Friday, April 19, 2024

ঢোলৰ শব্দই যেতিয়া গাত জুই জ্বলায়

তিনি বজাৰ পাছত সাধাৰণতে একো মিটিং নাথাকে বাবে গুৱাহাটী প্ৰেছ ক্লাবটো তেতিয়া শান্ত হৈ পৰে ৷ সিদিনাও শান্ত হৈ পৰাৰ উপক্ৰম হৈছিল ৷ সভাখন শেষ হৈছিল, অভ্যাগতসকল প্ৰায় গৈছিল, ৰৈ যোৱা আমি দুজনমান আৰুআয়োজকসকলে বহি চাহ খাইছিলোঁ আৰু আড্ডা মাৰিছিলোঁ ৷ সভাখন কাৰ আছিল পাহৰিলোঁ, হয়তো গ্ৰন্থ উন্মোচনজাতীয় সভা আছিল ৷ আমাৰ তেতিয়াৰ সহকৰ্মী ঋতুপৰ্ণ দাসৰ আমন্ত্ৰণত তাত উপস্থিত আছিলোঁ আৰু তেওঁৰেই জোৰত সভাভংগৰ পাছৰ সভাখনত বহিছিলোঁ ৷ উপস্থিত সকলৰ কথাৰ শব্দ ঠেলি ঢোলৰ বোল আহি আমাৰ কাণত পৰিল ৷ শব্দৰ উৎসসন্ধান কৰোতে দেখা পালোঁ সৰু মঞ্চখনৰ মজিয়াতে বহি এজন ডেকাই ঢোল বজাইছে ৷ সভাখনত ঢোলৰ কিবা আছিল বুলি মনত নপৰে ৷ ক’ৰ পৰা ঢুলীয়াজন আহি ওলাল বুলি ভাবোতেই দেখো ঢোলৰ মৃদু শব্দৰ মূৰ্চ্ছনাই উপস্থিতসকলৰ মুখৰ মাত লাহে লাহে কমাই আনিছে ৷ ঢোল বাজি থাকিল ৷ লাহে লাহে তেওঁ থিয় হ’ল ৷ লগে লগে ঢোলৰ শব্দৰ তীব্ৰ আকৰ্ষণী শব্দৰ বৈচিত্ৰ্যই পৃথক ৰূপ ধাৰণ কৰিলে ৷ 

ইমান সময়ে শান্তভাবে বহি থকা এগৰাকী গাভৰু থিয় হ’ল ৷ হাতত লৈ থকা কিতাপ-বহীকেইখন চকীখনত থলে, চাদৰৰ আঁচলটি ককাঁলত খুচি ল’লে আৰু ঢোলৰ চেওঁৰ লগে লগে নাচিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে লাহে লাহে, যেন বতাহত গছৰ পাত লৰিছে এটা দুটাকৈ, তাৰ পাচত যেন বতাহৰ গতিবেগ বাঢ়িল - ককাঁল ঘুৰিল, গাভৰু ৰূপান্তৰিত হৈ গ’ল নাচনীলৈ, বিভিন্ন ভংগীমাত ঢোলৰ চেও:বোৰক অবয়ব দি গ’ল ৷ ইমান সময়ে আত্মমগ্ন হৈ থকা ঢুলীয়াৰ হাতলৈও বিদ্যুৎ নামি আহিল ৷ 

নৃত্য বিষয়ক এক ভাষণত এগৰাকী প্ৰখ্যাত নৃত্যশিল্পীয়ে কৈছিল যে লোকবাদ্যশিল্পীসকলে প্ৰকৃতিৰ শব্দ আৰু সেই শব্দই সৃষ্টি কৰা আবেগক নিজৰ বাদ্যৰ মাজেৰে জীয়াই তুলিব বিচাৰে ৷ ম’হৰ পিঠিত উঠি অকলশৰে পেপাঁ বজাই থকা গৰখীয়াজনে কি সুৰ বজায় ? ক’ৰ পৰা আহে সেই সুৰ ? মনৰ ভিতৰত থুপ খাই থকা কিবা আবেগ বা সেই সময়খিনিয়ে মনৰ মাজলৈ অনা হেন্দোলনিকেই তেওঁ পেঁপাৰ সুৰৰে প্ৰকাশ কৰে ৷ ঢুলীয়াৰ ক্ষেত্ৰতো একেই কথা ৷ ঢোলৰ চেওঁ মনত পেলাই পেলাই তেওঁ ঢোল নবজায় ৷ প্ৰকৃতিৰ বুকুৰ নানান শব্দ, বিজুলী ঢেৰেকনিৰ শব্দ, বৰষুণৰ শব্দ, বতাহৰ শব্দ- অকল শব্দই নহয়, তাৰ গতি, সেই শব্দই সৃষ্টি কৰিব পৰা দৃশ্যৰূপ এই সকলোবোৰ ঢুলীয়াৰ ঢোলটোত পুনৰ জীৱন পাই উঠে ৷ 

সিদিনা প্ৰেছক্লাবৰ সেই ঢুলীয়াজনৰ বাদনতো অনুভব কৰিছিলোঁ লোকশিল্পৰ এই ৰহস্য ৷ একেই অভিজ্ঞতা দিছিল নাচনী গৰাকীয়েও ৷ আজিও বিহু নাচ বুলি ক’লেই সকলো ৰংচঙীয়া দৃশ্যক ম্লান কৰি সেই ছবিখন চকুৰ সন্মুখত স্পষ্ট হৈ উঠে ৷

