Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Thursday, July 23, 2026
প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল
Wednesday, July 8, 2026
সমীৰ ৰয়, অভিনন্দন
সমীৰ ৰয় | প্ৰথমে নামটোৰ লগত চিনাকি হৈছিল, তাৰপিছত ব্যক্তিজনৰ লগত | ফেচবুকত বা বাতৰি কাকতত মাজে মাজে পাওঁ চিনেমা একোখনৰ কাৰণে যোৰহাটৰ যুৱক সমীৰ ৰয়ে নিজৰ প্ৰচেষ্টাত প্ৰচাৰ চলাই আছে | তেওঁ আৰু এটা কাম কৰে- বিভিন্ন ব্যক্তিৰ স্মৰণত বা নামত বিভিন্ন গছত সুন্দৰকৈ অৰ্কিড ফুল ৰোপণ কৰে | এই দুয়োটা কামেই মোৰ মনত কৌতুহলৰ সৃষ্টি কৰিছিল | চিনেমাৰ প্ৰচাৰৰ কাৰণে প্ৰযোজকে নিজে যথেষ্ট চেষ্টা কৰে, খৰচ কৰে, তাৰ অংশ হিচাপেই সমীৰ ৰয়ক দায়িত্ব দিয়া হয় নেকি ? পিছত গম পালো কথাটো তেনে নহয় | সমীৰ ৰয়ে নিজৰ আগ্ৰহতে অসমীয়া চিনেমাক ভাল পোৱাৰ কাৰণেই অসমীয়া চিনেমাৰ প্ৰচাৰৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছিল | সমীৰক এবাৰ গুৱাহাটীত হঠাতেই লগ পাই গ'লো | তেওঁ চিনেমাৰ প্ৰচাৰৰ কাৰণে ব্যস্ত হ'লেও নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট লাজুক | যুবকজনৰ লগত চিনাকি হৈ ভাল লাগিল | পিছত তেওঁ মোৰ কিতাপ এখনৰো খুব সুন্দৰকৈ প্ৰচাৰ কৰি দিছিল | মোৰ নামত এজোপা অৰ্কিড ৰুইছিল- এই কথাটোৱে মোক কি ধৰণে স্পৰ্শ কৰি গৈছিল তাক প্ৰকাশ কৰা প্ৰায় অসম্ভৱ |
এইবাৰ প্ৰাক চিনে এৱাৰ্ডত সমীৰক বঁটা প্ৰদান কৰা হ'ল, সন্মান প্ৰদৰ্শন কৰা হ'ল অসমীয়া চিনেমাৰ প্ৰচাৰৰ কাৰণে নিৰৱ্ছিন্নভাৱে কাম কৰি যোৱাৰ কাৰণে | সমীৰ ৰয়, অভিনন্দন |
Wednesday, July 1, 2026
চুটি ছবি, এনিমেচন আৰু তথ্যচিত্ৰৰ মহাকুম্ভ - মিফ
অ-কাহিনীমূলক চলচ্চিত্ৰৰ বিশ্বখনক এক সুকীয়া মাত্ৰা দি ১৯৯০ চনৰ পৰাই ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আহিছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, সংক্ষেপতে মিফ ৷ সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু বিশাল এই চলচ্ছিত্ৰ মহোৎসৱটিৰ এতিয়াৰ আয়োজক হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম ৷ সময়ৰ পৰিবৰ্তনৰ সৈতে খোজ মিলাই এই মহোৎসৱে তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেচন মাধ্যমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক শক্তিশালী মৰ্যাদা প্ৰদান কৰিছে ৷ আজিৰ তাৰিখত ‘মিফ’ কেৱল এটা উৎসৱ হৈ থকা নাই, বৰঞ্চ ই সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু এই জগতৰ লগত জড়িত পেছাদাৰীসকলৰ বাবে এক চিন্তাপ্ৰসূত আৰু আনন্দদায়ক মিলনভূমিত পৰিণত হৈছে ৷
