Thursday, July 23, 2026

প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল

‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত

গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বেদনা আৰু সংবেদনশীলতা, দয়া আৰু কৰুণা, নিষ্পাপতা আৰু অসহায়তাৰ দৰে ভাৱনাক ৰূপালী পৰ্দাত প্ৰাণৱন্ত কৰি তোলা দৃশ্যবোৰ ৷ মনত পৰে তেওঁৰ কালজয়ী চলচ্চিত্ৰ ‘চাহেব বিবি ঔৰ গুলাম’, ‘প্যাচা’ আৰু ‘কাগজ কে ফুল’লৈ ৷ সম্ভৱতঃ অতি কমসংখ্যক লোকেহে জানে যে গুৰুদত্তই কেৱল বেদনা আৰু সংবেদনশীলতাৰে ভৰা চিনেমাকে নিৰ্মাণ কৰা নাছিল, বৰঞ্চ তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়ৰ চলচ্চিত্ৰসমূহ আছিল অপৰাধ কাহিনীৰ ওপৰত আধাৰিত ৷ তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলোৱা সময়ত অপৰাধমূলক কাহিনীৰে চিনেমা নিৰ্মাণ কৰা জ্ঞান মুখাজীৰ্ৰ সৈতে কাম কৰিছিল ৷ চলচ্চিত্ৰ পৰিচালনাৰ সুক্ষ্ম কাৰিকৰী দিশসমূহ তেওঁৰ পৰাই আয়ত্ত কৰিছিল ৷ ইয়াৰ পাছতে দেৱানন্দৰ চলচ্চিত্ৰ প্ৰতিষ্ঠান ‘নৱকেতন’ৰ হৈ গুৰুদত্তই এখন ছবি পৰিচালনা কৰাৰ সুযোগ লাভ কৰে ৷ ছবিখন আছিল ‘বাজী’, ১৯৫১ চনৰ জুলাই মাহত ছবিখনে মুক্তি লাভ কৰিছিল ৷ মাত্ৰ ৩৯ বছৰ বয়সতে গুৰুদত্তই এই পৃথিৱীৰ পৰা বিদায় লৈছিল ৷ অতি কম বয়সতে তেওঁ এনে কিছুমান ‘কালজয়ী’ চিনেমা নিৰ্মাণ কৰি থৈ গৈছে, যিবোৰৰ বিশ্লেষণ-চৰ্চা আজিও চলি থাকে ৷

এই ছবিসমূহৰ উপৰিও গুৰুদত্তই চাৰিখনকৈ অপৰাধমূলক কাহিনীভিত্তিক ছবি নিৰ্মাণ কৰিছিল— ‘বাজী’ [১৯৫১] , ‘জাল’[১৯৫২], ‘বাজ’[১৯৫৩] আৰু ‘চৈলাব’[১৯৫৬]৷ সেই সময়চোৱাত সমগ্ৰ দেশতে অপৰাধ কাহিনীক লৈ এক বিশেষধৰণৰ কৌতূহল আৰু উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছিল ৷ অপৰাধ কাহিনীভিত্তিক উপন্যাসসমূহৰ বহুল বিক্ৰী হৈছিল ৷ আনহাতে, হলিউডত সেই সময়তে ‘ফিল্ম নোৱা’ মুভমেণ্টৰ সূচনা হৈছিল ৷ এই ধৰণৰ চলচ্ছিত্ৰৰ নায়কজন প্ৰায়ে হৈছিল কুটিল চৰিত্ৰৰ, তেওঁৰ ভূমিকা আছিল সন্দেহজনক আছিল, কিন্তু প্ৰকৃততে তেওঁক যি ৰূপত দেখা গৈছিল, ভিতৰি তেওঁ তাৰ পৰা সম্পূৰ্ণ বেলেগ আছিল ৷ এই চিনেমাবোৰত ছাঁ-পোহৰৰ কৌশলী প্ৰয়োগৰ প্ৰচুৰ ব্যৱহাৰ কৰা হৈছিল ৷ ফ্লেছবেক আৰু ভইচ-অভাৰৰ সৈতে বৰ্ণনা শৈলীৰ এই ধৰণৰ ছবিবোৰে এক ব্যতিক্ৰমী প্ৰভাৱৰ সৃষ্টি কৰিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী গোলকীয় প্ৰেক্ষাপটত এনে চিনেমা নিৰ্মাণৰ যাত্ৰা আৰম্ভ হৈছিল ৷ হিন্দী চলচ্চিত্ৰ জগততো ইয়াৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হৈছিল ৷

