সন্দীপ ৰায় অসাধাৰণ চিত্ৰশিল্পী ৷ তেওঁ অঁকা ‘জয়বাবা ফেলুনাথ’ ছবিৰ ই পি গ্ৰামোফোন ৰেকৰ্ডখন অতি সুন্দৰ ৷ ফেলুনাথৰ ‘উ’কাৰটোক পিষ্টলৰ ৰূপ দিছিল ৷ জাৰ্ণাল এম্পৰিয়ামৰ সুৰেন্দ্ৰ নাথ বৈশ্য ডাঙৰীয়াৰ কথামতে সত্যজিত ৰায়ৰ জীৱনী এখন লেখিবলৈ আৰম্ভ কৰিছিলোঁ ৷ দুটামান খণ্ড বিস্ময়ৰ পাতত ছপা হৈছিল ৷ মোৰ ইচ্ছা আছিল বেটুপাত সন্দীপ ৰায়ে আঁকিব ৷ সুৰেনদাই কথাও পাতিছিল ৷ তেখেতে কৈছিল- দেউতাকৰ বিষয়ে লেখা কিতাপ কাৰণে আঁকিবলৈ ইচ্ছা কৰা নাই ৷ মোৰো কিতাপখন সম্পূৰ্ণ কৰা নহ’ল ৷ সন্দীপ ৰায়ৰ ছবিয়ে কাহানিও আকৰ্ষণ কৰা নাই, কিন্তু তেওঁৰ লেখাবোৰৰ মাজেৰে চিনেমাৰ বহু কথাই জানিব পাৰি ৷ সেই কথাবোৰ মোৰ ভাল লাগে ৷