১৯৯০ চনত অসমৰ চিত্ৰ পৰিচালক জনচ মহলীয়া আছিল ফিল্ম ডিভিজনৰ এগৰাকী ডিৰেক্টৰ ৷ তেখেতে এই মহোৎসৱৰ চলচ্চিত্ৰসমূহৰ পৰিচয় থকা পুস্তিকাখন মোক দিছিল ৷ সেইখন হাতত লৈ ভাবিছিলোঁ, এদিন মোৰ চিনেমাৰ কথাও এনেদৰে ছপা হোৱা হ’লে- এটা সময়ত সেই আশা পূৰণ হৈছিল ৷ দুখন ছবি এই মহোৎসৱত প্ৰদৰ্শিত হৈছিল, এবাৰ আলোচনা চক্ৰৰ বক্তা হিচাপে অংশগ্ৰহণ কৰিছিলোঁ ৷ এইবাৰ এখন ছবিৰ পৰিচালক আৰু এখন ছবিৰ সহ-প্ৰযোজক হিচাপে মহোৎসৱথলীত উপস্থিত হৈছিলোঁ ৷
সোমায়েই লগ পালোঁ চুটি ছবিৰ নিৰ্মাতা ৰিংকু শৰ্মাক, যোৱা বছৰ তেওঁৰ লগত এই ঠাইতেই চিনাকি হৈছিলোঁ ৷ ‘মিফ’ৰ ডক-বাজাৰত আছিল তেওঁৰ ছবি ‘হামাৰী ৰামলীলা’ ৷ ছবিখন অলপতে জাকাৰ্তা আৰু দুখনমান দেশৰ শিক্ষানুষ্ঠানত প্ৰদৰ্শিত হৈছে ৷ তেওঁ সেই প্ৰদৰ্শনত অংশগ্ৰহণ কৰি উভতি আহিছে ৷ ৰিংকুৰ ছবিখনৰ এই সফলতাৰ কাহিনী শুনিবলৈ ব্যগ্ৰ হৈ আছিলোঁ ৷ আৰু লগ পালোঁ পুনেৰ সাংবাদিক আকুৰেক৷ যোৱা বছৰ ‘ইফি’ত তেওঁৰ সৈতে চিনাকি হৈছিলোঁ ৷ প্ৰতি বছৰে এনেদৰে চিনাকিৰ সংখ্যা বাঢ়ি গৈ থাকে আৰু এই ক্ৰমবদ্ধৰ্মান সংখ্যাই মহোৎসৱক অধিক অন্তৰংগ কৰি তোলে ৷ সকলো মহোৎসৱৰ ক্ষেত্ৰতে একেই কথা একেই অনুভবৰ প্ৰতিফলন ঘটে ৷
বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন আৱিষ্কাৰে চিনেমাক সম্বৃদ্ধ কৰে, নতুন পথ দেখুৱায় আৰু কেতিয়াবা শংকাৰ কাৰণো হৈ পৰে ৷ এতিয়া চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই একেলগে এক সম্ভাৱনা আৰু প্ৰত্যাহ৩ান হিচাপে দেখা দিছে ৷ ইয়াক সম্পূৰ্ণ ভাবুকি বা কেৱল সহায়কাৰী বুলি একপক্ষীয়ভাৱে ক’ব নোৱাৰি৷ এফালে, AI চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক শক্তিশালী সহায়কাৰী হাত ৷ চিত্ৰনাট্যৰ ধাৰণা প্ৰস্তুত কৰা, দৃশ্যসজ্জাৰ পৰিকল্পনা আৰু কম্পিউটাৰ গ্ৰাফিক্স তথা সম্পাদনাৰ দৰে কাৰিকৰী দিশবোৰকৃত্ৰিম বুদ্ধিমত্তাই অতি খৰতকীয়া আৰু মিতব্যয়ী কৰি তুলিছে ৷ ইয়াৰ ফলত সীমিত বাজেটৰ স্বতন্ত্ৰ চলচ্ছিত্ৰ নিৰ্মাতাসকলেও নিজৰ কল্পনাৰ বিশালতাক পৰ্দাত ৰূপ দিবলৈ সমৰ্থ হৈছে ৷ আনহাতে, ই ছবি