Thursday, November 9, 2023

‘বেহৰূপীয়া’ - ভাৰতীয় চিনেমা আৰু লোককলাৰ প্ৰতি সন্মান প্ৰদৰ্শন

বৈচিত্ৰপূৰ্ণ লোককলাৰ বিভিন্ন বিভাগ আজি সংকটৰ মুখত ৷ এই সংকটৰ বহু কাৰণ আছে, থাকিব পাৰে, আৰু এক সামাজিক সত্য হিচাপে লোককলাৰ বহু ৰূপ আমাৰ সমাজৰ পৰা লাহে লাহে অদৃশ্য হৈ গৈছে ৷ লোককলাই সন্মুখীন হোৱা এই সংকট আৰু সৃষ্টি কৰা শূণ্যতাক লৈ বহু ভাৰতীয় ছবি নিৰ্মাণ হৈছে ৷ ভাস্কৰ বিশ্বনাথনৰ ‘বেহৰূপীয়া’ এই বিষয়ৰ এখন চুটি ছবি ৷ ছবিখন এই বছৰৰ ইণ্ডিয়ান পেন’ৰামালৈ নিৰ্বাচিত হৈছে ৷ 

ভাৰতৰ মূলতঃ হিন্দী বৃত্তৰ গ্ৰামীন অঞ্চলৰ এটি চিনাকি চৰিত্ৰ এই ‘বেহৰূপীয়া’৷ বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি একোজন মানুহে বিভিন্ন জনসমাবেশত দেখা দি, অভিনয় কৰি মানুহৰ মনোৰঞ্জন কৰে আৰু মানুহৰ পৰা পোৱা সামান্য বকচিচেৰে জীৱিকা নিৰ্বাহ কৰা এই লোককলা এতিয়াও কিছু অঞ্চলত বৰ্তি আছে ৷ বৰ্তমান সময়ত এই বহূৰূপীয়া প্ৰধানতঃ হনুমান, শিৱ আৰু কালীৰ ৰূপতেই সীমাবদ্ধ ৷ এই তিনিওটি চৰিত্ৰৰ প্ৰতি সাধাৰণ ৰাইজৰ শ্ৰদ্ধা আৰু ভক্তিও অপৰিসীম ৷ ৰজা-মহাৰজাৰ কাহিনীতো এই বহুৰূপীয়াৰ প্ৰসংগ আছে, ৰজাই এনে বহুৰূপীয়াক চোৰাংচোৱাৰ কামতো লগাইছিল ৷ এতিয়াৰ সমাজৰ পৰা প্ৰায় অদৃশ্য হৈ যাব ধৰা এই ‘বহুৰূপীয়া’ নামৰ বিনোদন মাধ্যমটিৰ সামগ্ৰিক কাহিনীক এটা চৰিত্ৰৰ যোগে প্ৰকাশ কৰিছে লেখক-পৰিচালক ভাস্কৰ বিশ্বনাথনে ৷ 

ছবিখনৰ বহুৰূপীয়াজন আজিৰ যুগৰ ৷ তেওঁ চাইকেলত সৰু চাউণ্ড চিষ্টেম লগাই লৈ প্ৰচাৰ কৰে ৷ এই বহুৰূপীয়াৰ অধিকাংশ দৰ্শকেই শিশু আৰু অলপ সংখ্যক মহিলা ৷ শিশুবোৰে যিমানেই আনন্দ নাপাওক কিয়, বকচিচ দিয়া সামৰ্থ তেওঁলোকৰ নাই ৷ গাঁৱৰ মহিলাখিনিৰো নাই,  গতিকে তেওঁলোকৰ কিছুমানে চাউল-দাইল আদিকেই দিয়ে, বহুৰূপীয়াই তেনেদৰেই জীৱন নিৰ্বাহ কৰে ৷ ঘটনাক্ৰমে এবাৰ বহুৰূপীয়াই ভৰিত দুখ পালে, কাম কৰিব নোৱৰা হ’ল ৷ এদিন পানী আনিব গৈ ঘুৰি আহি দেখে তেওঁৰ পোচাকবোৰ নাই ৷ অকল্পনীয় আঘাতত ভাগি পৰিও তেওঁ লেঙেৰাই লেঙেৰাই গাঁওখনত ঘুৰি ফুৰে চুৰি হোৱা কাপোৰৰ সন্ধানত ৷ 