গুৰুদত্তৰ ছবি ‘বাজী’কো ‘ফিল্ম নোৱা’ আন্দোলনৰ এক অংশ হিচাপে গণ্য কৰা হৈছিল ৷ ১৯৫১ চনত মুক্তি লাভ কৰা ‘বাজী’ ছবিখনৰ নায়ক আছিল দেৱানন্দ আৰু নায়িকা আছিল গীতা বালী আৰু কল্পনা কাৰ্তিক ৷ ছবিখনৰ অধিকাংশ গীততেই কণ্ঠদান কৰিছিল গীতা দত্তই ৷ এই চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল এছ. ডি. বৰ্মনে ৷ ছবিৰ গীতবোৰৰ মাজত এক অপূৰ্ব সন্মোহনী আকৰ্ষণ আছিল ৷ গীতা দত্তৰ কণ্ঠত প্ৰাণ পাই উঠা ‘তদবীৰ চে বিগড়ী হুই তকদীৰ বনা লে’ বা ‘য়ে কৌন আয়া কি মেৰে দিল কী দুনীয়া মে বাহাৰ আয়ে’ গীতৰ সুৰ আজিও শ্ৰোতাৰ স্মৃতিত সজীৱ হৈ আছে ৷

ছবিখনৰ কাহিনীভাগ বৰ ব্যতিক্ৰমী নাছিল৷ ছবিৰ নায়ক মদন [দেৱানন্দ] এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আছিল, কিন্তু পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিছিল ৷ তেওঁ নিজৰ কনিষ্ঠ ভগ্নী মঞ্জু ‘ৰূপা বৰ্মন’ৰ সৈতে বাস কৰিছিল ৷ জীৱিকাৰ সন্ধানত হাহাকাৰ কৰি অৱশেষত তেওঁ জুৱা খেলৰ আশ্ৰয় লয় ৷ এদিন এখন হোটেলত তেওঁৰ সাক্ষাৎ হয় নৃত্যশিল্পী লীনা ‘গীতা বালী’ৰ সৈতে৷ লীনাৰ মোহনীয় ভংগীমাই সকলো পাগল কৰিছিল৷ মদনক নিজৰ হোটেলত দেখি লীনাই তেওঁক নিজৰ নিয়োগকৰ্তাৰ হৈ কাম কৰাৰ এক প্ৰস্তাৱ আগবঢ়ায় ৷ কিন্তু মদনৰ অন্তৰত তেতিয়াও থকা বিবেক আৰু নৈতিকতাই তেওঁক তেনে কৰাৰ পৰা বিৰত ৰাখে ৷ তেওঁ লীনাৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ঘৰলৈ ঘূৰি আহে ৷ ভগ্নীৰ চিকিৎসাৰ বাবে তেওঁ চিকিৎসক ডাঃ ৰজনী [কল্পনা কাৰ্তিক]ক সাক্ষাৎ কৰে ৷ লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় ৷ ডাঃ ৰজনীৰ পিতৃয়ে এই সম্পৰ্কক সমূলি মানি লোৱা নাছিল ৷ ঘটনাৰ নাটকীয় পৰিৱৰ্তনৰ মাজত ৰজনীৰ বিবাহ এজন আৰক্ষী পৰিদৰ্শকৰ সৈতে সম্পন্ন হয় ৷ ভগ্নীৰ চিকিৎসাৰ বাবে অৰ্থৰ জৰুৰী প্ৰয়োজনীয়তাই মদনক পুনৰ লীনাৰ ওচৰলৈ লৈ যায় ৷ লীনাক সাক্ষাৎ কৰি তেওঁ তাইৰ বছৰ বাবে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে ৷ দুয়ো ইজনে সিজনৰ সৈতে নিজৰ সুখ-দুখৰ ভাগ বতৰা কৰে ৷ কাহিনীৰ গতি দ্ৰুত হয় আৰু এদিন হঠাতে লীনাৰ হত্যাকাণ্ড সংঘটিত হয় ৷ যিটো ৰিভলভাৰেৰে তাইক হত্যা কৰা হৈছিল, তাত মদনৰ আঙুলিৰ চাপ পোৱা যায় ৷ আদালতত মোকৰ্দমা চলে আৰু মদনক ফাঁচিৰ ৰায়দান কৰা হয় ৷ কিন্তু এই হত্যাকাণ্ডক লৈ আৰক্ষী পৰিদৰ্শকজনৰ গভীৰ সন্দেহ আছিল ৷   তেওঁ এটা চক্ৰবেহু ৰচনা কৰে, য’ত লীনা হত্যাকাণ্ডৰ প্ৰকৃত অপৰাধীজন বন্দী হৈ পৰে ৷