জগতৰ বাবে একপ্ৰকাৰৰ শংকাও লৈ আনিছে ৷ চিত্ৰনাট্যকাৰ, এনিমেটৰ আৰু কাৰিকৰী শিল্পীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত ই ভাবুকিৰ সৃষ্টি কৰিছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এ-আই-এ পুৰণি তথ্য সংগ্ৰহ কৰি কাম কৰে, কিন্তু মানুহৰ মনৰ মৌলিক অনুভূতি, গভীৰ জীৱনবোধ আৰু স্বতঃস্ফূৰ্ত সৃষ্টিশীলতাক ই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে ৷ এইবোৰ প্ৰসংগ আলোচিত হৈছিল মহোৎসৱৰ এটি ৱৰ্কশ্বপত ৷ কৃত্ৰিম বুদ্ধিমত্তাই চলচ্ছিত্ৰ নিৰ্মাণৰ দিগন্তক এক নতুন ৰূপ দিয়াৰ এই সময়তে কৰ্মশালাৰ মূল বক্তা বিখ্যাত প্ৰতিষ্ঠান ‘আই আই চিটি’ -ৰ মুৰব্বী আনন্দ পাণ্ডেই ভবিষ্যত প্ৰজন্মৰ কাহিনী কথনশৈলীৰ সম্ভাবনাৰ কথা ব্যাখ্যা কৰিছিল ৷ চলচ্ছিত্ৰ জগতৰ লগত থকা নিজৰ গভীৰ অভিজ্ঞতাক কামত লগাই পাণ্ডেই প্ৰযুক্তিৰ সৈতে সৃষ্টিশীল দৃষ্টিভংগীৰ এক সেতু গঢ়ি তুলিছিল, যাৰ জৰিয়তে ভবিষ্যতৰ ‘মাইক্ৰ’-চিনেমা’ আৰু সংক্ষিপ্ত বৰ্ণনাৰ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰা কৰিছিল ৷ এ আই সঁজুলিবোৰে চলচ্চিত্ৰ নিৰ্মাতাসকলক কেনেদৰে এক সহজলভ্য পৰিসৰৰ ভিতৰতে গভীৰ প্ৰভাৱশালী, চিনেমেটিক অভিজ্ঞতা সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে, সেই কথাৰ আলোচনাই আছিল এই ৱৰ্কশ্বপৰ মূল সফলতা ৷
আধুনিক প্ৰযুক্তিৰ প্ৰয়োগে চলচ্চিত্ৰ মহোৎসববোৰলৈ কেনে ধৰণে পৰিবৰ্তন আনিছে, সেই বিষয়ৰ এখন মনোজ্ঞ আলোচনা চক্ৰঅনুষ্ঠিত হৈছিল ৷ বহু চলচ্ছিত্ৰ মহোৎসবৰ লগত জড়িত প্ৰেমেন্দ্ৰ মজুমদাৰৰ বক্তব্যই বহু নতুন কথাৰ সম্ভেদ দিছিল ৷ এই আলোচনা চক্ৰত ভাগ ল’বলৈ আহিছিল ইণ্ডিয়ান হেবিটেট চেন্টাৰৰ সঞ্চালক প্ৰফেচৰ কে জি সুৰেশ ৷ পুৰণি বন্ধুক প্ৰায় আঠ মাহৰ মূৰত লগ পালোঁ, আলোচনা আৰম্ভ হোৱাৰ আগতে কিছু সময় কথা পাতিলোঁ ৷ সভা শেষ কৰিয়েই তেওঁ নতুন দিল্লীলৈ উভতি যাব- পাচদিনা পুৱাই আন্তৰ্জাতিক যোগ দিবসৰ কাৰ্যসূচী আছে ৷
অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰযোজনা কৰা আৰু মই পৰিচালনা কৰা ‘হৰিনাৰায়ণ’ নামৰ তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্থান লাভ কৰিছিল ৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ কথা সৰ্বভাৰতীয় স্তৰৰ মঞ্চ এখনত তুলি ধৰিব পৰাটো আমাৰ বাবে আনন্দৰ কথা আছিল ৷ বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, ময়ূৰাক্ষী দত্ত আৰু প্ৰাক্তন ডীন শান্তনু চৌধুৰীয়েও এই প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল ৷ মোৰ কেইবাগৰাকীও সমালোচক বন্ধুও উপস্থিত আছিল ৷ অসমৰ চিত্ৰ পৰিচালক দীপ চৌধুৰীও আছিল আৰু পৰিচালকৰ সতে হোৱা প্ৰশ্নোত্তৰ পৰ্বত অংশগ্ৰহণ কৰিছিল ৷ ছবিখনৰ বিষয়ে একাধিক সাংবাদিকে আগ্ৰহ প্ৰকাশ কৰিছিল, আকাশবাণী আৰু দূৰদৰ্শনে আমাৰ লগত হোৱা কথোপকথন প্ৰচাৰ কৰিছিল ৷ যিটো আশা লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল, ‘মিফ’-এ, তাৰ কিছু অংশ পূৰণ কৰি দিছিল ৷
ভূপেন হাজৰিকাৰ 'পত্ৰলেখা' গীতটিৰ ভাবটোক কাহিনীৰ ৰূপ দি নম্ৰতা দত্তই পৰিচালনা কৰা ‘পত্ৰলেখা’ ছবিখনেও ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পূৰ্বে ছবিখন গোৱাত অনুষ্ঠিত ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াৰ পেন’ৰামাত প্ৰদৰ্শিত হৈছিল বাবে ছবিখনৰ কিছু নাম হৈছিল ৷ প্ৰদৰ্শনত উপস্থিত থকা বহু দৰ্শকে সেই কথাটো কৈছিল ৷ ছবিখনৰ সহ প্ৰযোজক হিচাপে মই খুব আনন্দিত হৈছিলোঁ ৷ ছবিখনক লৈ সাংবাদিক মহলৰো আগ্ৰহ পৰিলক্ষিত হৈছিল ৷ জাপানৰ ফিল্ম ক্ৰিটিক নাচিকো মোৰি ছবিখন প্ৰদৰ্শনৰ ঠিক আগমুহূৰ্তত আহি উপস্থিত হৈছিল, ‘হৰিনাৰায়ণ’ৰ সময়ত আহিব নোৱৰা বাবে দুখ প্ৰকাশ কৰিছিল ৷ খুব আগ্ৰহ কৰি তেওঁ আমাৰ লগত ছেলফি উঠিছিল- এই কথাবোৰে আনন্দ দিয়ে ৷
‘হৰিনাৰায়ণ’ আৰু ‘পত্ৰলেখা’ৰ লগতে ‘মিফ’ৰ প্ৰতিযোগিতা শাখাত স্থান লাভ কৰা অসমৰ চিত্ৰনিৰ্মাতাসকল আৰু তেওঁলোকৰ ছবি কেইখন হ’ল ৰাজদীপ চৌধুৰীৰ ‘চলো ইণ্ডিয়া উইথ এৰিক জি – বাৰাণসী’, চুটি কাহিনী চিত্ৰ - অংকুৰ ডেকাৰ ‘আবিষ্কাৰ: দ্য ডেব্যু’, নম্ৰতা দত্তৰ ‘পত্ৰলেখা’, অৰিন্দম বৰুৱা আৰু ইন্দ্ৰনীল গায়ণৰ ‘মাৰফৎ’ আৰু দীপ চৌধুৰীৰ ‘ৰুণানুবন্ধ’৷
দৈনিক অসমত প্ৰকাশিত
Featured Post
প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল
‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
এগৰাকী চিত্ৰৰসিক আছে - অসমীয়া চিনেমা ৰিলিজৰ তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ? চাম বা নাচাম কাৰণটো কি - '...
-
অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প ' ষ্ট দিছিল | তেওঁ লিখিছিল - ‘ অসমীয়া চিনেমাৰ লগত জড়িত লোকসক...

