প্ৰথম কথা - কাহিনী ৷ এই ধৰণৰ সংবাদ শুনি থাকো, কিন্তু কেতিয়াও ভবা নাই যে এনে ধৰণৰ বাতৰি এটাৰে এই ধৰণৰ ছবি এখন কৰিব পৰা যাব ৷ কি ধৰণে ছবিৰ কাহিনী অাগবাঢ়ে, সংঘাতৰ অাৰম্ভণি - বিকাশ - প্ৰত্যেক মুহুৰ্ততে অপ্ৰত্যাশিত ঘটনা ঘটি গৈছে - চিনেমা হ'লৰ চকীত পোন হৈ বহি ৰৈছোঁ - কোৱা হয় 'জনী মেৰা নাম' ছবিৰ শেষৰ দুটা ৰিল ছবিৰ 'চাচপেন্স'ৰ ক্লাচিক উদাহৰণ ৷ কংকনৰ 'উপসৰ্গ'ৰ শেষৰ খিনিতো মই একেই উত্তেজনা অনুভব কৰিছোঁ ৷ 'এতিয়া কি হ'ব এতিয়া কি হ'ব' - এইটো ভাবে কেনেকৈ টানি ৰাখে - কল্পনাই কৰিব নোৱাৰি ৷
দ্বিতীয় কথা - নিৰ্মাণ ৷ ছবিখনত কোনো চিনাকি অভিনেতা নাই ৷ ছবি এখনৰ অাকৰ্ষণ বৃদ্ধিত চিনাকি অভিনেতাৰ অলপ সহযোগ থাকে, কেতিয়াবা অৱশ্যে বিপৰীতো হয় ৷ 'উপসৰ্গ'ত এইবিধৰ কোনো সহযোগ নাই ৷ অভিনেতা কেইজন ছবিৰ অংশ অাৰু অামি তেওঁলোকৰ লগে লগেই গৈ থাকো ৷ ছবিখনৰ সময়খিনি শীতকাল- ৰ'দ কম থাকে, দৃশ্যগ্ৰহন কৰিবলৈ সময় কম পোৱা যায় ৷ অানহাতে ছবিখনৰ ভালেখিনি অংশ ৰাতিৰ ৷ ৰাতিৰ দৃশ্যগ্ৰহন, তাতে বিচিত্ৰ লোকেচনত- ইফালে বাজেট সীমিত- নাইবুলিবই পাৰি - সেইবোৰ অতিক্ৰম কৰি কি অমানুষিক দক্ষতাৰে ছবিখনৰ দৃশ্য গ্ৰহন সম্পূৰ্ণ কৰিছে - দৰ্শকৰ সেইবোৰৰ দৰকাৰ নাই ঠিকেই, কিন্তু চিনেমাৰ নিৰ্মাণৰ লগত জড়িত হিচাপে - এই দৃশ্যগ্ৰহনৰ কথা ভাবি স্তম্ভিত হৈ যাওঁ ৷
লেখক-পৰিচালক-প্ৰযোজক কংকন ডেকা
তৃতীয় কথা - প্ৰথমটো মোঁচৰ - সামৰণি ৷ ভিতৰুৱা গাঁও এখনৰ কাহিনী ৷ গাঁও এখনত মহানগৰীৰ গতি অসম্ভব ৷ তাতে শীতকাল ৷ স্বাভাবিক ভাবেই ছবিৰ গতি অলপ লেহেমীয়া ৷ অলপ পাচতেই - গাঁওৰ মহিলাৰ হাতত এখন বাতৰি কাকত - তাকো দক্ষিণ ভাৰতীয় ভাষাৰ ৷ ভ্ৰু অলপ কোঁছ খাবই - তাৰ পাচত অাৰু ৰক্ষা নাই -
সামৰণিত অাছে এক অপ্ৰত্যাশিত ঘটনা ৷ এটা মাত্ৰ ষ্ট্ৰোক - সেইটোৱেই ছবিখনক বহু ওপৰলৈ লৈ গৈছে ৷ এটা থ্ৰিলাৰ কাহিনীক দিছে গভীৰ ব্যঞ্জনা ৷