সন্দীপ ৰায় অসাধাৰণ চিত্ৰশিল্পী ৷ তেওঁ অঁকা ‘জয়বাবা ফেলুনাথ’ ছবিৰ ই পি গ্ৰামোফোন ৰেকৰ্ডখন অতি সুন্দৰ ৷ ফেলুনাথৰ ‘উ’কাৰটোক পিষ্টলৰ ৰূপ দিছিল ৷ জাৰ্ণাল এম্পৰিয়ামৰ সুৰেন্দ্ৰ নাথ বৈশ্য ডাঙৰীয়াৰ কথামতে সত্যজিত ৰায়ৰ জীৱনী এখন লেখিবলৈ আৰম্ভ কৰিছিলোঁ ৷ দুটামান খণ্ড বিস্ময়ৰ পাতত ছপা হৈছিল ৷ মোৰ ইচ্ছা আছিল বেটুপাত সন্দীপ ৰায়ে আঁকিব ৷ সুৰেনদাই কথাও পাতিছিল ৷ তেখেতে কৈছিল- দেউতাকৰ বিষয়ে লেখা কিতাপ কাৰণে আঁকিবলৈ ইচ্ছা কৰা নাই ৷ মোৰো কিতাপখন সম্পূৰ্ণ কৰা নহ’ল ৷ সন্দীপ ৰায়ৰ ছবিয়ে কাহানিও আকৰ্ষণ কৰা নাই, কিন্তু তেওঁৰ লেখাবোৰৰ মাজেৰে চিনেমাৰ বহু কথাই জানিব পাৰি ৷ সেই কথাবোৰ মোৰ ভাল লাগে ৷
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Wednesday, May 28, 2025
চিনেমাৰ কিতাপ
চিনেমাৰ কিতাপ হাতত পৰিলে অইন কাম পাহৰা যায় ৷ অম্বৰীশ ৰাষ্ট্ৰীয় বঁটা বিজয়ী, মই তেতিয়া তেওঁৰ এটা সাক্ষাৎ লৈছিলোঁ৷ তেওঁ গুৱাহাটীৰ কলেজত পঢ়া ৷ তেওঁৰ কিতাপখন মেলোতেই এটা প্ৰবন্ধ চকুত পৰিল- যোগীন্দৰৰ বিষয়ে ৷ যোগীন্দৰৰ বিষয়ে পঢ়িছিলোঁ কেৱল নৱাজুদ্দিন ছিদ্দিকিৰ বায়োগ্ৰাফিত ৷ মই চোৱা তেওঁৰ এখমাত্ৰ ছবি ‘ৰংগাখুচ’ ৷ কাহানিবাই চাইছিলোঁ, মনত ৰৈ গ’ল ৷
Subscribe to:
Post Comments (Atom)
Featured Post
প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল
‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
এগৰাকী চিত্ৰৰসিক আছে - অসমীয়া চিনেমা ৰিলিজৰ তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ? চাম বা নাচাম কাৰণটো কি - '...
-
অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প ' ষ্ট দিছিল | তেওঁ লিখিছিল - ‘ অসমীয়া চিনেমাৰ লগত জড়িত লোকসক...

No comments:
Post a Comment