বিহু নৃত্য আৰু গীতৰ পৰিবেশনে অৰ্থ উপাৰ্জনৰ সম্ভাৱণা বৃদ্ধি কৰাৰ সমান্তৰালভাবে বৃদ্ধি পালে বিহুক ৰঙীন আৰু চকুতলগা কৰি তোলাৰ কৌশল ৷ মুগাৰ মেখেলা চাদৰ, ৰঙা ব্লাউজ, ডিঙি আৰু হাতত পিন্ধা অলংকাৰৰ পয়োভৰ বৃদ্ধি পালে আৰু লগে লগে হেৰাই গৈ থাকিল লোকনৃত্যৰ সৰলতা ৷ এই পোচাকবোৰ দেখি ভালেই লাগে, কিন্তু এই আয়োজিত ৰঙৰ সভাই নৃত্যটিক প্ৰকৃতিৰ স্পৰ্শৰ পৰা নিলগাই নিয়ে ৷ অকল নাচনীৰ পোচাকেই নহয়, পুৰুষৰ পোচাকতো ব্যাপক পৰিবৰ্তন দেখা গ’ল ৷ গামোচা কাটি চিলাই লোৱা চোলা বা মুগাৰ কাপোৰেৰে চিলাই লোৱা চোলা, য’ত ত’ত গামোচাৰ ফুলৰ সংযোজন- এইবোৰে পুৰুষ গায়ক-বাদক কেইজনকো কৃত্ৰিম ৰূপ প্ৰদান কৰে ৷ লোককলা এবিধ জীয়াই থাকিবলৈ হ’লে তাক স্বাাভবিকভাবেই পৰিবৰ্তনৰ বতাহে স্পৰ্শ কৰি যাব ৷ কিন্তু কথা হ’ল সেই পৰিবৰ্তন স্বতঃস্ফূৰ্ত নে বাণিজ্যিক সম্ভাৱণাৰ কথাৰে পৰিবৰ্তনৰ চকাটিক আগবঢ়াই নিয়া হৈছে ৷ পৰিবৰ্তনক সমৰ্থন কৰাৰ অৰ্থ হ’ল লোককলাৰ মূল গুণ আৰু আবেদনক আঘাত নকৰাকৈ কৰা সংযোজন, যদিহে সেই সংযোজন প্ৰযোজ্য হয় ৷ বিহু নাচৰ ব্যবসায়িক দল এটি পৰিচালনা কৰা সংগঠক এজনে কোৱা কথা এটা মনত পৰে৷ তেওঁ কৈছিল- আজিকালি বহু ঠাইত বিহু নাচ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰে ৷ বিভিন্ন কোম্পানীৰ মিটিং, কিছু লোকৰ বিয়াবাৰুতো বিহু নাচ-গীতৰ প্ৰদৰ্শন হয় পেছাদাৰী ভাবে ৷ তাত কপাহী মেখেলা চাদৰ ব্যবহাৰ কৰিলে শ্বোটি ভাল নহয়, কমদামী যেন লাগে ৷ মুগাৰ ড্ৰেছ আদি থাকিলে দামী দামী যেন লাগে আৰু পইচাও বেচি পোৱা যায় ৷ এই কথাৰ প্ৰায়োগিক যুক্তি আছে ৷ এই ব্যবসায়িক সম্ভাৱণাকো বাদ দিব নোৱাৰি ৷ গতিকে এই দুইৰ মাজৰ সমন্বয় ৰক্ষা কৰি লোকনৃত্যৰ মূল আবেদন হ্ৰাস নকৰাকৈ বিহু নৃত্য-গীতক আধুনিক ৰূপত চকুত লগা কৰাটো তেনেই সহজ কাম নহয় ৷ যোগ্যজন আগবাঢ়ি নাহিলে অযোগ্যসকলেই এই কামটি কৰিব আৰু তাৰ ফল ভাল হোৱাৰ আশা নাথাকে ৷ 

বিহু নাচৰ প্ৰতিযোগিতা, তাত দিয়া ভাল অংকৰ পইচাই বিহু নৃত্যৰ ব্যবসায়টিক অন্য এটি ৰূপ দিছে ৷ প্ৰতিযোগিতাত এই লোকনৃত্যটিৰ বিচাৰ কৰিবলৈ কিছু সংখ্যক নিয়ম-কানুনৰ উদ্ভাৱণ কৰা হ’ল ৷ বিভিন্ন গুৰুই একো একোটা নিয়ম মানি চলা হ’ল আৰু ফলত লোকনৃত্যবিধ শাস্ত্ৰ নিৰ্ধাৰিত নৃত্যৰ ৰূপলৈ গতি কৰি আছে ৷ বহু দিনৰ আগতে এখন কাকতত বিহুনাচৰ নিয়ম ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল ৷ বিহুনাচৰ এটা প্ৰতিযোগিতাত এগৰাকী নাচনীয়ে হাতত এখন বাতৰি কাকত লৈ নাচি আছিল ৷ বিচাৰক কেইগৰাকী চিন্তাত পৰিল- হাতত বাতিৰ কাকত লৈ নচা এইটো কি নতুন নিয়ম ওলাল, কোনে বা উলিয়ালে ? নাচৰ পাচত বিচাৰকে প্ৰতিযোগীক যে প্ৰশ্ন সোধে- তাকে সুধিলে - তুমি যে হাতত কাগজখন লৈছা- সেইখন কি আৰু কিয়? নাচনীয়ে উত্তৰ দিলে - এইখন অমুক কাকত, ইয়াতে অমুক চাৰৰ বিহুৰ নিয়ম কানুন আছে ৷ বিচাৰক কেইজনে কি ভাবিছিল কোৱা টান ৷ এই কথাটো সাধাৰণ কৌতুক হ’ব পাৰে, কিন্তু ই প্ৰকাশ কৰা কথাখিনিয়ে প্ৰকাশ কৰিছে বিহু নৃত্যই পাৰ হৈ থকা জটিল সময়ৰ কথা ৷ 

প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ১৯.০৪.২৪