এই চিনেমাখন আমাৰ বাবে এটা এডভান্সাৰৰ দৰে আছিল
‘মোৰ শেষ গান ....’ ছবিখনৰ প্ৰযোজক বিজয় দুৱৰা, পৰিচালক প্ৰবাল বৰুৱা৷ বিজয় দুৱৰা কটন কলেজৰ ছাত্ৰ নেতা আছিল, তাৰ পাচত মুম্বাস পালেগৈ, নতুন চিনাকিৰে অসমীয়া মানুহৰ মাজলৈ আহিল- গীতিকাৰৰ চিনাকি ৷ জীতুল সোণোৱালৰ আত্মপ্ৰকাশৰ সময়ৰ গীতবোৰৰ গীতিকাৰ ৷ এতিয়া তেওঁ মুম্বাইত প্ৰতিষ্ঠিত বিজ্ঞাপন ছবি নিৰ্মাতা ৷ প্ৰবাল বৰুৱা গুৱাহাটীৰে ল’ৰা, এতিয়া মুম্বাইত প্ৰতিষ্ঠিত টিভি চিৰিয়েলৰ পৰিচালক ৷ ‘চি আই ডি’ নামৰ ধাৰাবাহিকখনৰ দেৰ শৰো অধিক খণ্ড তেওঁ পৰিচালনা কৰিছে৷ এই দুগৰাকী লোকে নিৰ্মাণ কৰিবলৈ লোৱা চিনেমাখনৰ প্ৰতি আগ্ৰহ থকাটোৱেই স্বাভাবিক ৷
গুৱাহাটীৰ এখন ৰেষ্ট’ৰাত আমাৰ প্ৰথম চিনাকি ৷ প্ৰযোজক পক্ষই আয়োজন কৰিছিল সেই বৈঠকৰ ৷
মোৰ প্ৰথম প্ৰশ্নটি আছিল [সাধাৰণতে এনে এটা প্ৰশ্নৰেই মই কথোপকথন আৰম্ভ কৰোঁ৷ প্ৰশ্নকৰ্তাই সহজ অনুভব কৰে আৰু কথা-বতৰাও সুন্দৰকৈ আগবাঢ়ে] এনে ধৰণৰ ঃ কি প্ৰশ্ন সুধিলে আপুনি ভাল পাব?
বৰুৱা ক্ষন্তেক সময় মনে মনে ৰ’ল ৷ তাৰ পাচত আৰম্ভ কৰিলে - মোক চিনেমাখনৰ বিষয়ে যদি সোধে আৰু যিটো প্ৰশ্ন বহুত মানুহে সুধিছে - ইমান বছৰ কিয় লাগিল অসমলৈ আহি চিনেমা এখন পৰিচালনা কৰিবলৈ - এইটো প্ৰশ্ন ৷
ঃ ঠিক আছে, এইটো প্ৰশ্নৰেই উত্তৰ দিয়ক ৷
ঃ তাৰ মানে কথাটো হ’ল - বিজয়দা আৰু মোৰ - দুয়োৰে কাহিনী প্ৰায় একেই৷ আমি বহুদিন মুম্বাইতে আছোঁ৷ মই ৯৪-৯৫১ পৰাই আছোঁ ৷ আমি মুম্বাইৰ মেইনষ্ট্ৰিম ইণ্ডাষ্ট্ৰিতেই কাম কৰি আছিলোঁ ৷ তথাপিতো অসমীয়া হিচাপে মন যায় অসমীয়া চিনেমা এখন কৰিবলৈ, নিজৰ ঠাইত আহি কাম কৰিবলৈ সকলোৰে মন যায় ৷ একেই ইচ্ছা দাদাৰো আছিল ৷ কথাটো হ’ল মই এই ইণ্ডাষ্ট্ৰিৰ কাকো নাজানো, কাকো চিনি নাপাও ৷ কিন্তু কাম কৰিবলৈকে মানুহটো চিনি পাব লাগিব ৷ তাতে মুম্বাইত কাম কৰা ধৰণ বেলেগ, ইয়াত কাম কৰা ধৰণ বেলেগ, ইয়াত বাজেট সৰু - নিজৰে খুব এটা