Thursday, January 18, 2024

নিৰ্বাপিত নক্ষত্ৰ ওষ্টাড ৰচিদ খান

ওষ্টাড ৰচিদ খানৰ বিয়োগে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতলৈ নমাই অনা বিষাদ আৰু শূণ্যতাৰ অনুৰণন বহু দিনলৈ গুঞ্জৰিত হৈ থাকিব ৷ পুৰুষসুলভ উদাত্ত কণ্ঠ আৰু সেই কণ্ঠেৰে এটা স্বৰৰ পৰা আনটো স্বৰলৈ কৰা মায়াসনা ভ্ৰমণ, সংগীতৰ পৰিভাষাত তাক যি নামেৰেই মতা নহওক কিয়, সেই শব্দমালাই সৃষ্টি কৰা ‘অন্য এক ভুবন’ৰ নামেই ৰচিদ খান ৷ ৰচিদ খান নামটো উচ্চাৰণ হোৱাৰ লগে লগেই মনলৈ আহে এখন পুৰণি ছবি ৷ বত্ৰিছ বছৰ আগৰ জানুৱাৰি মাহৰ শীতৰ আবেশ সনা আবেলি এটাত টালিগঞ্জ ৰ ষ্টুডিঅ’ৰ পৰা ওলাই ৰাস্তাৰ কাষৰ চাহদোকান এখনৰ বেন্সত বহিছিলোঁ ৷ লগত আছিল কমল নায়ক আৰু অৰুণ গুহঠাকুৰতা ৷ এজন ডেকা ল’ৰা আহি বেন্সখনৰ সিটো মূৰত বহিছিল ৷ কমল নায়কে কৈছিল- ‘তুমি নাম শুনিছানে ৰচিদ খানৰ ৷’ শুনিছিলোঁ ৷ তেতিয়া ৰচিদ খান ‘ওষ্টাড ৰচিদ খান’ হোৱা নাছিল ৷ কিন্তু বিখ্যাত হ’বলৈ আৰম্ভ কৰিছিল ৷ দেশ পত্ৰিকাৰ সংগীত সমালোচনাত তেওঁৰ নাম পঢ়িছিলোঁ, কিন্তু তেওঁৰ বহু প্ৰশংসিত কণ্ঠমাধুৰ্যৰ অভিজ্ঞতা হোৱা নাছিল, সেই সুবিধাও নাছিল ৷ ওচৰলৈ গৈ চিনাকি হলোঁ ৷ তেওঁৰ মুখত ফুটি উঠিছিল আচৰিত হোৱা ভাব ৷ কথাৰ মাজত অত্যন্ত বিনয়েৰে সেই কথা প্ৰকাশো কৰিছিল ৷ অলপ সময়ৰ চিনাকি, সামান্য কথা-বতৰা, তেওঁৰ ফালৰ পৰা একাপ চাহ তাৰ পাচত দুয়ো দুইফালে ৷ পাচত গম পাইছিলোঁ ৰাস্তাৰ সিপাৰে থকা সংগীত ৰিচাৰ্চ অকাডেমিত তেওঁ সংগীত শিকে, তাৰেই ফেকাল্টি প্ৰখ্যাত সংগীতজ্ঞ ওষ্টাড নিচাৰ হুচেইন খানৰ লগত থাকে ৷ সেই সাক্ষাতৰ কেইমাহমানৰ পাচতেই ৰচিদ খানৰ কণ্ঠসংগীতৰ কেছেট প্ৰকাশ পাইছিল, গাইছিল ৰাগ বাগেশ্ৰী আৰু দেশ ৷ সেই সাক্ষাতৰ ভাল লগা প্ৰতিক্ৰিয়া হিচাপেই কেছেটটি কিনি আনিছিলোঁ ৷ তৰুণ কণ্ঠ, নম্ৰ আৰু মায়াসনা৷ ক্ষীণ ভাবে প্ৰতিধবনিত হয় পণ্ডিত ভীমসেন যোশীৰ শক্তি আৰু ওষ্টাড আমীৰ খানৰ কণ্ঠৰ গম্ভীৰ চলন ৷ আৰু প্ৰতিধবনিত হয় ওষ্টাড নিচাৰ খানৰ তৰাণাৰ দ্ৰুত গতি ৷ এই সকলোবোৰৰ সমন্বয়ৰ পাচতো তেওঁৰ কণ্ঠৰ আছিল এক নিজস্ব পৰিচয়, নতুন শক্তি ৷

