'হেঙুলী বেলি' এটা মিউজিক ভিডিঅ' ৷ ৰূপম ভূঞাৰ কন্ঠৰ এটি অাবেগিক গীত ৷ ভিডিঅ'টি কেইবাটিও কাৰণত ভাল লাগিল ৷ প্ৰথম - ৰূপম ভূঞাৰ কন্ঠ ৷ দ্বিতীয় - মিউজিক ভিডিঅ'টিয়ে পৰম্পৰাগত ভিডিঅ'ৰ ধাৰণা সলনি কৰি দিছে ৷ পুৰুষ কন্ঠৰ গীত - পৰ্দাত দেখি অাছোঁ এগৰাকী নাৰী চৰিত্ৰ ৷ গায়ক গৰাকী পৰ্দাত ওলোৱা নাই ৷ এই সাহস অাৰু শক্তিক ধন্যবাদ ৷ তৃতীয় - সুন্দৰ দৃশ্যগ্ৰহন ৷ দুটা বা তিনিটা শ্বট বাদ দি বাকী অাটাইকেইটি শ্বটেই বৈয়াকৰণিক দিশৰ পৰা শুদ্ধ অাৰু ছবিৰ বক্তব্যৰ অাবেগক সংযত অাৰু সংবেদনশীল ৰূপত প্ৰকাশ কৰাত সক্ষম ৷ অসমীয়া গীতৰ মিউজিক ভিডিঅ' জগতত ইমান কলাত্মক অাৰু অনুভব সম্বৃদ্ধ কাম অাগতে মই দেখা নাই ৷ পৰিচালক মানবজ্যোতি বৰুৱালৈ অভিনন্দন ৷
Utpal Datta writes on Film, Literature and other topics চিনেমা, সাহিত্যৰ লগতে অন্যান্য বিষয়ত উৎপল দত্তৰ মন্তব্য
Tuesday, July 12, 2022
Subscribe to:
Post Comments (Atom)
Featured Post
সমীৰ ৰয়, অভিনন্দন
সমীৰ ৰয় | প্ৰথমে নামটোৰ লগত চিনাকি হৈছিল, তাৰপিছত ব্যক্তিজনৰ লগত | ফেচবুকত বা বাতৰি কাকতত মাজে মাজে পাওঁ চিনেমা একোখনৰ কাৰণে যোৰহাটৰ যুৱক স...
-
অতনু ভূঞাৰ "খাকী" ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰা এক ধৰণৰ কৌতুহলৰ সৃষ্টি হৈছিল | ভূঞাই নতুন কিবা এটা কৰি ভাল পায় আৰু কামত তাৰ প্ৰতি...
-
এগৰাকী চিত্ৰৰসিক আছে - অসমীয়া চিনেমা ৰিলিজৰ তাৰিখ ঘোষণা হ'লেই মোক ফোন কৰি সোধে - এইখন চিনেমা চাবনে ? চাম বা নাচাম কাৰণটো কি - '...
-
অসমীয়া চিনেমা চোৱা বা নোচোৱা প্ৰসংগত সেইদিনা অমৰদীপ গগৈয়ে এটা ফেচবুক প ' ষ্ট দিছিল | তেওঁ লিখিছিল - ‘ অসমীয়া চিনেমাৰ লগত জড়িত লোকসক...
.png)
No comments:
Post a Comment