কাহিনীটো অত্যন্ত জটিল গাঁথনিৰে ঘটনাক্ৰমৰ মাজত গুঁঠি দিয়া হৈছে ৷ দুটি সৰু প্ৰেম কাহিনীৰ সমান্তৰালভাৱে এটা অপৰাধ কাহিনী অগ্ৰসৰ হয়, যিয়ে দৰ্শকক শেষলৈকে বান্ধি ৰাখে ৷ গুৰুদত্তই প্ৰেম আৰু অপৰাধৰ এনে এক অপূৰ্ব ককটেল তৈয়াৰ কৰিছিল যাৰ সন্মোহনত দৰ্শক বিলীন হৈ পৰিছিল ৷

গুৰুদত্তৰ এই জন্ম শতবৰ্ষ আকৌ এবাৰ তেওঁৰ সেইসমূহ লৈও চৰ্চা হোৱাটো বাঞ্ছনীয় যিবোৰ ছবি বিশ্লেষক আৰু চলচ্চিত্ৰ ইতিহাসসকলৰ দৃষ্টিৰ পৰা আজিও আঁতৰত ৰৈ গৈছে ৷ ৭৫ বছৰ পূৰ্বে নিৰ্মিত চলচ্চিত্ৰ ‘বাজী’ তাৰে ভিতৰত অন্যতম ৷

[লেখক আৰু অনুবাদক দুয়ো চলচ্চিত্ৰ   সমালোচনাৰ স্বৰ্ণকমল বিজয়ী]

Wednesday, July 8, 2026

সমীৰ ৰয়, অভিনন্দন
















সমীৰ ৰয় | প্ৰথমে নামটোৰ লগত চিনাকি হৈছিল, তাৰপিছত ব্যক্তিজনৰ লগত | ফেচবুকত বা বাতৰি কাকতত মাজে মাজে পাওঁ চিনেমা একোখনৰ কাৰণে যোৰহাটৰ যুৱক সমীৰ ৰয়ে নিজৰ প্ৰচেষ্টাত প্ৰচাৰ চলাই আছে | তেওঁ আৰু এটা কাম কৰে- বিভিন্ন ব্যক্তিৰ স্মৰণত বা নামত বিভিন্ন গছত সুন্দৰকৈ অৰ্কিড ফুল ৰোপণ কৰে  | এই দুয়োটা কামেই মোৰ মনত কৌতুহলৰ সৃষ্টি কৰিছিল | চিনেমাৰ প্ৰচাৰৰ কাৰণে প্ৰযোজকে নিজে যথেষ্ট চেষ্টা কৰে, খৰচ কৰে, তাৰ অংশ হিচাপেই সমীৰ ৰয়ক দায়িত্ব দিয়া হয় নেকি ? পিছত গম পালো কথাটো তেনে নহয় | সমীৰ ৰয়ে নিজৰ আগ্ৰহতে অসমীয়া চিনেমাক ভাল পোৱাৰ কাৰণেই অসমীয়া চিনেমাৰ প্ৰচাৰৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছিল | সমীৰক এবাৰ গুৱাহাটীত হঠাতেই লগ পাই গ'লো | তেওঁ চিনেমাৰ প্ৰচাৰৰ কাৰণে ব্যস্ত হ'লেও নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট লাজুক | যুবকজনৰ লগত চিনাকি হৈ ভাল লাগিল | পিছত তেওঁ মোৰ কিতাপ এখনৰো খুব সুন্দৰকৈ প্ৰচাৰ কৰি দিছিল | মোৰ নামত এজোপা অৰ্কিড ৰুইছিল- এই কথাটোৱে মোক কি ধৰণে স্পৰ্শ কৰি গৈছিল তাক প্ৰকাশ কৰা প্ৰায় অসম্ভৱ | 

এইবাৰ প্ৰাক চিনে এৱাৰ্ডত সমীৰক বঁটা প্ৰদান কৰা হ'ল, সন্মান প্ৰদৰ্শন কৰা হ'ল অসমীয়া চিনেমাৰ প্ৰচাৰৰ কাৰণে নিৰৱ্ছিন্নভাৱে কাম কৰি যোৱাৰ কাৰণে | সমীৰ ৰয়, অভিনন্দন |  

Wednesday, July 1, 2026

চুটি ছবি, এনিমেচন আৰু তথ্যচিত্ৰৰ মহাকুম্ভ - মিফ

মুম্বাইৰ পেডাৰ ৰোডত থকা NFDC ৰ কাৰ্যালয়ৰ সম্মুখৰ ৰাস্তাত থিয় হৈয়েই মহোৎসৱৰ উত্তেজনা অনুভব কৰিব পাৰি ৷ পূৰ্বৰ তুলনাত এইবাৰৰ আয়োজন অধিক ডাঙৰ, হয়তো অধিক গভীৰো হৈছে ৷ মহোৎসৱত কেইদিনমান থকাৰ পাচত অনুভব কৰিছোঁ, হয়, আয়োজনৰ গভীৰতা বৃদ্ধি কৰাৰ যত্ন সকলো দিশৰ পৰাই কৰা হৈছে ৷

অ-কাহিনীমূলক চলচ্চিত্ৰৰ বিশ্বখনক এক সুকীয়া মাত্ৰা দি ১৯৯০ চনৰ পৰাই ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আহিছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, সংক্ষেপতে মিফ ৷ সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু বিশাল এই চলচ্ছিত্ৰ মহোৎসৱটিৰ এতিয়াৰ আয়োজক হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম ৷ সময়ৰ পৰিবৰ্তনৰ সৈতে খোজ মিলাই এই মহোৎসৱে তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেচন মাধ্যমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক শক্তিশালী মৰ্যাদা প্ৰদান কৰিছে ৷ আজিৰ তাৰিখত ‘মিফ’ কেৱল এটা উৎসৱ হৈ থকা নাই, বৰঞ্চ ই সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু এই জগতৰ লগত জড়িত পেছাদাৰীসকলৰ বাবে এক চিন্তাপ্ৰসূত আৰু আনন্দদায়ক মিলনভূমিত পৰিণত হৈছে ৷ 

