যতীন বৰা – নৱনীতা বৰা শৰ্মাৰ নতুন ছবি ‘ৰাঘব’ৰ মুহূৰৎ সম্পন্ন কৰা হ’ল অাজি দুপৰীয়া ৷ জ্যোতি চিত্ৰবনৰ দৃশ্যগ্ৰহন মজিয়াত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাাকি ভাল লাগিল ৷ জামজমকতাপূৰ্ণ অনুষ্ঠান, ব্যবসায়িক লক্ষ্য অাগত ৰাখি নিৰ্মান কৰা ছবি, একে ধৰণৰ বিলাসী অায়োজনৰ মুহূৰৎ ৷ অসমীয়া ছবি জগতৰ বহু বিখ্যাত লোকৰ সমাবেশ হোৱা এই অনুষ্ঠানটিৰ শেষলৈকে থাকিব নোৱাৰিলোঁ, কিন্তু যিখিনি সময় অাছিলোঁ, তাত কেইবাটিও ভাল লগা কথাৰ অভিজ্ঞতা হ’ল ৷ সেইখিনিকে লেখোঁ ৷
সফল
হোৱাৰ পাচত বহু মানুহে অাৰম্ভণিৰ সময়ৰ
সহায় কৰা বহু মানুহক পাহৰি যায় ৷ বহু অভিজ্ঞতাৰ পাচত এতিয়া এইটোকেই নিয়ম যেন লগা হ’ল
৷ পাহৰি যোৱাটো ঠিকেই, কিন্তু অপকাৰ কৰিব খোজাটোহে যেন সঠিক প্ৰতিদান ৷ কাকতালীয় হলেও,
যতীনৰ সভাৰ পাচতেই লগ পাইছিলোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তিক ৷ কথা প্ৰসংগত তেখেতে
ক’লে – ‘অমুকক মই গাঁৱৰ পৰা অানিছিলোঁ, বহু মাহ মোৰ লগত থাকিল, পান দোকান এখন দি
দিছিলোঁ, এতিয়া সি বহু টকাৰ মালিক ৷ ভাল পাইছোঁ তাৰ উন্নতিত, কেৱল তাৰ সময়হে নাই,
কলবেক কৰাৰো সময় নাই ৷’
এতিয়া যতীনৰ
কথা ৷ বহুদিনৰ অাগতে ৰবীন্দ্ৰ ভৱনত এখন নাটক চাইছিলোঁ, ৰফিকুল হুচেইনৰ – ‘ধোঁৱা’৷ মোৰ
সম্মুখৰ অাসনত অাছিল পুলকগগৈদা ৷ কেইটামান
দৃশ্য চোৱাৰ পাচত দাদাক কৈছিলোঁ- দাদা ,এই দুজনক চিনেমাত বৰ ভাল লাগিব, লবচোন ৷
সেই দুজনৰ এজন অাছিল অকালতে গুচি যোৱা ক্ষীৰোদ শৰ্মা অাৰু বাকীজন অাজিৰ যতীন বৰা ৷
‘ধোঁৱা’ নাটকখনক চিনেমা কৰাৰ কাম অাৰম্ভ হৈছিল, দৃশ্যগ্ৰহনো হৈছিল, কিন্তু শেষ নহ’ল
৷ এখন ছবিৰ বাবে যতীনক গুৱাহাটীলৈ মাতি পঠোৱা
হৈছিল, যতীন অাহি উপস্থিত হৈছিল, কিন্তু যতীনত ঘুৰাই পঠোৱা হৈছিল ৷ এজন তৰুণ
অভিনেতাৰ বাবে কিমান হৃদয়বিদাৰক অভিজ্ঞতা- তাক অানে সহজে অনুভব কৰিব নোৱাৰিব ৷ তাৰ
পাচত যতীনৰ জীৱনলৈ অাহিল অাব্দুল মজিদ, লৈ অাহিছিল ‘উত্তৰকাল’ ৷
বিজু ফুকনৰ
‘দেউতা’ ধাৰাবাহিক, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘কালসন্ধ্যা’ (সভাখনত ঘোষকে কোৱাৰ দৰে হিন্দী-অসমীয়া
ছবি নহয়, হিন্দী ছবিহে) যতীনৰ প্ৰথম হিন্দী ছবি, অাৰু তাৰ পাচত মুনিন বৰুৱা ৷
যতীনৰ অভিনয় জীৱনৰ উত্তৰণত এই কেইগৰাকীৰ অৱদানৰ কথা যতীনে বহু ঠাইত অকপটে প্ৰকাশ কৰিছে
৷ অাজি এই চাৰিওগৰাকী নাই, কিন্তু যতীনে সেই চাৰিগৰাকীৰ সহধৰ্মীণীক মাতি অানি তেখেতসকলৰ
পৰা অাশীষ লৈ ছবিৰ কাম অাৰম্ভ কৰিছে ৷ যতীনৰ কৃতজ্ঞতা প্ৰকাশৰ এই ৰূপ ভাল লাগিল ৷
অাব্দুল মজিদকাৰ
পত্নীক অসুস্থ যেন লাগিল, তেখেতক মঞ্চলৈ মাতি নিয়া হ’ল, থিয় হৈ থকাত তেখেতে অলপ কষ্ট
পোৱা যেন লাগিল ৷ ঠিক সেই সময়তে মঞ্চৰ ওচৰতে বহি থকা নিশিতা গোস্বামীয়ে বহাৰ পৰা
উঠি চকী এখন মঞ্চৰ পিনে অাগবঢ়াই দিলে ৷ নিশিতাৰ এই কথাটোও ভাল লাগিল ৷