কাহিনীটো সৰল আৰু এই ধৰণৰ কাহিনীৰ সামৰণিৰ প্ৰত্যাশিত দুখ আৰু বেদনাৰ সতেও দৰ্শক প্ৰায়ে পৰিচিত ৷ লোক কলা এবিধৰ বিলুপ্তি ৰসগ্ৰাহীৰ বাবে দুখৰ কথা, অথচ ইয়াক সময়ৰ বিবৰ্তনৰ অংশ হিচাপে মানি নলৈ উপায়ো নাই ৷ এই ছবিত কাহিনীকাৰ-পৰিচালকে কলা বিধৰ চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ পথ বিচাৰিছে ৷ এই ছবিৰ বহুৰূপীয়াজন আৰম্ভণিৰে পৰা আধুনিক, পৰিবেশন কৌশলত ব্যবহাৰ কৰা আধুনিক যন্ত্ৰপাতি আৰু চৰিত্ৰ আৰু সংলাপৰ বাবে নিৰ্বাচন কৰা টিভি চিৰিয়েল আৰু চিনেমাৰ চৰিত্ৰই তাকে প্ৰমাণ কৰে ৷ এইবহুৰূপীয়াজন লেখকৰ সৃষ্টি৷ এই ধৰণৰ সংযোজনে লোককলাৰ পৰম্পৰাগত চৰিত্ৰত কিছু আঘাত হানিব ঠিকেই, কিন্তু ই শেহতীয়া লোক জীৱনৰ ছবি এখনো পৰিস্ফূট  কৰিব যিখন সমাজত চিনেমা আৰু টিভি চিৰিয়েলৰ প্ৰভাব অকল্পনীয় ৷ কাহিনীকাৰ-পৰিচালকে হয়তো ভাবিছে যে কিছু আধুনিকীকৰণে বহুৰূপীয়াক এটা নতুন জীৱন দিব পাৰিব ৷ ইয়াৰ সমৰ্থনত তেওঁ দেখুৱাইছে যে চিনেমাৰ চৰিত্ৰৰ বেশভূষা আৰু সংলাপেৰে চৰিত্ৰটি শিশুসকলৰ বাবে আকৰ্ষণীয় হৈ উঠিছে, আনকি কেইটামান শিশুই বহুৰূপীয়া হোৱাৰ ইচ্ছাও প্ৰকাশ কৰিছে ৷ এই ধণাত্মক দৃষ্টিকোণে ছবিখনক একে বিষয়ৰ আন ছবিৰ পৰা পৃথক কৰিছে ৷ বুদ্ধদেব দাসগুপ্তৰ ‘বাঘ বাহাদুৰ’ ছবিত লোকশিল্পীগৰাকী জীয়াই থকাৰ সংগ্ৰামত ভাগৰি পৰি মৰি যায়, এটা শিল্পধাৰাৰ কৰুণ পৰিসমাপ্তি ঘোষণা কৰে ৷ তাৰ বিপৰীতে ভাস্কৰ বিশ্বনাথনৰ এই ছবিত নতুন প্ৰজন্মই বহুৰূপীয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি তাৰ সতে একেলগে গৈ থকাটোৱে এটা আশাৰ বাৰ্তা প্ৰদান কৰে আৰু ছবিখনক একে ধৰণৰ আন ছবিৰ পৰা পৃথক কৰি তোলে ৷ 

ছবিৰ মুখ্য অভিনেতা দেবেশ ৰঞ্জনে চৰিত্ৰটিক বিশ্বাসযোগ্য কৰি তুলিছে, বিশেষকৈ সংলাপহীন অংশত তেওঁৰ অভিব্যক্তি অতি সংবেদনশীল ৷ ইয়াৰ পূৰ্বে তেওঁ কামাখ্যা নাৰায়ণ সিঙৰ ‘ভোৰ’ ছবিৰ কেন্দ্ৰীয় চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল ৷ 

বিহাৰৰ গাঁও এখনৰ শান্ত আৰু জীৱন্ত ছবি এখন কেমেৰাই সুন্দৰকৈ ধৰি কাহিনীটোৰ বাবে প্ৰয়োজনীয় পটভূমি নিৰ্মাণ কৰি দিছে ৷ মূল চৰিত্ৰৰ সূক্ষ্ম অভিব্যক্তিবোৰ সঠিকভাবে ধৰি ৰাখি তেওঁৰ অভিনয়ক মূল বক্তব্যৰ অংগ হিচাপে প্ৰকাশ কৰোৱাত কেমেৰাৰ ভালেখিনি অৰিহনা আছে ৷ ডিৰেক্টৰ অব ফটোগ্ৰাফি যোগেন্দ্ৰ পাণ্ডাই পৰিচালকৰ কল্পনাক বাস্তবায়িত কৰাত ভালেখিনি সহায় কৰিছে ৷ হিমাংশু দ্বিবেদী আৰু দীপাংকৰ চৰকাৰৰ সম্পাদনাই ছবিখনৰ গতি ছন্দোময় ভাবে নিয়ন্ত্ৰণ কৰিছে ৷ বিশেষকৈ পোচাকবোৰ চুৰি হোৱাৰ পাচত সেই পোচাকৰ সন্ধানত বহুৰূপীয়াজনে ঘুৰি ফুৰা দৃশ্যকেইটাত সম্পাদকৰ দক্ষতা বিশেষভাবে চকুত পৰে ৷ কাহিনীৰ দিশৰ পৰা সেই সময়ত চৰিত্ৰটিৰ মনৰ গতি দ্ৰুত, কিন্তু ভৰিত পোৱা আঘাতে তেওঁৰ খৰকৈ খোজ কাঢ়িব দিয়া নাই ৷ সম্পাদকে এই দুই আপাতবিৰোধী গতিক সঠিক ভাবে নিয়ন্ত্ৰণ কৰি ছবিখনৰ গতিক সন্তুলিত কৰি ৰাখিছে ৷ ছবিৰ সংগীতেও ছবিখনৰ বাকধাৰাক গতিশীল কৰি ৰাখিছে ৷ ছবিখনৰ প্ৰযোজক অদিতি সন্তোষ তপস্বী আৰু বিক্ৰম বিশ্বনাথন ৷

ছবিখনত দুগৰাকী অসমীয়া ডেকাও জড়িত আছে- সম্পাদনাত দীপাংকৰ চৰকাৰ আৰু আৱহ সংগীতত অৰ্ণব ডেকা ৷ 

https://cutt.ly/BwTBV6gQ

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...