Sunday, September 4, 2022

প্ৰীতম বৰুৱাৰ অন্য এটা ৰূপ


প্ৰথম প্ৰকাশ বাৰ্তা এন ই + চাৰি ছেপ্টেম্বৰ


প্ৰিয় ধাৰাবাহিক ‘
বেহাৰবাৰী আউটপোষ্ট’ চাই থাকোতে এটা খণ্ডত অভাবনীয়ভাবে দেখা পালোঁ, আউটপোষ্টৰ এছ আই খাৰঘৰীয়াই ফটো দুখনমান দেখুৱাইছে ৷ কোনোবা পাহাৰীয়া ঠাই এডোখৰ, বিশাল নীলা আকাশখনক সন্মুখত লৈ, প্ৰায় নিসংগভাৱে (প্ৰায় বুলি কোৱাৰ কাৰণ হ’ল, কোনোবা এজন নিশ্চয় আছে— ফটোখন তুলিবৰ বাবে) থিয় হৈ আছে ৷ পিন্ধি থকা গৰম কাপোৰবোৰেই প্ৰমাণ কৰে ঠাইখিনিত ভাল ঠাণ্ডাই পৰিছে ৷ সংলাপ এটাত কোৱা হৈছিল যে তেওঁ ‘বাইক-ৰেলি’ত গৈছিল ৷ 







মনত পৰিল, চিৰিয়েলখনত দেখা কিছুমান কথাৰ পৰা অনুমান কৰিছিলোঁ যে তেওঁৰ বাইকত চখ আছে ৷ কিন্তু বাইকত চখ থাকিলেই যে বাইক-ৰেলিত যাব তেনেকুৱা কথা এটা ভবাৰ কোনো অৱকাশ পোৱা নাছিলোঁ ৷ এই কথাটোৱে মোক কথাটো আকৌ এবাৰ ভাবিবলৈ দিলে ৷ অভিনয় আৰু বাইক-ৰেলি !

বহুদিন ধৰি কলা মাধ্যমত বিভিন্ন দায়িত্বৰে কাম কৰি অভিজ্ঞতাৰ ভিত্তিত এটা সিদ্ধান্তত উপনীত হৈছিলোঁ যে নিজৰ কামৰ লগত পোনপতীয়া সম্বন্ধ নথকা বিষয় এটা ‘হবি’ হিচাপে থাকিলে সি সৃষ্টিশীল মানুহৰ কামত এটা ভিন্ন মাত্ৰা সংযোগ কৰে ৷ ‘সৃষ্টিশীল ব্যক্তিৰ মানসিক গঠন আৰু বুদ্ধিমত্ত্বা’ৰ বিষয়ে গবেষণা কৰা ডঃ আশা শৰ্মাক কথাটো সুধিছিলোঁ ৷ 

ডঃ আশা শৰ্মা

তেখেতে কোৱা কথাখিনিৰ সাৰমৰ্ম এনে ধৰণৰঃ এই ধৰণৰ হবিয়ে শিল্পীজনক দুই ধৰণে সহায় কৰে— একঃ চিনাকি পৰিবেশৰ পৰা বাহিৰলৈ গৈ মানুহজনে নিজকে পুনৰ উজ্জীৱীত কৰিব পাৰে ৷ তাৰ ফল প্ৰকাশ পায় তেওঁৰ সৃষ্টিৰ মাজত ৷ দুই ঃ কৰি থকা একেটা কামৰ পৰা বিৰতি লৈ অন্য এখন জগতত কৰা বিচৰণে তেওঁক মানসিক আৰাম দিয়ে, সেই আৰামে নতুন কথা শিকাৰ বা গ্ৰহণ কৰাৰ সুবিধা দিয়ে ৷

এগৰাকী সৃষ্টিশীল শিল্পীৰ বাবে এই ধৰণৰ ‘হবি’ বা অৱসৰ বিনোদনৰ যি প্ৰয়োজন, তাক সাধাৰণতে দেখা নাযায় ৷ সাংস্কৃতিক জগতখনত প্ৰায় চাৰিটা দশক ব্যস্ত হৈ থকা অভিজ্ঞতাৰ পৰা কৈছোঁ যে নিজৰ কামৰ জগতৰ লগত সম্বন্ধ নথকা ‘হবি’ এটাক ধাৰাবাহিক ভাবে প্ৰতিপালন কৰা লোকৰ সংখ্যা তেনেই কম ৷ তেনে পৰিবেশত যেতিয়া দেখা পাও যে প্ৰীতম বৰুৱাৰ দৰে অভিনেতা এগৰাকীয়ে নিজৰ ব্যস্ত ছিডিউলৰ মাজতো বাইক চলাই পৰ্বতে-পাহাৰে ঘুৰি ফুৰাৰ সময় উলিয়াব পাৰিছে, কথাটো অসমৰ পটভূমিত অলপ ব্যতিক্ৰম যেন লাগে ৷



ফোনত তেখেতক সুধিছিলোঁ, উত্তৰত তেখেতে কৈছিল যে দুগৰাকীমান বাইকৰ বন্ধুৰ লগত বছৰত কমেও দুবাৰ ঘুৰিবলৈ ওলাই যায়েই ৷

ঃ এনেকুৱা বাইক ৰেলিত খৰচতো কিছু হয় ?

ঃ হয় ৷

ঃ স্পনচৰৰ পায় নেকি ?

ঃ নাই নাই, নিজৰ পইচাৰে যাওঁ ৷

তাৰ পাচত সুধিব লগীয়া প্ৰশ্ন এটাই— কি পায় এই বাইক ৰেলিৰ পৰা ?

ঃ বাইক চলাই অৰুণাচলৰ পৰা কাঠমাণ্ডুলৈকে গৈছোঁ, কিমান মানুহক লগ পাইছোঁ, কিমান অভিজ্ঞতা লাভ কৰিছোঁ তাৰ হিচাপ ৰখা নাই ৷ একোটা ৰেলিৰ পৰা উভতি অহাৰ পিচত মনটো এক বুজাব নোৱৰা আনন্দ আৰু সজীৱতাৰে ভৰি থাকে ৷

তেতিয়াই মই ভাবিছোঁ, হয়তো সেইবাবেই ‘বেহাৰবাৰী আউটপোষ্ট’ৰ এছ আই খাৰঘৰীয়াক সদায়েই সতেজ, সজীৱ আৰু দেখিলেই ভাল লগা ৰূপত দেখা যায় ৷


শ্ৰীবৰুৱাৰ ফ'ন নম্বৰটি দি মোক সহায় কৰিছিল চুমকি মানে বিউটি বাইলুঙে ৷ তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...