খুব কম সময়ৰ ভিতৰতে ৰচিদ খানে সংগীত জগতত এখন নিজা আসন অধিকাৰ কৰিছিল ৷ এখনৰ পাচত এখন গ্ৰামোফেন ৰেকৰ্ড, দেশে বিদেশে লাইভ কনচাৰ্ট- তেওঁৰ প্ৰজন্মৰ সংগীত শিল্পীসকলৰ ভিতৰত তেওঁৰ যোগ্য আৰু প্ৰতিভাপূৰ্ণ দেহতেই পৰিছিল স্পট লাইটৰ সৰ্বাধিক পোহৰ ৷ পণ্ডিত ভীমসেন যোশীয়ে তেওঁক চিহ্নিত কৰিছিল শাস্ত্ৰীয় সংগীতৰ ভবিষ্যত হিচাপে ৷ এইখিনিয়েই নহয়, আৰু এটা কাৰণ আছিল ৷ শাস্ত্ৰীয় সংগীতৰ পৰম্পৰাগত শিল্পীসকলৰ অধিকাংশই মানি অহা ঘৰাণাৰ বান্ধোনৰ পৰা তেওঁ মুক্ত হৈ সংগীতৰ এখনি মুকলি পৃথিবীত বিচৰণ কৰিব বিচাৰিছিল ৷ তেওঁ নিজৰ সংগীতত চুফী সংগীতৰ আংগিক প্ৰয়োগেৰে নতুন শব্দমাধুৰ্য সৃষ্টি কৰাৰ চেষ্টা কৰিছিল, চিনেমাৰ বাবে শাস্ত্ৰীয় সংগীত আধাৰিত গীতত কণ্ঠদান কৰিছিল, ইচমাইল দৰবাৰৰ পৰিচালনাত ‘কিচনা’ ছবিৰ বাবে গাইছিল সোহিনী ৰাগ আধাৰিত ‘কাহে উজাৰি মোৰি নিন্দ’৷ আৰু গাইছিল কিৰৱানি আধাৰিত ‘তোৰে বিনা মোহে চেন নাহি’ ৷ খুব জনপ্ৰিয় নহলেও গীত দুটিয়ে তেওঁক এখন পৃথক পৃথিবীৰ অস্থায়ী বাসিন্দা কৰি তুলিছিল ৷ এই গীত গাইছিল ২০০৪ চনত ৷ তাৰ পাচত ২০০৭ ত ‘জব উই মেট’ ছবিৰ ‘আৱোগে যব তুম চাজনা’৷ তাৰ পাচৰ পৰা প্ৰায় প্ৰতি বছৰেই গাই গৈছে হিন্দী আৰু কম পৰিমাণে বাংলা ছবিৰ গীত ৷ 

অকল চিনেমাৰ গীতেই নহয়, নন-ফিল্ম গীততো তেওঁ অংশগ্ৰহন কৰিছিল একেই উদ্যমেৰে ৷ বংগৰ জনপ্ৰিয় গায়ক নচিকেতাৰ সতে পৰীক্ষামূলক ভাবে গাইছিল ৰবীন্দ্ৰ সংগীত ৷ ৰাগাশ্ৰয়ী ৰবীন্দ্ৰ সংগীত বিচাৰি লৈ তাৰ ইন্টাৰল্যুড অংশত সংযোগ কৰি দিছিল ওষ্টাড ৰচিদ খানৰ একে ৰাগৰ বন্দিছ ৷ ৰাগাশ্ৰয়ী  ৰবীন্দ্ৰ সংগীতক ইতিমধ্যে পণ্ডিত অজয় চক্ৰবৰ্তী আৰু স্বাগতালক্ষ্মী দাসগুপ্তাই বেলেগ বেলেগ ধৰণে গাইছিল, প্ৰচাৰ কৰিছিল ৷ ওষ্টাড ৰচিদ খানৰ এই পৰীক্ষা আছিল সম্পূৰ্ণ পৃথক ৷

