Tuesday, July 15, 2025

বিপ্লবী ব্ৰজনাথ

কলাক্ষেত্ৰৰ সচিব শ্ৰীযুত সুদৰ্শন ঠাকুৰে পৰিচালক শ্ৰীযুত অসীম কুমাৰ নাথৰ হাতত নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিক ভাবে অৰ্পণ কৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ‘পৰাক্ৰমী পূৰ্বোত্তৰ’ শিৰোণামাৰে সাতদিনীয়া নাট মহোৎসৱ এটিৰ আয়েজন কৰিছে ৷ এই নাট মহোৎসৱৰ বাবে নিৰ্বাচিত  নাটসমূহৰ এখন হ’ল ‘বিপ্লৱী ব্ৰজনাথ’ ৷ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, অবিনাশ শৰ্মা, প্ৰদীপ পূজাৰীৰ হেঁচা আৰু ডঃ বিস্মিতা দেৱীৰ নিৰন্তৰ সঁকিয়নিত নাটখন সম্পূৰ্ণ হৈছিল ৷ প্ৰকাশন পৰিষদৰ সচিব শ্ৰী প্ৰমোদ কলিতাই প্ৰয়োজনীয় প্ৰসংগ পুথি সংগ্ৰহ কৰি দি কামটো সম্পূৰ্ণ কৰাত সহায় কৰিছিল৷ 

আজি এই নাটকখনৰ শুভ মুহূৰত অনুষ্ঠিত হয় ৷  নাটখন পৰিৱেশন কৰিব ছিপাঝাৰৰ অগ্ৰণী নাট্য গোষ্ঠী ‘চৰ্চা’ই আৰু পৰিচালনা কৰিব অসীম কুমাৰ নাথে ৷ আজিৰ শুভ মুহুৰত অনুষ্ঠানত  বিশিষ্ট অভিনেতা শ্ৰীযুত প্ৰাঞ্জল শইকীয়া, সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত নাট-পৰিচালক শ্ৰীযুত অবিনাশ শৰ্মা, অধ্যাপক ডঃ ৰামচন্দ্ৰ ডেকা, প্ৰকল্প উপদেষ্টা সমিতিৰ সন্মানীয় সদস্য শ্ৰীযুত প্ৰদীপ পূজাৰী, মোৰ দীৰ্ঘ দিনৰ বন্ধু আৰু সহকৰ্মী শ্ৰীযুত নয়ন প্ৰসাদ, মোৰ কটন কলেজৰ জুনিয়ৰ আৰু পুৰষ্কাৰ বিজয়ী শিক্ষক পৱন কলিতা, ডঃ বিস্মিতা দেৱীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু ‘চৰ্চা’ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল, নাটখনৰ অভিনয় শিল্পীসকল তথা ভালেসংখ্যক নাট্যানুৰাগী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এইখিনিতে মই লেখা আৰু অনুবাদ কৰা নাটকেইখনৰ নাম মনত পেলাই চালোঁ- আমি কেনে আছোঁ [মৌলিক- মঞ্চস্থ নহলেই], ষোল্ল জানুৱাৰিৰ নিশা [অনুবাদ, পৰিচালক সঞ্জীব হাজৰিকা], নাগমণ্ডল [অনুবাদ, পৰিচালক অবিনাশ শৰ্মা], টুগলক [অনুবাদ, পৰিচালক ভাগিৰথী], গডমাদাৰ [মৌলিক, পৰিচালক তপন দাস], কাঞ্চন [উপন্যাসৰ নাট্যৰূপ, দুবাৰ কৰা হৈছে- এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে - পৰিচালক ৰবীন নেওগ আৰু মই, এবাৰ অপেছাদাৰী মঞ্চৰ বাবে, পৰিচালক বিদ্যুৎ চক্ৰবৰ্তী], মেকবেথ [অনুবাদ, পৰিচালক ভাগিৰথী] ৷ আকাশবাণীৰ যুৱবানী অনুষ্ঠানৰ বাবে কেইবাখনো লেখিছিলোঁ আৰু পৰিচালনা কৰিছিলোঁ, অভিনয়ো কৰিছিলোঁ ৷ নামবোৰ মনত নাই, কেৱল দুখনৰ কথা মনত আছে-  এখন মাখন হাজৰিকাৰ গল্পৰ নাট্যৰূপ, আনখন নাট্য কলাজ-  অৰুণ শৰ্মাৰ নিবাৰণ ভট্টাচাৰ্য নাট, ফণী শৰ্মাৰ বিষয়ে অৰুণ শৰ্মাই লেখা প্ৰবন্ধ, চিৰাজ নাটক আদিৰ অংশ আদিৰে এই নাট্য কলাজ খন ৰচনা কৰিছিলোঁ, প্ৰযোজনাও কৰিছিলোঁ, নয়ন প্ৰসাদে সহায় কৰি দিছিল ৷ 







চৰ্চাৰ শিল্পীসকলৰ সতে

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...