ওটিটি মূলতঃ চিনেমা আৰু তাৰ লগত সাদৃশ্য থকা দৃশ্য-শ্ৰাব্য অনুষ্ঠান প্ৰচাৰৰ প্লেটফৰ্ম ৷ এই কিতাপখনত মূলতঃ আলোচনা কৰা হৈছে হিন্দী ভাষাত প্ৰচাৰিত অনুষ্ঠানৰ বিষয়ে ৷ কৰোণা কালত চিনেমা হলবোৰ বন্ধ হৈ আছিল, মানুহ গৃহবন্দী হৈ আছিল আৰু চিনেমাপ্ৰিয় দৰ্শকৰ বাবে টেলিভিচনেই হৈ উঠিছিল একমাত্ৰ বিনোদন মাধ্যম ৷ সেই সময়তে ওটিটি প্লেটফৰ্মবোৰে দৰ্শকৰ মনত ভালদৰে বাহ বান্ধিবলৈ সক্ষম হয় আৰু ওটিটিৰ পৰিচালকসকলেও দৰ্শকক নতুন সোৱাদ দিয়াৰ পৰিকল্পনা আৰম্ভ কৰে ৷ ওটিটি-ত আছিল পুৰণি জনপ্ৰিয় চিনেমা আৰু তাৰ ঠাই দখল কৰিবলৈ ল’লে নতুন চিনেমাই, বিশেষকৈ চিত্ৰগৃহত বিফল হোৱা চিনেমাবোৰে৷ এটা সময়ত চিনেমা হলবোৰ খুলিলেও দৰ্শকৰ সীমাবদ্ধতা আৰু ওটিটিৰ জনপ্ৰিয়তাৰ বাবে এই প্লেটফৰ্মতেই নতুন হিন্দী চিনেমা মুক্তি দিয়াৰ ব্যবস্থাও আৰম্ভ হ’ল ৷ একেলগে আৰম্ভ হ’ল ওটিটিৰ বাবে চিনেমা নিৰ্মাণ ৷ আৰু আৰম্ভ হ’ল টিভি ধাৰাবাহিকৰ শৈলীত ৱেব চিৰিজ ৷
বিশেষকৈ এই ৱেব চিৰিজবোৰৰ যোগেৰে দৰ্শকক আকৰ্ষণ কৰা সহজ উপাদান হিচাপে ব্যবহাৰ কৰা হ’ল অশ্ৰাব্য গালিগালাজ, হিংসাত্মক দৃশ্য আৰু অশালীন যৌন দৃশ্য ৷ চিনেমাৰ বাবে থকা চেন্সৰবোৰ্ডে এনে দৃশ্যাৱলীৰ ওপৰত নজৰ ৰাখে, কিন্তু ওটিটিৰ বাবে তেনেকুৱা একো নিয়ন্ত্ৰন ব্যবস্থা নোহোৱাৰ সুৰুঙাৰে ভালেমান নিৰ্মাতাই এক অকল্পনীয় স্বাধীনতা গ্ৰহন কৰিলে ৷ যাৰ ফল হ’ল সৃষ্টিৰ জগতত অৰাজকতা ৷
অনুৰাগ কাশ্যপৰ দৰে পৰিচালকে চিনেমাত বাস্তবতাৰ নামত ব্যাপক হাৰত অশ্ৰাব্য গালিগালাজৰ ব্যবহাৰ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি থৈছিল ৷ ওটিটিৰ বাধাহীন আৰু নিয়ন্ত্ৰণহীন পৰিবেশে তেওঁক দিয়া উৎসাহ প্ৰতিফলিত হ’ল ‘চেকৰেদ গেমছ’ নামৰ চিৰিজখনত ৷ অনন্ত বিজয়ে সঠিকভাবেই মন্তব্য কৰিছে -‘যেতিয়া কোনো প্ৰকাৰৰ বন্ধন নাথাকে আৰু কোনো ধৰণৰ কৈফিয়ৎ দিয়াৰ প্ৰয়োজন নাথাকে, তেতিয়াই স্বাধীনতা সলনি হৈ যায় অৰাজকতালৈ ৷’ তেখেতে আৰু লেখিছে - ‘ আচলতে এনে ধৰণৰ মানুহে নিজৰ অসমৰ্থতা ঢাকিবলৈ গালি, হিংসা আৰু যৌন দৃশ্যৰ সহায় লয় ৷’
ওটিটি প্লেটফৰ্মৰ বাবেযে অকল যৌনতা-হিংস্ৰতাৰ উপাদান থকা চিনেমা বা চিৰিজ নিৰ্মাণ কৰা হৈছে তেনে নহয়, সুস্থ মনোৰঞ্জ নথকা, বাস্তবতা থকা চিৰিজো নিৰ্মাণ কৰা হৈছে ৷ লেখকে তেনে কেইবাখনো চিৰিজৰ বিস্তাৰিত আলোচনাৰে বিষয়টিৰ সন্তুলন ৰক্ষা কৰিছে, লেখক হিচাপে নিজৰ দায়িত্বও সম্পূৰ্ণভাবে পালন কৰিছে ৷
