দহ বছৰ পূৰ্বে, ২০জুলাই ২০১২ ৰ সাদিনত এই সমালোচনাটি প্ৰকাশ পাইছিল ৷অসমৰ এগৰাকী প্ৰসিদ্ধ লেখকে ছদ্মনামত এই সমালোচনা লেখিছিল ৷ এই লেখাটিয়ে মোক সদায়েই উৎসাহিত কৰি অাহিছে ৷
ৰেমণ্ড স্মালিয়ান (Raymond Smullyan)ৰ এখন কিতাপ আছিল, নাম আছিল 'What is the name of this book?' মূলতঃ গাণিতিক সাঁথৰ সম্পৰ্কীয় এই কিতাপৰ স'তে কোনো প্রকাৰেই সম্পর্ক নাই উৎপল দত্তৰ ‘নাম নথকা এখন কিতাপ’ৰ। কিতাপখনৰ নামটোৰ বাছনিতে লেখকৰ সাহিত্যিক ৰুচিবোধ আৰু সৃজনীশীল মনৰ পৰিচয় অনুভৱ কৰা যায় । পিচে নাম নথকা’ কিতাপ মানে এইখন কোনো শিপাহীন' কিতাপ নহয়, বৰং ইয়াত আছে বিষয়ৰ ভিন্ন উপাদেয় সম্ভাৰ । উৎপল দত্তই দীর্ঘদিন ধৰি সাংস্কৃতিক বিষয়ত চৰ্চা কৰি আহিছে। সাংবাদিকতাৰে কর্মজীৱন আৰম্ভ কৰা দত্ত নাটক আৰু চিনেমাৰ সমালোচক হিচাপে সুপ্রতিষ্ঠিত । কলা সম্পৰ্কীয় তেওঁৰ জ্ঞান অকল সাহিত্যিক সমালোচনাতে আৱদ্ধ নহয়, ভবেন শইকীয়াৰ চিনেমাত তেওঁ চম্ভালা সহকাৰী পৰিচালনাৰ দায়িত্বই প্রমাণ কৰে তেওঁৰ প্ৰতিভাৰ বিস্তাৰণ । বহুতেই হয়তো নাজানে যে উৎপল দত্ত এগৰাকী প্রতিভাৱান সৃজনীশীল সাহিত্যিকো। নবৈ দশকৰ আৰম্ভণিত ‘অভিৰুচি” নামৰ আলোচনীত “ধন্য ধন্য কলি কাল' নামেৰে লিখা উপন্যাসখনে আধুনিক অসমীয়া উপন্যাস জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আমি জনাত উৎপল দত্তৰ সেইখনেই একমাত্র উপন্যাস— তেওঁ সৃজনীশীল সাহিত্য-ক্ষেত্ৰৰ পৰা তেওঁ কিয় আঁতৰি থাকিল, সেয়া তেওঁহে জানে। ‘নাম নথকা এখন কিতাপ’খন যেতিয়া আপুনি হাতত তুলি ল'ব বুজিব - প্ৰকৃততে এইখন কিতাপক অজস্ৰ নামেৰে সুচিত কৰিব পাৰি। ইয়াত আছে মুলতঃ সাহিত্য, চিনেমা সম্পৰ্কীয় লেখাৰ লগতে সাংবাদিকতাধর্মী কথোপকথন। কথোপকথনৰ বিষয়-ব্যক্তি সকলো সাহিত্য-সংস্কৃতিজগতৰে মানুহ । সাহিত্য আৰু চিনেমা সংক্রান্তীয় বিষয়ক হলেও লেখাসমূহৰ পৰিবেশনৰ যিটো চৰিত্ৰ, সিয়ে কিতাপখনক প্রদান কৰিছে ব্যতিক্রমী মাত্রা। দেখা গৈছে যে সাহিত্যিক সমালোচনাৰ পৰম্পৰাগত ধাৰাটো তেওঁ ভাঙি দিছে— সৃষ্টি কৰিছে এটা নতুন ‘ফৰ্ম'। আৰু তেওঁৰ এই প্রচেষ্টা কেৱল কোনো পৰীক্ষামূলক কচৰৎ নহয়, বৰং এয়া হৈছে তেওঁৰ স্বতঃস্ফূর্ত সফল প্রয়াস । উদাহৰণ স্বৰূপে সাহিত্য সম্পৰ্কীয় যিটো অধ্যায় আছে তাত তেওঁ সাম্প্রতিক অসমীয়া গল্প সম্পৰ্কত এটি আলোচনা আগবঢ়াইছে পিচে এই আলোচনাটোৱেই নিজেই হৈ পৰিছে এক গল্প। সাহিত্য-সমালোচনাৰ (Literary Criticism) এনে ব্যতিক্রমী ফর্ম (Form) অসমত সম্ভৱতঃ প্রথম। | গ্ৰন্থখনত অন্তর্ভুক্ত