Friday, July 15, 2022

গুৱাহাটী ডায়েৰিজ | প্ৰথম কিস্তি

গুৱাহাটী ডায়েৰিজ  | প্ৰথম কিস্তি
.....................................
প্ৰশান্ত শইকীয়া পৰিচালিত ‘গুৱাহাটী ডায়েৰিজ’ৰ বিষয়ে লেখিবলৈ বহা সময়ত মনত পৰিছে এক বন্ধুৰ কথা ৷ তোমালোকে চিনেমাৰ সমালোচনা লেখোতে ব্যক্তিগত সম্বন্ধই কিমান কাম কৰে?- বন্ধুই প্ৰশ্ন কৰিছিল ৷ তেওঁ যথেষ্ঠ পঢ়া-শুনা কৰা আৰু চিনেমা জগতৰ লগত সম্বন্ধ থকা লোক ৷ তেওঁ কোৱা কথাখিনিৰ সাৰাংশ এনে ধৰণৰ - ক. কিছুমান ডাঙৰ বা বিখ্যাত হ’ব ধৰা পৰিচালকৰ লগত ভাল সম্বন্ধ গঢ়িবলৈকে কিছুমানে চিনেমা ভাল বুলি লেখে নেকি ? খ. বন্ধুক বিখ্যাত কৰিবলৈকেও কিছুমানে ভাল বুলি লেখে নেকি ? গ. কিছুমানে নোচোৱাকৈও চিনেমাৰ সমালোচনা কৰে নেকি ? মোৰ উত্তৰ আছিল - মই নাজানো ৷ কিন্তু মই নোচোৱাকৈ কেতিয়াও নেলেখো, চিনেমাৰ সমালোচনা লেখাৰ সময়ত বন্ধু-চিনাকি-অচিনাকি কোনো কথা নাই৷ সেইবাবেই সমালোচনা টানকৈ লেখাৰ পাচতো বহু পৰিচালক মোৰ বন্ধুলৈ ৰূপান্তৰিত হৈছে ৷ ইয়াৰ বিপৰীত কথাও সত্য ৷
এইবাৰ প্ৰশান্তৰ কথা ৷ আমি এখন এন্থলজি ছবি কৰিছিলোঁ, ‘যি গল্পৰ শেষ নাই’- অসমৰ প্ৰথমখন এন্থলজি ছবি, প্ৰদ্যোৎ কুমাৰ ডেকা, প্ৰশান্ত শইকীয়া আৰু মই ৷ তাৰ আগতেই প্ৰশান্তই তেওঁৰ ছবি এখনৰ বাবে মোক চিত্ৰনাট্য লেখাৰ কথা কৈছিল ৷ তেতিয়াৰ পৰাই প্ৰশান্তৰ লগত ঘনিষ্ঠতা ৷ কিন্তু চিনেমাৰ কথা আলোচনা কৰা সময়ত আমি সদায়েই সেই ঘনিষ্ঠতাৰ সীমাৰ বাহিৰলৈ গৈ চিনেমাৰ কথাহে আলোচনা কৰোঁ, আনৰ ছবিৰ ক্ষেত্ৰত কৰাৰ দৰে প্ৰশান্তৰ ছবিৰ ক্ষেত্ৰতো কৰিম, প্ৰশান্তই মোৰ পৰা তাকেই বিচাৰে ৷ 
এটা কথাকোৱাটো প্ৰয়োজনীয় বুলি ভাবো যে মোৰ বহু বন্ধুই ভবাৰ দৰে কেইটামান ভুলৰ কথা লেখিলেহে সমালোচনা ঠিক হয় ৷ মই কিন্তু তেনেদৰে নাভাবো ৷ এখন ছবি মই সম্পূৰ্ণ ভাল নাপাবও পাৰোঁ, কিন্তু মই যদি চিনেমা ভাল পাও, মই ভাল নোপোৱা ছবিখনতো ভাল দিশ দেখা পাম ৷ আৰু ছবিৰ ভাল বেয়া ক’বলৈ মই কোনো বিচাৰক নহয়, কলাৰ ক্ষেত্ৰত তেনে বিচাৰক থকাটো সম্ভব নহয় বুলি মই বিশ্বাস কৰোঁ ৷ 
‘গুৱাহাটী ডায়েৰিজ’ আলোচনা মই দুটা খণ্ডত লেখিম- আজি এয়া প্ৰথম খণ্ড ৷

