Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Friday, December 22, 2023
‘মালতী’ ফুলৰ দৰেই সুগন্ধি বিয়পাব পৰা
এগৰাকী ত্ৰিশোৰ্ধ মহিলাই ঘৰত প্ৰবেশ কৰাৰ পৰাই ছবিখনৰ আৰম্ভ ৷ ঘৰত সজাই থোৱা দুখন ফটোৰ এখনত আছে গাভৰুৰ পিনে আগবঢ়াই দিয়া আঙুঠি এটি [বিয়াৰ প্ৰস্তাব], আনখনত আছে এগৰাকী পুৰুষৰ সতে আলিংগনাবদ্ধ [বিয়া হৈ গ’ল] ৷ মহিলাগৰাকীৰ কিছু তথ্য উপস্থাপন কৰা হৈ গ’ল ৷ কৰবাৰ পৰা ঘুৰি আহিছে তেওঁ, গা ধুইছে আৰু পিন্ধিবলৈ কাপোৰ বিচাৰিছে- আলমাৰীত ৷ হাত দিছে পুৰুষৰ চোলা এটিত, আলফুলে চোলাটি চুইছে, অনুভব কৰিব বিচাৰিছে চোলাটি নহয়, চোলাটিৰ ভিতৰত থকা মানুহজন, মুখাবয়বত সেই ভাব স্পষ্ট, গুণগুণাই থকা সুৰটিয়েও একে ভাবকেই গভীৰতা দিছে ৷ বুজি পোৱাত কষ্ট নহয়, চোলাটি তেওঁৰ প্ৰিয়জনৰ আৰু চোলাটিৰেই তেওঁ প্ৰিয়জনৰ সান্নিধ্য অনুভব কৰিছে ৷ আন এটা চোলা লয়, কিবা গোন্ধ এটা তেওঁৰ নাকত লাগে, গুণগুণণি বন্ধ হয়, মুখাবয়বত বিয়পি থকা সান্নিধ্যৰ আবেশ অন্তৰ্ধান হৈ যায়, মুখত বিয়পি পৰে এটা কষ্টকৰ প্ৰশ্নবোধক চিন ৷ এনেদৰেই ছবিখনৰ আৰম্ভণি ৷ প্ৰেমৰ অন্তত বিয়া হোৱা এগৰাকী নৱবিবাহিতা মহিলাই যেতিয়া আৱিষ্কাৰ কৰে যে তেওঁৰ স্বামী অইন এগৰাকী মহিলাৰ লগত ঘনিষ্ঠ- তেওঁৰ কেনে লাগিব- এই প্ৰশ্নটোকেই ‘মালতী’ নামৰ ষোল্ল মিনিটীয়া ছবিখনৰ লেখক-পৰিচালক মৃণাল মেস্ত্ৰীয়ে উপস্থাপন কৰিছে ৷ এই ধৰণৰ কাহিনী ছবিত নতুন নহয় ৷ কিন্তু কাহিনীটো উপস্থাপনত লেখক-পৰিচালকে যি নতুনত্ব প্ৰদৰ্শন কৰিছে সেয়াহে ছবিখনৰ আচল শক্তি ৷ছবিখনৰ আৰম্ভণিতেই নায়িকাই গুণগুণাইছে, তাৰ পৰা ছবিখনৰ ভাষাৰ একো ইংগিত পোৱা নাযায় ৷ এবাৰ যে গুণগুণণি বন্ধ হ’ল, তাৰ পাচত ছবিখনত একো কথা নাই ৷ সম্পূৰ্ণভাবে সংলাপহীন ছবি ৷ অকল ছবিৰেই কথা ক’বলগীয়া হোৱা বাবে পৰিচালকে ইমেইজবোৰক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবই লাগিব ৷ প্ৰথম দুই মিনিটতেই পৰিচালকে কাহিনীৰ মূল সংকট উপস্থাপন কৰিব পাৰিছে আৰু এয়া এগৰাকী দক্ষ নিৰ্মাতাৰ পৰিচয় ৷ ঘৰৰ ভিতৰত অকলশৰে থাকি মহিলাগৰাকীয়ে সমস্যাটিক অনুভব কৰাৰ চেষ্টা পৰিচালিকাই সফল ভাবে প্ৰকাশ কৰিছে ৷ ৰাতি ধূনীয়া মমবাতি জ্বলাই গাভৰুৱে গিৰিয়েকৰ বাবে অপেক্ষা কৰিছে, দেখিলেই ভাব হয়, তেওঁ বহু কথা পাতিবলৈ ৰৈ আছে আৰু কথাখিনি মিলামিছাৰে সম্পূৰ্ণ কৰিব, সেই ভাব অভিনেত্ৰী গৰাকীৰ দেহভংগীমাত স্পষ্ট ৷ ৰাতিৰ বিচনাত তেওঁ গিৰিয়েকৰ সতে অন্তৰংগ হৈছে, মুখত কোনো আগ্ৰহৰ চিন নাই, তেওঁৰ চকুত ভাহিছে সেই অন্য মহিলাগৰাকীহে ৷
