Tuesday, October 25, 2022

সম্পাদকৰ অনুৰোধ লেখকে নুুশুনে কিয়?

নিয়মীয়া বাৰ্তাৰ ২৬ অক্টোবৰ সংখ্যাত প্ৰকাশিত

আলোচনী আৰু বাতৰি কাকত দুয়োখনতেই সম্পাদক আৰু লেখকৰ সম্বন্ধ এটাই আনটোক এৰাব নোৱৰা ৷ বাতৰি কাকতত খবৰ দিয়াৰ বাবে বিভিন্ন এজেন্সি, সাংবাদিক আদি থাকে, তেওঁলোকে বৃত্তিগত কাৰণতেই খবৰ পঠিয়াই থাকিব, সেই খবৰেই কাকত এখনৰ মূল শক্তি ৷ কিন্তু তাৰ লগতো কাকত একোখনে আন কিছু লেখা প্ৰকাশ কৰাৰ প্ৰয়োজন হয় যিবোৰ কাকতখনত নিয়োজিত সাংবাদিক অথবা বিশেষভাবে বন্দবস্ত কৰি থোৱা লেখকে লেখে ৷ তাৰ বাহিৰেও কাকত একোখনক কিছু লেখাৰ দৰকাৰ হয় ৷ বাহিৰৰ পৰা লেখকে আগ্ৰহেৰে পঠোৱা লেখাৰে এই প্ৰয়োজন পূৰণ কৰা হয় ৷ ঠিক তেনেদৰে আলোচনীবোৰ মূলতঃ বাহিৰৰ পৰা লেখকে আগ্ৰহেৰে পঠোৱা লেখাৰ ওপৰত নিৰ্ভৰশীল ৷ বাতৰি কাকত আলোচনী আদি নহ’লে যেনেদৰে বহু লেখকৰ বাবে প্ৰকাশৰ সুবিধা নাথাকে তেনেদৰে লেখকৰ স্বতঃস্ফূৰ্ত সহযোগৰ অবিহনে কাকত আলোচনীৰো অসুবিধা হয় ৷ এক কথাত নিজৰ নিজৰ স্বাৰ্থ বা প্ৰয়োজনত উভয়ে উভয়ৰ ওপৰত নিৰ্ভৰশীল ৷ 
প্ৰায় চাৰি দশক আগৰ পৰাই আলোচনী আৰু কিছুমান কাকততো দেখিবলৈ পোৱা গৈছিল যে সম্পাদকে লেখকসকলক অনুৰোধ কৰি কিছুমান কথা কয় ৷ সেই কথাবোৰৰ ভিতৰৰ কেইটামান আছিল আখৰবোৰ স্পষ্টকৈ লেখিব লাগে, বাক্যবোৰৰ মাজত যথেষ্ঠ ফাঁক ৰাখিব লাগে, এপিঠিত লেখিব লাগে, পৃষ্ঠা নম্বৰ দিব লাগে ইত্যাদি ৷ এই নিৰ্দেশনাবোৰ লেখকৰ চিন্তা-ভাবনাক কেন্দ্ৰ কৰি নাছিল, আছিল মুদ্ৰনৰ সুবিধাৰ দিশৰ পৰা ৷ কিন্তু একেই কথা যুগ যুগ ধৰি কৈ থকাৰ পৰা এটা কথাকেই অনুমান কৰিব পাৰি যে কথাবোৰ লেখকসকলে শুনা নাই বা শুনিবলৈ মন কৰা নাই ৷ কিয় নুশুনে ? ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুমান কৰিব পাৰো যে এই কথাবোৰ মানি লেখিবলৈ বহিলে কিছুমান লেখকে নিজৰ সৃষ্টিশীলতাত বাধা পৰিব বুলি ভাবে ৷ লেখিবলৈ বহি যদি আখৰৰ আকৃতি, বাক্যৰ মাজৰ ফাঁক, কাগজৰ আকৃতি [কিছুমান পান্ডু লিপি দেখাৰ সুবিধা হৈছিল য’ত প্ৰথম পৃষ্ঠাটো এ ফ’ৰ আকৃতিৰ, দ্বিতীয়টো ফুলস্কেপ, তৃতীয়টো কেনোবা নোটবুকৰ পৰা বেয়াকৈ ফালি দিয়া ৰুল টনা কাগজ ইত্যাদি] এইবোৰ কথা ভাবি থাকিলে লেখাৰ গতিয়ে বাধা পাব বুলি লেখকগৰাকীয়ে ভাবে ৷ ইমানখিনিলৈকে ঠিকেই আছে ৷ কিন্তু একে গৰাকী লেখকে জানো চুবুৰীৰ সাহিত্য আলোচনা সভালৈ যাওতে ঘৰতে আৰমদায়ক ভাবে পিন্ধি  থকা লুঙী আৰু গেঞ্জী অথবা বিবৰ্ণ হৈ পৰা নাইটি এটা অন্তৰ্বাস নিপিন্ধাকৈ পিন্ধি ওলাই যাব ৷ নিশ্চয় নাযায় ৷ কাৰণ ঘৰৰ ৰূপেৰে সামাজিক স্থানলৈ সকলো সময়তে যাব নোৱাৰি [ভূমিকম্পৰ সময়ত দৌৰ মৰা কথাটো বেলেগ] ৷ একে কথা নিজৰ লেখাটোৰ লগতো প্ৰযোজ্য ৷ নিজে বেয়া হাতৰ আখৰেৰে লেতেৰা পেতেৰা কাগজত ৰং বিৰঙৰ চিয়াহীৰে লেখিব পাৰে, কিন্তু তাক এগৰাকী সম্পাদকৰ টেবিললৈ পঠোৱাৰ সময়ত ভালদৰে পঠোৱা উচিত, অকল সম্পাদকে কোৱা বাবে নহয়, নিজৰ লেখাটোৰ প্ৰতি থাকিবলগীয়া মৰমৰ বাবেও ৷ লেখাটি এজনে পঢ়িব, কিবা ভুল-ভ্ৰান্তি থাকিলে শুদ্ধ কৰিব, তাৰ বাবে লেখাটোৰ শব্দবোৰৰ লগতে ঠাই থাকিব লাগিব, সেই লেখাটো এজনে কম্প’জ কৰিব,  সৰু সৰু আখৰ কম্প’জ কৰাটো কিমান কষ্টকৰ সেই বিষয়ে লেখক এজনৰ সাধাৰণ ধাৰণা থকা বুলিয়েই ভাব হয় ৷ কিন্তু বহু লেখকে নিজৰ সৃষ্টিক লৈ ইমানেই উচ্ছ ধাৰণা পোষণ কৰি থাকে যে সেই লেখাটো আখৰ-কাগজ আদিৰ বাবেই অপাঠ্যত পৰিণত হৈছে সেই কথাটো উপলব্ধি নকৰে ৷ এবাৰ এগৰাকী অভিজ্ঞ কম্প’জিটৰে কৈছিল ‘যিজন লেখকে নিজৰ লেখাটোৰ চেহেৰাৰ দুৰ্বলতাকেই ধৰিব নোৱাৰে সেইজন লেখকে আৰু কি ডাঙৰ কথা চিন্তা কৰিবহে ৷’ কথাটো শুনাত বেয়া লাগিব পাৰে, কিন্তু সত্য ৷ 
শেহতীয়াভাবে দেখা গৈছে এই নিয়মীয়া বাৰ্তা কাকতখনতেই বাৰে বাৰে ঘোষণা দি থকা হৈছে যে বাৰশ শব্দৰ অধিক হলে লেখাবোৰ কঠোৰ ধৰণে সম্পাদনা কৰা হ’ব ৷ কিন্তু  এই ঘোষণাৰ ওচৰতেই তাতকৈ অধিক শব্দৰ ৰচনা প্ৰকাশ পোৱা দেখা যায় ৷ ফলত পাঠকসকলে ভাবে এনেকুৱা ঘোষণা এটা এনেয়ে দি থকা হয় ৷ 
লেখা এটা কঠোৰ ভাবে সম্পাদনা কৰা কামটো সম্পাদকৰ বাবে থৈ দিয়াৰ পৰিবৰ্তে আমাৰ লেখকসকলে কামটো নিজেই কৰিব নোৱাৰে নেকি ? কিছুমান লেখকে কয় ‘মোৰ লেখাৰ বিয়বস্তুটো ইমানেই ব্যাপক যে তাক চুটিকৈ লেখিব নোৱাৰি’ ৷ সন্দেহ নাই, একোটা বিষয়ত দীঘল প্ৰবন্ধ একোটা অনায়াসে লেখি দিব পাৰি আনকি একোখন কিতাপো লেখি দিব পাৰি ৷ কিন্তু সেই একেটা বিষয় বাতৰি কাকতৰ সীমিত ঠাইত বা তাতকৈ অলপ বেচি ঠাই দিয়া আলোচনীত লেখিবলৈ হ’লে লেখকজনে সেই ধৰণে নিজকে সাজু কৰিব লাগিব ৷ কোনো বুদ্ধিমান লেখকে এটা দৰকাৰী বিষয়ৰ কিতাপ এখন বাতৰি কাকতৰ প্ৰবন্ধ হিচাপে ছপাবলৈ নিশ্চয় নিদিয়ে ৷ সাধাৰণতে দৈনিক কাতৰি কাকত একোখনৰ এটা পৃষ্ঠাৰ চাৰিভাগৰ এভাগেই একোটা লেখনিৰ  বাবে দিব পৰা সৰ্বাধিক ঠাই ৷ এই ঠাইডোখৰতে লেখকজনে তেখেতৰ পাণ্ডিত্য আৰু ৰচনা দক্ষতা প্ৰকাশ কৰিব লাগিব ৷
