লেখক অনন্ত বিজয় আৰু অনুবাদক দত্ত দুয়াজনেই চলচ্চিত্ৰ সমালোচনাৰ বাবে ৰাষ্ট্ৰীয় পুৰষ্কাৰ বিজয়ী
শেহতীয়াকৈ ৰামনগৰী অযোধ্যাত পৰিচালক ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ৰ এটি টিজাৰ (ছবিৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা চুটি ভিডিঅ’) ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হৈছিল। এই টিজাৰটোত ছবিখনৰ মূল চৰিত্ৰকেইটিমানক দেখুওৱা হৈছে। ইয়াত ৰাম, সীতা, ৰাৱণ, হনুমান আদি চৰিত্ৰ আৰু তেওঁলোকৰ সাজ-পোছাক, সংলাপ আৰু দৃশ্যৰূপৰ একোটা আভাস পোৱা যায়। এই ছবিখনত ভগৱান শ্ৰী ৰাম, হনুমান আৰু ৰাৱণৰ সাজ-পোছাকক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰভু শ্ৰীৰামৰ ৰূপ যিদৰে প্ৰস্তুত কৰা হৈছে তাৰ পৰা স্পষ্ট হৈ উঠিছে যে ছবি নিৰ্মাতা গৰাকীয়ে তেওঁক জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ পৰা বেলেগ ধৰণেৰে চিত্ৰিত কৰিছে।
ভাৰতীয় জনসাধাৰণৰ মনত খোদিত হৈ থকা শ্ৰীৰামৰ প্ৰতিচ্ছবি অতি কোমল, মৰমলগা আৰু উদাৰ। তুলসীদাসে ৰামৰ এই ছবিখনৰ বিষয়ে লেখিছিল “নৱকঞ্জ-লোচন কঞ্জ-মুখ, কৰ-কঞ্জ, পদ কঞ্জৰুনাম/কন্দৰ্প অগণন অমিত প্ৰতিচ্ছবি, নৱনীল নীৰদ সুন্দৰম, পট পিট মানৱ তদিত ৰুচি শুচি নৱমী জনক সুতৱৰম৷” অৰ্থাৎ তেওঁৰ চকু এটা ফুলি থকা পদুমৰ দৰে। মুখ, হাত ভৰিও ৰঙা পদুমৰ দৰে। তেওঁৰ সৌন্দৰ্যৰ অদ্ভুত মায়া কামদেৱতকৈও বহু বেছি। নতুন নীলা আকাশৰ ডাৱৰৰ দৰেই ধুনীয়া তেওঁৰ শৰীৰৰ ৰং। হালধীয়া জলকীয়াৰে আবৃত ডাৱৰৰ দৰে এটা শৰীৰ, বিদ্যুতৰ দৰেই আলোকময়।
কবি তুলসীদাসে শ্ৰী ৰামচৰিতমানস আৰু তেওঁৰ আন আন গ্ৰন্থসমূহতো শ্ৰী ৰামক এই ৰূপত উপস্থাপন কৰিছে। বাল্মিকীয়েও। এইবোৰৰ আধাৰত ৰাজা ৰবি বাৰ্মাই শ্ৰীৰামৰ এখন ছবি অংকন কৰিছিল, যিখন ছবি সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ইয়াৰ বাহিৰেও গোৰখপুৰৰ গীতা প্ৰেছৰ পৰা প্ৰকাশিত কল্যাণ পত্ৰিকাত শ্ৰীৰাম আৰু ৰাম দৰবাৰৰ ছবি প্ৰকাশ হৈছিল। আলোচনীখনৰ বেটুপাতৰ ভিতৰৰ পৃষ্ঠাত প্ৰকাশিত এই ছবিসমূহ আঁকিছিল বি কে মিত্ৰ, জগন্নাথ প্ৰসাদ আৰু ভগৱান নামৰ তিনিজন চিত্ৰশিল্পীয়ে। মানুহে এই ছবিবোৰ ইমানেই ভাল পাইছিল যে সেই পৃষ্ঠাটো কাটি ফ্ৰেম কৰি ঘৰত ৰাখিছিল। ৰামানন্দ সাগৰে ‘ৰামায়ণ’ টিভি ধাৰাবাহিকখন প্ৰযোজনা কৰা সময়ত পণ্ডিত নৰেন্দ্ৰ শৰ্মাৰ পৰামৰ্শ মতে তেওঁ নিজৰ চৰিত্ৰসমূহৰ সাজ-পোছাকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই ছবিসমূহ ভালদৰে অধ্যয়ন কৰিছিল। এইবাবেই ৰামায়ণ ধাৰাবাহিকখনত এই চৰিত্ৰবোৰে টিভিৰ পৰ্দাত দেখা দিওঁতে জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ লগত মিলি গৈছিল। এনে লাগে যেন ‘আদিপুৰুষ’ ছবিখনৰ পৰিচালক ঔম ৰাউতে এই কথাবোৰ অধ্যয়ন কৰা নাছিল। তেওঁৰ ছবিত প্ৰযুক্তিৰ সহায়েৰে শ্ৰী ৰামক ছুপাৰমেন কৰি তোলা হৈছে। কোমল ভাবৰ ঠাইত শ্ৰীৰামক আক্ৰমণাত্মক ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।
