আজি ছবিখনৰ প্ৰিমিয়াৰ চালোঁ ৷ ডঃ জাহানাৰা বেগমক লগ পালোঁ, চিনেমাখন চাবলৈ তেখেত তেজপুৰৰ পৰা আহিছে ৷ তেখেতৰ ল’ৰা ময়ূৰ গোপেন্দ্ৰ দাসে ছবিখনত অভিনয় কৰিছে ৷ দুয়োকে অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ৷ আৰু বহুতকে লগ পালোঁ ৷ এই প্ৰিমিয়াৰবোৰ মানুহ লগ পোৱাৰ একো একোটা উৎসৱ ৷ ৰুদ্ৰৰ এজন মূল মানুহ- পৰিচালক ৰূপক গগৈ ৷ প্ৰথমে ভূলু, তাৰপাচত অমু, অমিতাভ আৰু এতিয়া ৰূপক ৷ কিমান সৰুৰ পৰা লগ পাইছোঁ, মোৰ বাবে ৰূপক গগৈ এতিয়াও সেই সৰু ভূলু বা অমুৱেই ৷ সেইটো ল’ৰাই ইমান ডাঙৰ আয়োজনৰ ছবি এখন কৰিছে, ভাবিয়েই ভাল লাগে ৷
ৰুদ্ৰৰ আৰু এটা পিলাৰ - ৰবি শৰ্মা ৷ ৰবিক যেতিয়া প্ৰথম লগ পাওঁ তেতিয়া তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ, কণমানি ল’ৰা এটা ৷ সেইটো কণমানি ল’ৰাই এতিয়া ইমান একচন থকা ছবিত অভিনয় কৰিছে- কিবা আচৰিত যেন লাগে ৷ অভিনেতা ৰবিৰ কিছুমান কথা খুব ভাল লাগে - যেনে স্কুল-কলেজত ছবিৰ প্ৰচাৰ কৰাৰ বিৰোধিতা কৰা ৷ বহুদিনৰ আগতে এটা মদ কোম্পানীয়ে ৰবিক বহু টকাৰ অফাৰ দিছিল- মদৰ বিজ্ঞাপনত অংশগ্ৰহন কৰাৰ বাবে ৷ সেই সময়ত টকাৰ পৰিমাণটি বহু ডাঙৰ আছিল আৰু অভিনয়ক কেৰিয়াৰ হিচাপে ল’বলৈ আগবঢ়া ৰবিৰ বাবে সেই পৰিমাণটি এৰাব পৰা বিধৰ নাছিল ৷ কিন্তু ৰবিয়ে সেই বিজ্ঞাপনটিতঅভিনয় নকৰিলে ৷ মই সোধাত কৈছিল- ‘মদ খোৱাটো মই সমৰ্থন নকৰো, গতিকে বিজ্ঞাপনটিতো অংশ নলও’ ৷ এনেবোৰ সিদ্ধান্তই অভিনেতাগৰাকীক নিজৰ চিনাকি শক্তিশালী কৰাত সহায় কৰে ৷ এই ছবিত ৰবিয়ে ভালেখিনি একচন দৃশ্যত অভিনয় কৰিছে ৷ নিয়মিতভাবে ব্যায়াম কৰি আটিল কৰি ৰখা দেহেৰে ৰবিয়ে ‘ফাইট’ কৰিলে বিশ্বাস হয়, দৃশ্যবোৰ জীৱন্ত হয় ৷ এই ছবিৰ একচন দৃশ্যবোৰত ৰবিৰ অংশগ্ৰহন পূৰ্বৰ তুলনাত অধিক পৰিপক্ক লাগিছে ৷
ছবিখনৰ কাৰিকৰী দিশৰ কামো ভাল লাগিছে ৷ ছবিখন সকলো ধৰণে সফল হওক- তাকেই কামনা কৰিলোঁ ৷
দ্বিতীয় ফটো - ৰূপক গগৈ আৰু নম্ৰতা