যোৱা ১৮ -১৯ জানুৱাৰিত অনুষ্ঠিত হোৱা 'মনগীত'ৰ অনুষ্ঠানত ১৮ তাৰিখে উপস্থিত অাছিলোঁ ৷ কৌশিকৰ ডেকাচাঙৰ চোতালত মুকলি মঞ্চ- ঠাণ্ডাৰ প্ৰকোপ কমাবলৈ জুই, গৰম গৰম চাহ, লাৰু অাৰু পণ্ডিত বিশ্বমোহন ভাটৰ সংগীতৰ মায়াজাল ৷
পণ্ডিতজীৰ সংগীত অাৰম্ভ হ'বলৈ অলপ সময় অাছে, সেই সময়খিনিতে অামাৰ বাবে অাৰু এটি অপূবর্ব অভিজ্ঞতাই অপেক্ষা কৰি অাছিল ৷ মিন্তু বৰুৱাই অাঁত ধৰা অনুষ্ঠান এটিত শুনিলোঁ মনগীতত অংশগ্ৰহন কৰা যুৱক-যুৱতীসকলৰ মনৰ কথা ৷ মনগীতে তেওঁলোকক দিছে অাত্ম বিশ্বাস, নতুন কিবা কৰাৰ উদ্যম ৷ তেওঁলোকে যে এই কেইটি দিন ভাৰতৰ বিখ্যাত বিখ্যাত শিল্পীসকলৰ লগত কটালে, দুটা কথা শিকিলে- সংগীতৰ অাৰু জীৱনৰ ,সেইখিনি তেওঁলোকৰ জীৱনৰ বাবে অমূল্য সম্পদ হৈ ৰৈ যাব ৷ কল্যাণ বৰুৱা, জয় বৰুৱা, অাদিল হুচেইন, অংগৰাগ পাপন মহন্ত অাদিৰ দৰে শিল্পীসকলক ঘৰৰ মানুহৰ দৰে লগ পাইছে যিটো তেওঁলোকৰ খুব সহজ কাম নাছিল ৷ এই অনুষ্ঠানতে মোৰ ফেচবুক বন্ধু অাশীৰ্বানী কৰৰ কণ্ঠৰ শক্তি দেখিলোঁ- কণ্ঠৰ কি ৰেঞ্জ !
বহু বছৰ অাগতে কলকাতাৰ ষ্টেটছমেন কাকতৰ প্ৰথম পৃষ্ঠাত এখন ফটো প্ৰকাশ পাইছিল - পণ্ডিত ৰবি শংকৰে গছৰ তলত এখন ডাঙৰ কঠৰ ওপৰত বহি যুৱক- যুৱতী কেইগৰাকীমানক চেতাৰ শিকাই অাছে- লগত চেতাৰ নবজোৱা যুৱক যুৱতীও অাছে ,ভালে কেইগৰাকীমান ৷ ফটোখন শান্তিনিকেতনৰ বিশ্বভাৰতীৰ ৷ এদিন ক্লাছ লৈ ছাত্ৰ-ছাত্ৰীসকলক খুব বেচি একো শিকাব নোৱাৰি, কিন্তু পণ্ডিত ৰবিশংকৰৰ দৰে শিল্পী এগৰাকীৰ সান্নিধ্য- সেয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটা সম্পদ ৷ সেই ফটোখন দেখিছিলো ১৯৭৮/৭৯ চন মানত ৷ তেতিয়াৰ পৰা মনত সোমাই অাছিল- এনেকুৱা ফটো এখন মই অসমত কেতিয়া দেখিবলৈ পাম !!
নাই, কোনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সেই ফটোখন দেখা পোৱা নাই এতিয়াও ৷ কিন্তু, তেনে কাম এটা দেখিলোঁ- মনগীতত ৷ পণ্ডিত বিশ্বমোহন ভাট ৷ জীৱনযোৰা সাধনা অাৰু পৰিশ্ৰমৰ অন্তত অাজি এই স্থান লাভ কৰিছে ৷ পৃথিবী বিখ্যাত এটি নাম - সেই বিশ্বমোহন ভাটক লগ পাইছে ওচৰৰ পৰা, কথা পাতিছে ঘৰুৱা ভাবে ৷ এইটোটো কম কথা নহয় ! কম বয়সীয়া সংগীতশিল্পীসকলক মাতি নি এই বিৰল অভিজ্ঞতা দিয়াৰ কথা চিন্তা কৰিব পৰা শক্তিৰ বাবেই মনগীতৰ অায়োজকসকল ধন্যবাদৰ পাত্ৰ ৷