অযোধ্যাত মুক্তি পোৱা টিজাৰত ৰামসেতুৰ দিনা শ্ৰী ৰামক লংকাৰ পিনে আগবাঢ়ি যোৱা দেখা গৈছে। নেপথ্যৰ পৰা কণ্ঠস্বৰ ভাহি আহে, ‘মই আহিছোঁ, আহিছোঁ, ন্যায়ৰ দুই ভৰিৰে অন্যায়ৰ দহ মূৰ থেতেলিয়াই পেলাবলৈ৷’ ৰামায়ণত তেনে কোনো আগ্ৰাসন নাই। তাৰ পিছত শ্ৰীৰাম লংকাৰ ভূমিত উপস্থিত হৈ তেওঁৰ সহকৰ্মীসকলক সুধিছে- ‘এতিয়া কি কৰা উচিত?’ শ্ৰীৰাম ইমান গণতান্ত্ৰিক ৷ তুলসীদাসে লিখিছে যে অংগদে ৰাৱণৰ দৰবাৰলৈ দূত হিচাপে যাব লাগিব বুলি সিদ্ধান্ত লোৱাৰ সময়ত শ্ৰীৰামে এনেদৰে যোগাযোগ কৰিবলৈ কয় যে যাতে ‘মোৰ আৰু ৰাৱণৰো কল্যাণ হয়’। বাল্মিকীয়ে লিখিছে যে শ্ৰীৰামে লংকা ভূমিত ভৰি থোৱাৰ সময়ত ৰাৱণে তেওঁৰ চোৰাংচোৱাসকলক ৰামৰ শিবিৰলৈ পঠিয়াই দিয়ে। শ্ৰীৰামৰ সঙ্গীসকলে ৰাৱণৰ সেই চোৰাংচোৱাসকলক বন্দী কৰি মাৰপিট কৰে। শ্ৰীৰামে কথাটো গম পাই তেওঁলোকক মুক্ত কৰি পুনৰ ৰাৱণৰ ওচৰলৈ পঠিয়াই দিয়ে। এই চোৰাংচোৱা সকলেও ৰাৱণৰ সন্মুখত ভগৱান শ্ৰীৰামৰ দয়াৰ কথা বৰ্ণনা কৰে।
‘আদিপুৰুষ’ত ৰামৰ চৰিত্ৰটোত আক্ৰমণাত্মক ভাব যোগ কৰি ছুপাৰমেন কৰাৰ প্ৰয়াস কৰা হৈছে৷ ৰাম হৈছে মৰ্যদা পুৰুষোত্তম- আফগানিস্তানৰ পৰা অহা আক্ৰমণকাৰী নহয় যিয়ে যুদ্ধৰ বাবে চিঞৰি ফুৰিছে। চিত্ৰনাট্য আৰু সংলাপ লিখাৰ সময়ত ৰামৰ চৰিত্ৰৰ উচ্চতাক মনত ৰাখিব লাগে। এনে লাগে যেন লেখক-পৰিচালকে দৃশ্যবোৰ অত্যধিক নাটকীয় কৰি তোলাৰ আকাংক্ষাত শ্ৰীৰামৰ বৈশিষ্ট্য আৰু গুণৰ কথাবোৰ মনত পেলোৱা নাছিল। ইয়াৰ কাৰণ অজ্ঞতা নহয়, কাৰণ হ’ল বিদেশী ছবিৰ প্ৰযুক্তিক অনুকৰণ কৰি চৰিত্ৰবোৰক আক্ৰমণাত্মক আৰু পৰাক্ৰমী ৰূপত দেখুওৱাৰ ইচ্ছা৷
দ্বিতীয় চৰিত্ৰটো হৈছে ৰাৱণ। চৰিত্ৰটোত অভিনয় কৰিছে ছইফ আলী খানে। ‘আদিপুৰুষ’ ছবিৰ টিজাৰটোত ৰাৱণক দেখি একাংশই কৈছে যে এই ৰাৱণক খিলজীৰ দৰে দেখা গৈছে। শ্ৰীতুলসীদাস, বাল্মিকী বা আন লেখকৰ সৃষ্ট আৰু পৃথিবীত প্ৰচলিত প্ৰতিচ্ছবিৰ পৰা এই ছবি সম্পূৰ্ণ পৃথক। বাল্মিকী আৰু তুলসীদাস দুয়োজনে ৰাৱণৰ গুণৰ বিষয়ে বিস্তৃতভাৱে লিখিছিল। লংকেশ ইমান ডাঙৰ আৰু শক্তিশালী ৰজা আছিল যে তেওঁ তিনিওখন জগত জয় কৰিছিল। তেওঁ আছিল এজন মহান শিৱভক্ত, এজন তাপস, কিন্তু অহংকাৰী। ‘আদিপুৰুষ’ ছবিখনৰ ৰাৱণক একেবাৰেই অহংকাৰী যেন দেখা নাযায় ৷ তেওঁৰ মুখত, তেওঁৰ সংলাপ প্ৰক্ষেপন আৰু ভংগিমাত নিশ্চিতভাৱে এটা ‘হাৰামি’ৰ ভাব দেখা যায়। ৰাৱণ অহংকাৰী আছিল কিন্তু তেওঁৰ ‘হাৰামি’ ৰূপটোক বাল্মিকী বা তুলসীদাসৰ দ্বাৰাও চিত্ৰিত কৰা হোৱা নাই। ‘আদিপুৰুষ’ ছবিখনৰ পৰিচালকে কেনেকৈ ৰাৱণৰ চৰিত্ৰটো ৰচনা কৰিছে, তেওঁৰ চিন্তাধাৰা কি আছিল, কেৱল তেওঁহে ক’ব পাৰিব। চিনেমাখনৰ সৈতে জড়িত লোকসকলে এনেদৰে ৰাজহুৱাভাবে লংকেশৰ ভাবমূর্তি বিকৃত কৰি তাৰ পাছত হাস্যকৰভাৱে ৰক্ষা কৰাৰ চেষ্টাৰে নিজৰ অযোগ্যতাক ঢাকিবলৈ চেষ্টা কৰিছে৷ ভগৱান শ্ৰীৰাম আৰু ৰামকথাৰ চৰিত্ৰ বা আনকি তুলসীদাস বা বাল্মিকীৰ চিন্তাধাৰা এইখন ছবিত দেখা নাযায়। ছবিখনত হনুমানৰ সাজ-পোছাকক আধুনিকীকৰণৰ প্ৰক্ৰিয়াত প্ৰযোজক-পৰিচালকজনে কি কি অন্যায় কৰিছে, সেই কথা চিনেমাখন মুক্তি পোৱাৰ পিছতেই গম পোৱা যাব। আপাততঃ দৃশ্যটো যিয়েই নহওক কিয়, অনুমান কৰিব পাৰি যে তাতো বহুত গোলমাল হৈছে৷
কলাত্মক প্ৰকাশৰ নামত পৌৰাণিক কাহিনীৰ চৰিত্ৰবোৰক এনেদৰে প্ৰদৰ্শন কৰি অপমান কৰিবলৈ দিব নোৱাৰি। জনসাধাৰণৰ মাজত প্ৰচলিত ভাবমূৰ্তিৰ লগত খেলা কৰি চিনেমা সফল হ’ব নোৱাৰে। কিছুদিন পূৰ্বে মুক্তি পোৱা সম্ৰাট পৃথ্বীৰাজ নামৰ ছবিখনতো তেওঁক জনসাধাৰণৰ মাজত জনপ্ৰিয় ভাবমূৰ্তিৰ পৰা পৃথক ৰূপত দেখুওৱা হৈছিল। ফলাফল সকলোৰে সন্মুখত। সেইখন ছবিত চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে যদি লোকসকলৰ মাজত প্ৰচলিত গল্পবোৰৰ আধাৰত পৃথ্বীৰাজৰ চৰিত্ৰটো সৃষ্টি কৰিলেহেঁতেন, তেন্তে তেওঁ সফল হ’ব পাৰিলেহেঁতেন। চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে পৃথ্বীৰাজৰ চৰিত্ৰটোত মনোনিৱেশ কৰিছিল যদিও আদিপুৰুষৰ লেখক আৰু পৰিচালকজনে বাল্মিকী বা তুলসীদাসৰ ওচৰ চাপিব পৰা নাছিল। এনে হ’ব পাৰে যে তেওঁ ইংৰাজী এখন চিনেমা চাই ভাবিছিল যে প্ৰযুক্তিৰ সহায়ত এনে এখন ছবি হিন্দীতো নিৰ্মাণ কৰিব লাগে।
আজিকালি হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ দৰ্শকে ভাল পাবলৈ আৰম্ভ কৰিছে। নিৰ্মাতাসকলে নিশ্চয় ভাবিছিল যে যদি প্ৰযুক্তিৰ সহায়ত ৰাম কথা কোৱা হয়, তেন্তে সফলতাৰ সকলো অভিলেখ ভংগ কৰিব পৰা যাব। এই ছবিখনৰ লগত জড়িত লোকসকলে পাহৰি গ’ল যে ভাৰতীয় জনসাধাৰণৰ মনৰ গভীৰত খোদিত হৈ থকা ৰামৰ উচ্চ চৰিত্ৰটোৰ বিপৰীতে গৈ আশা কৰা ফল পোৱা নাযাব৷ ছিৰিয়াছ চলচ্চিত্ৰ নিৰ্মাতাসকলে কাম কৰিব বিচাৰিলে গোৰখপুৰৰ গীতা প্ৰেছৰ লীলা চিত্ৰ মন্দিৰলৈ গৈ তাত থকা ছবিবোৰ চাব লাগে৷ এই অধ্যয়নে তেওঁলোকৰ ছবিৰ চৰিত্ৰবোৰক প্ৰামাণ্য প্ৰদান কৰি ৰাইজক সন্তুষ্ট কৰিব আৰু ছবিখনলৈ অধিক সফলতা কঢ়িয়াই আনিব।