ওটিটিৰ অনুষ্ঠানবোৰৰ মাজেৰে কৌশলী ভাবে কৰি থকা ‘ফেক নেৰেটিভ’ নিমাৰ্ণৰ কথা লেখক অনন্ত বিজয়ে মনযোগেৰে লক্ষ্য কৰিছে আৰু বাখ্যা কৰিছে ৷ হিন্দী ছবিত হিন্দু বিৰোধী আৰু মুছলমান স্তুতিকৰণৰ যি নেৰেটিভ নিৰ্মাণ কৰা হৈছিল সেই একেই নেৰেটিভ পৃথক ধৰণে ওটিটিৰ মাজতো দেখা গৈছে ৷ বিনোদনৰ আৱৰণেৰে নিৰ্মিত এজেন্দা প্ৰচাৰৰ কৌশলবোৰ নিয়ন্ত্ৰিত হয় ৰাজনৈতিক শক্তিৰ মগজুৰ দ্বাৰা ৷ ইয়াত থাকে হয় নিৰ্মাতাজনৰ ৰাজনৈতিক বিশ্বাস বা লাভৰ অংক অথবা কোনোবা প্ৰভাবী শক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ লক্ষ্য ৷ ৰাজনৈতিক দৃষ্টিকোণেৰে বৰ্তমানক বিশ্লেষণ কৰা সময়ত দুটি বস্তুৰ প্ৰয়োজন- অতীতৰ ৰাজনৈতিক জ্ঞান আৰু তাৰ পোহৰত ভবিষ্যতৰ কথা অনুমান কৰিব পৰা শক্তি৷ এসময়ৰ প্ৰখ্যাত চিত্ৰ নিৰ্মাতা দীপা মেহতাৰ ৱেব চিৰিজ ‘লেইলা’ৰ আলোচনাৰ সময়ত লেখকে ৰাজনৈতিক পৃষ্ঠভূমি ঠিক ভাবেই বিচাৰ কৰিছে ৷ ‘কলাক ৰাজনীতিৰ আখৰাথলীলৈ ৰূপান্তৰ কৰা হৈছিল৷ এয়া কৰা হৈছিল ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পাচত ৷ সমগ্ৰ দেশৰ ৰাইজে দেখা পাইছিল কেনেদৰে সাহিত্য-সংস্কৃতিজগতৰ কিছু সংখ্যক লেখক, শিল্পী, চিত্ৰ নিৰ্মাতা আদিয়ে নিজৰ সৃজনাত্মক কামৰ লগত ৰাজনীতিক সাঙুৰি দিছিল ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু একেগোত্ৰীয় কিছুমান সংগঠনক অত্যন্ত গোড়া হিচাপে চিহ্নিত কৰি এখন ভয়াবহ চিত্ৰ প্ৰস্তুত আৰু প্ৰচাৰ কৰা হৈছিল ৷’ সেই এজেন্দাৰ অংশ আছিল দীপা মেহতাৰ ‘লেইলা’৷ ‘লেইলা’ক কাল্পনিক কাহিনী হিচাপে কোৱা হলেও তাত অংকণ কৰা ভবিষ্যতৰ ভয়াবহ ৰূপৰ লগত সংঘক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা এজেন্দাৰ চিত্ৰ সংযোগ কৰা হৈছিল ৷ এই ধৰণৰ আৰু ভালেমান এজেন্দাৰ কথা অনন্ত বিজয়ে তথ্যসহকাৰে বিশ্লেষণ কৰিছে ৷ তেনেদৰে ৰুচ কমিউনিষ্টৰ দলে ভাৰতীয় ছবিক নিজৰ এজেন্দাৰ অংশ হিচাপে ব্যবহাৰ কৰা কাহিনী কেনেদৰে ‘জুবিলী’ নামৰ ৱেব চিৰিজত প্ৰকাশ পাইছে তাকো সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ লেখকে দেবানন্দৰ আত্মজীৱনী ‘ৰোমান্সিং উইথ লাইফ’ৰ প্ৰসংগও এই কথাৰ সমৰ্থনত ব্যবহাৰ কৰিছে ৷
সামগ্ৰিক ভাবে এই কিতাপখনে নৱতম বিনোদন মাধ্যমটিৰ যোগেৰে হ’ব পৰা কলাত্মক কাম আৰু এজেন্দা নিৰ্মাণৰ প্ৰক্ৰিয়া দুয়োটাকে গভীৰ ভাবে বিশ্লেষণ কৰিছে আৰু পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ৷ শিল্পৰ লগত ৰাজনীতিৰ সম্বন্ধ ইমানদিনে একপক্ষীয় ধৰণে বিচাৰ কৰা হৈছিল ৷ অনন্ত বিজয়ে সেই সীমাবদ্ধতাৰ বেৰ ভাঙি দিছে ৷ ইয়াতেই কিতাপখনৰ সাৰ্থকতা ৷
প্ৰভাত প্ৰকাশনে প্ৰকাশ কৰা এই কিতাপখনৰ মূল্য তিনিশ টকা ৷ আঞ্চলিক ভাষাসমূহলৈ কিতাপখন অনুবাদ হোৱাটো জৰুৰী ৷
পুনশ্চ ঃ এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি যে লেখকে কিতাপখন মা কামাখ্যা মন্দিৰত সমৰ্পণ কৰিহে বিক্ৰিৰ বাবে মুকলি কৰি দিছিল ৷
প্ৰথম প্ৰকাশ দৈনিক জনমভূমি ২/১২/২৩