Wednesday, March 26, 2025

বিতৰ্কত এটি গীত

নীৰজ পাণ্ডেৰ ৱেব চিৰিজ ‘খাকী-দা বেংগল চেপ্টাৰ’ত ব্যবহাৰ কৰা বাংলা গান ‘মইনা চলাৎ চলাৎ’টিৰ সুৰ ৰমেন বৰুৱা সুৰাৰোপিত ‘মইনা কোন বিধাতা’গীতৰ সুৰৰ লগত মিলি যায়৷ মই এই কথাটো উত্থাপন কৰোতে ই গৈ সংবাদ মাধ্যম পালে৷ ইংৰাজীত প্ৰকাশ হোৱা কথাখিনি ভাৰতৰ বিভিন্ন ঠাইৰ বহু লোকে পঢ়িলে আৰু বহুতে মোক অভিনন্দিতও কৰিলে ৷ 

কিন্তু অসমৰে কেইবাজনে মোক কৈছে যে ‘খাকী’ত লোৱা গীতটি আচলতে এটা বাংলা লোকগীত ৷ তেওঁলোকে স্পষ্টকৈ কোৱা নাই যদিও ইংগিত দিছে যে বাংলা লোকগীতৰ পৰাই ৰমেন বৰুৱাই সুৰটি লৈছিল৷ এজনে কৈছে গীতটি বাংলাদেশৰ লোকগীত ৷


এতিয়া মই অলপ কথা কওঁ ৷ লোকগীত এটিয়ে একোটা বিশেষ অঞ্চলৰ মানুহৰ মুখৰ মাতটিৰ প্ৰতিনিধিত্ব কৰে৷ বাংলাদেশৰ মানুহৰ মাত আৰু পশ্চিমবংগৰ মানুহৰ মাত একে নহয় ৷ গতিকে একেটাই গীত দুই ঠাইৰ লোকগীত হ’ব নোৱাৰে৷ তাতকৈ ডাঙৰ কথা হ’ল ইউটিউবত থকা ‘মইনা চলাৎ চলাৎ’ শীৰ্ষক ভিডিঅ’ত গীতটিৰ কথা আৰু সুৰ সনত বসুৰ বুলি উল্লেখ আছে ৷ এইটো স্পষ্ট যে গীতটি লোকগীত নহয়৷ কলকাতাত থকা মোৰ সংগীতজ্ঞ বন্ধুসকলেও এনেকুৱা লোকগীত এটিৰ অস্তিত্বৰ কথা নাজানে৷ এটা কথাত নিশ্চিত হ’ব পাৰি যে বাংলা গীতটি লোকগীত নহয়, আৰু সেইটো ৰমেন বৰুৱাৰে সুৰ ৷