ছবিখন কলা-বগা৷ ছাঁ-পোহৰৰ কৌশলী ব্যবহাৰেৰে দৃশ্যবোৰৰ ৰূপবন্ধ জটিল কৰা তোলা হৈছে ৷ জেন ডনি লি-ৰ কেমেৰাৰ কামে ছবিখনৰ বক্তব্যৰ আবেদন বৃদ্ধি কৰিছে ৷ কিছু লংশ্বটেও মহিলাগৰাকীৰ মনৰ শূণ্যতা প্ৰকাশত সহায় কৰিছে ৷ লুইচ মৰাল-ৰ আৱহসংগীতে ছবিখনৰ আবেদন বৃদ্ধিত সহায় কৰিছে ৷ আলেক্সাৰূভাকালবা-ৰ সম্পাদনাই কাহিনীৰ মুড আৰু গতিক সন্তুলিত কৰি ৰাখিছে ৷
ছবিখনৰ বাবে পৰিচালকে এগৰাকী দক্ষ অভিনেত্ৰী নিৰ্বাচন কৰিছে ৷ কোনো সংলাপ নোহোৱাকৈয়ে অকল মুখ আৰু দেহৰ অভিব্যক্তিৰে সকলো কথা তেওঁ বাংময় কৰি তুলিছে ৷ চোলাত গোন্ধ পোৱা সময়ত মনলৈ অহা অবিশ্বাস, আশ্বৰ্য, বিশ্বাসভংগ, বেদনা আদি সকলো সূক্ষ্ম ভাবকেই অভিনেত্ৰী কংকনা চক্ৰবৰ্তীয়ে সুন্দৰ ভাবে জীৱন্ত কৰি তুলিছে ৷ খোৱাৰ টেবিলত অকলে বহি থকা মুহূৰ্তটোও মনত ৰৈ যোৱা ৷ চৰিত্ৰটিৰ পৰা অভিনেত্ৰী গৰাকীক পৃথক কৰিব নোৱাৰি ৷ এই কৃতিত্বৰ কিছু ভাগ পৰিচালকেও পাব ৷
পৰিচালিকাই ছবিখনৰ বাবে এটি জটিল বাকধাৰা নিৰ্বাচন কৰিছিল ৷ ছবি নিৰ্মাণৰ আটাইকেইটি উপাদানকেই দক্ষতাৰে ব্যবহাৰ কৰি ইপ্সিত লক্ষ্যত উপনীত হৈছে ৷ ইমানবোৰ দিশৰ সঠিক সমন্বয় ৰক্ষা কৰাটো কঠিন কাম৷ পৰিচালিকা মেস্ত্ৰি এই কামত উত্তীৰ্ণ হৈছে ৷ ‘মালতী’ নামটো ছবিখনৰ নায়িকা গৰাকীৰ বুলি অনুমান হয়, কিন্তু সংলাপহীন এই ছবিত নায়িকাৰ নাম উল্লেখ হোৱা নাই ৷ ছবিখন চাই শেষ কৰাৰ পাচত মনলৈ আহে, মালতী নামটো কিয় ? তেতিয়াই মনলৈ আহে ফুলবিধৰ কথা ৷ ‘মালতী’ নামৰ ছবিখনো ফুলবিধৰ দৰেই সৰু আকৃতিৰ, ছবিখনৰ আবেদনো ফুলবিধৰ সুগন্ধিৰ দৰেই বহু সময়লৈ ৰৈ যোৱা ৷
Subscribe to:
Post Comments (Atom)
Featured Post
A memorable classical concert
As part of the 90th anniversary celebration of Akashvani, Akashvani Ranchi presented a memorable classical concert by the renowned sitar-s...
-
ডঃ দৰ্শনা গোস্বামীৰ অনুবাদ গ্ৰন্থ ‘নীলা বাঘ আৰু অন্যান্য গল্প’ হ’ল আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ লুইছ বৰ্হেছৰ কেইটিমান গল্পৰ অনুপম ...
-
অতুল লহকৰ মানেই সোৱাদ আৰু পুষ্টিৰ সমাহাৰ, আন্তৰিক আতিথ্য আৰু কিছু আনন্দময় সময় ৷ আমাৰ বন্ধু-বান্ধব বাহিৰৰ পৰা আহিলে তেওঁৰ গুৱাহাটীৰ গোস্বামী ...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...

No comments:
Post a Comment