তেওঁৰ আন এটি অনিন্দ্য সুন্দৰ কীৰ্তি হ’ল টাইমছ মিউজিকৰ বাবে গোৱা কৃষ্ণ ভজন ৷ পণ্ডিত ভীমসেন যোশীৰ লগত তেওঁ বহুবাৰ যুগলবন্দীত অংশ লৈছিল, একেলগে কৃষ্ণ ভজনো গাইছিল ৷ এই ভজনকেইটিতো যোশীজীৰ প্ৰভাব অনুভূত হয় আৰু সেই প্ৰভাব ৷ স্বাভাবিক ভাবেই ধণাত্মক প্ৰভাব ৷

সংগীতৰ বাবে বহু সন্মানেৰে সন্মানিত ওষ্টাড ৰচিদ খানে চৰকাৰৰ পৰা লাভ কৰিছিল পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান৷ কম বয়সত সাফল্য, কম বয়সত ডাঙৰ সন্মান আৰু কম বয়সতে প্ৰস্থান- শেষৰটো মানি লোৱা কঠিন হৈ পৰে ৷ 

ওষ্টাডৰ একাধিক লাইভ অনুষ্ঠান চোৱাৰ সুবিধা হৈছিল ৷ কিন্তু লগ পোৱাৰ সুবিধা নাছিলোঁ ৷ এবাৰ লগ পাইছিলোঁ কলিকতাৰ বিমানকোঠত, বিমানৰ বাবে অপেক্ষাৰত অৱস্থাত ৷ অকলশৰীয়া অৱস্থাত আছিল বাবে ওচৰলৈ গৈ কথা পাতিলোঁ ৷ প্ৰথমবাৰ লগ পোৱাৰ সময়ৰ যি সহজ সম্বোধন আছিল, এইবাৰ নাছিল, কাৰণ এতিয়া তেওঁ খ্যাতিৰ শীৰ্ষত ৷ খ্যাতি আৰু বয়সে তেওঁক গহীন কৰি তুলিলেও সেই গাম্ভীৰ্যৰ মাজত আন্তৰিকতাৰ অভাব অনুভব কৰা নাছিলোঁ ৷ মোৰ ভিজিটিং কাৰ্ডখন আগবঢ়াই দিছিলোঁ অটোগ্ৰাফৰ বাবে ৷ চহী কৰি থাকোতে কাৰ্ডখনত আকাশবাণী শব্দটো দেখি আৰু তেওঁ অলপ সহজ হৈ পৰিছিল ৷ অভিজ্ঞতাই শিকাইছে আকাশবাণী বুলিলেই শাস্ত্ৰীয় সংগীত শিল্পীসকলে অধিক আন্তৰিকতা অনুভব কৰে ৷ 

সৰুতে সংগীতৰ প্ৰতি আগ্ৰহ  নথকা ৰচিদ খানে নিজ পুত্ৰ আৰমানক  সৰুৰে পৰাই সংগীতৰ পাঠ দিছিল ৷ আৰমানে কণ্ঠ সংগীতৰ যোগেৰ নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে ৷ তেওঁ এগৰাকী সুদক্ষ গীটাৰ বাদকো ৷ ইয়াতো অনুভব কৰিব পাৰি পিতৃৰ প্ৰভাব ৷ 

নক্ষত্ৰ নিৰ্বাপিত হয়, আন্ধাৰত বাঢ়ি আহে সেই নক্ষত্ৰৰ দীপ্তি ৷ 

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...