এই তালিকা বহু দীঘল, মাজে মাজে কৈ থাকিম ৷
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Wednesday, October 1, 2025
ৰাষ্ট্ৰীয় বঁটা গ্ৰহন কৰা সময়ত মই পিন্ধা জেকেটটো
ৰাষ্ট্ৰীয় বঁটা গ্ৰহন কৰা সময়ত মই পিন্ধা জেকেটটোৱে বহুতৰ মনযোগ আকৰ্ষণ কৰিছিল ৷ দক্ষিণ ভাৰতৰ এগৰাকী প্ৰযোজকে ভালেমান সময় জেকেটটি চুই চাইছিল, তেওঁৰ পৰিচালকৰ লগত আলোচনা কৰিছিল ৷ শেহত সুধিছিল - এই কাপোৰ কেবা মিটাৰো কিনিব পৰা যাব নেকি ? এগৰাকী কষ্টিউম ডিজাইনাৰে পিটিকি চাইছিল ৷ পুৰুষৰ কাপোৰ এনেদৰে চোৱা মই আগতে দেখা নাই ৷ পুৰষ্কাৰ ঘোষণা হোৱাৰ পাচদিনাই আহিছিল Swapna Dutta Deka IAS, যাৰ কবিতাৰে মই নিৰ্মাণ কৰিছিলোঁ বহুবৃত্ত ৷ তেওঁ উপহাৰ দিছিল জেকেটটি ৷ সেইটো মই থৈ দিছিলোঁ সেই বিশেষ মুহূৰ্তটিৰ বাবে ৷ সিদিনা ৰাতি আহিছিল মোৰ সহকৰ্মী ডঃ বিশ্বপ্ৰসূন চেটাৰ্জী আৰু ডঃ সূৰ্য লয়িং ৷ চেটাৰ্জী দুদিনমান আগতে ইউৰোপৰ পৰা আহিছিল, লৈ আহিছিল দুস্প্ৰাপ্য আৰু বিশেষত্ব থকা ৱাইন ৷ তাৰে এটা বটল মোক উপহাৰ দিছিল ৷
Subscribe to:
Post Comments (Atom)
Featured Post
প্ৰেম আৰু অপৰাধ কাহিনীৰ ককটেল
‘বাজী’ ছবিৰ পয়সত্তৰ বছৰ উপলক্ষে | মূল অনন্ত বিজয় | অনুবাদ উৎপল দত্ত গুৰুদত্তৰ নামটো মনলৈ অহাৰ লগে লগেই চকুৰ আগত ভাঁহি উঠে প্ৰেম আৰু বিৰহ, বে...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
এগৰাকী চিত্ৰৰসিক আছে - অসমীয়া চিনেমা ৰিলিজৰ তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ? চাম বা নাচাম কাৰণটো কি - '...
-
অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প ' ষ্ট দিছিল | তেওঁ লিখিছিল - ‘ অসমীয়া চিনেমাৰ লগত জড়িত লোকসক...

No comments:
Post a Comment