আমাৰ বাতৰি কাকতত প্ৰকাশিত অধিকাংশ ৰচনা অদৰকাৰী অলংকাৰ, পাতনি আৰু বহ ক্ষেত্ৰত নিজৰ প্ৰশংসা বা দক্ষতাৰ কথাৰে ভাৰাক্ৰান্ত ৷ এইটো ঠিক যে বিশেষ কোনো পৰিকল্পনা নোহোৱাকৈ লেখি যোৱা লেখকসকলৰ বহুতে নিজৰ আবেগময় লেখাটি পুণৰবাৰ পঢ়ি চোৱা বুলি ধাৰণা নহয় ৷ এবাৰ লেখাৰ পাচত মনযোগেৰে পঢ়ি অদৰকাৰী কথাবোৰ কাটি দিলে আৰু পুণৰুক্তি থকা কথাবোৰ বাদ দিলে লেখাবোৰ নিজেই চুটি হৈ পৰিব আৰু সম্পাদকৰ বোজাও কম হৈ পৰিব ৷ কঠোৰ হাতেৰে সম্পাদনা কৰা হ’ব বুলি বাৰে বাৰে ঘোষণা কৰাৰ পাচতো সম্পাদকে কিয় অদৰকাৰী ভাবে দীঘল লেখাবোৰ প্ৰকাশ কৰে ধৰা টান, লেখক আৰু সম্পাদকৰ এই বুজাবুজিৰ কাৰণো অনুমান কৰা টান ৷ কিন্তু ইয়াৰ ফল ভোগ কৰে পাঠকে আৰু সামগ্ৰিকভাবে সংবাদ আৰু সাহিত্যৰ জগতখনে ৷ 
লেখক এগৰাকীয়ে নিজে যদি নাজানে তেখেতে প্ৰকাশৰ বাবে পঠোৱা লেখাটি সেই কাকত খনৰ বাবে যুক্তিপূৰ্ণ দৈৰ্ঘ্যৰ হৈছে নে নাই,তেনেহলে তেখেতে কিছুদিন অনুশীলন কৰাটো উচিত ৷ এই কামটো বাধ্য কৰাব পাৰে সম্পাদকে ৷ কিন্তু দুখ লাগে লেখক-সম্পাদক কোনেও লেখাৰ বা প্ৰকাশৰ সময়ত পাঠকৰ কথা মনত নাৰাখে ৷ সাধাৰণতে মাহেকীয়া বন্দবস্তত দৈনিক কাকত এখন লোৱা হয় বাবে এটা বিৰক্তিকৰ ভাবে দীঘল প্ৰবন্ধৰ বাবে কোনেও কাকতখন বাদ দিয়াৰ কথা নাভাবে ৷ এই সুযোগটোকে সম্পাদক আৰু লেখকে গ্ৰহন কৰে ৷ লেখা চুটি কৰিব পৰা দক্ষ সহকাৰী নিৰ্বাচন আৰু লেখক চুটি লেখিবলৈ অনুপ্ৰাণিত কৰা মানুহজন কিন্তু সম্পাদক গৰাকীয়েই ৷ এটা কথা ঠিক যে বহু লেখকে সম্পাদনা কক্ষত এটা শব্দ কাটিলেও বেয়া পায় ৷ তেনে লেখকৰ আবেগৰ লগতে এটাও অদৰকাৰী শব্দ নিলিখাৰ যোগ্যতাও থাকিব লাগে ৷ অদৰকাৰী শব্দ নিলিখাটো টান কাম নহয়, অলপ অনুশীলনীৰে সেই দক্ষতা অৰ্জন কৰিব পাৰি৷ এই কামত কিন্তু প্ৰথম দায়িত্ব সম্পাদকৰেই ৷ 
ছবিখন প্ৰস্তুত কৰি দিছে ডঃ বুলজিৎ বুঢ়াগোহাঁঞিয়ে, তেখেতলৈ ধন্যবাদ ৷
 

No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...