সেই স্মৃতিৰেই চাৰলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ ৷
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Tuesday, July 22, 2025
বসন্ত ভট্ট চাৰ গ’লগৈ
সম্পূৰ্ণ নাম বসন্ত কুমাৰ ভট্টাচাৰ্য, কিন্তু আমি সৰুৰে পৰাই বসন্ত ভট্ট নামেৰেই জানি আহিছোঁ ৷ কলেজত চাৰে অসমীয়া পঢ়াইছিল, খুব সুন্দৰ পঢ়াইছিল, ক্লাচ কেইটা কৰিলে ঘৰত পুণৰ পঢ়াৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ ৷ ক্লাচৰুমৰ বাহিৰতো চাৰ আছিল অভিভাৱক, উৎসাহদাতা ৷ এবাৰ আমাৰ বন্ধুসদৃশ দাদা ভবেন দাসৰ কিতাপ এখনৰ বেটুপাত প্ৰস্তুত কৰিছিলোঁ ৷ ৰঙীন বেটুপাতৰ যুগত এক ৰঙৰ বেটুপাত ৷ অখ্যাত লেখকৰ বেটুপাত অখ্যাত কলেজীয়া ছাত্ৰৰ দ্বাৰা ৷ বেটুপাতখনলৈ চাই ভবেনদা আৰু মই দুয়ো আত্মহাৰা হৈ আছিলোঁ ৷ তাৰ পাচত এটা চমক- গুৱাহাটীৰ পৰা প্ৰকাশিত নবীন বৰুৱাই প্ৰকাশ কৰা সম্ভবতঃ ‘প্ৰতীতি’ নামৰ আলোচনীত সেই বেটুপাতটিৰ বিষয়ে এটা লেখা- লেখিছে সেই সময়ৰ তাৰকা গল্পকাৰ দেবব্ৰত দাসে ৷ অবাক আৰু বিস্ময়াভিভূত হোৱাৰ বাহিৰে আমাৰ কৰিবলগীয়া একো নাছিল ৷ কিতাপঘৰ নামৰ কিতাপৰ দোকান আৰু আমাৰ লাইব্ৰেৰিত আমি সেই মুহূৰ্ত উপভোগ কৰি আছিলোঁ ৷ এনেতে বসন্ত ভট্ট চাৰ আহি সোমাল ৷ চাৰে আলোচনীখন চালে আৰু¸ ক’লে- উৎপল, মোৰ এখন গল্পৰ কিতাপ ওলাব, তুমি এনেকুৱা কোভাৰ এটা কৰি দিবা ৷ সেই আনন্দৰ মুহূৰ্তত চাৰৰ এই কথা আছিল এটা ডাঙৰ পুৰষ্কাৰৰ দৰে ৷
Subscribe to:
Post Comments (Atom)
Featured Post
প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল
‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
এগৰাকী চিত্ৰৰসিক আছে - অসমীয়া চিনেমা ৰিলিজৰ তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ? চাম বা নাচাম কাৰণটো কি - '...
-
অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প ' ষ্ট দিছিল | তেওঁ লিখিছিল - ‘ অসমীয়া চিনেমাৰ লগত জড়িত লোকসক...

No comments:
Post a Comment