স্পষ্ট ধাৰণা বা সাহস নাছিল- অসমলৈ গৈ চিনেমা এখন কৰিব পাৰিম নে নোৱাৰিম৷ কিন্তু ইচ্ছাটো সদায়েই আছিল ৷ যোৱা বছৰ পেনডেমিকৰ সময়ত মই এখন স্ক্ৰিনপ্লে লেখি আছিলোঁ ৷ লেখি থাকোতে প্ৰথমৰে পৰাই মোৰ ভাব হৈছিল যে এইখনেৰে অসমীয়া চিনেমাহে নিৰ্মাণ কৰিব পাৰি ৷ হিন্দী হ’ব নোৱাৰে ৷ এইখন খুব ৰুটেড ফিল্ম ৷ আৰু ইনচিডেন্টলি মই দাদাক লগ পালোঁ ওভাৰ এ কাপ অব কফি, স্ক্ৰিপ্টখন শুনালোঁ, দাদাৰ চাগে দহ মিনিটো লগা নাই - ক’লে - আই লাভড দা স্ক্ৰিপ্ট, কিমান খৰচ পৰিব? তুমি অসমত কাম কৰিছানে নাই?
-মই অসমত একো কাম কৰা নাই৷ মোৰ ভন্টী এজনী আছে- কাজিন- তাই যিখিনি জানে তাৰেই কৰিম ৷ মুম্বাইত বহুদিন একেলগে কাম কৰি থকাৰ পাচত তাত এটা কমফৰ্ট জোন এটা কমফ’ৰ্ট লেভেলৰ সৃষ্টি হয় ৷ সেইটো আচলতে বৰ ভাল কথা নহয় ৷ সেইবাবেই এই চিনেমাখন আমাৰ বাবে এটা এডভান্সাৰৰ দৰে আছিল ৷
যিদিনা দাদা আৰু মই ঠিক কৰিলোঁ যে আমি চিনেমাখন কৰিম, ইমিডিয়েটলি মানুহবোৰ গোট খাই গ’ল ৷ ক’ৰ পৰা আহিল নাজানো, কিন্তু আমি বিচৰা মানুহবোৰ পাবলৈ আৰম্ভ কৰিলোঁ ৷ ফাইনেনচিয়েলি হেল্প কৰিবলৈ মোৰো মানুহ আছে, দাদাৰো চিনাকি আছে বন্ধু-বান্ধব আছে- কোনেও আমাক না কৰা নাই, সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ মই ভাবো প্ৰতিটো প্ৰজেক্টতে একোটা পজিটিভ ভাইব থাকে৷ এইটোতো আছিল, মই প্ৰথমৰে পৰা অনুভব কৰিছিলোঁ৷ নাজানো ক’ৰ পৰা এই ভাইব আহিছিল ৷ ভাবি ভাবি পালোঁ- আমাৰ ছবিৰ কাহিনীটো এটা পজিটিভ কাহিনী আৰু কাহিনীটোৰ লগত সকলোৱে ৰিলেট কৰিব পাৰে ৷ আৰু মই ভাবো, বিশ্বাস কৰোঁ, কাহিনীটোৰ সেই পজিটিভ ধৰণটোৱেই সকলোৰে মনলৈ পজিটিভ ভাব এটা আনি দিছিল ৷ আৰু কোৱা হয় যে কিছুমান কামৰ ভাগ্য আগতেই ঠিক কৰি থোৱা থাকে, তেনেদৰে এই ছবিখনো আছিল ‘ডেচটাইন্দ টু হেপেন’৷
এইবাৰ মোৰ প্ৰশ্ন ৷ কাহিনীটোৰ বিষয়ে অলপ কওকচোন- অন্ততঃ স্পইলাৰ নিদিয়াকৈ যিমানখিনি ক’ব পাৰি ৷