সাহিত্য সম্পর্কীয় অধ্যায়ত আছে সৌৰভ কুমাৰ চলিহাৰ ব্যক্তিত্ব আৰু সৃষ্টিশীলতা সম্পর্কীয় দুটা প্রবন্ধ (যথা, পুৰ্ণ জীৱনৰ ৰিকুয়াম আৰু সৌৰভ কুমাৰ চলিহাৰ গল্পত চিনেমা')। প্রথম নিবন্ধটোৰ হ্রস্ব পৰিসৰত দত্তই গল্পকাৰ চলিহাৰ সামগ্ৰিক জীৱন আৰু তেওঁৰ সৃষ্টিশীলতাক আলোকপাতৰ লগতে তেওঁ শ্লেষাত্মক ভাষাৰে উদঙাই দিছে এচাম বৌদ্ধিক ব্যক্তিত্বৰ চৰিত্ৰ যিয়ে চলিহাৰ সৃষ্টি মূল্যায়নৰ নামত আত্নপ্ৰচাৰৰে বহুৱালি কৰিলে। | আনহাতে সৌৰভ কুমাৰ চলিহাৰ গল্পত 'Cinematic element সন্ধান কৰিবলৈ উৎপল দত্তই দ্বিতীয়টো লেখা যিধৰণে উপস্থাপন কৰিছে সিয়ে লেখাটোক স্বয়ং এক Cinematic Visualised কৰি তুলিছে ৷ লেখাটিৰ পঠন অভিজ্ঞতা অতিকে উপভোগ্য ৷
ইয়াৰ পাচত কিতাপখনত সন্নিবিষ্ট হৈছে ভবেন শইকীয়া সৃষ্টিশীলতা সম্পৰ্কত দুটি আলোচনা । ‘ৰম্যভূমিত মহাযুদ্ধ আৰু স্বাধীনতা’ শীর্ষক লেখাৰ মাজেৰে ভবেন শইকীয়াক পুনৰ আৱিষ্কাৰ কৰা হৈছে। চুটি লেখাটোত ঐতিহাসিক বিশ্লেষণেৰে দ্বিতীয় বিশ্বযুদ্ধত শইকীয়াৰ উক্ত ছবিখনত কিদৰে ইমেজ প্রতিফলিত হৈছিল তাৰে সন্ধান কৰিছে দত্তই। | এই কথা স্বীকাৰ কৰিবই লাগিব যে এইধৰণৰ বিষয় সন্দৰ্ভত আগে-পিচে কেতিয়াও আলোচনা হোৱা নাছিল। দ্বিতীয়টো আলোচনাত প্রয়াত শইকীয়াৰ ‘অগ্নিস্নান’ৰ চিত্রনাট্যখনক বিষয় হিচাপে বাছি লৈছে লেখক দত্তই। ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত এই চিত্রনাট্যখনৰ আলোচনা কৰোতে দত্তই সাহিত্যিকীয় বিচাৰ আৰু চিনেমেটিক ট্রিটমেন্ট দুয়োটাই আগত ৰাখিছে।
সাহিত্য সম্পর্কীয় অধ্যায়টোত আৰু সাহিত্যিক প্রদীপ শইকীয়াৰ উপন্যাস প্রতিশ্রুতি', প্রাঞ্জল শর্মা বশিষ্ঠৰ এক মিনিটৰ গল্প' আৰু সত্যচৰণৰ ‘টেন ইয়েৰ্ছ উইথ গুৰুদত্ত’ - আৱৰাৰ আলভীজ জাৰ্ণি’ নামৰ গ্রন্থ কেইখনৰ আলোচনা আগবঢ়াইছে। এই তিনিওটি আলোচনাৰে বিষয়বস্তু ভিন্নতৰ। আৰু আলোচনাও মনোগ্রাহী।
আনহাতে চলচ্চিত্র সম্পর্কীয় অধ্যায়টোত আছে হংকঙৰ চেকেণ্ড ৱেভ’ চলচ্চিত্র পৰিচালক ৱাং কাৰ ৱাইৰ ‘চাংকিং এক্সপ্রেছ' নামৰ ছবিখনৰ আলোচনা, কোৰিয়ান পৰিচালক কিম কি ডুকৰ সামগ্রিক কৰ্মৰাজিৰ সন্দৰ্ভত আলোকপাত, মণিৰত্নমৰ ৰাৱণ, ৰামগোপাল বার্মাৰ ৰণ’, অনুশা ৰিজভিৰ ‘পিপলি লাইভ' নামৰ বিনোদনমূলক নতুন ছবিকেইখনৰ সৰস আৰু বলিষ্ঠ আলোচনা। লগতে এই অধ্যায়টোত আছে দুগৰাকী নতুন পৰিচালক অসমৰ ৰীমা বৰা আৰু পশ্চিমবংগৰ অনিৰুদ্ধ ৰায়চৌধুৰীৰ ক্রমে ‘চাতক' আৰু 'অন্তহীন’ নামৰ দুখন ছবিৰ আলোচনা। 