১৯৯০ চনত অসমৰ চিত্ৰ পৰিচালক জনচ মহলীয়া আছিল ফিল্ম ডিভিজনৰ এগৰাকী ডিৰেক্টৰ ৷ তেখেতে এই মহোৎসৱৰ চলচ্চিত্ৰসমূহৰ পৰিচয় থকা পুস্তিকাখন মোক দিছিল ৷ সেইখন হাতত লৈ ভাবিছিলোঁ, এদিন মোৰ চিনেমাৰ কথাও এনেদৰে ছপা হোৱা হ’লে- এটা সময়ত সেই আশা পূৰণ হৈছিল ৷ দুখন ছবি এই মহোৎসৱত প্ৰদৰ্শিত হৈছিল, এবাৰ আলোচনা চক্ৰৰ বক্তা হিচাপে অংশগ্ৰহণ কৰিছিলোঁ ৷ এইবাৰ এখন ছবিৰ পৰিচালক আৰু এখন ছবিৰ সহ-প্ৰযোজক হিচাপে মহোৎসৱথলীত উপস্থিত হৈছিলোঁ ৷ 

সোমায়েই লগ পালোঁ চুটি ছবিৰ নিৰ্মাতা ৰিংকু শৰ্মাক, যোৱা বছৰ তেওঁৰ লগত এই ঠাইতেই চিনাকি হৈছিলোঁ ৷ ‘মিফ’ৰ ডক-বাজাৰত আছিল তেওঁৰ ছবি ‘হামাৰী ৰামলীলা’ ৷ ছবিখন অলপতে জাকাৰ্তা আৰু দুখনমান দেশৰ শিক্ষানুষ্ঠানত প্ৰদৰ্শিত হৈছে ৷ তেওঁ সেই প্ৰদৰ্শনত অংশগ্ৰহণ কৰি উভতি আহিছে ৷ ৰিংকুৰ ছবিখনৰ এই সফলতাৰ কাহিনী শুনিবলৈ ব্যগ্ৰ হৈ আছিলোঁ ৷ আৰু লগ পালোঁ পুনেৰ সাংবাদিক আকুৰেক৷ যোৱা বছৰ ‘ইফি’ত তেওঁৰ সৈতে চিনাকি হৈছিলোঁ ৷ প্ৰতি বছৰে এনেদৰে চিনাকিৰ সংখ্যা বাঢ়ি গৈ থাকে আৰু এই ক্ৰমবদ্ধৰ্মান সংখ্যাই মহোৎসৱক অধিক অন্তৰংগ কৰি তোলে ৷ সকলো মহোৎসৱৰ ক্ষেত্ৰতে একেই কথা একেই অনুভবৰ প্ৰতিফলন ঘটে ৷  

বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন আৱিষ্কাৰে চিনেমাক সম্বৃদ্ধ কৰে, নতুন পথ দেখুৱায় আৰু কেতিয়াবা শংকাৰ কাৰণো হৈ পৰে ৷ এতিয়া চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই একেলগে এক সম্ভাৱনা আৰু প্ৰত্যাহ৩ান হিচাপে দেখা দিছে ৷ ইয়াক সম্পূৰ্ণ ভাবুকি বা কেৱল সহায়কাৰী বুলি একপক্ষীয়ভাৱে ক’ব নোৱাৰি৷ এফালে, AI চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক শক্তিশালী সহায়কাৰী হাত ৷ চিত্ৰনাট্যৰ ধাৰণা প্ৰস্তুত কৰা, দৃশ্যসজ্জাৰ পৰিকল্পনা আৰু কম্পিউটাৰ গ্ৰাফিক্স তথা সম্পাদনাৰ দৰে কাৰিকৰী দিশবোৰকৃত্ৰিম বুদ্ধিমত্তাই অতি খৰতকীয়া আৰু মিতব্যয়ী কৰি তুলিছে ৷ ইয়াৰ ফলত সীমিত বাজেটৰ স্বতন্ত্ৰ চলচ্ছিত্ৰ নিৰ্মাতাসকলেও নিজৰ কল্পনাৰ বিশালতাক পৰ্দাত ৰূপ দিবলৈ সমৰ্থ হৈছে ৷ আনহাতে, ই ছবি জগতৰ বাবে একপ্ৰকাৰৰ শংকাও লৈ আনিছে ৷ চিত্ৰনাট্যকাৰ, এনিমেটৰ আৰু কাৰিকৰী শিল্পীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত ই ভাবুকিৰ সৃষ্টি কৰিছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এ-আই-এ পুৰণি তথ্য সংগ্ৰহ কৰি কাম কৰে, কিন্তু মানুহৰ মনৰ মৌলিক অনুভূতি, গভীৰ জীৱনবোধ আৰু স্বতঃস্ফূৰ্ত সৃষ্টিশীলতাক ই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে ৷ এইবোৰ প্ৰসংগ আলোচিত হৈছিল মহোৎসৱৰ এটি ৱৰ্কশ্বপত ৷ কৃত্ৰিম বুদ্ধিমত্তাই চলচ্ছিত্ৰ নিৰ্মাণৰ দিগন্তক এক নতুন ৰূপ দিয়াৰ এই সময়তে কৰ্মশালাৰ মূল বক্তা বিখ্যাত প্ৰতিষ্ঠান ‘আই আই চিটি’ -ৰ মুৰব্বী আনন্দ পাণ্ডেই ভবিষ্যত প্ৰজন্মৰ কাহিনী কথনশৈলীৰ সম্ভাবনাৰ কথা ব্যাখ্যা কৰিছিল ৷ চলচ্ছিত্ৰ জগতৰ লগত থকা নিজৰ গভীৰ অভিজ্ঞতাক কামত লগাই পাণ্ডেই প্ৰযুক্তিৰ সৈতে সৃষ্টিশীল দৃষ্টিভংগীৰ এক সেতু গঢ়ি তুলিছিল, যাৰ জৰিয়তে ভবিষ্যতৰ ‘মাইক্ৰ’-চিনেমা’ আৰু সংক্ষিপ্ত বৰ্ণনাৰ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰা কৰিছিল ৷ এ আই সঁজুলিবোৰে চলচ্চিত্ৰ নিৰ্মাতাসকলক কেনেদৰে এক সহজলভ্য পৰিসৰৰ ভিতৰতে গভীৰ প্ৰভাৱশালী, চিনেমেটিক অভিজ্ঞতা সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে, সেই কথাৰ আলোচনাই আছিল এই ৱৰ্কশ্বপৰ মূল সফলতা ৷ 

আধুনিক প্ৰযুক্তিৰ প্ৰয়োগে চলচ্চিত্ৰ মহোৎসববোৰলৈ কেনে ধৰণে পৰিবৰ্তন আনিছে, সেই বিষয়ৰ এখন মনোজ্ঞ আলোচনা চক্ৰঅনুষ্ঠিত হৈছিল ৷ বহু চলচ্ছিত্ৰ মহোৎসবৰ লগত জড়িত প্ৰেমেন্দ্ৰ মজুমদাৰৰ বক্তব্যই বহু নতুন কথাৰ সম্ভেদ দিছিল ৷ এই আলোচনা চক্ৰত ভাগ ল’বলৈ আহিছিল ইণ্ডিয়ান হেবিটেট চেন্টাৰৰ সঞ্চালক প্ৰফেচৰ কে জি সুৰেশ ৷ পুৰণি বন্ধুক প্ৰায় আঠ মাহৰ মূৰত লগ পালোঁ, আলোচনা আৰম্ভ হোৱাৰ আগতে কিছু সময় কথা পাতিলোঁ ৷ সভা শেষ কৰিয়েই তেওঁ নতুন দিল্লীলৈ উভতি যাব- পাচদিনা পুৱাই আন্তৰ্জাতিক যোগ দিবসৰ কাৰ্যসূচী আছে ৷ 

অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰযোজনা কৰা আৰু মই পৰিচালনা কৰা ‘হৰিনাৰায়ণ’ নামৰ তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্থান লাভ কৰিছিল ৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ কথা সৰ্বভাৰতীয় স্তৰৰ মঞ্চ এখনত তুলি ধৰিব পৰাটো আমাৰ বাবে আনন্দৰ কথা আছিল ৷ বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, ময়ূৰাক্ষী দত্ত আৰু প্ৰাক্তন ডীন শান্তনু চৌধুৰীয়েও এই প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল ৷ মোৰ কেইবাগৰাকীও সমালোচক বন্ধুও উপস্থিত আছিল ৷ অসমৰ চিত্ৰ পৰিচালক দীপ চৌধুৰীও আছিল আৰু পৰিচালকৰ সতে হোৱা প্ৰশ্নোত্তৰ পৰ্বত অংশগ্ৰহণ কৰিছিল ৷ ছবিখনৰ বিষয়ে একাধিক সাংবাদিকে আগ্ৰহ প্ৰকাশ কৰিছিল, আকাশবাণী আৰু দূৰদৰ্শনে আমাৰ লগত হোৱা কথোপকথন প্ৰচাৰ কৰিছিল ৷ যিটো আশা লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল, ‘মিফ’-এ, তাৰ কিছু অংশ পূৰণ কৰি দিছিল ৷ 

ভূপেন হাজৰিকাৰ 'পত্ৰলেখা' গীতটিৰ ভাবটোক কাহিনীৰ ৰূপ দি নম্ৰতা দত্তই পৰিচালনা কৰা ‘পত্ৰলেখা’ ছবিখনেও ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পূৰ্বে ছবিখন গোৱাত অনুষ্ঠিত ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াৰ পেন’ৰামাত প্ৰদৰ্শিত হৈছিল বাবে ছবিখনৰ কিছু নাম হৈছিল ৷ প্ৰদৰ্শনত উপস্থিত থকা বহু দৰ্শকে সেই কথাটো কৈছিল ৷ ছবিখনৰ সহ প্ৰযোজক হিচাপে মই খুব আনন্দিত হৈছিলোঁ ৷ ছবিখনক লৈ সাংবাদিক মহলৰো আগ্ৰহ পৰিলক্ষিত হৈছিল ৷ জাপানৰ ফিল্ম ক্ৰিটিক নাচিকো মোৰি ছবিখন প্ৰদৰ্শনৰ ঠিক আগমুহূৰ্তত আহি উপস্থিত হৈছিল, ‘হৰিনাৰায়ণ’ৰ সময়ত আহিব নোৱৰা বাবে দুখ প্ৰকাশ কৰিছিল ৷ খুব আগ্ৰহ কৰি তেওঁ আমাৰ লগত ছেলফি উঠিছিল- এই কথাবোৰে আনন্দ দিয়ে ৷ 

‘হৰিনাৰায়ণ’ আৰু ‘পত্ৰলেখা’ৰ লগতে ‘মিফ’ৰ প্ৰতিযোগিতা শাখাত স্থান লাভ কৰা অসমৰ চিত্ৰনিৰ্মাতাসকল আৰু তেওঁলোকৰ ছবি কেইখন হ’ল ৰাজদীপ চৌধুৰীৰ ‘চলো ইণ্ডিয়া উইথ এৰিক জি – বাৰাণসী’, চুটি কাহিনী চিত্ৰ - অংকুৰ ডেকাৰ ‘আবিষ্কাৰ: দ্য ডেব্যু’, নম্ৰতা দত্তৰ ‘পত্ৰলেখা’, অৰিন্দম বৰুৱা আৰু ইন্দ্ৰনীল গায়ণৰ ‘মাৰফৎ’ আৰু দীপ চৌধুৰীৰ ‘ৰুণানুবন্ধ’৷ 

দৈনিক অসমত প্ৰকাশিত


Featured Post

প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল

‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...