ঃ হয় হয় ৷ কাহিনীটোৰ জনৰ ড্ৰামা ৷ তাত এটা চাচপেন্স আছে ৷ সেই কাৰণে মই কওঁ চাচপেন্স ড্ৰামা ষ্টৰি৷ ওৱান লাইনাৰ এনেকুৱা হ’ব- ষ্টৰি অব এ মেন লংগিং ফৰ হিজ হোম ৷ এজন মানুহ - যিকোনো মানুহ এজন হ’ব পাৰে- আপুনিও হ’ব পাৰে, ময়ো হ’ব পাৰোঁ - আমি কেতিয়াবাই ঘৰ এৰি আহিছোঁ৷ ঘৰ এৰা মানে এইটো নহ’য় যে ঠাইখন এৰি বিদেশৰ কৰবালৈ গুচি গ’ল৷ পঢ়িবলৈ, চাকৰি কৰিবলৈ, ব্যবসায় কৰিবলৈ - বিভিন্ন কাৰণত ঘৰ এৰি মানুহ বেলেগ ঠাই পায়গৈ ৷ তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ঘৰখন পাহৰি গৈছে৷ নাযায়, কোনেও যাব নোৱাৰে৷ মই নিজেই সপোনতো সেই ঘৰখনকেই দেখো যিখনত মই ডাঙৰ হৈছোঁ ৷ ছবিখন তেনেকুৱা মানুহ এজনৰেই কাহিনী যিজনে পচিছ বছৰ আগতে অসম এৰি মুম্বাইলৈ গুচি গৈছিল ৷ কিন্তু তেওঁ ঘৰলৈ উভতি নাহিলে ৷ তেওঁ ঘৰখনৰ লগত নিজকে ডিচকানেক্ট কৰি দিলে ৷ কিন্তু তেওঁৰ পুতেকে সুধি থাকে- দেউতা তুমি অসমৰ কথা ইমান কোৱা কিন্তু - মানুহজনে অসমৰ সকলো বস্তুৰ প্ৰতিয়েই আগ্ৰহ প্ৰকাশ কৰে, টেইপ ৰেকৰ্ডাৰত অসমীয়া গীত শুনে, জ্যোতি সংগীত শুনে, বিষ্ণু ৰাভাৰ গান শুনে, অসমীয়া খাদ্য খায়, বিচাৰি বিচাৰি কাজি নেমু নিয়ে - পুতেকে সোধে - দেউতা তুমি কিয় ঘৰলৈ নগ’লা ৷ দেউতাকেও কথাটি কোনোদিনেই নকলে৷ দেউতাক ঘৰলৈ নোযোৱাৰ এটা কাহিনী এটা কাৰণ আছিল- বহু ডাঙৰ কাহিনী, বহু ডাঙৰ কাৰণ ৷ পাচত পুতেকে দেউতাকৰ সেই কাহিনীৰ সন্ধান কৰে, সেয়াই ছবিখনৰ কাহিনী ৷
ছবিখনৰ বিষয়ে আৰু বহু প্ৰশ্ন আছিল ৷ আচলতে ছবি এখনৰ কাহিনীটোৰ বাহিৰেও ছবিখনৰ নিৰ্মাণ কালত আৰু বহু কাহিনীৰ জন্ম হয় ৷ সেই কাহিনীবোৰ খুব আমোদজনক ৷ ছবিখনে মুক্তিলাভ কৰক, আশাকৰা ধৰণে সফল হওক ৷ তাৰ পাচত আমি সেই কাহিনীবোৰ শুনিম ৷
আৰু এটা কথা এইখিনিতে কৈ থোৱা ভাল - মোৰ চিত্ৰ সাংবাদিক জীৱনত এয়াই প্ৰথম বাৰৰ বাবে অসমীয়া ছবিৰ প্ৰযোজকে পৰিচালকৰ লগত কথোপকথনৰ ব্যবস্থা কৰি দিছে ৷ প্ৰযোজকলৈ ধন্যবাদ ৷