'পুণেৰ ফিল্ম এণ্ড টিভি ইনষ্টিটিউটে প্রযোজনা কৰা ৰীমা বৰাৰ হিন্দী ছবি ‘চাতক'ৰ আলোচনা কৰোঁতে লেখক দত্তই পৰিচালকগৰাকীৰ প্রতিভা পাঠক সমাজৰ ওচৰত তুলি ধৰিছে। অসমৰ মিডিয়াই ৰীমা বৰা অথবা ‘চাতক' সম্পর্কে বৰ বিশেষ আলোচনা কৰা নাই, চলচ্চিত্ৰৰ গ্লেমাৰ জগতৰ চমকনিৰ মাজত চেপা খাই থকা ৰীমা বৰাৰ দৰে নতুন প্রতিভাক অসমীয়া পাঠকৰ ওচৰত পৰিচয় কৰাই দিয়াৰ দত্তৰ প্ৰয়াস অৱশ্যেই প্রশংসনীয়।
‘অসমীয়া চিনেমা আৰু বৰুৱা পৰিয়াল’ শীর্ষক ঐতিহাসিক আলোচনাটো কিতাপখনৰ গুৰুত্বপূর্ণ আলোচনা বুলিবই লাগিব। অসমীয়া চলচ্চিত্র জগতত বৰুৱা পৰিয়ালৰ অৱদান অনস্বীকার্য। নিপ বৰুৱা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, দ্বিবন বৰুৱা, দ্বিপেন বৰুৱা— এই বৰুৱা ভাতৃসকলৰ চলচ্চিত্র নির্মাণৰ সকলো ক্ষেত্ৰতে (Field) আছিল অবাধ বিচৰণ। দত্তই তেওঁলোকৰ অৱদান সম্পর্কত আলোচনা কৰিছে ঐতিহাসিক মূল্যায়নেৰে। | আনহাতে কিতাপখনৰ চলচ্চিত্র সম্পর্কীয় অধ্যায়টোৰ মহত্বপূর্ণ আলোচনা কৰা হৈছে চুটি বিজ্ঞাপন ছবি সম্পৰ্কত। বিজ্ঞাপন ছবিসমূহো যে চলচ্চিত্ৰৰ পৃথিৱীত নান্দনিক কলাৰ বিচাৰত এক অমূল্য সম্পদ দত্তই ইয়াক সুন্দৰভাৱে বৰ্ণাইছে । ব্যৱসায় জগতৰ বিস্তাৰৰ বাবে এনেধৰণৰ চলচ্চিত্র-শিল্প কিমান বুদ্ধিদীপ্ত আৰু শৈল্পিক গুণেৰে সমৃদ্ধ তাকে লৈ কৰা এই আলোচনা অসমত ব্যতিক্রমীয়েই নহয়, উদ্ভাবনীমূলকো। দেখা গৈছে চলচ্চিত্র সম্পর্কীয় এই অধ্যায়টিতো বিষয় বাছনিৰ ক্ষেত্ৰত দত্তৰ বহুমুখী ৰুচিবোধ স্পষ্ট হৈছে ।
তেওঁৰ দৃষ্টি একমাত্রিক নহয় বহুমাত্রিক। এটা বিষয়ৰ আত্মাৰ ভিতৰৰ পৰা তেওঁ আৰু অনেক বিষয়ৰ সন্ধান উলিয়াব পাৰে—সমালোচক (Critic) হিচাপে ইয়াতেই তেওঁৰ সফলতা।
আনহাতে কথোপকথন আৰু অন্যান্য শিতানত আছে চুটি চুটি সাতটি লেখা। ইয়াত যিদৰে সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰী অথবা নৃত্য-পটীয়সী আনন্দা শংকৰ জয়ন্তৰে হোৱা কথোপকথন আছে, তেনেদৰে আছে আত্মকথনমূলক লেখা— য'ত কেতবোৰ বিৰল ব্যক্তিত্বৰে হোৱা সান্নিধ্যৰ উল্লেখ আছে। কর্মজীৱনৰ সূত্ৰে উৎপল দত্ত সাংবাদিকতাৰ সৈতে অভ্যস্ত কিন্তু এই লেখাবোৰৰ বৈশিষ্ট্য এয়ে যে ই কট্টৰ সংবাদিকতাধর্মী নহয়। বৰং ইয়াত আছে Fictitions reality লৈ উত্তৰণৰ এক যত্ন প্রয়াস। দত্তৰ ভাষা সাৱলীল আৰু সৰস— যেন কোনো ঔপন্যাসিক বা গল্পকাৰৰ ভাষা । ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত দত্তৰ এই সফলতাই বৌদ্ধিক বিশ্লেষণৰ পাচতো কিতাপখনৰ সকলো বিষয় সকলো শ্ৰেণীৰ পাঠকক তৃপ্ত কৰিব পাৰিব। যথার্থতে ‘নাম নথকা এখন কিতাপ’ এখন ভাল কিতাপ ৷