Friday, August 12, 2022

চাৰ

 
বগা পৰ্দাখন হাতেৰে অাঁতৰাই ওলাই অাহিব, অাৰু সুধিব - উৎপল ভালে অাছা ? নম্ৰতাৰ ভাল ? ছোৱালীজনী কেনে অাছে ? এইকেইটি বাধ্যতামূলক প্ৰশ্ন ৷ কেতিয়াবা ভাইটি ৰাতুলৰ কথাও সোধে ৷ অাগতে বিস্ময়ত কাম কৰি থকা সময়ত  সুধিছিল - শশী কেনে অাছে ? মোহিনী ?  বিস্ময়ৰ চাৰ্কুলেচন কেনে অাছে ? তাৰ পাচতহে বেলেগ কথা ৷ 
চাৰক খুব ওচৰৰ পৰা পাইছিলোঁ, ৰংঘৰৰ কামত অাৰু চাৰৰ চিনেমাৰ সহকাৰী পৰিচালক অাৰু ষ্টিল ফটোগ্ৰাফাৰ হিচাপে ৷ ছবি নিৰ্মাণৰ কিমান যে কথা চাৰৰ পৰা শিকিছিলোঁ ! শিকি থকা সময়ত অনুমান কৰিব পৰা নাছিলো- কিমান শিকিছিলোঁ, ছবি নিৰ্মাণত সেই শিকাবোৰ কিমান কামত অাহিব পাৰে ৷ নিজে ছবি নিৰ্মাণৰ সময়ত সেই উপলব্ধি কৰিছিলোঁ চাৰৰ পৰা কিমান শিকিছিলোঁ অাৰু কিমান শিকিব পাৰিলোঁহেতেন ৷ যিখিনি শিকিছিলোঁ সেইখিনিও কিন্তু বহুত ৷ শিকা ভালেখিনি কামত ব্যবহাৰ কৰিছিলোঁ, কিছুমান ব্যবহাৰ কৰিব পৰা নাছিলোঁ, কিয় পৰা নাছিলোঁ, তাকো উপলব্ধি কৰিছিলোঁ ৷   
চিত্ৰ পৰিচালক ৰাহুল ৰাৱেলে তেওঁৰ গুৰু ৰাজকাপুৰৰ বিষয়ে কিতাপ এখন লেখিছে, মোক এটা কপি উপহাৰ দিছে, কিতাপখনৰ নাম - মাষ্টাৰ এট ৱর্ক ৷ তাত লেখিছে কেনেদৰে তেওঁ গুৰুৰ কাম চাই চাই শিকিছিল ৷ মোৰো ভাব হয়, শইকীয়া চাৰৰ বিষয়েও এখন কিতাপ লেখিব পৰা যায়, কেনেদৰে তেওঁ অভিনেতাক নিৰ্দেশ দিছিল, সহকাৰী পৰিচালকসকলৰ পৰা কেনেদৰে কি কাম অাদায় কৰিছিল, দৃশ্যগ্ৰহনৰ জটিল মেনেজমেন্ট পৰিচালনা কৰিছিল অাৰু অাটাইতকৈ প্ৰয়োজনীয় কথা - তেওঁ ভবা দৃশ্য এটাক বিভিন্ন মানসিক স্তৰৰ মানুহৰ হতুৱাই জীৱন্ত ৰূপ দিছিল,  ইত্যাদি ইত্যাদি ৷ চাৰৰ ছবিত কাম কৰা বহু মানুহ অাছে, তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰি এনেকুৱা এখন কিতাপ প্ৰস্তুত কৰাটো বিশেষ কঠিন কাম নহয় ৷ নিশ্চয় কোনোবা অাগ্ৰহী সাংবাদিকে এই কাম নিশ্চয় সম্পূৰ্ণ কৰিব ৷ 
এবাৰ চাৰৰ ঘৰত বহি চিনেমা এখনৰ কথা পাতি অাছিলোঁ,  কথা অাধামান যাওতে  পৰাগ কুমাৰ দাস অাহি সোমাল ৷ তেৱোঁ শুনি গ'ল, চাৰে ছবিখনৰ বিভিন্ন দিশৰ কথা কৈ গৈছে , ব্যবসায়ৰ কথা কৈছে - অামি মনযোগেৰে শুনি গৈছো - পৰাগ দাস মাজতে  অহা বাবে তেওঁ ছবিখনৰ নামটো শুনা নাছিল, চাৰেও মাজত নামটো কোৱা নাছিল ৷ এবাৰ চাৰ মাজতে উঠি গৈছিল, সেই সুৰুঙাতে পৰাগে সুধিছিল- চাৰে ইমান সুন্দৰকৈ কোনখন চিনেমাৰ কথা কৈ অাছে বাৰু ? এনেকৈ চিনেমাৰ অালোচনা লেখা নহয় কিয় ?  মই নামটো কলো, পৰাগ অাচৰিত - চাৰে এইবোৰ চিনেমা চায়, এইবোৰ চিনেমাৰ কথা ইমান মনযোগেৰে অালোচনা কৰে - চিনেমাখনৰ নাম অাছিল 'কয়ামত চে কয়ামত তক' ৷ 



চাৰৰ গদ্য এটুকুৰা ,পাঠ কৰিছে ডঃ বীৰেন্দ্ৰ নাথ দত্তই, সংগীতেৰে সজাইছে দিগন্ত শৰ্মাই, চাব টাইটল ডঃ দীপশিখা ভাগৱতীৰ, নৃত্য ৰচনা অাৰু পৰিবেশনা প্ৰেৰণা ভূঞাৰ ৷ প্ৰযোজনা কৰিছিল নম্ৰতা দত্ত অাৰু ৰেইচফটৰ ধনজিত দাসে ৷ এয়া অাছিল ক'ভিদ কালত চাৰৰ প্ৰ তি অামাৰ শ্ৰদ্ধাঞ্জলি ৷  পৃথিবীৰ বিভিন্ন প্ৰান্তৰ লোকে এই নৃত্যফিল্মখন ভাল পাইছিল,  প্ৰখ্যাত নৃত্য সমালোচক অাৰ্চিয়া শেঠীয়ে নিজে অাগ ভাগ লৈ ছবিখন বহুঠাইত প্ৰদৰ্শন কৰি অামাৰ এই প্ৰচেষ্টাক এটা অকল্পনীয় উচ্চতালৈ লৈ গৈছে ৷ 

            Advertorial

            https://www.youtube.com/watch?v=jsk4aJG3aTM&ab_channel=UtpalDatta 

         


No comments:

Post a Comment

Featured Post

Dipankar Kashyap is Redefining Men's Fashion with an Assamese Soul

Dipankar Kashyap is a celebrated pioneer in Assam’s fashion landscape. Long before the wave of contemporary fashion designing truly swept th...