গুৱাহাটী ডায়েৰিজৰ মই ভাল পোৱা দহটা দিশ-
এক - ছবিৰ কাহিনী সম্পূৰ্ণ মৌলিক ৷ গুৱাহাটীত থকা প্ৰশান্তই গুৱাহাটীত থকা কিছুমান মানুহৰ কাহিনী কৈছে, সেই কাহিনী-চৰিত্ৰ-সংঘাত-সমস্যা তেওঁ দেখিছে ৷ কাহিনীৰ এই মৌলিক ৰূপ ছবিখনৰ প্ৰধান শক্তি ৷ প্ৰশান্তৰ কিবা ক’বলগীয়া আছে, তাকে তেওঁ নিজৰ মতে কৈছে ৷ অইনে দেখা আৰু লেখা কাহিনীৰে তেওঁ ছবি কৰা নাই ৷ ‘ক্ৰাফটমেন’ পৰিচালকৰ পৰা তেওঁ ‘অতিউৰ’ পৰিচালকলৈ যাত্ৰা আৰম্ভ কৰিছে ৷ ছবিখনৰ এই দিশটো মোৰ ভাল লাগিছে ৷
দুই - ছবিখনৰ চৰিত্ৰবোৰ বাস্তব, বিশেষকৈ উপস্থাপন থিয়েট্ৰিকেল নহয় ৷ 
তিনি - কেমেৰাৰ কাম চকুত লগাকৈ প্ৰশংসনীয় ৷ ফ্ৰেমবোৰৰ নিৰ্মাণ, কেমেৰাৰ দৃষ্টিকোণ, ৰঙৰ ব্যবহাৰ- চকুত লগা ৷ 
চাৰি - সম্পাদনা অকল অদৰকাৰী শ্বট কাটি পেলোৱাই নহয়, ছবিখনৰ সামগ্ৰিক গতিক জোকাৰণি নোখোৱাকৈ আগবঢ়াই নিয়াটোহে প্ৰধান কাম ৷ এই কামটো যথেষ্ঠ দক্ষতাৰে কৰা হৈছে ৷ 
পাঁচ - ছবিখনৰ কাহিনী বৰ্ণনা কৰোতে ধাৰাবাহিক গতিৰ ছন্দ ভাঙি কিছুমান দৃশ্য এ নেদৰে আগপিছ কৰা হৈছে যে চিত্ৰনাট্যাকাৰক প্ৰশংসা নকৰি উপায় নাই ৷
ছয় - মাহীয়েকক উপস্থাপন কৰোতে দেখুওৱা আচাম টাইপ ঘৰটোৱে মূল বক্তব্যত এটা অতিৰিক্ত মাত্ৰাৰ সংযোজন ঘটাই ছবিৰ বাকধাৰাক সম্বৃদ্ধ কৰিছে ৷ 
সাত - বৰষাৰাণী আৰু অৰ্ঘদীপৰ বন্ধুত্বৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিৰ সময়ত স্কুটিত দুয়োকে কেমেৰাৰে ধৰি ৰখা সময়ত কেমেৰাৰ বুদ্ধিদীপ্ত ব্যবহাৰে দুয়োটি চৰিত্ৰৰ মনৰ জগতৰ আলোড়িত ভাবৰ মুডটি খুব সুন্দৰকৈ প্ৰকাশ কৰিছে ৷ 
আঠ - গুৱাহাটী মহানগৰীৰ বৰ্ণবৈভব আৰু যান্ত্ৰিক ৰূপ - দুয়োটিকে ছবিখনত খুব সুন্দৰকৈ ধৰি ৰখা হৈছে ৷ 
ন- অভিনেতা-অভিনেত্ৰীসকলৰ সাজপাৰ-প্ৰসাধন চৰিত্ৰৰ লগত মিলি যোৱা কাৰণে ভাল লাগিছে ৷ 
দহ - আৱহ সংগীতে ছবিখনৰ দৃশ্যবোৰ জীৱন্ত কৰাত সহায় কৰিছে ৷
 .........................................................................
ছবিখনৰ কেইটিমান দিশত মোৰ অলপ অলপ ক’ব লগা আছে ৷
সেইখিনি পৰবৰ্তী লেখাত ৷ 

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...