Saturday, July 12, 2025

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত


বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবাৰ অনুষ্ঠিত হৈছিল জ্ঞান মহোৎসৱ ৷ নোবেল জয়ী পণ্ডিতে তাত অংশ লৈছিল৷ তেতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনিলৈ যোৱাৰ ইচ্ছা এটা জন্মিছিল ৷  আজি বিশ্ববিদ্যালয়ৰ ক’ৰ্ট মিটিঙত অংশ লোৱাৰ বাবেই সেই ইচ্ছা পূৰণ হ’ল ৷

বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ চুমী কলিতাক লগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি ৰিফ্ৰেচাৰচ কোৰ্চত ৷ তেতিয়াই তেখেতে আমন্ত্ৰণ জনাইছিল ৷ আজি কোৰ্টৰ সভাৰ অন্তত তেখেতৰ বিভাগ পালোগৈ ৷ প্ৰথম মহলাৰ বিভাগটিৰ অংশখিনি যিমান পাৰে সেউজীয়া কৰি ৰাখিছে ৷ চিজন ফ্লাৱাৰ শেষ হোৱাৰ পাচত সেই টাববোৰত ভেন্দিৰ পুলি লগাই দিয়া হৈছিল, এতিয়া সেইবোৰে সেউজ শোভাত অৰিহণা যোগাইছে ৷ 

ডঃ কলিতাৰ কোঠত থকা কেইবাটিও আলমাৰী ভৰ্তি কিতাপবোৰ কৌতুহল উদ্দীপক ৷ আলমাৰীৰ আইনাৰ বেৰখন ভেদ কৰি চকু ভিতৰলৈ গ’ল- দেখা পালোঁ প্ৰায় আটাইবোৰ কিতাপৰে বেটুপাত একেই ৷ অলপ পাচতহে কথাটো বুজি পালোঁ ৷ কিতাপবোৰত সুন্দৰকৈ এক ৰঙৰ বকলা লগাই থোৱা হৈছে ৷  ভালেকেইখন গবেষণা পত্ৰ দেখা পালোঁ- পঢ়িবলৈ মন যোৱা বিষয়ৰ ৷ ডঃ কলিতাই দেখুৱালে বিভাগীয় পুথিভঁড়ালটি ৷ বিভিন্ন শুভাকাংক্ষীৰ চেনেহৰ উপহাৰেৰে ভঁড়ালটি সম্বৃদ্ধ ৷ ময়ো কেইখনমান কিতাপ পুথিভঁড়ালটিলৈ আগবঢ়াম ৷ 

তাৰ পাচত চালোঁ বিভাগীয় সংগ্ৰহালয়টি ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ নানান উপাদান তাত প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান বহু ৷ আকৃতিত সৰু, কিন্তু তাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আবেগৰ স্পৰ্শ অনুভব কৰিব পাৰি ৷

আৰু এবাৰ যাম, তাত বহু সময় কটাম ৷

তলৰ ফটোত ডঃ চুমী কলিতাৰ সতে