Thursday, May 22, 2025

শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন

 
শশাংক সমীৰে লেখা আৰু পৰিচালনা কৰা ‘ভাইমনদা’ চাই ভাল পালোঁ ৷ এখন সম্পূৰ্ণ মৌলিক চিনেমা ৷ ভাইমনদা আমাৰ মাজৰ পৰা আঁতৰি যোৱা কেইদিনমানহে হৈছে ৷ এনে সময়তে এজন তৰুণ পৰিচালক আৰু প্ৰযোজকে তেনে এজন মানুহৰ প্ৰতি প্ৰদৰ্শন কৰা এই সম্মানৰ কথা অসমৰ চিনেমাপ্ৰেমী মানুহে সদায়েই মনত ৰাখিব ৷ অসমীয়া চিনেমাই ব্যবসায় কৰিবই লাগিব, তাত কোনো সন্দেহ নাই ৷ মুনিন বৰুৱাই এই কথাটো সদায়েই মনত ৰাখিছিল, বিশ্বাস কৰিছিল আৰু ব্যবসায়ৰ নামত কোনো ধৰণৰ তৰল সামগ্ৰী মেলি দিয়া নাছিল ৷ ৰুচিবোধৰ এটি স্তৰ তেওঁ সদায়েই মনত ৰাখিছিল ৷ আবেগৰ প্ৰদৰ্শনৰ সময়তো তেওঁ আছিল সথেষ্ঠ সংযমী ৷ ভাইমনদা ছবিখনত সেই আদৰ্শ সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে ৷ কাহিনীৰ গতিৰ লগত খাপখোৱা ‘এৰা এৰি’ গীতটিৰ চিত্ৰায়ণ ভাল লাগিছে ৷ ভাইমন আৰু মঞ্জুলাৰ প্ৰথম পৰিকল্পিত মুখামুখিৰ দৃশ্যৰ সময়ত ভাইমনৰ প্ৰবেশৰ মুহূৰ্তটিয়ে ‘প্যাসা’ৰ এটি শ্বটলৈ মনত পেলাই দিয়ে ৷ এনে একোখন মৌলিক ছবিয়ে অসমীয়া ছবিৰ ইতিহাস সম্বৃদ্ধ কৰিব ৷

শশাংক সমীৰলৈ মৰম আৰু অভিনন্দন ৷ 

https://www.youtube.com/watch?v=U9dOi7wNVA8