঁচিৰ ৰায়দান কৰা হয় ৷ কিন্তু এই হত্যাকাণ্ডক লৈ আৰক্ষী পৰিদৰ্শকজনৰ গভীৰ সন্দেহ আছিল ৷ তেওঁ এটা চক্ৰবেহু ৰচনা কৰে, য’ত লীনা হত্যাকাণ্ডৰ প্ৰকৃত অপৰাধীজন বন্দী হৈ পৰে ৷
কাহিনীটো অত্যন্ত জটিল গাঁথনিৰে ঘটনাক্ৰমৰ মাজত গুঁঠি দিয়া হৈছে ৷ দুটি সৰু প্ৰেম কাহিনীৰ সমান্তৰালভাৱে এটা অপৰাধ কাহিনী অগ্ৰসৰ হয়, যিয়ে দৰ্শকক শেষলৈকে বান্ধি ৰাখে ৷ গুৰুদত্তই প্ৰেম আৰু অপৰাধৰ এনে এক অপূৰ্ব ককটেল তৈয়াৰ কৰিছিল যাৰ সন্মোহনত দৰ্শক বিলীন হৈ পৰিছিল ৷
গুৰুদত্তৰ এই জন্ম শতবৰ্ষ আকৌ এবাৰ তেওঁৰ সেইসমূহ লৈও চৰ্চা হোৱাটো বাঞ্ছনীয় যিবোৰ ছবি বিশ্লেষক আৰু চলচ্চিত্ৰ ইতিহাসসকলৰ দৃষ্টিৰ পৰা আজিও আঁতৰত ৰৈ গৈছে ৷ ৭৫ বছৰ পূৰ্বে নিৰ্মিত চলচ্চিত্ৰ ‘বাজী’ তাৰে ভিতৰত অন্যতম ৷
[লেখক আৰু অনুবাদক দুয়ো চলচ্চিত্ৰ সমালোচনাৰ স্বৰ্ণকমল বিজয়ী]

No comments:
Post a Comment