এনে পৰিবেশৰ মাজতো কেতিয়াবা একোটা প্ৰবন্ধই আমাক পঠন আনন্দ প্ৰদান কৰে ৷ তেনে এটা প্ৰবন্ধ আছিল সাদিনত প্ৰকাশিত ডিজিটেল আৱৰ্জনা বিষয়ক ৷ বিষয়বস্তু নতুন, প্ৰকাশশৈলী ভাল, আমাৰ দৰে কলা আৰু মেনেজমেণ্টৰ ছাত্ৰৰ মনত সোমাব পৰা ৷ লেখক ডঃ ৰাজীৱ শইকীয়ালৈ হোৱাটছ এপত মেছেজ এটা দিলোঁ, ফোনো কৰিলোঁ ৷
তাৰ পাচত তেখেতৰ পৰা উপহাৰ হিচাপে কিতাপ এখন আহিল- ‘সেউজ বিজ্ঞান আৰু অন্যান্য’ ৷ কিতাপখনৰ বহু কেইটা প্ৰবন্ধত আমাৰ প্ৰবেশ সহজসাধ্য নাছিল ৷ কেইটিমান আছিল সহজে বুজিব পৰা ৷ সেউজ পৰিবহন, পৰিবেশৰনৈতিকতা, ফাইভ জি নেটৱৰ্ক, ডিজিটেল ৰেডিঅ’, সংগীত, এ আই আদি প্ৰবন্ধৰ লগতে বিদ্যায়তনিক প্ৰবন্ধ কেইটিও পঢ়ি ভাল পালোঁ৷ অকল ভাল পোৱাই নহয়, ভালেখিনি নতুন নতুন কথা শিকাৰ সুবিধাও লাভ কৰিলোঁ৷ লেখকক ধন্যবাদ ৷ নতুন প্ৰযুক্তি বিভাগৰ প্ৰবন্ধকেইটি বিজ্ঞানৰ ছাত্ৰৰ বাবে সহজ হ’ব, কিন্তু আমাৰ বাবে নহয় ৷ কেতিয়াবা লেখকে আমাৰ দৰে পাঠকৰ কথা ভাবিও নতুন নতুন প্ৰযুক্তিৰ কথা লেখিলে আমি উপকৃত হ’ম ৷
প্ৰবন্ধকেইটিৰ প্ৰসংগত দুটা কথা ক’ব লাগিব- এক বহুক্ষেত্ৰত বাক্য-গাঁঠনি ইংৰাজী বাক্যৰ দৰে হৈছে ৷ হয়তো এয়া অধিক ইংৰাজী অধ্যয়ণৰ ফল ৷ বাতৰি কাকতৰ বাবে লেখা প্ৰবন্ধৰ কিছুমান নিজা চৰিত্ৰ থাকে, কিতাপ আকাৰে প্ৰকাশৰ সময়ত সেইবোৰত হাত ফুৰাই দিলে ভাল হয় ৷ এই কিতাপখনতো তেনেকুৱা কাম অলপ বাকী থাকি গ’ল ৷ ছবি, ফটো, ভিডিঅ’ আদিৰ বাৰকোড আদিৰে কিতাপখন পাঠকৰ বাবে অধিক আকৰ্ষণীয় কৰাৰ ঠাই আছিল ৷ আশাকৰো পৰবৰ্তী কিতাপ প্ৰকাশৰ সময়ত তেখেতে কথাটো এবাৰ ভাবি চাব ৷ এইটোও সত্য যে মই ছবি-ফটো-ভিডিঅ’ লিংক আদি থকা কিতাপ ভাল পাও বুলিয়েই যে আনেও ভাল পাব তাৰ কোনো কাৰণ নাই ৷

